সমললৈ যাওক

বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন

ৱিকিউৎসৰ পৰা
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ বিংশ খণ্ড॥

॥ নাৰদৰ কৃষ্ণদৰ্শন॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

কমলোচন ৰাম প্ৰভু ৰঘুপতি।

কি ৰাম হৰি গতি কি ৰাম ৰঘুপতি॥ ১২২॥

পদ॥

শিশুপাল প্ৰমুখ্যে নৃপতিগণ জিনি।

ভীষ্মক দুহিতা হৰি আনিলা ৰুণিী॥

ৰুক মুণ্ডিলা হৰি পৰম বিক্ৰমে।

অষ্ট মহিষীক বিহা কৰিলা প্ৰথমে॥ ১৪৭৬॥

গৰুড়ত চড়ি নৰকক দিলা ধাৰ।

তাক মাৰি পাইলা কন্যা ষোড়শ হাজাৰ॥

সৱাকো পঠাইলা প্ৰভু দ্বাৰকাক প্ৰতি।

সত্যভামা সমে পাছে গৈলা অম্ৰাৱতী॥ ১৪৭৭॥

অদিতিক দিলা নিয়া অমৃত কুণ্ডল।

তোহ্মাক অৰ্চিল আসি দেৱ আখণ্ডল॥

বাসৱে সহিতে হৰি কহি কথা মাত।

খুজিলা ভাৰ্য্যাৰ পদে প্ৰভু পাৰিজাত॥ ১৪৭৮॥

ইন্দ্ৰে নিদিবন্ত তাক জানিলা মুৰাৰি।

আনিলন্ত বলে পাৰিজাতক উভাৰি॥

দেখি খেদি আসি ইন্দ্ৰে কৰিলা সমৰ।

বাসৱক লীলায়ে ভঙ্গাইলা দামোদৰ॥ ১৪৭৯॥

উলটি পলাইল ইন্দ্ৰ তোহ্মাৰ প্ৰহাৰে।

ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে॥

ষোড়শ হাজাৰ কন্যা আনি ভিন্নে ভিন্নে।

দ্বাৰকাত বিৱাহ কৰিলা একেদিনে॥ ১৪৮০॥

সিটো সৱ দিব্যপত্নী যত বৰনাৰী।

ততেক শৰীৰ ধৰি ক্ৰীড়িলা মুৰাৰি॥

চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ।

সালঙ্কৃতা কৰি নিতে কৰাৱা গোদান॥ ১৪৮১॥

ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া তোহ্মাক।

দ্বাৰকাক পঠাই দিলা সুধৰ্ম্মা সভাক॥

তাত বসিবাক যাহা প্ৰত্যহে উৎসুকে।

আগত যোগান্ত আনি ৰথক দাৰুকে॥ ১৪৮২॥

ৰথত চড়িয়া দাৰুকৰ ধৰি হাতে।

সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে॥

গুৰু শুক্ৰ সমে যেন আকাশত শশী।

সভাক ৰঞ্জিয়া প্ৰভু ৰঙ্গে থাকা বসি॥ ১৪৮৩॥

দেখিয়া প্ৰণামৈ সিটো সুধৰ্ম্মা সভাক।

যদুগণে আনন্দে চটকি ফুৰৈ তাক।

তোহ্মাৰ প্ৰসাদে নুভুঞ্জিলে কোন ভোগ।

মিলৈ দ্বাৰকাত যত বস্তু দেৱযোগ॥ ১৪৮৪॥

পঢ়াইলা যাদৱবংশ যতেক কুমাৰ।

তাৰ সংখ্যা কহিবেক শকতি কাহাৰ॥

তাসম্বাৰ শুনিয়ো পঢ়োৱা ওজা যত।

তিনিকোটি চৌৰাশী হাজাৰ একশত॥ ১৪৮৫॥

ভণিল শঙ্কৰে শুনিয়োক সৰ্ব্বজন।

একচিত্তে কৰা সৱে হৰিৰ কীৰ্ত্তন।

আতপৰে ধৰ্ম্ম আৰ নাহি সংসাৰত।

ৰাম ৰাম ঘুষিয়োক বসি আসনত॥ ১৪৮৬॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

কেশৱ কৃষ্ণ বিষ্ণু বনমালী।

নিয়ো কৃপাময় সেৱক পালি॥ ১২৩॥

পদ॥

ষোড়শ হাজাৰ কন্যাক ভিন্নে।

কৰিলা বিহা হৰি একে দিনে॥

কৃষ্ণৰ আশ্চৰ্য্য মহিমা শুনি।

দ্বাৰকাক গৈলা নাৰদ মুনি॥ ১৪৮৭॥

দেখিলা ঋষি দিব্যপুৰী পাছে।

সুৱৰ্ণময় গড়ে বেঢ়ি আছে॥

সাগৰ বেঢ়ি ভৈল গড়খাই।

দেখি বিপক্ষৰ ধাতু উৰাই॥ ১৪৮৮॥

দিব্য সৰোবৰ পুষ্পিত বনে।

পৰিয়া নাদ ত্যজে পক্ষীগণে॥

চম্পা পাৰিজাত সুৰভি বাসে।

নৱ লক্ষ দেৱগৃহ প্ৰকাশে॥ ১৪৮৯॥

কতো ফটিকৰ কতো ৰজত।

সুৱৰ্ণময় কতো মৰকত॥

সূৰ্য্য সম জ্বলে গৃহৰ কান্তি।

ৰঞ্জে আতি ধ্বজ পতাকা পান্তি॥ ১৪৯০॥

তাৰ অন্তঃপুৰ দেখিলা পাছে।

প্ৰবন্ধে বিশ্বকৰ্ম্মে নিৰ্ম্মি আছে॥

ষোড়শ হাজাৰ দিব্য আৱাস।

সূৰ্য্য সম জ্বলে লন্দ্ৰি আকাশ॥ ১৪৯১॥

তাহাৰ মধ্যে এক গৃহ পশি।

ৰত্নৰ দীপিতি দেখন্ত ঋষি।

প্ৰৱালৰ স্তম্ভ বৈদুৰ্য্য ফলি।

সুৱৰ্ণৰ কাঠিকামী মাণ্ডলি॥ ১৪৯২॥

ইন্দ্ৰনীল ৰত্নে লগাইল বাৰ।

মাণিক কপাট হীৰাৰ দ্বাৰ॥

ৰত্নৰ চাৰু কুন্দৰুখ জালে।

ধূপ ধূম্ৰচয় বজাই বোম্বালে॥ ১৪৯৩॥

মেঘ বুলি তাক ময়ূৰগণে।

গৃহত পড়িয়া নাচৈ সঘনে॥

প্ৰকাশে চন্দ্ৰাতপ অসংখ্যাত।

আৰিছে মুকুতা মুৰালি তাত॥ ১৪৯৪॥

তলত ৰত্নময় সিংহাসন।

বিছাই হংসতুলি বিতোপন॥

তাতে সুতি আছা জগতপতি।

উপাসি আছন্ত ৰুণিী সতী॥ ১৪৯৫॥

ৰত্নময় দণ্ড চামৰ ধৰি।

স্বামীক বিঞ্চন্ত লাসে সুন্দৰী॥

সমান বয়সী সহস্ৰ দাসী।

লগত যোগানে আছে উপাসি॥ ১৪৯৬॥

॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

মাধৱ মুকুন্দ দীন দয়াল।

প্ৰণতপালক তুমি গোপাল॥ ১২৪॥

পদ॥

চৌপাশে প্ৰকাশে ৰত্ন প্ৰদীপ।

চাপিলা হৰিষে ঋষি সমীপ॥

নাৰদক দেখি উঠিলা হৰি।

প্ৰণামিলা পাৱে শিৰে সাদৰি॥ ১৪৯৭॥

কৃতাঞ্জলি স্তুতি বুলিলা বাণী।

আপুন আসনে বৈসাইলা আনি॥

লক্ষ্মী পানী দেন্ত ভৃঙ্গাৰ ধৰি।

ধুৱাইলা ঋষিৰ চৰণ হৰি॥ ১৪৯৮॥

লৈলা পাদোদক শিৰত আনি।

বুলিলা অমৃত মধুৰ বাণী॥

পৱিত্ৰ আজি ভৈলো ঋষিৰাজ।

কৰিয়ো আজ্ঞা সাধো কোনকাজ॥ ১৪৯৯॥

শুনিয়া নাৰদে মাতিলা হাসি।

তোহ্মাৰ চৰণ দেখিলো আসি॥

ব্ৰহ্মা আদি যত পৰম জ্ঞানী।

চিন্তে হিয়ে যাক প্ৰবন্ধে আনি॥ ১৫০০॥

সংসাৰ কূপে পৰৈ যিটো জন।

তাৰো অৱলম্ব তযু চৰণ॥

হেন পাদপদ্ম চিন্তো সদায়।

তোহ্মাৰ গুণ মুখে ফুৰো গাই॥

তোহ্মাৰ পাৱে নছাড়োক মতি।

দিয়ো এহি বৰ জগতপতি॥

এহি বুলি তৈৰ উঠিলা ঋষি।

দেখিলা পাছে আৰো গৃহ পশি॥ ১৫০২॥

কৰিয়া কৃষ্ণে হাস পৰিহাস।

ভাৰ্য্যায়ে সহিতে খেলন্ত পাশ॥

কাষতে উদ্ধৱ আছে নিৰেখি।

উঠিলা কৃষ্ণ নাৰদক দেখি॥ ১৫০৩॥

আসনে বৈসাই ধুৱাইলা ভৰি।

কেতিক্ষণে আইলা পুছন্ত হৰি॥

তুমি সৰ্ব্ব পূৰ্ণকাম সন্ন্যাসী।

অপূৰ্ণকাম আমি গৃহবাসী॥ ১৫০৪॥

তথাপি বোলা কি কৰিবো আমি।

জন্মক মোৰ সাম্ফলিয়ো স্বামী॥

শুনিয়া নাৰদ বিস্ময় ভৈলা।

তৈৰ উঠি আউৰ গৃহক গৈলা॥ ১৫০৫॥

দেখন্ত ঋষি তৈতো যদুৰায়।

আছন্ত বসি শিশু ওমলাই॥

দেখিলা পাছে আৰ গৃহ পশি।

স্নানক উদ্যমে আছন্ত বসি॥ ১৫০৬॥

॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥

ত্ৰাহি সদাশিৱ শাৰঙ্গপাণি॥ ১২৫॥

পদ॥

আউৰ ঘৰে গৈয়া দেখন্ত ঋষি।

কৰন্ত গোৱিন্দে হোম হৰিষি॥

ব্ৰহ্মভোজ দেন্ত কতো গৃহত।

ভুঞ্জন্ত আনি অৱশেষ যত॥ ১৫০৭॥

কতো গৃহে আছা সন্ধ্যা উপাসি।

গায়ত্ৰী জপা মৌন হুয়া বসি॥

ছাড়ন্ত খাণ্ডাবাৰূ কতো ঘৰে।

কতোহো ফুড়ন্ত ৰথ উপৰে॥ ১৫০৮॥

ঘোড়া লৱড়ান্ত কতো প্ৰবন্ধে।

ফুৰন্ত কৃষ্ণ কতো হস্তীস্কন্ধে॥

কতো ঘৰে আছা খাটত সুতি।

চপয় পঢ়ি ভাটে কৰৈ তুতি॥ ১৫০৯॥

উদ্ধৱ প্ৰমুখ্যে মন্ত্ৰী সহিতে।

কৰন্ত মন্ত্ৰণা কতো গৃহতে॥

সহস্ৰ সংখ্যাত ৰমণী সঙ্গে।

কৰন্ত কতো জলক্ৰীড়া ৰঙ্গে॥ ১৫১০॥

অনেক বিপ্ৰ অনাই দামোদৰে।

কৰন্ত ধেনুদান কতো ঘৰে॥

ভাৰ্য্যাক মাতি পৰিহাস কৰি।

কতো ঘৰে ৰঙ্গে হাসন্ত হৰি॥ ১৫১১॥

শুনন্তে আছন্ত কৈতো পুৰাণ।

কৰন্ত কৈতো অৰ্থ উপাদান॥

কতো ঘৰে বসি আসন ধৰি।

আত্মাক চিন্তিয়া আছন্ত হৰি॥ ১৫১২॥

কৰন্ত দ্ব কৈতো লক্ষ্মীপতি।

কৰন্ত কৃষ্ণে কৈতো মিত্ৰৱতি॥

কৈতো আলোচন্ত বলো সহিত।

চিন্তন্তে আছন্ত সন্তৰ হিত॥ ১৫১৩॥

কতো ঘৰে আতি উৎসৱ কৰি।

কৰন্ত পুত্ৰৰ বিৱাহ হৰি॥

বিহা দেন্ত কন্যা কতো মুৰাৰি।

দুনাই আনন্ত কতো বোহাৰী॥ ১৫১৪॥

কতো শাশুৰীক পঠায়া জীয়ে।

কান্দন্ত বসি দেৱ সদাশিৱে॥

কৰন্ত কতো গৃহে যজ্ঞকাম।

প্ৰতিষ্ঠান্ত কৈতো কূপ আৰাম॥ ১৫১৫॥

ঘোটকত চড়ি কৈতো মুৰাৰি।

ফুৰন্ত পৱিত্ৰ মৃগক মাৰি॥

ধৰিয়া বেশ কৈতো ভৰি খুম্পি।

ৰাজ কাজ বুজি ফুৰন্ত চুম্পি॥ ১৫১৬॥

॥ পঞ্চম কীৰ্ত্তন॥

ঘোষা॥

গোৱিন্দ গোপাল গৰুড়কেতু।

ভকতৰ ভয় ভঞ্জন হেতু॥ ১২৬॥

পদ॥

দেখিয়া নাৰদে তুলিলা হাসি।

আমাক প্ৰভু ভুৰুকুৱা আসি॥

তোহ্মাৰ চৰণ সেৱাৰ বলে।

তযু যোগমায়া জানো সকলে॥ ১৫১৭॥

জানিয়ো প্ৰভু মই মুখ্য দাস।

কৰিয়া তোহ্মাৰ যশ প্ৰকাশ॥

তিনিয়ো লোকে ফুৰো বীণা বাই।

তোমাৰ পৱিত্ৰ চৰিত্ৰ গাই॥ ১৫১৮॥

মাধৱে বোলন্ত শুনিয়ো মুনি।

যেন ভক্ত তুমি জানো আপুনি॥

লোকক শিখাওঁ ই ধৰ্ম্মভেদ।

নকৰা মুনি আত কিছু খেদ॥ ১৫১৯॥

বোলন্ত শুকে শুনা পৰীক্ষিত।

মুনিৰ মাধৱে মোহিলা চিত্ত॥

দেখিয়া কৃষ্ণৰ গৃহ সম্পদ।

পৰম বিস্ময় ভৈলা নাৰদ॥ ১৫২০॥

কৃষ্ণত আতি সতকাৰ পাই।

লৰিলা তৈৰ পৰা বীণা বাই॥

কৃষ্ণৰ চৰণ চিন্তন্তে যান্ত।

গোৱিন্দৰ গুণ সদায় গান্ত॥ ১৫২১॥

কৃষ্ণৰ মনুষ্য লীলা চৰিত্ৰ।

জগতকে ইটো কৰৈ পৱিত্ৰ॥

যিটো শুনে ভণে আক সঘনে।

তাৰ ভক্তি হৈবে কৃষ্ণ চৰণে॥ ১৫২২॥

শুনা সৰ্ব্বজন শঙ্কৰে কহে।

চিৰকাল ইটো দেহা নৰহে॥

হাটে বাটে কৈত মিলে মৰণ।

সদায় নেড়িবা হৰি চৰণ॥ ১৫২৩॥

নাৰদত বিষ্ণু আছন্ত কই।

বৈকুণ্ঠত মই নথাকো ৰই॥

যোগীৰো হিয়া এড়ি সমুদায়।

থাকো ভকতৰ কীৰ্ত্তন চাই॥ ১৫২৪॥

জানিয়া সৱে এড়া ভাষভুষ।

ভাগ্যেসে ভাৰতে ভৈলা মানুষ॥

আক বৃথা কৰা বিষয় ভোলে।

মাণিকক বিকা কাচৰ মোলে॥ ১৫২৫॥

মিছাতে পুত্ৰ দাৰা বুলি মৰা।

আপুনি গুণা আইলা কৈৰ পৰা॥

সৱে মায়াময় স্বপ্নৰ সৰি।

জনম সাম্ফলি বোলা হৰি হৰি॥ ১৫২৬॥

॥ নাৰদৰ কৃষ্ণদৰ্শন সমাপ্ত॥ ২০॥