ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
। ষষ্ঠ খণ্ড॥
॥ প্ৰহ্লাদ চৰিত॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
ৰাম মুৰাৰি প্ৰভু ৰঘুনাথ।
কৃষ্ণক প্ৰণামো দমায়া মাথ॥ ১৭॥
পদ॥
বোলন্ত শুকে শুনা পৰীক্ষিত।
ভক্ত প্ৰহ্লাদৰ কহো চৰিত॥
যুধিষ্ঠিৰ আগে নাৰদে কৈলা।
শুনিয়ো প্ৰহ্লাদৰ যেন ভৈলা॥ ২১৬॥
ব্ৰহ্মাৰ মানস চাৰি তনয়।
ভ্ৰমন্ত আকাশে আনন্দময়॥
পাঞ্চ বৰিষীয়া শিশু সঙ্কাশ।
নাহিকে বস্ত্ৰ সৱে দিগৱাস॥ ২১৭॥
আনন্দে লোকক চাহন্তে ফুৰি।
দিনেক দেখিলা বৈকুণ্ঠপুৰী॥
আতি আনন্দিত বিষ্ণুৰ স্থানে।
সৱে চতুৰ্ভুজ পুৰুষ মানে॥ ২১৮॥
যতেক ৰমণী লক্ষ্মী প্ৰত্যেক।
কল্পতৰু সম বৃক্ষ যতেক॥
বৈতালিকগণ পৰম ৰঙ্গে।
হাতত তাল নাৰীগণ সঙ্গে॥ ২১৯॥
গাৱন্ত কৃষ্ণৰ গুণ চৰিত।
আনন্দতে দ্ৰৱে সৱাৰো চিত্ত॥
সুগন্ধি বায়ুক কৰৈ ধিক্কাৰ।
সিবেলা মনক মোহৈ আহ্মাৰ॥ ২২০॥
ভ্ৰমৰ ৰাজে গাৱৈ হৰিগীত।
যতেক পক্ষী তাতে দেয় চিত্ত॥
নকৰে আৰাৱ থাকৈ নিচুকি।
কৃষ্ণৰ কীৰ্ত্তন শুনৈ উৎসুকি॥ ২২১॥
চড়ি ৰত্নময় দিব্য বিমানে।
যতেক সুন্দৰী পদ্মিনী মানে॥
হাস লাস কৰি দৰ্শাৱৈ গাৱ।
বৈষ্ণৱ জনৰ নুপজৈ ভাৱ॥ ২২২॥
হৰিৰ গৃহে মহালক্ষ্মী মাৱে।
হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৱে॥
দেখিয়া স্ফটিক বাৰৰ গুণি।
মাৰ্জ্জৈ গৃহ যেন লক্ষ্মী আপুনি॥ ২২৩॥
গোৱিন্দৰ গুণ চৰিত্ৰ বাজে।
শুনৈ গ্ৰাম্য কথা যিটো নিলাজে॥
বৈকুণ্ঠে নযাৱৈ সিটো ভাগ্যশূন্য।
কুকথায়ে হৰৈ সমস্তে পুণ্য॥ ২২৪॥
তমো নৰকে হোৱৈ চিৰবাস।
আপুনি চিন্তৈ আপুনাৰ নাশ॥
দেৱৰো বাঞ্ছনী মনুষ্য জন্ম।
উপজৈ আত যত জ্ঞান ধৰ্ম্ম॥ ২২৫॥
নকৰৈ কীৰ্ত্তন ইহাক পায়া।
জানিবা তাক বঞ্চৈ বিষ্ণুমায়া॥
হেন জানি আন আলাপ এড়ি।
বোলা হৰি হৰি সমাজে বেঢ়ি॥ ২২৬॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥
পুণ্ডৰীক্ষহ্ল কৰা কৃপা ৰাম
কৰা দয়া কমললোচন।
নেড়ো যেন অৰুণ চৰণ॥ ১৮॥
পদ॥
দূৰতে ধৰ্ম্মক পৰিহৰি।
যিটো চিন্তৈ হৃদি ৰূপ ধৰি॥
নিতান্তে কীৰ্ত্তন মাত্ৰ কৰে।
বৈকুণ্ঠত থাকে সিটো নৰে॥ ২২৭॥
অন্যো অন্যে হৰিকথা গাৱে।
শিহৰে শৰীৰ প্ৰেম ভাৱে॥
আনন্দে লোতক পৰৈ ঝৰি।
গেৰি পাৰি বোলৈ ৰাম হৰি॥ ২২৮॥
বৈকুণ্ঠ নগৰী নিৰূপম।
নাহি যাত কালৰ বিক্ৰম॥
তাক পায়া ভকতসকলে।
মজিল আনন্দ সিন্ধুজলে॥ ২২৯॥
বৈকুণ্ঠত কেশৱ সাক্ষাত।
সুতি থাকা অনন্ত শয্যাত॥
লক্ষ্মীৰ কোলাত থৈয়া ভৰি।
লক্ষ্মীয়ো ঝাণ্টন্ত হাতে ধৰি॥ ২৩০॥
মূৰ্ত্তি ধৰি বেদ শাস্ত্ৰগণ।
কৰৈ বেঢ়ি মহিমা কীৰ্ত্তন॥
চৈধ্য ভুৱনৰ বন্দ্য স্থান।
যাক কৃষ্ণে কৰিলা নিৰ্ম্মাণ॥ ২৩১॥
হেন বৈকুণ্ঠত চাৰি মুনি।
ভ্ৰমন্ত কীৰ্ত্তন ধ্বনি শুনি॥
কৃষ্ণৰ আৱাস পাইলা পাছে।
ৰত্নময় দ্বাৰসৱ আছে॥ ২৩২॥
লগাই আছে হীৰাৰ কপাট।
ৰত্নে বিৰচিত যত বাট॥
হেন দ্বাৰচয় চড়াই পাছে।
দেখন্ত দুগোটা দ্বাৰী আছে॥ ২৩৩॥
সপ্তম দ্বাৰৰ দুই পাশে।
দুইৰো শিৰে কিৰীটি প্ৰকাশে॥
পদ্মনেত্ৰ বদন মণ্ডলে।
শোভৈ গণ্ড মকৰকুণ্ডলে॥ ২৩৪॥
সুন্দৰ নাসিকা অল্প হাস।
চাৰু শ্যাম তনু পীতবাস॥
যেন কুন্দকড়ি দন্তপান্তি।
কেয়ূৰ কঙ্কণে কৰৈ কান্তি॥ ২৩৫॥
দুইৰো চতুৰ্ভুজ আতি জ্বলে।
বনমালা শোভৈ বক্ষস্থলে॥
সেৱৈ তাক ভ্ৰমৰে গুঞ্জৰি।
দুয়ো দিব্য গদা আছৈ ধৰি॥ ২৩৬॥
দেখে পাছে হেন দুয়ো দ্বাৰী।
বিৱস্ত্ৰে আসন্ত সিদ্ধ চাৰি॥
নুসুধি পশন্ত অভ্যন্তৰ।
কোপে দুয়ো কম্পান্ত অধৰ॥ ২৩৭॥
মুখ কৰি ভ্ৰূকুটি কুটিল।
বেতে ঠেলি চাৰিকো খেদিল॥
কৃষ্ণৰ কিঙ্কৰে এভু ভণে।
হৰি হৰি বোলা সৰ্ব্বজনে॥ ২৩৮॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥
ৰাম কৃষ্ণ কহ নিতে।
ভাই ধৰি হৰিপদ চিত্তে॥ ১৯॥
পদ॥
দেখিয়া পাছে হেন চাৰি সিদ্ধ।
দেখন্তে শিশু বয়সত বৃদ্ধ॥
কৃষ্ণ দৰশন আশা ভঙ্গে।
কোপে চক্ষু পকাই মাতন্ত খঙ্গে॥ ১৩৯॥
বৈষ্ণৱ বোলা তোৰা দুইজন।
বৈকুণ্ঠবাসীৰ নাহি লক্ষণ॥
প্ৰশান্ত পুৰুষ আনন্দময়।
তাহান্তো তোমৰা কৰা সংশয়॥ ২৪০॥
পাৰিষদ বোলাই কৰস চটি।
নুহিকা বৈষ্ণৱ দুয়ো কপটী॥
বৈকুণ্ঠৰো আনা দুৰ্যশ বৰ।
ঐৰ পৰা তোৰা দুহান্তো পৰ॥ ২৪১॥
অসুৰ যোনিত উপজ মৰি।
হেন শুনি জয় বিজয় ডৰি॥
চৰণত ধৰি পড়ি ভূমিত।
কাতৰ কৰৈ হুয়া ভয়ভীত॥ ২৪২॥
তোমাসাক বাধি কৰিলো পাপ।
মিলোক দিলা যিবা চণ্ডশাপ॥
আপুন কৰ্ম্মে যাওঁ অধোগতি।
প্ৰভুৰ পাৱে নছাড়োক মতি॥ ২৪৩॥
তোমাসাত মাগো এতেক বৰ।
এহি বুলি দুয়ো কৰৈ কাতৰ॥
হেন অথন্তৰ শুনিয়া হৰি।
আসন্ত বজাই অভ্যন্তৰ এড়ি॥ ২৪৪॥
অনেক পৰিছদে লক্ষ্মী মাৱে।
পাছত চলি যান্ত ভূমি পাৱে॥
শুক্ল চামৰে বিঞ্চৈ দুই কাছে।
উপৰে শ্বেত ছত্ৰ ধৰি আছে॥ ২৪৫॥
তাতে চন্দ্ৰকান্তি স্ৰৱৈ শিশিৰ।
চলি যান্ত হৰি গতি গম্ভীৰ॥
লক্ষ্মীৰ ছটা শ্যাম উৰঃস্থলে।
আপাদলম্বী বনমালা গলে॥ ২৪৬॥
গুঞ্জৰে মধুকৰে কৰি যত্ন।
শিৰত কিৰীটি অমূল্য ৰত্ন।
উন্নত নাসা সুপ্ৰসন্ন মুখ।
কমল নেত্ৰক দেখন্তে সুখ॥ ২৪৭॥
মকৰ কুণ্ডলে প্ৰকাশৈ গণ্ড।
শ্যামল চাৰু চাৰিভুজ দণ্ড॥
কেয়ূৰ কঙ্কণে প্ৰকাশে তাত।
শ্ৰীবৎস মুকুতা হাৰ হিয়াত॥ ২৪৮॥
পীত বস্ত্ৰে শোভৈ শ্যামল কায়।
নুগুচৈ ঈষত হাস্য সদায়॥
অমূল্য মেখলা কটিৰ মাজে।
চৰণে ৰত্নৰ পূনুৰ বাজে॥ ২৪৯॥
কৌস্তুভ মণি শোভৈ কণ্ঠমাজে।
দুপাশে নানা দিব্য যন্ত্ৰ বাজে॥
মিলাৱৈ সমাধি তাৰ শবদে।
ধৰিছা মূৰ্ত্তি ভকতৰ পদে॥ ২৫০॥
গৰুড়ৰ স্কন্ধে হস্তক থই।
ফুৰন্ত পদ্ম আউৰ হাতে লই॥
পাৰিষদগণ চলৈ উপাসি।
আসন্ত বৈকুণ্ঠপুৰ প্ৰকাশি॥ ২৫১॥
অদ্ভূত মূৰ্ত্তি চাৰি সিদ্ধে দেখি।
নাহিকে তৃপিতি চান্ত নিৰীক্ষি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ২৫২॥
॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥
পদ্মপাণি জীৱমোহন ৰাম।
সুখে দুঃখে মুখে যোনো ছাড়ে ৰাম নাম॥ ২০॥
পদ॥
পৰম আনন্দে চাৰি সিদ্ধে দেখি পাছে।
শিৰে প্ৰণামিয়া দণ্ডৱতে পড়ি আছে॥
কৃষ্ণপাদমিশ্ৰ তুলসীৰ পায়া গন্ধ।
দ্ৰৱ ভৈল চিত্ত মহা মিলিল আনন্দ॥ ২৫৩॥
প্ৰেমভাৱ উপজি দ্ৰৱিল আতি চিত্ত।
হৰিষে লোতক ঝৰে তনু ৰোমাঞ্চিত॥
দেখিল কৃষ্ণৰ মুখ শ্যাম পদ্মকোষ।
সুন্দৰ অধৰ হাস্যে মিলাৱৈ সন্তোষ॥ ২৫৪॥
তাসম্বাৰ ভৈল মনোবাঞ্ছিত পূৰণ।
চাহিলা কৃষ্ণৰ দুনাই দুখানি চৰণ॥
আৰকত নখপান্তি আছৈ প্ৰকাশন্তে।
চিত্তত চিন্তিলা তাঙ্কবাহিৰৰ হন্তে॥ ২৫৫॥
আছিলন্ত ধৰি হৃদয়ত কতো বেলি।
কৃষ্ণক সন্মুখে দেখি পাছে চক্ষু মেলি॥
কৰযোড়ে চাৰি সিদ্ধে আনন্দক পাই।
কৰিবে লাগিলা স্তুতি মাধৱক চাই॥ ২৫৬॥
সমস্ত ভূতৰে যদি তুমি হৃদিগত।
তথাপি কৰ্ম্মীৰ মনে নুহিকা বেকত॥
ভকতেসে পাৱৈ খুজি তুমি অন্তৰ্য্যামী।
কিনো ভাগ্যে তোহ্মাক নয়নে দেখো আমি॥ ২৫৭॥
পিতৃমুখে তযু গুণ শুনিলো যৈসানি।
সেহি দিনা হিয়াত পশিলা চক্ৰপাণি॥
তুমি পৰমাত্মা তত্ত্ব জানিলো সম্প্ৰতি।
সত্য মূৰ্ত্তি ধৰি সাধা ভকতৰ গতি॥ ২৫৮॥
তোহ্মাক নপাই অনুৰাগ বাঢ়ৈ যাৰ।
সেহিসে ভকতি যোগে ছিণ্ডৈ অহঙ্কাৰ॥
তাহাৰেসে গুচৈ বিষয়ত অনুৰাগ।
হৃদয়ত বিচাৰি তোহ্মাক পাৱৈ লাগ॥ ২৫৯॥
তোহ্মাৰ পাৱত লৈলে যিজনে শৰণ।
তযু গুণনাম কৰৈ শ্ৰৱণ কীৰ্ত্তন॥
মোক্ষ প্ৰসাদক প্ৰভু তোহ্মাত নমাগে।
ছাৰ স্বৰ্গসুখ কোন তাসম্বাৰ আগে॥ ২৬০॥
তযু গুণগণ যদি কৰ্ণে থাকে ভৰি।
সদায় বদনে যেৱে বোলৈ ৰাম হৰি॥
চৰণকো চিন্তৈ চিত্তে বিঘ্নিকো নগণি।
নাৰকী জন্মও তেৱে আহ্মাৰ বাঞ্ছনী॥ ২৬১॥
দেখাই দিব্য ৰূপ ইটো আতি চমৎকাৰ।
সাধিলা আনন্দ কিনো নেত্ৰৰ আহ্মাৰ॥
অজ্ঞজনে নলৱৈ তোহ্মাৰ গুণ নাম।
আমি হেৰা পড়ি প্ৰভু পৰিলো প্ৰণাম॥ ২৬২॥
তোহ্মাৰ পাৱত হৌক একান্ত ভকতি।
এতেক প্ৰসাদ দিয়ো আহ্মাক সম্প্ৰতি॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বলোক।
ডাকি হৰি হৰি বোলা পাতক ছাড়োক॥ ২৬৩॥
॥ পঞ্চম কীৰ্ত্তন॥
ঘোষা॥
গতি মোৰ গতি মোৰ গোৱিন্দ দেৱ।
মাধৱ বিনা বন্ধু নাহি কেৱ॥ ২১॥
পদ॥
কৰিলা তুতি চাৰি মহামুনি।
চাৰিকো মাধৱে মাতন্ত গুণি॥
পাৰিষদ জয় বিজয় মোৰ।
কৰিল অপৰাধ ইটো ঘোৰ॥ ২৬৪॥
বিহিলা উচিত দণ্ড ইহাক।
কদৰ্থিলা দুয়ো আতি আহ্মাক॥
সেৱকে যদি কৰে অপকাৰ।
পাৱৈ অপযশে স্বামীক তাৰ॥ ২৬৫॥
ক্ষমিয়ো মোক চাৰি মহাশিষ্ট।
ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট॥
বিপ্ৰ সেৱাতেসে আহ্মাৰ খ্যাতি।
চাণ্ডালকো কৰৈ পৱিত্ৰ আতি॥ ২৬৬॥
তোহ্মাৰ ইন্দ্ৰে কৰৈ অপৰাধ।
কাটিবো ইন্দ্ৰক নাহিকে বাধ॥
বিপ্ৰৰ মুখে ভুঞ্জো যেন কৰি।
বহ্নিৰ হোমো নোহে তাঙ্ক সৰি॥ ২৬৭॥
আহ্মাৰ তনু যত বিপ্ৰগণ।
তাসম্বাৰ দ্ৰোহ চিন্তে যি জন॥
যমৰ দূতে কৰৈ তাক দণ্ডি।
গৃধ্ৰগণে খায় মাংসক ছিণ্ডি॥ ২৬৮॥
পাৰন্ত গালি যদি বিপ্ৰে আসি।
প্ৰণাম কৰৈ যিটো তাঙ্ক হাসি॥
সম্বুধি প্ৰবোধৈ সাধু বচনে।
কৰিলেক বশ্য মোক সি জনে॥ ২৬৯॥
পাৰিষদ জয় বিজয় দুই।
তোমাসাৰ শাপে অসুৰ হুই॥
দুনাই বৈকুণ্ঠক ঝাণ্টে আসোক।
হেন অনুগ্ৰহ কৰিয়ো মোক॥ ২৭০॥
আছন্ত সৱে যদি খেদ চিত্তি।
কৃষ্ণ বাক্যামৃতে ভৈল তৃপিতি॥
কৃষ্ণৰ বাক্যক কৰি বিচাৰ।
নুবুজিলা কিছু আশয় তাৰ॥ ২৭১॥
মিলিল আনন্দ দ্ৰৱিল চিত্ত।
লোতক স্ৰৱৈ তনু ৰোমাঞ্চিত॥
কৃতাঞ্জলি কৰি কৃষ্ণক চাই।
মাতন্ত চাৰিও মুনি দুনাই॥ ২৭২॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে কহে।
জানা চিৰকাল দেহা নৰহে॥
কৃষ্ণৰ কীৰ্ত্তনে সাধিয়ো গতি।
বোলা হৰি হৰি একান্ত মতি॥ ২৭৩॥
॥ ষষ্ঠ কীৰ্ত্তন॥
ঘোষা॥
ৰাম ৰাম মুকুন্দ।
ত্ৰাহি ত্ৰাহি গোৱিন্দ॥ ২২॥
পদ॥
তোহ্মাৰ বচন স্বামি।
নুবুজিলো কিছু আমি॥
আপুনি ঈশ্বৰ হুয়া।
বোলাহো কৰিয়ো দায়া॥ ২৭৪॥
ত্ৰিজগতে কৰৈ সেৱ।
বোলা মোৰ বিপ্ৰে দেৱ॥
যত দেৱ দ্বিজ ভূমি।
সৱাৰো দেৱতা তুমি॥ ২৭৫॥
ধৰ্ম্মৰো পৰম গুহ্য।
তুমি জগতৰে পূজ্য॥
যাৰ ৰূপ হিয়ে ধৰি।
দুস্তৰ মৃত্যুক তৰি॥ ২৭৬॥
তাঙ্ক আনে কৰৈ দায়া।
কোনে বুজিবেক মায়া॥
মান্য কৰি ব্ৰাহ্মণক।
শিক্ষা দিয়া সামান্যক॥ ২৭৭॥
ধৰ্ম্ম পথ ৰক্ষা কৰি।
সৃষ্টি প্ৰৱৰ্ত্তাৱা হৰি॥
তযু পাৰিষদ দুই।
আঙ্কো শপো মুনি হুই॥ ২৭৮॥
কৰিলো দাৰুণ পাপ।
দণ্ডিয়ো জগতবাপ॥
এহি বুলি মৌন ভৈলা।
মাধৱে বুলিবে লৈলা॥ ২৭৯॥
মুনিগণ এৰা তাপ।
আমিসে দিয়াইলো শাপ॥
বৈৰভাৱে চিন্তি মোক।
দুনাই পাইবে এহি লোক॥ ২৮০॥
বোলো মহা মনতুষ্টি।
শুনি চাৰি সিদ্ধে উঠি॥
মাধৱক প্ৰদক্ষিণি।
প্ৰণামিলা বাৰ তিনি॥ ২৮২॥
লৈয়া তান্তে অনুমতি।
আকাশে কৰিলা গতি॥
বৈষ্ণৱৰ শ্ৰীক চাই।
মনে প্ৰশংসন্তে যাই॥ ২৮২॥
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্ব্বজনে॥
অন্তকে পাইলেক পৰা।
ৰাম হৰি বুলি তৰা॥ ২৮৩॥
॥ সপ্তম কীৰ্ত্তন॥
ঘোষা॥
পৰমানন্দহ্ল কৰা কৃপা ভৃত্যক সম্প্ৰতি।
তুমি বিনা নাই আনগতি॥ ২৩॥
পদ॥
পাছে জয় বিজয়ক হৰি।
কৰিলা আশ্বাস দুইকো ধৰি॥
অসুৰ যোনিক যাহা তয়।
নকৰিবা মনে কিছু ভয়॥ ২৮৪॥
তোৰা দুয়ো থাকোক কল্যাণ।
মই দুঃখ কৰিবো নিৰ্য্যাণ॥
ব্ৰহ্মশাপ নকৰো উছন।
আছে পদে মোৰ প্ৰয়োজন॥ ২৮৫॥
সুমৰিও পুৰণি কথাক।
চিন্তি আছোঁ মই আপুনাক॥
আমাৰ পাশক আসে লক্ষ্মী।
তাঙ্ক নিবাৰিলা দুয়ো দেখি॥ ২৮৬॥
ক্ৰোধে বুলিলন্ত লক্ষ্মী শাপি।
হুয়োক অসুৰ দুয়ো পাপী॥
হেনজানি হুয়ো দুয়ো দৈত্য।
ভকতৰ ভয় আছে কৈত॥ ২৮৭॥
বৈৰভাৱে চিন্তিবাহা মোক।
অল্পকালে পাইবা এহিলোক॥
দুঃখৰ কৰিবো মই অন্ত।
এহিবুলি পাছে ভগৱন্ত॥ ২৮৮॥
লক্ষ্মীসমে গৈলা ধীৰে ধীৰে।
প্ৰৱেশিলা ৰত্নৰ মন্দিৰে॥
পাছে দুই মুখ্য পাৰিষদ।
এড়ি সৱে বৈকুণ্ঠ সম্পদ॥ ২৮৯॥
শ্ৰীহত হুয়া অধোমুখে।
বিমানৰ পৰা পৰে দুঃখে॥
হেন দেখি বৈকুণ্ঠক ছানি।
কৰে সৱে হাহাকাৰ ধ্বনি॥ ২৯০॥
পাছে দুয়ো এড়ি নিজ কায়।
কশ্যপৰ বীৰ্য্যে লৈলা ঠাই।
স্বামীৰ সংযোগে পাছে দিতি।
অনুক্ৰমে ভৈলা গৰ্ভৱতী॥ ২৯১॥
কৃষ্ণৰ কিঙ্কৰে এভো ভণে।
নেড়িবা কীৰ্ত্তন একোজনে॥
কেতিক্ষণে পড়ৈ ইটো কায়।
হৰি হৰি ঘুষিয়ো সদায়॥ ২৯২॥
॥ অষ্টম কীৰ্ত্তন॥
ঘোষা॥
হৰি ৰাম হৰি ৰাম এ মূল মন্ত্ৰ।
কলিত নাহি তপ যজ্ঞ যন্ত্ৰ॥ ২৪॥
পদ॥
দিতিৰ গৰ্ভে দুয়ো ভৈলা জাত।
হিৰণ্যকশিপু নামে প্ৰখ্যাত॥
হিৰণ্যাক্ষ নামে কনিষ্ঠ তাৰ।
যুদ্ধত বৰাহে চিন্তিলা মাৰ॥ ২৯৩॥
শুনিয়া হিৰণ্যে ভ্ৰাতৃৰ বধ।
ক্ৰোধে আৰকত চক্ষু তবধ॥
শূলক তুলি গৰ্জ্জে দৈত্যনাথ।
দশন কামুৰি ঝঙ্কাৰে মাথ॥ ২৯৪॥
দানৱগণক মাতে সম্বুধি।
মাৰিবো বৰাহক শূলে বিন্ধি॥
বধিলে আহ্মাৰ ভ্ৰাতৃ কনিষ্ঠ।
দেৱ ব্ৰাহ্মণৰ চিন্তা অনিষ্ট॥ ২৯৫॥
পৃথিৱীক লাগি কৰা গমন।
তপ জপ যজ্ঞ কৰিয়ো ছন্ন॥
বিষ্ণুসে সৱাৰো জানা আশ্ৰয়।
গো ব্ৰাহ্মণৰ কৰা প্ৰলয়॥ ২৯৬॥
হেনয় আজ্ঞা কৰি দৈত্যৰাজ।
ভ্ৰাতৃৰ পাছে কৰি প্ৰেতকাজ॥
কথায়ে আশ্বাস কৰি দিতিক।
তপক মনে গৈলা মন্দৰক॥ ২৯৬॥
আকাশ চাই উৰ্দ্ধবাহু হুই।
থাকিলা অঙ্গুষ্ঠে ভূমিক ছুই॥
জঁটাৰ দীপিতি দেখন্তে ত্ৰাস।
প্ৰলয় সূৰ্য্যৰ যেন প্ৰকাশ॥ ২৯৮॥
ব্ৰহ্মাক চিন্তিয়া আছে মনত।
বহি গৈল দিব্য বৰিষ শত॥
ঢাকিল তনু উঁই মাটি তুলি।
শৰীৰৰ মাংস খাইলে সমূলি॥ ২৯৯॥
গজিল তাঙ্ক ঢাকি বেৰুঝাৰ।
তথাপি কটাক্ষ নাহিকে তাৰ॥
শিৰৰ বহ্নি বঝায় তপোময়।
তাৰ তাপে ভৈল জগতে ভয়॥ ৩০০॥
সঘনে ভূমি কাম্পৈ নিৰন্তৰ।
খলকিল জল সাতো সাগৰ॥
সঞ্চাৰৈ তাৰা গ্ৰহ অসংখ্যাত।
দশোদিশে ভৈল উলুকাপাত॥ ৩০১॥
হেন দেখি ভৈল ত্ৰিদশে ত্ৰাস।
স্বৰ্গ এড়ি গৈল ব্ৰহ্মাৰ পাশ॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ৩০২॥
॥ নৱম কীৰ্ত্তন॥
ঘোষা॥
কৃষ্ণ যদুপতি।
ৰামে মোৰ গতি॥ ২৫॥
পদ॥
ব্ৰহ্মাক প্ৰণামি বুলিলন্ত দেৱঝাক।
সৃষ্টি নষ্ট হোৱে কেনে নৰাখা আহ্মাক॥
দৈত্যেন্দ্ৰৰ দেখি ঘোৰ তপৰ দীপিতি।
স্বৰ্গত থাকিবে কাৰ বাপৰ শকতি॥ ৩০৩॥
ব্ৰহ্মপদ তোহ্মাৰ কৰিবে চাৱৈ ছন্ন।
ভিন্ন সৃষ্টি কৰিবাক দৈত্যৰ যতন॥
হেন জানি বিধি কৰিয়োক প্ৰতিকাৰ।
যাৱে নতু নষ্ট হোৱে সমস্ত সংসাৰ॥ ৩০৪॥
হেন শুনি ব্ৰহ্মা লড়ি গৈলা হংসযানে।
তপ কৰি আছৈ দৈত্যপতি যিটো থানে॥
তপৰ মহিমা দেখি ভৈলন্ত বিস্ময়।
বোলন্ত উঠিয়ো আৱে কশ্যপ তনয়॥ ৩০৫॥
শৰীৰৰ মাংসক খাইলেক তোৰ উঁই।
তথাপি আৰাধ মোক একচিত্ত হুই॥
হেন তপ কৰন্তা নাহিকে সংসাৰত।
যেহি লাগে বৰ আৱে লৈয়ো অভিমত॥ ৩০৬॥
এহি বুলি ব্ৰহ্মা জলে কৰিলন্ত শান্তি।
ভৈল অঙ্গ পূৰ্ণ তপ্ত সুৱৰ্ণৰ কান্তি॥
বজ্ৰসম সুদৃঢ় তৰুণ কলেৱৰ।
উঠিল মাটিৰ পৰা পাছে দৈত্যেশ্বৰ॥ ৩০৭॥
ব্ৰহ্মাক দেখিল হংসযানে আছে চড়ি।
মিলিল আনন্দ প্ৰণামিলা পাৱে পড়ি॥
হৰিসে লোতক ঝড়ে ৰোমাঞ্চিত গাৱে।
কৰিল অনেক তুতি আতি নম্ৰভাৱে॥ ৩০৮॥
বিধাতাক বোলে যদি মোক দিবা বৰ।
তুমি স্ৰজি আছা যত প্ৰাণী নিৰন্তৰ॥
কাতো হন্তে নুহিবেক মোহোৰ মৰণ॥
ত্ৰৈলোক্যৰ লোকে লৌক আমাত শৰণ॥ ৩০৯॥
নমৰিবো ৰাত্ৰিত দিনত মৃত্যু নৌক।
অস্ত্ৰে শস্ত্ৰে বধিবাক নৱাৰোক মোক॥
মিলোক মহিমা মোত তোহ্মাৰ সমান।
দিয়ো এহি বৰ ব্ৰহ্মা নমাগোহো আন॥ ৩১০॥
ব্ৰহ্মায়ে বোলন্ত হাসি শুনা দৈত্যেশ্বৰ।
যদ্যপি দুৰ্ল্লভ বাপ ইটো মহা বৰ॥
তথাপিতো দিলো বৰ বাঞ্ছা হৌক সিদ্ধি॥
এহি বুলি নিজ স্থানে চলি গৈলা বিধি॥ ৩১১॥
হেন বৰ পায়া বল বাঢ়িল অশেষ।
ভ্ৰাতৃবৈৰী বুলি কৰে মাধৱক দ্বেষ॥
তিনিও লোকক বশ্য কৰি দৈত্যপতি।
কাঢ়ি লৈল বলে মহেন্দ্ৰৰ অম্ৰাৱতী॥ ৩১২॥
ভয়ে দাৰুণক ত্ৰিজগতে কৰৈ সেৱ।
ব্ৰহ্মা বিষ্ণু ৰূদ্ৰ বিনে খাটে সৰ্ব্বদেৱ॥
এহি মতে দিব্য ভোগ ভুঞ্জিয়া অশেষ।
বহি গৈল অসংখ্যাত সহস্ৰ বৰিষ॥ ৩১৩॥
দেৱতাগণৰ আৰ নাহি সুখ শান্তি।
নপান্ত উপায় একো মনে গুণি গান্থি॥
কৃষ্ণৰ চৰণে সৱে লৈলন্ত শৰণ।
হৰি বিনা নাহি আউৰ দুৰ্গতি তাৰণ॥ ৩১৪॥
এহি বুলি বায়ু ভক্ষি নিদ্ৰা পৰিহৰি।
মাধৱক আৰাধন্ত কষ্টব্ৰত ধৰি॥
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে কৃষ্ণকথা।
বোলা হৰি হৰি জন্ম নকৰিয়ো বৃথা॥ ৩১৫॥
॥ দশম কীৰ্ত্তন॥
ঘোষা॥
এ ৰাম হৰি নিৰঞ্জন॥ ২৬॥
পদ॥
দেৱে যেৱে উপাসন্তে আছে।
পড়িল আকাশীবাণী পাছে॥
দেৱগণ নকৰিবা ভয়।
কৰিবোহো দৈত্যৰ প্ৰলয়॥ ৩১৬॥
ইটো দুঃখ হৈব উপশান্তি।
শুনা তাৰ মৰণৰ খ্যান্তি॥
তানে পুত্ৰ বৈষ্ণৱ প্ৰহাদ।
তাঙ্ক কৰে যৈসানি বিৱাদ॥ ৩১৭॥
তেৱে তাক কৰিবো নিৰ্য্যাণ।
ভকতেসে জানা মোৰ প্ৰাণ॥
তান পীড়া শৰীৰে নসহে।
ভকতৰ দুঃখে হৃদি দহে॥ ৩১৮॥
নিৰ্ভয়ে থাকিয়ো দেৱগণ।
অল্পতে সিজিবে প্ৰয়োজন॥
দেৱগণ নিৱৰ্ত্তিয়া গৈল।
দৈত্যেন্দ্ৰৰ চাৰিপুত্ৰ ভৈল॥ ৩১৯॥
প্ৰহাদ বৈষ্ণৱ ভৈলা আতি।
বিষ্ণুক চিন্তন্ত দিনে ৰাতি॥
ইন্দ্ৰিয়ক কৰিলা নিয়ম।
প্ৰাণীক দেখন্ত আত্মসম॥ ৩২০॥
ৰূপে গুণে বিদ্যাত পাৰ্গত।
নাহি গৰ্ব্ব তথাপি মনত॥
দুঃখতো উদ্বেগ নুহি চিত্ত।
নাহি স্পৃহা সুখতো কিঞ্চিত॥ ৩২১॥
অসুৰ স্বভাৱ এড়িলন্ত।
কাম জিনি ভৈল উপশান্ত॥
মহাবৈৰী হুয়া দেৱজাক।
সাধু বুলি বখানন্ত তাক॥ ৩২২॥
পাঞ্চ বৰিষতে মহামতি।
ক্ৰীড়া এড়ি কৰন্ত ভকতি॥
নিতান্তে হৰিক কৰে ধ্যান।
হৰি বিনে নেদেখন্ত আন॥ ৩২৩॥
সদায়ে কৃষ্ণৰ গুণ কহে।
চিত্তত ধৰিল কৃষ্ণগ্ৰাহে॥
নেড়ৈ মনে গোৱিন্দৰ পাৱ।
কৃষ্ণত উপজৈ প্ৰেমভাৱ॥ ৩২৪॥
কৃষ্ণক চিন্তন্তে দ্ৰৱে মন।
কেহো বেলা কৰন্ত ক্ৰন্দন॥
কেহো বেলা হাসন্ত আহ্লাদে।
কতো গুণ গাৱন্ত প্ৰহ্লাদে॥ ৩২৫॥
গোৱিন্দক আনন্দে ডাকন্ত।
লাজ এড়ি কতোহো নাচন্ত॥
হৰিবুদ্ধি হোৱৈ আপুনাক।
কতো কৰৈ কৃষ্ণৰ চেষ্টাক॥ ৩২৬॥
আনন্দে লোতক যায় বহি।
নমাতি থাকন্ত কতো ৰহি॥
হৰিষতে তনু লোমাঞ্চিত।
কৃষ্ণতে একান্ত ভৈল চিত্ত॥ ৩২৭॥
এহিমতে কৰন্ত ভকতি।
আন বিষয়ত নাহি ৰতি॥
কৃষ্ণৰ কিঙ্কৰে এহু ভণে।
হৰি হৰি বোলা সৰ্ব্বজনে॥ ৩২৮॥
॥ একাদশ কীৰ্ত্তন॥
ঘোষা॥
ৰাম হৰি ৰাম হৰি গোপাল গোপাল॥ ২৭॥
পদ॥
ষণ্ডামৰ্ক নামে দুয়ো শুক্ৰৰ তনয়।
প্ৰহাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়॥
পঢ়ে আনো অসংখ্যাত দৈত্যৰ ছৱাল।
মনত প্ৰহাদে তাক নমানন্ত ভাল॥ ৩২৯॥
একদিনা দৈত্যেন্দ্ৰে পুত্ৰক কোলে লই।
কিবা পঢ়ি আছা বুলি আনন্দে সোধয়॥
কাক ভাল মান বাপ কহিয়ো সত্বৰে।
বুলিলন্ত প্ৰহাদে পিতৃক অনন্তৰে॥ ৩৩০॥
শুনা পিতৃ ইটো গৃহ অন্ধকূপ সৰি।
তপোবনে একচিত্তে আৰাধিয়ো হৰি॥
সংসাৰ সাগৰে ভাল নাহি আত পৰে।
হেন শুনি হাসি পাছে মাতে দৈত্যেশ্বৰে॥ ৩৩১॥
কোনবা বৈষ্ণৱে আক কৰে বুদ্ধি ভেদ।
ভালমতে শিশুক পঢ়ায়ো অৱিছেদ॥
শুনি ষণ্ডামৰ্কে প্ৰহাদক ঘৰে আনি।
হাসিয়া পুছন্ত বাপ কহ সত্যবাণী॥ ৩৩২॥
কোনে তোক হেন বিপৰ্য্যয় বুদ্ধি দিল।
কিবা তোৰ মনত আপুনি সম্পজিল॥
শুনিবাক ইছা কহ কুলেৰ নন্দন।
প্ৰহাদে কহিলা কৰি কৃষ্ণক বন্দন॥ ৩৩৩॥
ব্ৰহ্মা আদি কৰি যত দেৱতা পণ্ডিত।
যাহাৰ পন্থত হোন্ত মায়ায়ে মোহিত॥
যাৰ মায়া বিভৱৰ নাহি পৰিছেদ।
হেন হৰি কৰন্ত আহ্মাৰ বুদ্ধি ভেদ॥ ৩৩৪॥
চুম্বকৰ কাছে লোহা ভ্ৰমে যেন ঠানে।
ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু সন্নিধানে॥
এহি বুলি গুৰুক প্ৰহাদ মৌন ভৈল।
শুনি ষণ্ডামৰ্কে তাক গৰ্জিবাক লৈল॥ ৩৩৫॥
আন বেত কোবাই মাৰো অৰে দুৰাচাৰ।
মন্দবুদ্ধি আমাৰো অনাইলি খিলিঙ্কাৰ॥
উপজিলি তই দৈত্য কুলৰ কণ্টক।
ভৈলি বিষ্ণুপক্ষ ক্ষয় কৰিলি কুলক॥ ৩৩৬॥
এহিমতে অনেক উপায়ে দেখাই ভয়।
প্ৰহাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়॥
জানিলেক শাস্ত্ৰ গুৰু মনে হেন জানি।
দৈত্যেন্দ্ৰৰ আগে প্ৰহাদক দিল আনি॥ ৩৩৭॥
পিতৃৰ চৰণে পড়ি আছে মহামতি।
দুই হাতে তুলি আশ্বাসিলা দৈত্যপতি॥
কোলাত বৈসাই ঘনে ঘনে ঘ্ৰাণি শিৰ।
হাসি প্ৰহাদত কথা সোধে মহাবীৰ॥ ৩৩৮॥
কিবা সুশোভন পাঠ পঢ়ি আছা তাত।
গুৰুত শিখিলা কিবা কহিও আহ্মাত॥
শুনিয়া প্ৰহাদে পাছে কহন্ত সাদৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ৩৩৯॥
॥ দ্বাদশ কীৰ্ত্তন॥
ঘোষা॥ ও হৰি চৰণে লাগো শৰণ মাগো
গোপাল গোৱিন্দ।
ভৱসিন্ধু মাজে মজিলো মাধৱ
সুমৰি নাসয় নিন্দ॥ ২৮॥
পদ॥ শ্ৰৱণ কীৰ্ত্তন স্মৰণ বিষ্ণুৰ
অৰ্চন পদ সেৱন।
দাস্য সখিত্ব বন্দন বিষ্ণুত
কৰিব দেহা অৰ্পণ॥
নৱবিধ ভক্তি বিষ্ণুত আচৰৈ
সেহিসে পাঠ উত্তম।
হেন শুনি পাছে হিৰণ্যকশিপু
কোপে কাম্পে যেন যম॥ ৩৪০॥
গুৰুৰ পুত্ৰক চাহি দৈত্যপতি
পাৰিবে লাগিলা গালি।
শুনৰে অধম ব্ৰাহ্মণ শিশুক
এহিসে পাঠ শিখাইলি॥
ষণ্ডামৰ্কে বোলে আন নিশিকাওঁ
ইটো নপঢ়াওঁ আমি।
তোহ্মাৰ তনয় স্বভাৱে বোলয়
কোপ এড়া দৈত্যস্বামী॥ ৩৪১॥
শুনিয়া হিৰণ্য- কশিপু দুনাই
সোধয় কথা পুত্ৰত।
গুৰু নিশিখাইলে হেন বিমঙ্গল
বাণী বোল কেনমত।
প্ৰহাদে বোলন্ত শুনিয়োক তাত
বিষয়ীৰ নাহি গতি।
গুৰু উপদেশে আপুনাত হন্তে
নুপজৈ কৃষ্ণত ৰতি॥ ৩৪২॥
আপুনি বিষয়ী হুয়া যিটো নৰে
বিষয়ীক গুৰু মানৈ।
যেন অন্ধলাক অন্ধে উপদেশে
বিষ্ণুক গুৰু নজানৈ॥
বৈষ্ণৱক যাৱে নকৰৈ উপাসা
মোহে অন্ধ মূঢ়মতি।
শুনা পিতৃ তেৱে কৃষ্ণৰ চৰণ
নোছোৱৈ তাহাৰ মতি॥ ৩৪৩॥
হেন শুনি মহা- ক্ৰোধে দৈত্যৰাজ
জ্বলি গৈল অহঙ্কাৰী।
মাটিক লাগিয়া পুত্ৰক পেহ্লাইল
কোলাৰ পৰা আছাৰি॥
ৰাক্ষসগণক ক্ৰোধে আদেশয়
মাৰ পাপীষ্ঠক বেঢ়ি।
ভ্ৰাতৃবৈৰী বিষ্ণু তাকেসে সেৱয়
আহ্মাত সৌহৃদ্য এড়ি॥ ৩৪৪॥
প্ৰচণ্ড আদেশ শুনিয়া অশেষ
ৰাক্ষস উঠিল ৰাগি।
হাতে শূল ধৰি খেখট কৰিয়া
ধাইল প্ৰহাদক লাগি॥
কাট মাৰ বুলি বেঢ়িয়া সন্ধানে
দিলেক শূলৰ ঝাক।
বিষ্ণুক সুমৰি প্ৰহাদ কুমাৰে
কটাক্ষো নকৰে তাক॥ ৩৪৫॥
ভোটা হুইয়া শূল উফৰি পৰিল
দেখি আছে সৰ্ব্বজনে।
হেন অদভূত দেখি দৈত্যপতি
পৰম শঙ্কিত মনে॥
দিগ্গজগণক আদেশ কৰিল
দিগ্গজো ভিড়িল দান্তে।
জলত ডুবায়া পৰ্ব্বত উপৰে
পেলায়া কতোহো ঝাণ্টে॥ ৩৪৬॥
মহাসৰ্পগণে বেঢ়িয়া দংশয়
তাৰো দান্ত গৈল ভাগি।
পৰ্ব্বত শিখৰে তুলিয়া কতোহো
পেলাৱৈ মাটিক লাগি॥
গাত খানি কতো পোতে প্ৰহাদক
কৰাৱৈ বিষক পান।
হাতে গলে বান্ধি অগ্নিত পেলাৱৈ
তথাপি নচাড়ে প্ৰাণ॥ ৩৪৭॥
বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহাদে
আছন্ত নিৰ্ভয় ভাৱে।
দেখি দৈত্যপতি মনত চিন্তয়
শ্ৰুতি নাই তাৰ গাৱে॥
আছোক মৰিব ভয় নুপজয়
নেড়য় আহ্মাৰ পাশ।
ইহাৰ বিৰোধ জানিলো অৱশ্যে
মোহোৰ হৈব বিনাশ॥ ৩৪৮॥
দুৰন্ত চিন্তায়ে শ্ৰীহানি ভৈল
নমাইল মলিন মুখ।
পাছে ষণ্ডামৰ্কে বিৰলে বিনাৱৈ
দৈত্যেন্দ্ৰৰ দেখি দুঃখ॥
প্ৰহাদ চৰিত ৰচিল শঙ্কৰে
কৃষ্ণৰ কিঙ্কৰে এৱে।
বোলা হৰি হৰি সংসাৰক তৰি
বৈকুণ্ঠক যাইবা যেৱে॥ ৩৪৯॥
॥ ত্ৰয়োদশ কীৰ্ত্তন॥
ঘোষা॥
কেশৱ শিৱ শিৱ ঘুষিও সদায়।
ৰামনাম বিনে বান্ধৱ নাই॥ ২৯॥
পদ॥
কিসক দৈত্যেন্দ্ৰ আছা মনত বিকলে।
তিনিয়ো লোকক তুমি জিনিলা একলে॥
তযু কটাক্ষতে কাম্পৈ দিকপালগণ।
তোমাৰ চিন্তাৰ কিছু নেদেখো কাৰণ॥ ৩৫০॥
হেন জানি হুয়ো ৰাজা মনত সন্তোষ।
শিশু ছৱালৰ কিছু নধৰিবা দোষ॥
বৰুণৰ পাশে বান্ধি থৈয়ো কত কাল।
আপুনি বয়স হৈলে বুদ্ধি হৈবে ভাল॥ ৩৫১॥
এহি হৌক বুলি পাছে মাতে দৈত্যেশ্বৰ।
শিখায়োক আক ৰাজনীতি নিৰন্তৰ॥
হেন শুনি গুৰুপুত্ৰে আনি প্ৰহাদক।
মহাযত্নে পঢ়াইলন্ত দৈত্যৰ শাস্ত্ৰক॥ ৩৫২॥
তাক ভাল নমানয় প্ৰহাদৰ মনে।
কৰিলা নিবিড় চিত্ত কৃষ্ণৰ চৰণে॥
পঢ়াই শুনাই গুৰু যেৱে গৃহকামে যান্ত।
দৈত্যশিশুসৱক মাতিয়া শিখাৱন্ত॥ ৩৫৩॥
দৈত্যশিশুসৱো পাছে আন ক্ৰীড়া এড়ি।
প্ৰহাদক গৌৰৱ কৰিয়া বসৈ বেঢ়ি॥
দয়ায়ে প্ৰহাদে দেন্ত হিত-উপদেশ।
শুনিয়োক বাণী দৈত্য দানৱ নিঃশেষ॥ ৩৫৪॥
অসাৰ সংসাৰ নাই ইহাত বিশ্বাস।
জানি হৰি ভকতিক কৰিও অভ্যাস॥
মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত।
অৰ্দ্ধেক বিফলে যাই জানিবা নিদ্ৰাত॥ ৩৩৫॥
বিংশতি বৰিষ আৰ যায় ওমলন্তে।
নেয় দশ বৰিষ ধনক উপাৰ্জ্জন্তে॥
বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি।
একো কাৰ্য্য সাধিবাক নাহিকে শকতি॥ ৩৫৬॥
শৰীৰকো পীড়ৈ ব্যাধি চক্ষুয়ে নাকলে।
আশা পাশে বান্ধিয়া গৃহত থাকি গলে॥
হেন জানি শিশুসৱ এড়া আন কৰ্ম।
ধৰিয়ো৩৪ কুমাৰ কালে ভাগৱত ধৰ্ম্ম॥ ৩৫৭॥
দুৰ্ল্লভ মনুষ্য জন্ম নকৰা বিফল।
চিন্তা মনে মাধৱৰ চৰণ কমল॥
হৰিসে সৱাৰো আত্মা বান্ধৱ ঈশ্বৰ।
মায়াময় ইটো পুত্ৰ ভাৰ্য্যা কলেৱৰ॥ ৩৫৮॥
আৰ অৰ্থে ব্যৰ্থে কেনে কৰা আয়ুপাত।
সৱাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত॥
হেন জানি অসুৰ স্বভাৱ সৱে এড়ি।
সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি॥ ৩৫৯॥
তেৱেসে অল্পতে তুষ্ট হৈব নাৰায়ণে।
কোননো দুৰ্ল্লভ আছে হৰি সুপ্ৰসন্নে॥
হেন জানি বিষয়ত হুয়োক বিমুখ।
পশু শৰীৰতো পায় বিষয়ৰ সুখ॥ ৩৬০॥
বাল্যক্ৰীড়া এড়ি কৰা মাধৱক ধ্যান।
নাৰদৰ মুখত শুনিলো ইটো জ্ঞান॥
স্বৰূপ কহিলো নাহি ইহাত সংশয়।
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়॥ ৩৬১॥
॥ চতুৰ্দশ কীৰ্ত্তন॥
ঘোষা॥
নমো মধু মুৰ মথন ৰাম॥
সংসাৰ তাপ কৰা উপশাম॥ ৩০॥
পদ॥
শুনিয়া পাছে দৈত্য শিশুজাক।
প্ৰহাদক হেন বুলিলা বাক॥
অন্তেষপুৰে থাকি মহাভাগ।
কিমতে পাইলা নাৰদক লাগ॥ ৩৬২॥
কহিলা কেনে ঋষি তত্ত্বভেদ।
কৰিয়ো আহ্মাৰ সংশয় ছেদ॥
বুলিলা প্ৰহাদে হেন বচন।
শুনা পূৰ্ব্ব কথা বালকগণ॥ ৩৬৩॥
যৈসানি পিতৃ তপস্যাক গৈল।
দেখি দেৱগণ সংশয় ভৈল॥
জানিল পিতৃক খাইলেক উঁই।
নগৰ বেঢ়িয়া লগাইল জুই॥ ৩৬৪॥
দানৱগণ ভয় ভৈল বৰ।
পুত্ৰভাৰ্য্যা এড়ি দিলা লৱড়॥
মিলিল দৈত্যৰ আপদ ঘোড়।
ইন্দ্ৰে ধৰি নিলে মাতৃক মোৰ॥ ৩৬৫॥
আপুন স্থানক নেন্ত আজুৰি।
কান্দন্ত সতী মুখে বস্ত্ৰ জুৰি॥
কৰৈ আৰ্ত্তৰাৱ ৰাজমহিষী।
দেখিয়া বুলিলা নাৰদ ঋষি॥ ৩৬৬॥
ইহাঙ্ক এড়া এড়া সুৰপতি।
একে পৰস্ত্ৰী আৰো মহাসতী॥
মাতিল ইন্দ্ৰে নাৰদক পাছে।
এইৰ উদৰে শিশু এক আছে॥ ৩৬৭॥
তাক মাৰি দিবো এইক মেলানি।
শুনিয়া নাৰদে বুলিলা বাণী॥
নিষ্পাপ পুৰুষ আছে গৰ্ভত।
সাক্ষাতে ইটো মহাভাগৱত॥ ৩৬৮॥
তোহ্মাৰ মাৰিবে নাহি শকতি।
এড়িল হেন শুনি সুৰপতি॥
মাতৃক পাছে প্ৰদক্ষিণ কৰি।
স্বৰ্গক গৈলন্ত মোক সাদৰি॥ ৩৬৯॥
মাতৃক ঋষি আশ্ৰমত থৈলা।
আশ্বাস কৰিয়া বুলিবে লৈলা॥
যাৱদেকে নাসৈ তোহ্মাৰ স্বামী।
নিৰ্ভয়ে থাকিয়ো পালিবো আমি॥ ৩৭০॥
শুনিয়া মাৱে ভয় পৰিহৰি।
থাকিল ঋষিক শুশ্ৰূষা কৰি॥
দয়ালু নাৰদ পিতৃ সমান।
মাতৃক দিলন্ত পৰম জ্ঞান॥ ৩৭১॥
ভক্তিৰ লক্ষণ সৱে কহিল।
গৰ্ভতে মোক উপদেশ দিল॥
মাতৃ পাসৰিলে লভিয়া স্বামী।
ঋষিৰ প্ৰসাদে সুমৰো আমি॥ ৩৭২॥
কহিলো তোহ্মাত সৱে স্বৰূপ।
জানি হিয়ে চিন্তা কৃষ্ণৰ ৰূপ॥
আতপৰে ধৰ্ম্ম লোকত নাই।
কেতিক্ষণে পড়ে ক্ষণিক কায়॥ ৩৭৩॥
এড়িয়ো আত অহম্মম ভাৱ।
দৃঢ় কৰি ধৰা কৃষ্ণৰ পাৱ॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
হৰি হৰি বোলা সমস্ত নৰে॥ ৩৭৪॥
॥ পঞ্চদশ কীৰ্ত্তন॥
ঘোষা॥
দুৰাচাৰ মন মোৰ ৰাম হৰি বোল॥
ৰাম হৰি বোল মন ৰাম হৰি বোল॥ ৩১॥
পদ॥
কৃষ্ণৰ চৰণে হৈৱে যিমতে ভকতি।
শুনা সাৱধানে তাক স্থিৰ কৰি মতি॥
বিষ্ণুভকতৰ সঙ্গ লৈব প্ৰথমতে।
গুৰু মানি শুশ্ৰূষা কৰিব ভালমতে॥ ৩৭৫॥
লৈয়া উপদেশ মাধৱক আৰাধিব।
যতেক সুকৃতি মানে কৃষ্ণতে অৰ্পিব॥
কৃষ্ণকথা শ্ৰৱণত শুদ্ধ হৈব মন।
সৰ্ব্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন॥ ৩৭৬॥
কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ঈশ্বৰ হৰি সমস্ত ভূতত।
হেনজানি প্ৰাণীক কৰিবা সতকাৰ।
তেৱেসে কৃষ্ণক ৰতি হৈবেক তোহ্মাৰ॥ ৩৭৭॥
হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস।
আপুনি লৈবন্ত হৰি হৃদয়ত বাস॥
আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়।
তাঙ্ক এড়ি সামান্যক সেৱে দুৰাশয়॥ ৩৭৮॥
ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ।
সমস্তে অবস্তু অণুমাত্ৰো নুহি সাৰ॥
হেন অনুমানি মাধৱত কৰা ৰতি।
ইহ পৰলোকে কৃষ্ণচৰণেসে গতি॥ ৩৭৯॥
নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে।
নলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে।
তপ জপ যজ্ঞ দান সৱে বিড়ম্বন।
কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ॥ ৩৮০॥
যক্ষ ৰক্ষ স্ত্ৰী শূদ্ৰ যত ব্ৰজবাসী।
পক্ষী মৃগো বিষ্ণু ভৈল কৃষ্ণক উপাসি॥
জানি দৈত্যশিশুসৱ হুয়ো একমতি।
হৰিত কৰিও সৱে একান্ত ভকতি॥ ৩৮১॥
এহিমাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ।
শ্ৰৱণ কীৰ্ত্তন কৰিবেক নিৰন্তৰ॥
সমস্ত ভূততে দেখিবেক নাৰায়ণ।
আতপৰে আন ধৰ্ম্ম সৱে বিড়ম্বন॥ ৩৮২॥
হেন শুনি নিৰন্তৰে দৈত্যশিশুগণ।
প্ৰহাদৰ উপদেশে ভেদিলেক মন॥
গুৰুৰ শিক্ষাত আউৰ কেহো নেদে মতি।
ভাগৱত ধৰ্ম্মত সৱাৰ ভৈল ৰতি॥ ৩৮৩॥
শুনৈ কৃষ্ণকথাক মনত চিন্তৈ হৰি।
ৰামনাম গাৱৈ বাৱৈ বজাৱৈ চাপৰি॥
দেখি ক্ৰোধে ষণ্ডামৰ্কে দণ্ডি কৰৈ আনি।
তথাপি আটাস পাৰি বোলে ৰামবাণী॥ ৩৮৪॥
অদ্ভূত দেখিয়া দুয়ো গুৰু গৈলা ডৰি।
দিলেক লৱড় প্ৰহাদৰ হাতে ধৰি॥
ৰাজাত বিনাৱেতযু পুত্ৰ ভৈল নষ্ট।
আনো সৱ শিশুক কৰিলে সৱে ভ্ৰষ্ট॥ ৩৮৫॥
নপঢ়য় শাস্ত্ৰ আৰো প্ৰভু একো ছাত্ৰ।
মাৰণকো নগণয় ৰাম বোলে মাত্ৰ॥
আমাক দণ্ডিবা পাছে দিলো আসি জান।
বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ॥ ৩৮৬॥
॥ ষোড়শ কীৰ্ত্তন॥
ঘোষা॥
ৰামপদে ভজ ভাই।
ঘুষিয়ো হৰি সদায়॥ ৩২॥
পদ॥
হিৰণ্যকশিপু শুনিয়া হেন।
ক্ৰোধত আতি কাম্পে যম যেন॥
ঝঙ্কাৰে মাথা কৰি আতি দৰ্প।
লাঠি পাই যেন ফোঙ্কাৰে সৰ্প॥ ৩৮৭॥
প্ৰহাদ আছে অৱনত কায়।
কৃতাঞ্জলি কৰি পিতৃক চাই॥
অসুৰে গৰ্জ্জয় কটাক্ষে চাই।
খাইবো আজি তোৰ মুণ্ড পুতাই॥ ৩৮৮॥
শুন ৰে অধম নগণ মোক।
দেখাইবো আজি যমপুৰ তোক॥
ত্ৰিদশে কাম্পে দেখি মোৰ খঙ্গ।
কৰস কেনে তঞি আজ্ঞা ভঙ্গ॥ ৩৮৯॥
শুনিয়া প্ৰহাদে বুলিলা বাণী।
সৱাতো বৰ প্ৰভু চক্ৰপাণি॥
আছোক তুমি আমি কোনজন।
ব্ৰহ্মা হৰে সেৱে যাৰ চৰণ॥ ৩৯০॥
তেহেন্তে পৰম ঈশ্বৰ দেৱ।
বিষ্ণুত পৰে আন নাহি কেৱ॥
আপুন মায়াৰ বলে অনন্তে।
স্ৰজন্ত পালন্ত সংহৰে অন্তে॥ ৩৯১॥
জানি পিতৃ এড়া অসুৰ কাম।
আপুন মন কৰা উপশাম॥
শত্ৰু মিত্ৰ সৱ কৰিও সম।
এহিসে কৃষ্ণৰ ভক্তি উত্তম॥ ৩৯২॥
নিজিনি শৰীৰৰ শত্ৰুচয়॥
জিনিলো দশোদিশ হেন কয়॥
জানিয়া পিতৃ এড়া অহঙ্কাৰ।
ভজিয়ো হৰিক কহিলো সাৰ॥ ৩৯৩॥
শুনিয়া হিৰণ্যে বোলে বচন।
জানিলো তোৰ মৰিবাক মন॥
মোক বিকৰ্থস অৰে বৰ্ব্বৰ।
মোত পৰে আছৈ কোন ঈশ্বৰ॥ ৩৯৪॥
পেলাইবো কাটি তোক খাণ্ডা ধৰি।
দেখো কেনমতে ৰাখন্ত হৰি॥
হৰিসে যদি জগতৰ ঈশ।
কৈত আছে তাৰ কহ উদ্দিশ॥ ৩৯৫॥
শুনিয়া প্ৰহাদে বোলয় বাণী।
ব্যাপক বিভু প্ৰভু চক্ৰপাণি॥
সৱাতো আছন্ত জগত স্বামী।
স্ফটিকৰ স্তম্ভে দেখোহো আমি॥ ৩৯৬॥
শুনি দৈত্যপতি দান্ত কামুৰি।
ডাৱৰ খড়গকলৈলা আঞ্জৰি॥
আসনৰ হন্তে আটোপে উঠি।
ভাঙ্গিলা স্তম্ভক হানিয়া মুঠি॥ ৩৯৭॥
স্তম্ভৰ ভিতৰে শুনিল নাদ।
প্ৰলয় মেঘৰ যেন শবদ৩৭॥
ফুটিল কটাহ ভৈল বিস্ময়।
ত্ৰিদশে বোলন্ত মিলে প্ৰলয়॥ ৩৯৮॥
যত বড়া দৈত্য আছে চৌপাশে।
কাম্পৈ পৃথিৱীত পৰিয়া ত্ৰাসে॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥ ৩৯৯॥
॥ সপ্তদশ কীৰ্ত্তন॥
ঘোষা॥
ও হৰি নৰহৰি হৰিয়ো কুমতি।
অন্তকালে হৰিচৰণেসে গতি॥ ৩৩॥
পদ॥
শুনি দৈত্যেন্দ্ৰৰ অন্তৰীক্ষ ভৈল ধাতু।
কোনে দিলে আটাস নেদেখি তাৰ হেতু॥
সত্য কৰিবাক লাগি নিজ ভৃত্যবাণী।
তম্ভতে বেকত ভৈলা প্ৰভু চক্ৰপাণি॥ ৪০০॥
অদ্ভত দেখিয়া দৈত্যপতি ভৈল চুপ।
নুহি সিংহ নুহি ইটো মনুষ্যৰ ৰূপ॥
ঘোৰ মূৰ্ত্তি ধৰি নৰসিংহ ভৈলা বাজ।
মহাত্ৰাসে কাম্পৈ দেখি দানৱ সমাজ॥ ৪০১॥
তপ্ত সুৱৰ্ণৰ সম জ্বলে চক্ষু দুই।
পৰ্ব্বত সমান কায় আছে স্বৰ্গ ছুই॥
শৰীৰৰ ৰোম চন্দ্ৰসম শুক্লবৰ্ণ।
তুলি আছে উৰ্দ্ধক তৱধ দুই কৰ্ণ॥ ৪০২॥
বাইলা মুখ যেন গিৰি গহ্বৰ পৰায়।
প্ৰচণ্ড বতাস যেন নিশ্বাস বঝায়॥
প্ৰকাশয় কেশ শিৰে ৰবিৰ কিৰণ।
ভ্ৰূকুটি কুটিল মুখ বিকট দশন॥ ৪০৩॥
লহ লহ কৰৈ জিহ্বা যেন ক্ষুৰ ধাৰ।
জ্বলে বাহু শত তীক্ষ্ণ নখে চমৎকাৰ॥
বহল হৃদয় দীৰ্ঘ গ্ৰীৱা কৃশ কটি।
জিহ্বা মেলি আছা দুই দশন প্ৰকটি॥ ৪০৪॥
হেন দেখি দৈত্যেন্দ্ৰ মনত গুণৈ ডৰি।
আহ্মাক বধিবে বিষ্ণু আইলা মায়া কৰি॥
মনে বিমৰিষি পাছে গদাক উচাই।
দানৱ মাতঙ্গ গৈল নৃসিংহক ধাই॥ ৪০৫॥
নেদেখয় দৈত্যেন্দ্ৰক নৃসিংহৰ পাশে।
লুকায় পতঙ্গ যেন অগনিত ঝাসে॥
ছিদ্ৰ চাই পাক ফুৰৈ দৈত্য দুৰাচাৰ।
নৃসিংহক দিল ঘোৰ গদাৰ প্ৰহাৰ॥ ৪০৬॥
এড়াইলন্ত নৰসিংহ কাতি কৰি কায়।
পাঞ্জৰত ফুৰৈ দৈত্য পতঙ্গ পৰায়॥
গদায়ে সহিতে ধৰিলন্ত দিয়া চাম্প।
গৰুড়ৰ হাতত বাজিল যেন সৰ্প॥ ৪০৭॥
এড়াইল হাতৰ দৈত্য আৰিমুৰি কৰি।
লীলায়ে এড়িলা তাক আপুনি নৃহৰি॥
দেখি দেৱগণে আতি কৰৈ হৃদি খেদ।
হৰি হৰি নভৈল দুঃখৰ পৰিছেদ॥ ৪০৮॥
দৈত্যেশ্বৰে বোলে বল কটালিলো আৰ।
কৈক যাইবি নৰসিংহ কৰিবো দোহাৰ॥
এহি বুলি খাণ্ডা বাৰু ধৰি সেহি ছেগে।
শ্ৰম কৰি পক্ষী যেন ধাইল মহাবেগে॥ ৪০৯॥
ঘোৰ নাদ তেজি অধো উৰ্দ্ধে ফুৰৈ পাক।
বাৰুতে লুকায় কায় নাকলিয় তাক॥
প্ৰহাৰিৱে লাগি ছিদ্ৰ চাহে মহাসুৰ।
বোলা হৰি হৰি পাপ হৌক মষিমূৰ॥ ৪১০॥
॥ অষ্টাদশ কীৰ্ত্তন॥
ঘোষা॥
হৰি ৰাম মুকুন্দ মুৰাৰি মোৰ গতি।
কৃষ্ণ কৃপা কৰা প্ৰভু ৰঘুপতি॥ ৩৪॥
পদ॥
দানৱ ফুৰন্তে যেৱে আছে।
দেখি খঙ্গে নৰসিংহে পাছে॥
কম্পাই শিৰ কেশৰ উল্লাসি।
তুলিলা আটাস ঘোৰ হাসি॥ ৪১১॥
স্বৰ্গকো ভেদিল ঘোৰ ৰিঙ্গে।
বেগে চাম্প দিলা নৰসিংহে॥
আলগতে দৈত্যক ধৰিল।
নাহি মাত চেতন হৰিল॥ ৪১২॥
সৰ্পে যেন ধৰিল ইন্দুৰ।
নিশৱদ দানৱ দ্বন্দুৰ॥
সাধিবাক লাগি দেৱকাজ।
দ্বাৰৰ কৰিলা তাক বাজ॥ ৪১৩॥
চিত কৰি উৰুত থাপিলা।
নখে তাৰ হিয়া বিদাৰিলা॥
যেহেন সৰ্পক পাৱে ভিৰি।
গৰুড়ে পেহ্লাইলা ঠোঁটে ছিৰি॥ ৪১৪॥
চক্ষু পকাই দৈত্য অন্তকাৰী।
চেলেকন্ত জিহ্বায়ে কৱাৰি॥
ৰুধিৰে দিগিধি দেহা হুই।
শিৰত মেঢ়াইলা আন্ত দুই॥ ৪১৫॥
দেখি দৈত্যকটক কিটাইল।
অস্ত্ৰ শস্ত্ৰ ধৰি ক্ৰোধে ধাইল॥
নৃসিংহে পেহ্লাইলা দৈত্যেন্দ্ৰক।
গৈলা খেদি দানৱগণক॥ ৪১৬॥
কাকো নখে কৰি দুই ছিৰ।
টোকৰে ছিণ্ডিলা কাৰো শিৰ॥
কাকো গোড়ে মাৰি ঘৰাকতি।
সংহৰিল দানৱ পদাতি॥ ৪১৭॥
দৈত্য জিনি তেজিলা আটাস।
পলায় দিগ্গজ হুয়া ত্ৰাস॥
ঝঙ্কাৰন্তে শিৰৰ কেশৰ।
উড়ায় সৱে বিমান স্বৰ্গৰ॥ ৪১৮॥
খলকৈ সাগৰ শ্বাস লাগি।
বেগত পৰ্ব্বত পৰৈ ভাগি॥
নৃসিংহৰ চৰণৰ গতি।
টলমল কৰে বসুমতী॥ ৪১৯॥
চক্ষুৰ ৰশ্মিত ভৈল ছন্ন।
নিষ্প্ৰভ সমস্তে গ্ৰহগণ॥
দৈত্যেন্দ্ৰৰ দিব্য সিংহাসনে।
বসিল নৃসিংহ কোপ মনে॥ ৪২০॥
খুজি আৰ নপান্ত যুজাৰ।
ক্ৰোধে মুখ দেখি অন্ধকাৰ॥
দেখি ত্ৰিজগতে ভৈল ভয়।
আজি যোনো মিলয় প্ৰলয়॥ ৪২১॥
শুনি পাছে দৈত্যৰ নিৰ্য্যাণ।
ৰঙ্গে আইল দেৱৰ বিমান॥
জোঙ্কাৰন্ত আকাশক ছানি।
কৰৈ দেৱে দুন্দুভিৰ ধ্বনি॥ ৪২২॥
দেৱৰ সুন্দৰীগণ আসি।
পুষ্প বৰিষন্ত হাসি হাসি॥
প্ৰধান গন্ধৰ্ব্বে গীত গাৱে।
বিদ্যাধৰে মৃদঙ্গ বজাৱে॥ ৪২৩॥
অপেস্বৰাগণে কৰৈ নৃত্য।
ভৈলন্ত ত্ৰিদশ কৃতকৃত্য॥
কহে কৃষ্ণ কিঙ্কৰ শঙ্কৰে।
বোলা হৰি হৰি সৱ নৰে॥ ৪২৪॥
॥ ঊনৱিংশ কীৰ্ত্তন॥
ঘোষা॥
হৰি মাধৱ মধুৰিপু মুৰাৰি ৰাম।
কৃষ্ণৰ চৰণে কৰো পড়িয়া প্ৰণাম॥ ৩৫॥
পদ॥
অনন্তৰে শিৰত ধৰিয়া কৃতাঞ্জলি।
ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণ আইলা চলি॥
বৈকুণ্ঠৰ পৰা পাৰিষদগণ আসি।
থাকি গৈলা নৃসিংহৰ চৌপাশে উপাসি॥ ৪২৫॥
পৃথকে পৃথকে তুতি কৰিবাক লৈলা।
প্ৰথমতে ব্ৰহ্মা কৰযোড়ে আগ ভৈলা॥
প্ৰণামো অনন্ত তুমি দুৰন্ত শকতি।
লীলায়ে সংহৰি প্ৰভু কৰা সৃষ্টি স্থিতি॥ ৪২৬॥
কেমনে জানিবো তযু বীৰ্য্য পৰাক্ৰম।
এহিবুলি ব্ৰহ্মাদেৱ পড়িল নিজম॥
অনন্তৰে শঙ্কৰে বলিলা তুতি বাণী।
মাৰিলা অসুৰ ইটো আতি অল্প প্ৰাণী॥ ৪২৭॥
তোহ্মাৰ কোপত হোৱে জগতে প্ৰলয়।
ভক্ত প্ৰহাদক প্ৰভু পালিবে লাগয়।
এহিবুলি মহাদেৱ থাকিলা নিচুকি।
আগবাঢ়ি ইন্দ্ৰে তুতি কৰিলা উৎসুকি॥ ৪২৮॥
দৈত্যে আক্ৰমিলে প্ৰভু আমাৰ হৃদয়।
সপনে সচিতেআমি দেখো দৈত্যময়॥
দানৱক মাৰি আৱে গুচাইলা দুৰ্গতি।
কোননো নসাধে প্ৰভু তোহ্মাৰ ভকতি॥ ৪২৯॥
ঋষিগণে বোলৈ নমি ভৈল মহাৰঙ্গ।
কৰিলেক পাতকী আহ্মাৰ তপভঙ্গ॥
তাক বধি সাধিলা আহ্মাৰ মনোৰথ।
থাপিলা দুনাই জগন্নাথ ধৰ্ম্মপথ॥ ৪৩০॥
পিতৃগণে বোলৈ নমি নৃসিংহক বাক।
পুত্ৰগণে দেয় শ্ৰাদ্ধ যতেক আহ্মাক॥
দৈত্যেন্দ্ৰ আপুনি ভূঞ্জৈ সৱে কাঢ়ি নিয়া।
কিনো ৰঙ্গ ভৈল তাৰ বিদাৰিলা হিয়া॥ ৪৩১॥
নাগগণে বোলৈ নৃসিংহক আগবাঢ়ি।
ভাল ভাল স্ত্ৰীক মানে আনিলন্ত কাঢ়ি॥
সাধিলা আনন্দ তাৰ হৃদয় বিদাৰি।
প্ৰণামো অনন্ত ভকতৰ ভয়হাৰী॥ ৪৩২॥
বৈতালিকগণে বোলে শুনিয়ো গোসাঁই।
দেৱৰ সভাত ফুৰো তযু গুণ গাই॥
তাকো নিষেধিল দুষ্ট দানৱ দুৰ্ব্বাৰ।
তাক মাৰি ব্যাধি যেন গুচাইলা আহ্মাৰ॥ ৪৩৩॥
পাৰিষদগণে বোলৈ চৰণে নমিলো।
তোহ্মাৰ নৃসিংহ ৰূপ আজিসে দেখিলো॥
তযু ভৃত্য ইটো দৈত্য ভৈল শাপ পায়া।
নমাৰিলা প্ৰভু আক কৰিলাহা দায়া॥ ৪৩৪॥
এহিমতে আনো দেৱে কৰিলন্ত তুতি।
যুধিষ্ঠিৰ ৰাজাত নাৰদ নিগদতি॥
তথাপি নুগুছে নৃসিংহৰ মহাক্ৰোধ।
দেখি দেৱগণে দেন্ত লক্ষ্মীক প্ৰবোধ॥ ৪৩৫॥
স্বামীৰ গুছায়ো কোপ জগতৰ মাৱ।
শুনি লক্ষ্মীদেৱী উঠি চালিলন্ত গাৱ॥
নৃসিংহৰ মহা ভয়ঙ্কৰ ৰূপ দেখি।
ডৰে উলটিলা দেৱী মুদি দুয়ো আখি॥ ৪৩৬॥
পাছে প্ৰহাদক ব্ৰহ্মা লগাইলেক মাত।
নৃসিংহৰ কোপ বাপ কৰা উপশান্ত।
পৰম ভকত তঞি হিৰণ্য তনয়।
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়॥ ৪৩৭॥
॥ বিংশ কীৰ্ত্তন॥
ঘোষা॥ ও হৰি ৰাম নাৰায়ণ যাদৱানন্দ
দূৰ কৰা মোৰ মায়া।
বিষয় ব্যাধিৰ ঔষধ মাগো
ভকতি অমিয়া॥ ৩৬॥
পদ॥ ব্ৰহ্মাৰ বচন সাদৰি প্ৰহাদে
ধীৰে ধীৰে গৈলা চলি।
ভূমিত পড়িয়া বিষ্ণুক নমিয়া
শিৰে ধৰি কৃতাঞ্জলি॥
পাৱত পড়িয়া আছয় প্ৰহাদ
দেখি নৰসিংহে হাসি।
স্নেহত স্ৰৱয় নয়নৰ নীৰ
তুলিলা হাতে উল্লাসি॥ ৪৩৮॥
হস্তপদ্মে তাৰ পৰশিলা শিৰ
পৰম নিৰ্ভয় দিয়া।
দেখি প্ৰহাদৰ তনু ৰোমাঞ্চিত
আনন্দে দ্ৰৱিল হিয়া॥
হৰিষে লোতক ঝৰে প্ৰহাদৰ
চৰণ চিন্তিয়া আছে।
যুড়ি দুয়ো হাত গদগদ মাত
তুতি কৰিলন্ত পাছে॥ ৪৩৯॥
ব্ৰহ্মা সিদ্ধ মুনি আদিও নজানে
পূজিৱে তোহ্মাৰ পাৱ।
কিবা তুতি নতি কৰিবোহো আমি
অসুৰ ত্ৰূৰ স্বভাৱ॥
ধন জন তপ প্ৰভাৱে তোহ্মাক
আৰাধিবে শক্য নাই।
গজেন্দ্ৰে কেৱলে ভকতি কৰিল
পৰম আপদ পাই॥ ৪৪০॥
যিটো চণ্ডালৰ কায় বাক্য মনে
সদায়ে সুমৰে হৰি।
আছে বাহব্ৰত যিটো ব্ৰাহ্মণৰ
সি সি শ্ৰেষ্ঠ আত কৰি॥
সি সি মহাগৰ্ব্বী বিপ্ৰে আপোনাক
পৱিত্ৰ কৰিবে নাৰে।
ভকত চাণ্ডালে আপোনাকো তাৰে
সমস্ত কুল উদ্ধাৰে॥ ৪৪১॥
তুমি জগজীৱ তোমাক পূজিলে
মিলৈ আপোনাত যাই।
যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখে
দেখয় দৰ্পণ চাই॥
হেন জানি মঞি মতি অনুসাৰে
ভজিলো তোহ্মাৰ পাৱ।
ব্ৰহ্মা আদি দেৱ- গণ ডৰে মৰৈ
এড়িয়ো ত্ৰূদ্ধ স্বভাৱ॥ ৪৪২॥
ভয়ঙ্কৰ কোপ দেখিয়া তোহ্মাৰ
প্ৰভু মোৰ ভয় নাই।
সংসাৰ চক্ৰৰ নিকাৰ দেখন্তে
সদায় ধাতু উড়ায়॥
তোহ্মাৰ চৰণ ছত্ৰৰ ছায়াক
কৈসানিনো দিবা মোক।
কহিয়ো উপায় কিমতে এড়াঞো
নিদাৰুণ দুঃখ শোক॥ ৪৪৩॥
তযু হস্তপদ্ম শিৰে দিলা মোৰ
কি ভৈল মহা আহ্লাদ।
ব্ৰহ্মা হৰ লক্ষ্মী- দেৱী নতু পান্ত
তেসম্বে হেন প্ৰসাদ॥
সমস্ত ভূতৰে তুমিসি আতমা
হৃদয় পৰম গুৰু।
তথাপি সেৱাৰ অনুসাৰে কৃপা
কৰা যেন কল্পতৰু॥ ৪৪৪॥
কিমতে ভকতি কৰো পঞ্চেন্দ্ৰিয়ে
পঞ্চদিকে লাগি ধৰে।
যেন গৃহস্থক অনেক সপত্নী
সকলে আকুল কৰে॥
ভৱ বৈতৰণী মাজে মজিলোহো
নেড়ে মোক শোক ভয়।
তোহ্মাৰ চৰণে শৰণ পশিলো
কৃপা কৰা কৃপাময়॥ ৪৪৫॥
আৰো বহু বিধ স্তুতি কৰি আগে
প্ৰহাদ পড়িয়া আছে।
ভৈলন্ত প্ৰসন্ন ক্ৰোধ ভাৱ এড়ি
হৰি হাসিলন্ত পাছে॥
প্ৰহাদক চাই আনন্দে বোলন্ত
তিনিও লোকৰ স্বামী।
বোলা হৰি হৰি সংসাৰক তৰি
হুয়োক বৈকুণ্ঠগামী॥ ৪৪৬॥
॥ একবিংশ কীৰ্ত্তন॥
ঘোষা॥
স্বামী ৰাম নেৰো আৰ চৰণ তোহ্মাৰ।
দূৰ কৰা সংসাৰ নিকাৰ॥ ৩৭॥
পদ॥
বোলন্ত প্ৰহাদ উঠ উঠ।
তোৰ ভক্তিত ভৈলো মঞি তুষ্ট॥
লৈয়ো বৰ তোৰ যেন মন।
বৃথা নোহে মোৰ দৰিশন॥ ৪৪৭॥
মোক দেখিলেক যিটোজন।
নাহি তাৰ পুনৰাগমন॥
ভকতৰ পূৰো মনোৰথ।
দেঞো কাম মোক্ষ ধৰ্ম্ম অৰ্থ॥ ৪৪৮॥
এহি বুলি প্ৰলোভন্ত বৰ।
নবাঞ্ছন্ত প্ৰহাদ কুমাৰ॥
ভক্তিসে পৰম লাভ জানি।
বিষ্ণুক বোলন্ত হাসি বাণী॥ ৪৪৯॥
জানো প্ৰভু পৰীক্ষা আহ্মাক।
সিহেতু বুলিলা হেন বাক॥
বাঞ্ছৈ ফল কৰি তযু কৃত্য।
সিটো বাণিজাৰু নোহো ভৃত্য॥ ৪৫০॥
তোহ্মাৰ অকাম ভৃত্য আমি।
তুমিও নিষ্কাম মোৰ স্বামী॥
নাহি কাম আহ্মাৰ অন্যথা।
নুহি ৰাজসেৱকৰ যথা॥ ৪৫১॥
শুনি নৰসিংহে হাসিলন্ত।
জানো তঞি ভকত একান্ত॥
তথাপিতো ইটো মন্বন্তৰ।
হুয়া থাক দৈত্যৰ ঈশ্বৰ॥ ৪৫২॥
সদায়ে শুনিবি মোৰ কথা।
মোৰ ৰূপ চিন্তিবি সৰ্ব্বথা॥
কীৰ্ত্তনে পলাইবে পাপচয়।
ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়॥ ৪৫৩॥
তোৰ যশ ব্যাপিব জগতে।
ৰাত্ৰি দিনে মোক সুমৰন্তে॥
সৱে কৰ্ম্মবন্ধ হৈব ক্ষীণ।
অন্তকালে মোত যাইবি লীন॥ ৪৫৪॥
তোৰ মোৰ কথা যিটো নৰে।
তোক মোক সময়ত স্মৰে॥
সিও জনে মোক পাইবে আসি।
প্ৰহাদে মাতন্ত পাছে হাসি॥ ৪৫৫॥
তযু পাৱে মাগো এক বৰ।
তুমি প্ৰভু জগত ঈশ্বৰ॥
তোহ্মাক নিন্দিলে পিতৃ মোৰ।
সিজিল পাতক মহাঘোৰ॥ ৪৫৬॥
তাত হন্তে পিতৃ নিস্তৰোক।
এতেক প্ৰসাদ দিয়ো মোক॥
তুমি দীন দয়াশীল দেৱ।
তোহ্মাৰ চৰণে কৰো সেৱ॥ ৪৫৭॥
কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।
নেড়িবা কীৰ্ত্তন একো নৰে॥
আজি কালি মিলিবে মৰণ।
হৰি হৰি বোলা সৰ্ব্বজন॥ ৪৫৮॥
॥ দ্বাবিংশ কীৰ্ত্তন॥
ঘোষা॥
ও হৰি নমো দামোদৰ যাদৱানন্দ
দুঃখ নিৱেদিবো কত।
নভৈল ভকতি ইটো মনুষ্য জন্মত॥ ৩৮॥
পদ॥
নৃসিংহে বোলন্ত হাসি শুনিয়ো প্ৰহাদ।
দিবাক নলাগে তোক ইসৱ প্ৰসাদ॥
পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ।
একৈশ পুৰুষ তাৰ কৰিলি নিস্তাৰ॥ ৪৫৯॥
যৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ।
কীট পতঙ্গকো তথা কৰয় পৱিত্ৰ॥
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
আমাত অৰ্পণা কৰে আপুনাৰ দেহা॥ ৪৬০॥
ভকততে শ্ৰেষ্ঠ তই পাইলি বাঞ্ছা সিদ্ধি।
কৰিয়ো পিতৃৰ প্ৰেতকাৰ্য্য যেন বিধি॥
মোতে চিত্ত দিয়া কাৰ্য্য কৰিও সন্তোষে।
তেৱে কি কৰিবে আৰ সংসাৰৰ দোষে॥ ৪৬১॥
নৃসিংহৰ আদেশে প্ৰহাদ দৈত্যৰাজ।
কৰিলন্ত পিতৃৰ যতেক প্ৰেতকাজ॥
ব্ৰহ্মায়ে দেখন্ত পাছে নৃসিংহ প্ৰসন্ন।
ত্ৰিদশে সহিতে উঠি বুলিলা বচন॥ ৪৬২॥
দেৱ দেৱ জগন্নাথ কৰো নমস্কাৰ।
পাপীষ্ঠক মাৰি প্ৰীতি সাধিলা আহ্মাৰ॥
মোত বৰ পায়া কাকো কটাক্ষ নকৰে।
আচৰিল দ্ৰোহ মহা দৈত্যে জগতৰে॥ ৪৬৩॥
তাহান তনয় মহাবৈষ্ণৱ প্ৰহাদ।
গুচাইলা তোহ্মাৰ ক্ৰোধ মিলাইলা আহ্লাদ॥
নৃসিংহে বোলন্ত ব্ৰহ্মা শুনিয়ো উত্তৰ।
আৰোবাৰ দৈত্যক নিদিবা হেন বৰ॥ ৪৬৪॥
স্বভাৱে দুৰ্জ্জন দৈত্য একোৱে নমানে।
যেন বিষ বাঢ়য় সৰ্পৰ দুগ্ধ পানে॥
এহি বুৰ্লি নৰসিংহ ভৈলা অন্তৰ্দ্ধান।
প্ৰহাদে কৰিলা ত্ৰিদশক বহুমান॥ ৪৬৫॥
প্ৰথমতে ব্ৰহ্মাক নমিলা দৈত্যেশ্বৰ।
শঙ্কৰকো প্ৰণামিলা আত অনন্তৰ॥
জানন্ত বিষ্ণুৰ অংশ আনো যত দেৱ।
একে থানে সৱাক কৰিলা পড়ি সেৱ॥ ৪৬৬॥
পাছে শুক্ৰ আদি কৰি মুনিগণ যত।
উঠিলন্ত ব্ৰহ্মা লৈয়া সৱাকো লগত॥
প্ৰহাদক কৰাইলন্ত ৰাজ্য অভিষেক।
দিলা সৱে অধিকাৰ পিতৃৰ যতেক॥ ৪৬৭॥
দৈত্য দানৱৰ ৰাজা ভৈলন্ত প্ৰহাদ।
স্বৰ্গে গৈলা দেৱগণ দিয়া আশীৰ্ব্বাদ॥
শুকমুনি বোলন্ত শুনিয়ো পৰীক্ষিত।
কহিলো তোহ্মাত সৱে প্ৰহাদ চৰিত॥ ৪৬৮॥
নৃসিংহৰ লীলা ইটো বধ দৈত্যেন্দ্ৰৰ।
প্ৰহাদৰ পুণ্য কথা শুনে যিটো নৰ॥
তাহাৰ মৃত্যুৰ হন্তে নাহি আৰ ত্ৰাস।
অপ্ৰয়াসে ছিণ্ডে সংসাৰৰ কৰ্ম্মপাশ॥ ৪৬৯॥
শুনা সৰ্ব্বজন কহে কৃষ্ণৰ কিঙ্কৰে।
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে॥
বৈকুণ্ঠক যাইবা যেৱে সংসাৰক তৰি।
নিৰন্তৰে ডাকি ঘুষিয়োক হৰি হৰি॥ ৪৭০॥
জয় জয় নাৰায়ণ সংসাৰ কাৰণ।
যোগীগণে সেৱা কৰে যাহাৰ চৰণ॥
যাহাৰ মায়াৰ গতি নজানন্ত কেৱ।
হেন হৰি চৰণে কৰিলো মঞি সেৱ॥ ৪৭১॥
হৰি পদ যুগল ধৰিয়া এক মনে।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়োক সৰ্ব্বজনে॥
হেন জানিয়োক হৰি চৰণেসে গতি।
প্ৰহাদ চৰিত্ৰ এহিমানে সমাপতি॥ ৪৭২॥
॥ প্ৰহ্লাদ চৰিত্ৰ সমাপ্ত॥ ৬॥