সমললৈ যাওক

পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

ৱিকিউৎসৰ পৰা
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ পৰিশিষ্ট-৩॥

॥ ধ্যান-বৰ্ণন॥

॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

মাধৱ মুকুন্দ ৰাম।

ঘুষিয়ো হৰিৰ নাম॥ ২৮॥

পদ॥

সংসাৰ সাগৰে তৰা।

কৃষ্ণৰ চৰণে ধৰা॥

দেখিয়ো হৃদয় মাঝে।

জিনি কাম কোটি সাজে॥ ৩০৩॥

চন্দ্ৰক জিনয় কান্তি।

দশন মুকুতা পান্তি॥

কিৰীটি ৰত্নৰ জ্বলে।

বনমালা শোভৈ গলে॥ ৩০৪॥

নয়ন কমল-দল।

ভ্ৰুৱ যুগ নিৰমল॥

নয়ন পঙ্কজ জৌতি।

উৰে লুলে গজমৌতি॥ ৩০৫॥

কুটিল কুন্তলচয়।

কিৰীটি সুৱৰ্ণময়।

তিলক কপালে জ্বলে।

কৰ্ণত কুণ্ডল দুলে॥ ৩০৬॥

নাসা তিলফুল সম।

কম্বুকণ্ঠ মনোৰম॥

শ্যামল সুন্দৰ বৰ।

পীত বস্ত্ৰ মনোহৰ॥ ৩০৭॥

পেখিতে মদনে লাজে।

বহল হৃদয় মাঝে॥

মণিময় হেম হাৰ।

ঝিলিমিলি পেচন্দাৰ॥ ৩০৮॥

দাহিনে শ্ৰীবৎস পান্তি।

অমূল্য ৰত্নৰ কান্তি॥

বামে লক্ষ্মী বিতোপনী।

কণ্ঠত কৌস্তুভ মণি॥ ৩০৯॥

চাৰু চতুৰ্ভুজ সম।

সুবলিত মনোৰম॥

কেয়ূৰ কঙ্কণ জ্বলে।

আৰকত কৰ তলে॥ ৩১০॥

শঙ্খ চক্ৰ পদ্ম গদা।

ধৰিয়া আছন্ত সদা॥

সুদীৰ্ঘ আঙ্গুলিচয়।

চম্পাৰ পাকৰি নয়॥ ৩১১॥

ৰত্নৰ আঙ্গুষ্ঠিচয়।

নখ চন্দ্ৰ প্ৰকাশয়॥

সুন্দৰ উদৰে দেখা।

আৰকত তিনি ৰেখা॥ ৩১২॥

নাভি সৰোৰুহ কান্তি।

ৰত্নৰ কিঙ্কিণী পান্তি॥

সিংহ বন্ধ মধ্যদেশ।

সুন্দৰ মধুৰ বেশ॥ ৩১৩॥

বহল নিতম্ব তয়।

কটি কাঞ্চী ৰত্নময়॥

উৰু কৰীকৰসম।

জানু জন্দ্ৰা মনোৰম॥ ৩১৪॥

পদ দুই পদ্মকোষ।

শুনি নূপুৰ ঘোষ॥

চাৰু আঙ্গুলিৰ পান্তি।

নখ চন্দ্ৰে কৰৈ কান্তি॥ ৩১৫॥

দশো আঙ্গুলিৰ মাজে।

উঝণ্টি ৰত্নৰ সাজে।

জন্দ্ৰাত হোড়ৰ জ্বলে।

অৰুণ চৰণ তলে॥ ৩১৬॥

ধ্বজ বজ্ৰ পদ্ম যৱ।

দেখি চিহ্ন মহোৎসৱ॥

হেনৰূপে দামোদৰ।

হৃদয়ৰ অভ্যন্তৰ॥ ৩১৭॥

আছন্ত জগত বাপ।

দৰশনে হৰে তাপ॥

তত্ত্ব বাণী হেন জানি।

চিন্তিয়োক চক্ৰপাণি॥ ৩১৮॥

বৃথা কথা পৰিহৰা।

হৰি-গুণ-নাম ধৰা॥

ক্ষণিক অথিৰ কায়।

প্ৰাণ কেতিক্ষণে যায়॥ ৩১৯॥

তথাপি চেতন নাই।

কেনে আছা বাট চাই॥

জ্ঞানশূন্য মতিহীন।

কহয় মাধৱ দীন॥ ৩২০॥

কলি যুগে গতি নাম।

জানি তেজা আন কাম॥

কৰি মন উপশাম।

ডাকি বোলা ৰাম ৰাম॥ ৩২১॥

॥ ধ্যান-বৰ্ণন সমাপ্ত॥ ৩॥

॥ পৰিশিষ্ট সমাপ্ত॥