ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
লেখক শ্ৰীমন্ত শংকৰদেৱ
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ ত্ৰয়োদশ খণ্ড॥

॥ গোপী-উদ্ধৱ সংবাদ॥

ঘোষা॥

মাধৱ মধুসূদন ৰাম।

ভকত বৎসল কৰো প্ৰণাম॥ ১০১॥

পদ॥

বিৰহে আকুল গোপীক জানি।

উদ্ধৱক মাতি বুলিলা বাণী॥

আহ্মাৰ পৰম তুমি ভকত।

যায়ো গোকুলক চড়ি ৰথত॥ ১২৩৯॥

বচন সন্দেশ গোপীত কই।

প্ৰবোধ দিবা কতো দিন ৰই॥

গৈলন্ত উদ্ধৱ গোপ নগৰী।

আদৰিলা নন্দে আতি সাদৰি॥ ১২৪০॥

যশোদা কান্দন্ত কৃষ্ণক স্মৰি।

চক্ষুৰ লোহ পড়ে সৰসৰি॥

সোধন্ত ৰাম মাধৱৰ কথা।

এড়িলন্ত কৃষ্ণে আমাৰ বেথা॥ ১২৪১॥

মাৱ বাপ পাই নাইলা দুনাই।

আহ্মাক কৰিলা অনাথ প্ৰায়॥

এহি বুলি দুয়ো কান্দন্ত আতি।

উদ্ধৱে প্ৰবোধ দিলন্ত মাতি॥ ১২৪২॥

দেখিবা কৃষ্ণক নকৰা খেদ।

কৰিব হৰি দুঃখ পৰিছেদ॥

উদ্ধৱৰ বোলে দুয়ো জুড়াইল।

কৃষ্ণৰ কথাতে ৰাতি পুহাইল॥ ১২৪৩॥

গোপীগণো আতি ব্যাকুল চিত্ত।

গাৱে উজাগৰে কৃষ্ণৰ গীত॥

কাহাৰো হৰি বিনা নাহি স্বস্থ।

ওলায়া দেখৈ সুৱৰ্ণৰ ৰথ॥ ১২৪৪॥

কোন আসি আছে নন্দৰ পুৰ।

জোনো কংসদূত আইল অত্ৰূৰ॥

নিলেক কমললোচন স্বামী।

যাহাৰ বিৰহে মৰোহো আমি॥ ১২৪৫॥

ইবাৰ কিবা মাংস নেয় কাটি।

মৰিল কংস দিবে পিণ্ড বাটি॥

ডাকিয়া পাৰৈ অত্ৰূৰক গালি।

হা কৃষ্ণ বুলি কান্দৈ গোৱালী॥ ১২৪৬॥

দেখিলা সৱে উদ্ধৱক পাছে।

ৰূপে মনোহৰ জ্বলন্তে আছে॥

আজানুলম্বিত বাহু দুখান।

নৱ পদ্ম যেন জ্বলৈ লোচন॥ ১২৪৭॥

গাৱে পীতবস্ত্ৰ কৰ্ণে কুণ্ডল।

পদ্মসম শোভৈ মুখ মণ্ডল॥

গলত জ্বলৈ নৱপদ্মমালা।

বিস্ময় ভৈল যত গোপবালা॥ ১২৪৮॥

ইটো কোনজন কৃষ্ণৰ বেশ।

জোনো আনি আছে কৃষ্ণ সন্দেশ॥

বিৰলে নিয়া উদ্ধৱক মাতি।

বেঢ়িয়া বসিল সমাজ পাতি॥ ১২৪৯॥

জানিলো তুমি মুখ্য হৰিদাস।

পঠাইলা পিতৃৰ মাতৃৰ পাশ॥

মুনিৰো দুস্ত্যজ বন্ধুৰ স্নেহ।

জানো আনি আছা কৃষ্ণ সন্দেশ॥ ১২৫০॥

নুহি গোকুলক স্মৰিবা কেনে।

পুষ্প চুম্বি এড়ে ভ্ৰমৰ যেনে॥

স্ত্ৰীতো হেতু তেনে পুৰুষচিত্ত১৪৯।

বুজিলো কৃষ্ণৰ আমি ইঙ্গিত॥ ১২৫১॥

এড়িলা স্নেহ প্ৰভু সমুদায়।

মথুৰা নাগৰী সুন্দৰী পায়॥

এহি বুলি সৱে লজ্জাক এড়ি।

কান্দন্ত কৃষ্ণৰ গুণ সুমৰি॥ ১২৫২॥

কৃষ্ণক লাগি আতি প্ৰেমভাৱে।

কৃষ্ণৰ সৱে গুণগীত গাৱে॥

কৃষ্ণতে সৱে নিমজাইল মন।

কাহাৰো গাৱত নাহি চেতন॥ ১২৫৩॥

উদ্ধৱে গোপীৰ দেখিয়া ভাৱ।

বিস্ময় হুয়া শিহৰাইলা গাৱ॥

নন্দৰ ব্ৰজে যত গোপীজাক।

শিৰে বন্দো তান পদধূলাক॥ ১২৫৪॥

ৰাত্ৰি দিনে গাৱৈ হৰি চৰিত্ৰ।

তিনিয়ো লোকক কৰৈ পৱিত্ৰ॥

বোলন্ত অনেক প্ৰবোধ বাক।

ক্ৰন্দন এৰা আৱে গোপীজাক॥ ১২৫৫॥

কিনো তোৰাসৱে কৰিলা পুণ্য।

সদায়ে গোৱা গোৱিন্দৰ গুণ॥

হৰিত মঝিল আতি হৃদয়।

কিনো তোমাসাৰ ভাগ্য উদয়॥ ১২৫৬॥

হৰিৰ অৰ্থে পতি পুত্ৰ এড়ি।

কৰিলা পূজা যেন সৱে চেড়ী॥

জানিলো সংসাৰ তৰিলা সুখে।

বৰ্ণাইবো আৰ কতো মোৰ মুখে॥ ১২৫৭॥

কহিলা কৃষ্ণৰ সন্দেশ বাক।

জুৰাইল শুনি সৱে গোপীজাক॥

উদ্ধৱত কথা সোধে দুনাই।

সুখে কি আছন্ত কৃষ্ণ গোসাঞি॥ ১২৫৮॥

আহ্মাৰ কথা কি পৰে মনত।

যেন ক্ৰীড়া ভৈল ৰাত্ৰি বনত॥

আৰ কি আসিব নন্দৰ পুৰ।

কৈসানি দেখিবো মুখ প্ৰভুৰ॥ ১২৫৯॥

পৰৈ নকান্দন্তো চক্ষুৰ পানী১৫০।

উদ্ধৱে প্ৰবোধি বুলিলা বাণী॥

এড়া অনুশোচ দেখিবা হৰি।

ৰাম বুলি যায়ো সংসাৰ তৰি॥ ১২৬০॥

শুনা সৰ্ব্বজন কৃষ্ণৰ বাণী।

ভক্তক স্নেহ কৰা চক্ৰপাণি॥

কামাতুৰ ভাৱে ভজিয়া হৰি।

তৰিল এতেক গোপৰ নাৰী॥ ১২৬১॥

তাহাঙ্ক শান্ত কৰাইলন্ত পাছে।

ভক্তৰ ইষ্ট কোন দেৱ আছে॥

আলাস তেজিয়া ভজিয়ো হৰি।

সমস্ত নৰে ডাকি বোলা হৰি॥ ১২৬২॥

॥ গোপী-উদ্ধৱ সংবাদ সমাপ্ত॥ ১৩॥