চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
॥ চতুৰ্বিংশতি খণ্ড॥
॥ বেদস্তুতি॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
এ হৰি ৰাম হৰি অনন্ত মুৰাৰি।
ভকতবৎসল নিয়ো সেৱক উদ্ধাৰি॥ ১৩৮॥
পদ॥
জগত সংহৰি সুতি আছা নাৰায়ণ।
প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ॥
জগাইলা বিষ্ণুক স্তুতি কৰি ভক্তিভাৱে।
যেন নট ভাটে চক্ৰৱৰ্ত্তীক জগাৱে॥ ১৬৪৯॥
জয় জয় হৌক হৰি আনন্দ প্ৰকাশ।
সমস্ত জীৱৰ কৰা মায়াক বিনাশ॥
তুমিসি সৱাকে দিয়া চৈতন্য শকতি।
আমি বেদগণ আত প্ৰমাণ সম্প্ৰতি॥ ১৬৫০॥
দশ দিগপাল সমে জগত সমস্ত।
তোহ্মাতেসে উপজে তোহ্মাতে যায় অস্ত॥
আতেসে সমস্তে ব্ৰহ্ম মন্ত্ৰগণে ৰড়ৈ॥
যেন যৈতে ভৰি দিলে পৃথিৱীতে পৰৈ॥ ১৬৫১॥
তুমিসি পৰম তত্ত্ব জানি জ্ঞানীগণে।
ছাড়ৈ পাপ তযু গুণ শ্ৰৱণ কীৰ্ত্তনে॥
আনন্দ ব্ৰহ্মক যিটোজনে ভজে স্বামি।
তাহাৰ মহিমা আৰ কি কহিবো আমি॥ ১৬৫২॥
মনুষ্য শৰীৰ পায়া যিটো নৰগণ।
নকৰে তোহ্মাৰ যদি শ্ৰৱণ কীৰ্ত্তন॥
বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ।
জীৱন্ততে মৰা সিটো ভাথিৰ নিশ্বাস॥ ১৬৫৩॥
শৰীৰৰ ছয়চক্ৰ চিন্তৈ যিটোজন।
তাহাৰো গুচোৱা মৃত্যুভয় নাৰায়ণ॥
হৃদিগত কৰি হৰি সম্প্ৰতি তোহ্মাক।
কৰোহোঁ উপাসা আমি সৱে বেদজাক॥ ১৬৫৪॥
আপুনি স্ৰজিলা চৰাচৰ দেহা যত।
সমস্ত ঐশ্বৰ্য্য ভাৱে আছা সমস্তত॥
জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে।
আৱে আমি তোহ্মাক ভজোহো সৰ্ব্বভাৱে॥ ১৬৫৫॥
তোহ্মাৰেসে অংশ আমি যত জীৱজাক।
তোহ্মাৰ মায়ায়ে প্ৰভু বান্ধিলে আহ্মাক॥
দিয়ো উপদেশ ভজো তোহ্মাৰ চৰণে।
মায়াৰ বন্ধন চিণ্ডো শ্ৰৱণ কীৰ্ত্তনে॥ ১৬৫৬॥
জ্ঞান অভ্যাসকো কেহো নেদেখি বিশেষ।
শ্ৰৱণ কীৰ্ত্তনে তৰৈ সংসাৰৰ ক্লেশ॥
তোহ্মাৰ ভক্তৰ সঙ্গ পায়া অনুপম।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ কৰৈ তৃণ সম॥ ১৬৫৭॥
তুমিসি পৰম প্ৰিয় আত্মা নাৰায়ণ।
তযু পদ পঙ্কজে মজোক মোৰ মন॥
ভাৰতে মনুষ্য জন্ম নুহিকে সেন্থৰে।
তোহ্মাক নভজি আত্মঘাত কৰি মৰে॥ ১৬৫৮॥
প্ৰেমভাৱে সুদুৰ্ল্লভ তোহ্মাক স্মৰণ।
যেন তেন মতে কৰো শ্ৰৱণ কীৰ্ত্তন॥
সদায়ে থাকোক মোৰ মন তযু পাৱে।
বোলা হৰি হৰি আৱে প্ৰাণ থাকে যাৱে॥ ১৬৫৯॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥ হৰি হৰিয়ো ক্লেশ হৃষীকেশ
কৰুণাসাগৰ।
মায়া মহোদধি মাঝে মজিলোহো
মাধৱ মোক উদ্ধৰ॥ ১৩৯॥
পদ॥ বুদ্ধি অহঙ্কাৰে আৱৰিলে আতি
মহামূঢ় ভৈলো স্বামী।
তোহ্মাৰ অখণ্ড আনন্দ ৰূপক
কিমতে জানিবো আমি॥
দীন দয়াশীল দিয়ো উপদেশ
তোহ্মাৰ চৰণে ধৰো।
শ্ৰৱণ কীৰ্ত্তন স্মৰণ ভক্তিক
সদায় যিমতে কৰো॥ ১৬৬০॥
মিছা তৰ্কবাদে ভৈলো অন্ধকাৰ
তাতে ভ্ৰমো মন্দমতি।
তযু জ্ঞানপন্থ খুজিয়া নপাওঁ
কৰা হৰি মোৰ গতি॥
তযু গুণ নাম মুখে নছাড়োক
কৰা কৃপা চক্ৰপাণি।
মাধৱ বামন গোৱিন্দ বোলন্তে
মুকুত হৈৱো কৈসানি॥ ১৬৬১॥
তুমি সত্য ব্ৰহ্ম তোহ্মাত প্ৰকাশে
জগত ইটো অসন্ত।
জগততে সদা তুমিও প্ৰকাশা
অন্তৰ্য্যামী ভগৱন্ত॥
এতেকেসে জ্ঞানী গণে অৱশেষি
জগতকে বোলে হৰি।
আৱে জগজীৱ তোহ্মাৰ চৰণ
ভজো হৃদয়ত ধৰি॥ ১৬৬২॥
যত তপ আছে সমস্তে কৰোক
পৰোক পৰ্ব্বতে উঠি।
সমস্তে তীৰ্থক স্নানিয়া ফুৰোক
বেদক পঢ়োক তুষ্টি॥
যত যজ্ঞ আছে সমস্তে যজোক
কৰোক যোগ অভ্যাস।
হৰিৰ কীৰ্ত্তন নকৰি তথাপি
নেড়ায় মৃত্যুৰ ত্ৰাস॥ ১৬৬৩॥
নাহি দেহেন্দ্ৰিয় সমস্ত কৰ্ত্তাৰ
শক্তিক ধৰা একলে।
তুমিসি সৰ্ব্বজ্ঞ তুমি সৰ্ব্বকৰ্ত্তা
তোহ্মাক সেৱৈ সকলে॥
যেন চক্ৰৱৰ্ত্তী ৰাজাক যোগাৱৈ
সামৰাজে কৰভাৰ।
ব্ৰহ্মা আদি কৰি দেৱৰ ঈশ্বৰ
তযু পাৱে নমস্কাৰ॥ ১৬৬৪॥
তোহ্মাৰেসে মায়া কৰ্ম্মে বন্দী হুয়া
সংসাৰে উপজো মৰো।
দুঃখ সাগৰত ত্ৰাণ কৰা হৰি
তোহ্মাৰ চৰণে ধৰো॥
তুমি অন্তৰ্য্যামী সমস্ত লোকৰ
তুমি মহেশ্বৰ দেৱ।
তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তোহ্মাক
মনে কৰো আমি সেৱ॥ ১৬৬৫॥
সংসাৰ চক্ৰৰ কৰৱতে ছিণ্ডে
নেৰৈ মহামোহ ভয়।
তোহ্মাৰ চৰণে পশিলো শৰণে
ৰক্ষা কৰা কৃপাময়॥
তুমি মহাগুৰু তোহ্মাৰ চৰণে
মনে যদি লৱৈ বাস।
তোমাৰ কৃপায়ে সৱে সিদ্ধি হৈব
নলাগৈ জ্ঞান অভ্যাস॥ ১৬৬৬॥
তুমি আত্মা হেন জানিয়া তোহ্মাক
চিত্তে ভজৈ যিটোজন।
তুছ পুত্ৰ দাৰা বিষয় ভোগক
নাহি তাৰ প্ৰয়োজন॥
তোহ্মাৰ নামক মুখে ফুৰৈ গাই
হিয়ে তযু ৰূপ ধৰি।
শুনে মানে ধ্বনি পলায় পাতক
ডাকি বোলা হৰি হৰি॥ ১৬৬৭॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥ ৰাম হৰি কৰুণাময় তোহ্মাৰ চৰণে ভজো।
স্বামি দুনাই যেন সংসাৰে নমজো॥ ১৪০॥
পদ॥ তোহ্মাৰ চৰণ চিন্তি যথাত ভকত থাকে
সেহি পুণ্য সেহি তীৰ্থস্থান।
তোহ্মাৰ অমৃত কথা ধাৰায়ে বহৱৈ যথা
তাক যিটো জনে কৰৈ পান॥
এড়ায় সংসাৰ ক্লেশ কুৎসিত বিষয় সুখ
তাসম্বাৰ নাহি অভিলাস।
একবাৰ মাত্ৰ তযু চৰণ চিন্তিলে যিটো
তাৰ সুখ নুহি গৃহবাস॥ ১৬৬৮॥
অসন্ত জগতখান তোহ্মাত উদ্ভৱ ভৈল
সন্ত হেন প্ৰকাশৈ সদায়।
কৰ্ম্মজড় মনুষ্যৰ মনমগ্ন ভৈল তাতে
বেদৰ নুবুজৈ অভিপ্ৰায়।
তোহ্মাৰ অদ্বৈত ৰূপ পৰম আনন্দ পদ
তাতে মোৰ মগ্ন হৌক চিত্ত।
ভৈলোহো দাসৰ দাস জানি আৱে নৰহৰি
আহ্মাক নেড়িবা কদাচিত॥ ১৬৬৯॥
মুকুট কুণ্ডল যেন সুৱৰ্ণৰে ভিন্ন নুহি
মিছা মাত্ৰ নাম ৰূপ যত।
অহঙ্কাৰ পঞ্চভূত তোহ্মাত পৃথক নুহি
প্ৰভু পৰমাৰ্থ বিচাৰত॥
তোহ্মাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া
ভৰি তুলি মৰ্দ্দে মোৰ মাথ।
পৰম আতুৰ হুয়া তোহ্মাত শৰণ লৈলো
মায়াক নিবাৰা জগন্নাথ॥ ১৬৭০॥
সন্ন্যাসীৰ বেশ ধৰি লোকক বঞ্চিলো ছলে
ভৈলো ভোগ চিন্তায়ে ব্যাকুল।
ৰাত্ৰি দিনে মোহ মোৰ মনৰ নুগুছৈ আতি
নানা বিধ উদ্যমে আকুল॥
অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব্ব বাঢ়ি গৈল
লন্দ্ৰিলোহো তোহ্মাৰ আজ্ঞাক।
দীন অনাথক কৃপা কৰাহা পৰমানন্দ
প্ৰভু আৱে ৰাখিয়ো আহ্মাক॥ ১৬৭১॥
তোহ্মাৰ পৰম জ্ঞান মাধৱ দিয়োক মোক
যিটো খণ্ড সুখ দুঃখ হীন।
নুহি নাৰায়ণ দিয়া শ্ৰৱণ-কীৰ্ত্তন ভক্তি
নোহো যেন বিধিৰ অধীন॥
ব্ৰহ্মায়ো নপান্ত অন্ত তোহ্মাক নজানৈ বেদে
আপুনিও নজানা সমূলি।
এতেকে কেৱলে আমি তোহ্মাৰ চৰণে স্বামী
ভজিলোহো জয় জয় বুলি॥ ১৬৭২॥
চাৰিবেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ
পৰম বেদান্ত ভাগৱত।
সনক সনন্দ মুনি যোগজ্ঞান বিচাৰিয়া
উদ্ধাৰিলা তাৰ সাৰ তত্ত্ব॥
আগম পুৰাণ যত বেদান্তৰ তাতপৰ্য্য
জানি কৰা ভকতিক সাৰ।
শ্ৰৱণ কীৰ্ত্তন বিনা আন পুণ্যে নপায় জানা
ইটো ঘোৰ সংসাৰৰ পাৰ॥ ১৬৭৩॥
শুনিয়োক বুদ্ধজন জনম মৰণ দুঃখ
তৰিবাক যাৰ ইছা আছে।
গোৱিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰা
অন্তকে কেশত ধৰি আছে॥
ইহেন মনুষ্য জন্ম সেন্থৰে নপাইবা আউৰ
চাৰিবেদে কহে নিষ্ঠ কৰি।
মাধৱৰ চৰণৰ কিঙ্কৰ শঙ্কৰে কহে
সদা ডাকি বোলা হৰি হৰি॥ ১৬৭৪॥
॥ বেদস্তুতি সমাপ্ত॥ ২৪॥