সপ্তদশ খণ্ড : কালযৱন বধ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন


॥ সপ্তদশ খণ্ড॥

॥ কালযৱন বধ॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

ৰঘুপতি হৌক গতি

তোহ্মাৰ চৰণে নাৰায়ণ।

দাস বুলি দামোদৰ দিয়োক শৰণ॥ ১০৭॥

পদ॥

সেহি সময়ত যৱনৰ মহাৰাজা।

লগে লৈয়া সাজি ম্লেছ তিনি কোটি প্ৰজা।

নামে কালযৱন ৰণত অনিৰ্ব্বাৰ।

নাৰদে পঠাইলা মাধৱক দিলে ধাৰ॥ ১৩৩৩॥

তিনিকোটি ম্লেছে বেঢ়িলেক মথুৰাক।

দেখি সচকিত ভৈলা যত যদুজাক॥

দেখি বলো সমে আলোচন্ত দামোদৰ।

মিলিল প্ৰমাদ দাদা যাদৱ বংশৰ॥ ১৩৩৪॥

বেঢ়িল আমাক দেখা যৱন দুৰ্ব্বাৰ।

কিবা আজি কালি জৰাসন্ধে দেয় ধাৰ॥

যৱনক যুজন্তে মাগধ যেৱে আসৈ।

নেয় চোপে বাসে জোনো বংশক বিনাশৈ॥ ১৩৩৫॥

হেন জানি সাজিবোহো দুৰ্গ দ্বাৰকাক।

মনুষ্যে নপাৰে যেন তাক লন্দ্ৰিবাক॥

এহি বুলি সাগৰ মধ্যত দামোদৰ।

বাহ প্ৰহৰৰ পথ নিৰ্ম্মিলা নগৰ॥ ১৩৩৬॥

বিশ্বকৰ্ম্মে শিল্প কৰ্ম্ম জানে যতমানে।

দ্বাৰকাত সৱাকো দেখিয় বিদ্যমানে॥

বিৱিধ উদ্যান কল্পতৰু উপবন।

দিব্য সৰোৱৰ দীঘি দেখি বিতোপন॥ ১৩৩৭॥

আকাশ লন্দ্ৰিয়া আছে গড়ৰ দুৱাৰ।

স্ফটিক কপাট তাৰ পাশত সোণাৰ॥

সুৱৰ্ণ ৰজত জ্বলৈ গৃহৰ আৰম্ভ।

স্ফটিক আটাল মৰকত দিল স্তম্ভ॥ ১৩৩৮॥

সুৱৰ্ণৰ ঘটচয় উপৰে প্ৰকাশৈ।

বিচিত্ৰ পতাকাচয় বতাসে উল্লাসৈ॥

সুধৰ্ম্মা সভাক পঠাই দিলা পুৰন্দৰ।

যাত আৰোহিলে হোৱে অজৰ অমৰ॥ ১৩৩৯॥

বৰুণে পঠাইলা হয়চয় শুক্ল বৰ্ণ।

মনোজৱ বেগ সৱে শ্যাম এক কৰ্ণ॥

কুবেৰে পঠাইল অষ্ট নিধিৰ ভাণ্ডাৰ।

কি কহিবো মহিমা কৃষ্ণৰ দ্বাৰকাৰ॥ ১৩৪০॥

দশদিগপালৰ বিভৱ আছৈ যত।

সিবেলা সমস্তে আনি অৰ্পিলা কৃষ্ণত॥

সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে।

মথুৰাৰ প্ৰজাক আনিলা যোগবলে॥ ১৩১৪॥

মথুৰাক আসি ৰামে সমে আলোচিলা।

সুগন্ধ পুষ্পৰ মালা গলত পিন্ধিলা॥

সুদাহাতে নগৰ দ্বাৰৰ ভৈলা বাজ।

যৱনক দেখাই চলি যান্ত যদুৰাজ॥ ১৩৪২॥

মাধৱৰ জন্মকৰ্ম্ম শুনা সৱ নৰে।

কলিযুগে নাহি গতি কীৰ্ত্তনত পৰে॥

দুৰ্ল্লভ মনুষ্য জন্ম নকৰিও বৃথা।

কৰা হৰি কীৰ্ত্তন এড়িয়া গ্ৰাম্য কথা॥ ১২৪৩॥

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।

ইহ পৰলোকে হৰি চৰণেসে গতি॥

গৈল প্ৰাণ প্ৰায় জানা যেন আছা মৰি।

আন চিন্তা এড়ি ডাকি বোলা হৰি হৰি॥ ১৩৪৪॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥ মাধৱ মধু- সূদন দেৱ

দাস উদ্ধাৰিয়া নিয়ো।

তুমিসি পৰম গুৰু নাৰায়ণ

মোক উপদেশ দিয়ো॥ ১০৮॥

পদ॥ কাল যৱনৰ আগে লীলা কৰি

চলি যান্ত হৃষীকেশ।

দেখিল যৱনে পাছে মাধৱৰ

পৰম সুন্দৰ বেশ॥

শৰত কালত ভৈলন্ত উদিত

যেন পূৰ্ণিমাৰ চান্দ।

সুকুমাৰ শ্যাম তনু পীতবস্ত্ৰে

দেখিতে আতি সুচান্দ॥ ১৩৪৫॥

সদায়ে ঈষত হাসি নুগুচয়

প্ৰফুল্ল মুখকমলে।

নৱ পদ্ম সম আয়ত অৰুণ

লোচন যুগল জ্বলে॥

শিৰত কিৰীটি প্ৰকাশে অমূল্য

ৰত্ন গণে আছৈ গঢ়ি।

নাসা তিল ফুল অধৰ ৰাতুল

দন্ত পান্তি কুন্দ কড়ি॥ ১৩৪৬॥

কৰ্ণত মকৰ কুণ্ডল দোলয়

কপালে অলকা পান্তি।

কম্বুকণ্ঠ মাজে কৌস্তুভ শোভয়

নৱ আদিত্যৰ কান্তি॥

প্ৰলম্ব বৰ্ত্তুল স্থল ভুজ চাৰি

কেয়ূৰ কঙ্কণে শোভে।

গলে বনমালা আপাদলম্বিত

ভ্ৰমৰ নছাড়ৈ লোভে॥ ১৩৪৭॥

সুন্দৰ হৃদয়ে প্ৰকাশৈ শ্ৰীবৎস

কঙ্কালে মেখলা জ্বলে।

কৰিকৰ সম উৰু নিৰুপম

নূপুৰ পদকমলে॥

সংসাৰ মোহন হেন ৰূপ দেখি

বোলয় কালযৱন।

এহিগোট কৃষ্ণ জানিলো নাৰদে

কহিল যেন লক্ষণ॥ ১৩৪৮॥

সুদা হাত ভৰি গতি চলি যায়

ময়ো যাওঁ অস্ত্ৰ এড়ি।

এহি বুলি উঠি ধাইলেক যৱনে

ৰহ বুলি পাৰৈ গেড়ি॥

জ্ঞানীগণে যাক ধ্যানতো নেদেখৈ

খেদৈ হেন মাধৱক।

হাতে পাৱে হেন দেখাই আপুনাক

নিলন্ত তাক দূৰক॥ ১৩৪৯॥

পাছত যৱনে আক্ষেপ কৰয়

যদুকুলে ভৈলি জাত।

পলায়ন ধৰ্ম্ম নুহিকে উচিত

পালটি আহ্মাক মাত॥

এতেকে বোলন্তে গিৰি গহ্বৰত

পশিলন্ত নাৰায়ণ।

পাছত যৱনে পশিয়া দেখয়

সুতি আছৈ একজন॥ ১৩৫০॥

আমাক দূৰক আনিয়া শয়ন

কৰিলি যেন সজ্জনে।

কৃষ্ণ হেন মানি মাৰিলেক লাথি

দুৰ্জ্জন কালযৱনে॥

চিৰকাল সুতি আছে মুচুকুন্দ

উঠিয়া বসিল জাগি।

কিছু কিছু কৰি চক্ষু মেলি চাইল

চাৰিয়ো দিশক লাগি॥ ১৩৫১॥

যৱনক পাছে আগত দেখিয়া

ক্ৰোধ দৃষ্টি কৰি চাইল।

তেতিক্ষণে তাৰ শৰীৰত লাগি

অগনি কুণ্ড উধাইল॥

ক্ষণেকতে ভস্ম ভৈ গৈল যৱন

আপুন গাৱৰ জুই।

পৰীক্ষিত ৰাজা শুকত সোধন্ত

আতি অদভূত হুই॥ ১৩৫২॥

সিটো কোনজন যৱনক যিটো

ভস্ম কৰিলেক তথা।

কিহেতু সুতিয়া আছে কিবা নাম

কহিয়ো আহ্মাত কথা॥

কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে

শুনা সৱে সভাসদে।

আন চিন্তা এৰি ডাকি বোলা হৰি

বৈকুণ্ঠে যাইবাৰ পদে॥ ১৩৫৩॥

॥ কালযৱন বধ সমাপ্ত॥ S১৭॥