তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
॥ তৃতীয় খণ্ড॥
॥ পাষণ্ড মৰ্দ্দন॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
কলিৰ ধৰ্ম্ম হৰি নাম জান।
পাপিৰ নিন্দাত নিদিবা কান॥ ৭॥
পদ॥
কহিলা সুকে বেদান্তৰ মৰ্ম্ম।
শুনা পৰিক্ষিত কলিৰ ধৰ্ম্ম॥
কলিসে শ্ৰেস্ঠ চাৰিযোগ মাজে।
প্ৰসংসে কলিক জ্ঞাঁনি সমাজে॥ ৭২॥
অপ্ৰয়াসে সিজে কলিত পুন্য।
কলিৰ সুনা জেন মহাগুন॥
কৰিয়া কলিত কীৰ্ত্তন আতি।
পাৱে বৈকুণ্ঠ চৌত্ৰিষ জাতি॥ ৭৩॥
সত্য যোগে কৰি ধ্যান সমাধি।
ত্ৰেতাত সমস্ত যজ্ঞঁ আৰাধি॥
দ্ৱাপৰে পুজে নানা ভক্তিভাৱে।
কলিত কীৰ্ত্তনে সে গতি পাৱে॥ ৭৪॥
সত্য যুগে যত আছিল প্ৰানি
কলিত জন্মিবো বোলে কৈসানি॥
হৰি নাম ঘোষি কলি যোগত।
নিশ্ছয়ে হুইবে লোক ভকত॥ ৭৫॥
দোখৰ নিধি কলি যদি পাপী।
আছে মহাগুন আত তথাপী॥
কেৱল কীৰ্ত্তনে সংসাৰ তৰি।
বন্ধ চিন্দি হোয়ে আপোনী হৰি॥ ৭৬॥
কলিত কীৰ্ত্তনে হোৱে ভকত।
আত পৰে লাভ নাহিকে লোকত॥
আমাৰ বোলে চিত্ত নেদা ঠাৰি।
একাদশ কন্ধে চোৱা বিচাৰি॥ ৭৭॥
কলিত লোক আতি পাপমতি।
নসাধে আন ধৰ্ম্মে আৰ গতি॥
ৰাম নাম যিতো সতত গাৱে।
সেহিসে হাততে মুকুতি পাৱে॥ ৭৮॥
দুষ্ট চিতে যদি হৰি সুমৰে।
তথাপীতো তাৰ পাতক হৰে॥
অনিৰ্চ্ছাতো জেন অগনি পোলে।
বিষ্ণোধৰ্ম্মুত্তৰ আগমে বোলে॥ ৭৯॥
ঘোৰ সংসাৰৰ মোখ্য ঔষধি।
হেন হৰিৰ নাম এড়ি বিবোদ্ধি॥
লভিবে মুকুতি কুন ঊপায়।
মিচাত পন্দিত ফুৰে বোলায়॥ ৮০॥
নাৰদে কহন্ত মুনিক মাতি।
আশ্ৱৰ্য্য আশ্ৱৰ্য্য দেখিয়ো আ়তি॥
হৰি হেন নাম আছে বিয়াপি।
সংসাৰত পৰি মৰে তথাপি॥ ৮১॥
হৰি নামে নামে নামে নিশ্ছয়।
মোহোৰ জিৱন নাৰদে কয়॥
কলিৰ কালে আৰ আতপৰ।
নাই নাই নাই গতি লোকৰ॥ ৮২॥
নাৰদে দিলন্ত তিনি কতপা।
নমানিবে আক কোননো লপা॥
নাৰদৰ বানি সিলাৰ ৰেখা।
বৃহত নাৰদি বিচাৰি দেখা॥ ৮৩॥
সমস্ত লোকৰ ধৰ্ম্মক এড়ি।
বিষ্ণোৰ নামক সততে ৰড়ি॥
সিজনে যি গতি লভিবে সুখে।
সকল ধাৰ্ম্মিকে নপাৱৈ দুঃখে॥ ৮৪॥
জানিয়া হৰিক সততে স্মৰ।
ক্ষণেকো নপাসৰিবাহা নৰ॥
যত মহাপুণ্য মহাপাতক।
ই দুয়ো কিঙ্কৰ জানা প্ৰত্যেক॥ ৮৫॥
তথাপি যদি চিত্ত নেদা ঠাৰি।
পদ্মপুৰাণত চায়ো বিচাৰি॥
বৃহৎ সহস্ৰ নামত আছে।
নপাইলে আমাক নিন্দিবা পাছে॥ ৮৬॥
কহিলা শুকে পৰমাৰ্থ বাণী।
মহাভাগৱত শাস্ত্ৰ প্ৰমাণি॥
নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে।
পৱিত্ৰ কৰা হৰি হৰি বোলে॥ ৮৭॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥
হৰি ও হৰি ৰাম মুৰাৰি।
কীৰ্ত্তনৰ নিন্দা সৈতে নপাৰি॥ ৮॥
পদ॥
চাণ্ডালে কৰিছে হৰি কীৰ্ত্তন।
বুলিয়া নিন্দৈ যিটো অজ্ঞজন॥
তাক সম্ভাষণ যিজনে কৰৈ।
আজন্মৰ পুণ্য তেখনে হৰৈ॥ ৮৮॥
বিষ্ণুৰ গুণ নাম অলঙ্কৃত।
অন্ত্যজো যিবা কৰি আছৈ গীত॥
তাক নিন্দা কৰৈ যিটো কুমতি।
পুণ্যক নাশি যাইবে অধোগতি॥ ৮৯॥
আমাৰ বোলে পতিয়ন নাই।
দেখিয়ো সূতসংহিতাক চাই।
ৰজো গুণে কৰৈ কৰ্ম্মত প্ৰীতি।
কৰ্ম্মীৰ দম্ভ ভাৱ বাঢ়ৈ আতি॥ ৯০॥
কৰে হিংসা ধৰ্ম্ম নোপোজে বোধ।
নুগুচয় যেন সৰ্পৰ ক্ৰোধ॥
হাসৈ বৈষ্ণৱক যিটো নিষ্খল।
পাপত সমূলঞ্চে যায় তল॥ ৯১॥
স্ত্ৰী ধন জন যৌৱন মদে।
অন্ধ হোৱৈ বিদ্যা গৰ্ব্বৰ পদে॥
বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দৈ।
হৰি নামে তাৰ কাণত বিন্ধৈ॥ ৯২॥
হৰি ভকতক যিজনে হাঁসৈ।
নুবুজি বেদৰ অৰ্থ বিনাশৈ॥
জগতত বিষ্ণু আছন্ত ব্যাপি।
শুনিয়া তাক নুবুজয় পাপী॥ ৯৩॥
স্ত্ৰী মদ্য মাংস সেৱাৰ কথা।
কৈয়া মৰে কৰৈ জন্মক বৃথা।
নুবুজে বেদ অভিপায় গূঢ়।
কৰ্ম্মক কৰিবে নজানে মূঢ়॥ ৯৪॥
মূৰ্খ হুয়া বোলৈ মঞি পণ্ডিত।
নষ্ট কৰি ফুৰৈ আনৰো চিত্ত॥
নিষ্কামে কৰিয়া সকলে কৰ্ম্ম।
বিষ্ণুত অৰ্পিব সিসৱ ধৰ্ম্ম॥ ৯৫॥
শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল।
মিছাত নজানি নিন্দৈ নিষ্খল॥
আমাৰ বোলে অপ্ৰত্যয় যাহা।
একাদশ স্কন্ধে বিচাৰি চাহা॥ ৯৬॥
বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া
নুগুচৈ কৰ্ণত আঙ্গুলি দিয়া॥
সমস্ত পুণ্য নষ্ট হোৱৈ তাৰ।
নৰকত পড়ৈ নাহি নিস্তাৰ॥ ৯৭॥
বিষ্ণু বৈষ্ণৱক কৰৈ ধিক্কাৰ।
কাটিবে আণ্টিয়া জিহ্বাক তাৰ॥
শাস্তি কৰিবাক যেৱে নপাৰি।
গুচিৱে কাণত আঙ্গুলি গাৰি॥ ৯৮॥
নিন্দা শুনি যদি তৈৰ নুগুচৈ।
কল্পেক মান নৰকত পচৈ॥
যাইবাক যদি নাহি আন থান।
তথাতে এড়িবে আপুন প্ৰাণ॥ ৯৯॥
তেৱেসে হোৱৈ প্ৰায়শ্চিত্ত আতি।
দক্ষৰ যজ্ঞত কহিলা সতী॥
আমাৰ বোলে অপ্ৰত্যয় যাইবা।
চতুৰ্থ স্কন্ধত বিচাৰি পাইবা॥ ১০০॥
যত তপ ধৰ্ম্ম বেদ বেদাঙ্গ॥
হৰি নামে কৰে সৱে সুসাঙ্গ॥
হেন হৰি নামে নাহি বিশ্বাস।
কিমতে এৰাইব মৃত্যুৰ ত্ৰাস॥ ১০১॥
দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধাৰি।
কহিলন্ত শুকে উপসংহৰি॥
জ্ঞানতো কৰ্ম্মতো কৰি সম্প্ৰতি।
হৰি কীৰ্ত্তনেসে পৰম গতি॥ ১০২॥
উৰেষা বাৰাণসী ঠাৱে ঠাৱে।
কবীৰ গীত শিষ্ট সৱে গাৱে॥
তথাপিতো আঁখি ফুটিল তাৰ।
হৰি কীৰ্ত্তনক কৰৈ ধিক্কাৰ॥ ১০৩॥
শুনা সৰ্ব্বজন কহোঁ সাক্ষাত।
মূঢ়ৰ বোলত নাহি সঞ্জাত॥
বোলোক আসি ভাগৱত চাই।
তেৱেসে বুজো তাৰ মুনিষাই॥ ১০৪॥
পুৰাণ সূৰ্য্য মহাভাগৱত।
বেদান্তৰো ইটো পৰম তত্ত্ব॥
আক নুবুজি ফুৰৈ নিন্দা কৰি।
তাৰ মুখ দেখি বুলিবা হৰি॥ ১০৫॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥
ত্ৰাহি হৰি ৰাম মোৰে।
মঞি মজিলো সংসাৰ ঘোৰে॥ ৯॥
পদ॥
কীৰ্ত্তন মহিমা শুনা উৎসুকে।
বাঢ়ৱ স্কন্ধত যি কৈলা শুকে॥
সকল ধৰ্ম্মতে কৰি বিশিষ্ট।
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ॥ ১০৬॥
অনাদৰি আন ধৰ্ম্ম সম্প্ৰতি।
দেওঁ উপদেশ হৰি ভকতি॥
ব্যাসৰ শুনি চিত্ত শান্ত ভৈল।
প্ৰথম স্কন্ধত নাৰদে কৈল॥ ১০৭॥
সমস্ত বেদক ব্ৰহ্মায়ে আনি।
বিচাৰিলা তিনিবাৰ প্ৰমাণি॥
এহিমানে মাত্ৰ কৰিলা সাৰ।
হৰি কীৰ্ত্তনেসে তৰৈ সংসাৰ॥ ১০৮॥
হেন জানি ৰাজা একান্ত মনে।
কৰিও যতন হৰি কীৰ্ত্তনে॥
ৰাজাত কহন্ত শুকে প্ৰবন্ধে।
বিচাৰি দেখিও দ্বিতীয় স্কন্ধে॥ ১০৯॥
আতি লৱলেশ বিষয় সুখ।
আকে লাগি ভৈল হৰি বিমুখ॥
নকৰে ৰতি হৰি কীৰ্ত্তনত।
আপুন কৰ্ম্মে সিও ভৈল হত॥ ১১০॥
সিটো চণ্ডালক গৰিষ্ঠ মানি।
যাৰ জিহ্বাগ্ৰে থাকে হৰি বাণী॥
সমস্তে তীৰ্থতে কৰিল স্নান।
কৰিল সৱ তপ হোম দান॥ ১১১॥
সেহিসে কুলীন বেদক বুজৈ।
যাহাৰ মুখত হৰি নাম সিজৈ॥
পৰম তত্ত্ব জানি দেৱহুতি।
তৃতীয় স্কন্ধত কৰিলা স্তুতি॥ ১১২॥
নলাগে লীন মুকুতিকো তথা।
নাহি হৰিপদ পঙ্কজ যথা॥
কৰ্ণৰ অমৃত হৰি চৰিত।
ভকতৰ মুখে শুনিবে নিত॥ ১১৩॥
হৰি কথামৃত কণাৰ বাৱে।
দুনাই আত্মজ্ঞান সুমৰাৱে॥
নলাগে বৰ নমাগোহো তাক।
চতুৰ্থ স্কন্ধত পৃথুৰ বাক॥ ১১৪॥
জ্বৰ মৰণৰ সময়ে দুঃখে।
তযু গুণ নাম নেড়োক মুখে॥
মাগন্ত ঋত্বিজে বৰ প্ৰবন্ধে।
নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে॥ ১১৫॥
পঞ্চম মহাপাপী যিটোজন।
তাৰো প্ৰায়শ্চিত্ত হৰি কীৰ্ত্তন॥
তাক লাগি ভৈল হৰিৰ মতি।
ইটো মোৰ ভৈল ৰাখো সম্প্ৰতি॥ ১১৬॥
ব্ৰহ্মবধী গুৰুবধী যতেক।
পিতৃ-মাতৃবধী পাপী অনেক॥
কুকুৰ খায় হেন ম্লেছগণে।
সিও শুদ্ধ হোৱে হৰি কীৰ্ত্তনে॥ ১১৭॥
চাণ্ডালো হৰি নাম লৱে মাত্ৰ।
কৰিবে উচিত যজ্ঞৰ পাত্ৰ॥
পাপৰ আলু উভাৰয় নামে।
আক তুছ কৰি মৰে কি কামে॥ ১১৮॥
নামৰ মহিমা জানি সমূলি।
জগতৰে মোক্ষ হৈৱেক বুলি॥
পূৰ্ব্বত আৰু গোপ্য কৰি থৈলা।
দেখিয়ো ষষ্ঠ স্কন্ধে শুকে কৈলা॥ ১১৯॥
নলাগে দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সম্ভৃত শাস্ত্ৰ জানিবে॥
মিছাতে মৰে আন কৰ্ম্ম কৰি।
হোৱন্ত ভকতিতে তুষ্ট হৰি॥ ১২০॥
যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী।
পক্ষী মৃগগণ চণ্ডালো আসি॥
একান্তে কৰিয়া হৰি ভকতি।
মহাসুখে পাৱৈ পৰম গতি॥ ১২১॥
সপ্তম স্কন্ধত প্ৰহ্লাদৰ বাণী।
দেখিয়ো বিচাৰ কৰি প্ৰমাণি॥
মূৰ্খৰ কথা সৱে পৰিহৰি।
সদায়ে ডাকিয়া ঘুষিয়ো হৰি॥ ১২২॥
॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥
ৰামেসে জীৱন ৰামেসে প্ৰাণ।
ৰাম বিনা নাহি বান্ধৱ আন॥ ১০॥
পদ॥
তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক॥
পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ।
হৰিনামে কৰে সৱে সুসাঙ্গ॥ ১২৩॥
বামনৰ আগে শুক্ৰৰ বাক।
অষ্টম স্কন্ধত দেখিয়ো তাক॥
ভকত জনেসে মোৰ হৃদয়।
ময়ো ভকতৰ হিয়া নিছয়॥ ১২৪॥
মঞি বিনে ভক্তে নিচিন্তে আন।
ভকত বিনা মোৰো নাহি ধ্যান॥
দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি।
নৱম স্কন্ধত দেখা বিচাৰি॥ ১২৫॥
মুকুতি ৰসকো স্ৰৱৈ ভকতি।
তাক এড়ি কৰৈ জ্ঞানত ৰতি॥
দুখ মাত্ৰ পাৱৈ পাছেসে জানৈ।
কাষ্ঠ পতানক যেহেন বানৈ॥ ১২৬॥
ব্ৰজৰ তৃণ হৈবো মহাভাগ।
পাইবো গোপিকাৰ ৰেণুক লাগ॥
যাৰ মিত্ৰ ভৈলা জগত পতি।
ব্ৰহ্মায়ে কৰিলা কৃষ্ণক তুতি॥ ১২৭॥
ব্যভিচাৰী দুষ্টা ব্ৰজ যুৱতী॥
তথাপি কৃষ্ণত ভৈলা ভকতি॥
জানিলো পাপীয়ো ভজোক মাত্ৰ।
এতেকে ভৈলা মুকুতিৰ পাত্ৰ॥ ১২৮॥
কৃষ্ণৰ কথাত যিটো ৰসিক।
ব্ৰাহ্মণ জন্ম তাৰ লাগৈ কিক॥
স্মৰোক মাত্ৰ হৰি দিনে ৰাতি।
নবাছৈ ভকতি জাতি অজাতি॥ ১২৯॥
নন্দৰ ব্ৰজে যত গোপীজাক।
সদা বন্দো তান পদধূলাক॥
নুগুচৈ হৰি গীত দিনে ৰাতি।
জগতকে কৰৈ পৱিত্ৰ আতি॥ ১৩০॥
উদ্ধৱে বন্দিলা গোপীৰ ধূলি।
আৱে মূঢ়জনে নিন্দে কি বুলি॥
শৰীৰ শৱক মই বোলে চিত্তে।
মমত কৰৈ পুত্ৰ ভাৰ্য্যা বিত্তে॥ ১৩১॥
তীৰ্থ বুলি কৰৈ জলত শুদ্ধি।
প্ৰতিমাত কৰৈ দেৱতা বুদ্ধি॥
বৈষ্ণৱত নাই ইসৱ মতি।
গৰুতো অধম কৃষ্ণ বদতি॥ ১৩২॥
একান্তে মৰৈ কৰ্ম্ম মাত্ৰ কৰি।
হৃদয়ে থাকিয়া বিদূৰ হৰি॥
শ্ৰৱণ কীৰ্ত্তন যাৰ অভ্যাস।
নছাড়ন্ত হৰি তাহাৰ পাশ॥ ১৩৩॥
মিছা তৰ্কবাদে ভৈলোঁ আন্ধাৰ।
নপাওঁ জ্ঞান পন্থ কৰি বিচাৰ॥
মাধৱ বামন গোৱিন্দ বুলি।
কৈসানি মুকুত হৈবো সমূলি॥ ১৩৪॥
দশম স্কন্ধত বেদৰ স্তুতি।
আক নমানিবে কোন যুগুতি॥
পাষণ্ডেষে নিন্দৈ বেদৰ বাণী।
তাৰ সম্ভাষণ এড়িবা জানি॥ ১৩৫॥
কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি।
দানে বা সন্ন্যাসে পাৱৈ সম্প্ৰতি॥
ভকতে সুখে বসি পাৱৈ তাক।
উদ্ধৱৰ আগে কৃষ্ণৰ বাক॥ ১৩৬॥
পৰম অহিংসা ধৰ্ম্ম সন্ন্যাসে।
নপাৱে যি মোক জ্ঞান অভ্যাসে॥
ভকতেসে কৰৈ আমাক বশ্য।
কহিলো উদ্ধৱ ইটো ৰহস্য॥ ১৩৭॥
গৰু গোপিকা পশু বৃক্ষবন।
নাহি জন্মান্তৰে কিছু সাধন॥
এহি জন্মে মাত্ৰ কৰি ভকতি।
পাইলেক সকলে মোহোৰ গতি॥ ১৩৮॥
অশুদ্ধ মনৰ কৰ্ম্মসকল।
স্ৰৱে যেন আৱাঁ ঘটৰ জল॥
কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা।
একাদশ স্কন্ধে বিচাৰি দেখা॥ ১৩৯॥
বোলন্ত শুকে কিনো ভৈল খেদ।
পাষণ্ডে কৰিবে বুদ্ধিক ভেদ॥
কলিত হৰিৰ কীৰ্ত্তন এড়ি।
ফুৰিবে লোকে আন কৰ্ম্ম কৰি॥ ১৪০॥
পাইবেক শ্ৰম তপ ব্ৰত কৰি।
একান্তে যিটো নুসুমৰৈ হৰি॥
জ্ঞানতো কৰ্ম্মতো কৰিয়া নৰ।
হৰি কীৰ্ত্তনত কৰা আদৰ॥ ১৪১॥
দ্বাদশ স্কন্ধত এহিসে কৈলা।
তথাপি মূঢ়ৰ বোধ নভৈলা॥
কৰৈ উপালম্ভ হৰি কীৰ্ত্তনে।
আত্মঘাত কৰি মৰৈ আপুনে॥ ১৪২॥
বিষ্ণু ভকতক দেখিয়া হাঁসে।
আপুনিয়ো নষ্ট আনকো নাশে॥
কীৰ্ত্তন শুনিয়া সম্যকে মৰে।
জানিবা নিতে মহাপাপ কৰে॥ ১৪৩॥
হৰি ধ্বনি শুনি বিহ্বল হুই।
হিয়াত তাৰ লাগে যেন জুই॥
সমস্ত শাস্ত্ৰত কৰিয়া সাৰ।
পাষণ্ড-মৰ্দ্দন নাম ইহাৰ॥ ১৪৪॥
এহিসে মৰ্দ্দিবে পাষণ্ড মতি।
জানিবা কলিত নামেসে গতি।
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ১৪৫॥
॥ পাষণ্ড মৰ্দ্দন সমাপ্ত॥ ৩॥