পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
॥ পৰিশিষ্ট-২॥
॥ উৰেষা-বৰ্ণন॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
জয় জয় জগন্নাথ প্ৰণামো ৰাম॥ ৭॥
পদ॥
নমো নামো জগন্নাথ ভকতৰ নিধি।
হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি॥
উৰেষাৰ কীৰ্ত্তনক শুনিয়ো লোকাই।
শঙ্কৰে ৰচিলা ব্ৰহ্ম পুৰাণক চাই॥ ৭৮॥
মুনিগণে ব্ৰহ্মাত পুছিলা প্ৰণিপাত।
ক্ষেত্ৰৰ মহিমা আৱে কহিয়ো আহ্মাত॥
কিবা হেতু ইন্দ্ৰদ্যুম্ন ৰাজা শুদ্ধচিত্তে।
কৰিলন্ত অশ্বমেধ উৰেষাপুৰীতে॥ ৭৯॥
বন্ধাইল অদ্ভূত দৌল আশ্চৰ্য্য মহিমা।
ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইলা প্ৰতিমা॥
কিবা হেতু দৌলত থাপিলা নৰেশ্বৰ।
সমস্তে বৃত্তান্ত কহিয়োক সৃষ্টিকৰ॥ ৮০॥
ব্ৰহ্মায়ে বোলন্ত শুনা মুনিগণ যত।
আছিল অৱন্তীপুৰী মালৱ দেশত॥
তাহাৰ মহিমা মই কি কৈবো সম্প্ৰতি।
ইন্দ্ৰৰ নগৰ যেন দুতি অম্ৰাৱতী॥ ৮১॥
সেহি নগৰত ইন্দ্ৰদ্যুম্ন মহাৰাজা।
ধৰ্ম্মপথে থাপিলন্ত পৃথিৱীৰ প্ৰজা॥
দানী মানী সত্যবাদী সৰ্ব্ব গুণাকৰ।
প্ৰতাপে আদিত্য যেন ভোগে পুৰন্দৰ॥ ৮২॥
পৃথিৱীত নাহি ৰাজা তাহান সমান।
যজিল বিবিধ যজ্ঞ দিলা মহা দান॥
সুৱৰ্ণ মাণিক গ্ৰাম গজ বাজী ৰথ।
নিৰন্তৰে বিপ্ৰৰ পূৰিলা মনোৰথ॥ ৮৩॥
এহিমতে পৃথিৱীক পালন্ত নৃপতি।
দিনেক তাহান হেন উপজিলা মতি॥
কোন কৰ্ম্মে আৱে আৰাধিৱো জগন্নাথ।
এহি বুলি শাস্ত্ৰ বিচাৰিলা নৰনাথ॥ ৮৪॥
আগম পুৰাণ বেদ বেদান্ত যতেক।
গুৰু মুখে জানিলন্ত তত্ত্বক প্ৰত্যেক॥
মুকুতি ইছায়ে এড়িলন্ত ভ্ৰান্তি জ্ঞান।
কিমতে আৰাধো হৰি মনে কৰে ধ্যান॥ ৮৫॥
নাহিকে নিস্তাৰ আউৰ মাধৱত পৰে।
শঙ্খ চক্ৰ গদা পদ্ম যাৰ চাৰি কৰে॥
পদ্মপত্ৰ সম চাৰু লোচন আয়ত।
গলে বনমালা শোভৈ কৌস্তুভ কণ্ঠত॥ ৮৬॥
শিৰত কিৰীটি কৰে কঙ্কণ কেয়ূৰ।
মকৰ কুণ্ডল জ্বলে পাৱত নূপুৰ॥
শ্যামল শৰীৰ পীত বস্ত্ৰে কৰৈ কান্তি।
হিয়াত প্ৰকাশৈ আতি শ্ৰীবৎসৰ পান্তি॥ ৮৭॥
হেন মাধৱক আৱে আৰাধো কিমতে।
এহি বুলি বাঝ ভৈলা নগৰৰ হন্তে॥
ভণিল শঙ্কৰে কৃষ্ণচৰণত ধৰি।
সমজ্যাৰ সৰ্ব্বজনে বোলা হৰি হৰি॥ ৮৮॥
॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥
ত্ৰাহি জগন্নাথ আমি অজ্ঞানী অনাথ॥ ৮॥
পদ॥
ৰাজা যান্ত মন্ত্ৰী পাত্ৰ পুৰোহিত।
চতুৰঙ্গ দলে লাগ লৈলেক ত্বৰিত॥
অসংখ্যাত ৰথ যূথেযূথে যায় চলি।
বাৰু খাণ্ডা ধৰি ধাৱে যত মহাবলী॥ ৮৯॥
সীমাসংখ্যা নাহি লগে লড়ে যত ঘোড়া।
প্ৰমত্ত হস্তীৰ কোনে কহিবেক ওৰা॥
কৰ্ণে তাল মাৰে শুনি ঘণ্টাৰ আস্ফাল।
প্ৰজাৰ ভিৰত যেন যায় ভূমিচাল॥ ৯০॥
অন্তেষপুৰত যত নাৰীগণ মানে।
ৰাজাৰ লগত যায় বহুবিধ যানে॥
দিব্য বস্ত্ৰ ভূষণে ভূষিত কৰি তনু।
বেঢ়ি বীৰগণ যায় কৰে ধৰি ধনু॥ ৯১॥
বাজে বাদ্য বিৱিধ টবল টমকিল।
যতেক বৃত্তিয়া মানে লগতে লড়িল॥
তেলী মালী শিলাকুটী বণিয়া সূতাৰ।
চৰ্ম্মকাৰ চঁড়াল কমাৰ কুম্ভকাৰ॥ ৯২॥
চিত্ৰকাৰ কংসাৰ কুন্দাৰ বৈদ্য যত।
অনেক কায়স্থ যায় ৰাজাৰ লগত॥
নট ভাট নৰ্ত্তকী গায়ন অপৰ্য্যন্ত।
বিপ্ৰগণ নৃপতিৰ লগত চলন্ত॥ ৯৩॥
পৃথিৱীত যতেক বৃত্তিয়াগণ আছে।
চৌত্ৰিশ জাতিয়ো যায় নৃপতিৰ পাছে॥
পিতৃ আগ কৰি যেন চলে পুত্ৰচয়।
এহিমতে গৈল ইন্দ্ৰদ্যুম্ন মহাশয়॥ ৯৪॥
পাইলন্ত দক্ষিণ সাগৰৰ গৈয়া তীৰ।
ঢউগণ নাচে যেন অগাধ গম্ভীৰ॥
হৰিৰ শয়ন স্থান নদনদী পতি।
যাক দৰশনে পায় পৰম মুকুতি॥ ৯৫॥
আছৈ ভয়ঙ্কৰ মৎস্য কছপ বহুল।
কুম্ভীৰ মগৰ মৎস্যে কৰৈ হুলস্থল॥
সৰ্ব্ব পাপহৰ ৰম্যকৰ তীৰ্থৰাজ।
দেখিয়া বোলন্ত ৰাজা ঐত মোৰ কাজ॥ ৯৬॥
কৰিলা নিৱাস পায়া মনোহৰ স্থানে।
দেখিয়া তহিত পৃথিৱীৰ গুণমানে॥ ১৭৯
বহুবিধ বৃক্ষ ফলে ফুলে সুশোভিত।
নানাবিধ পক্ষী ৰাৱ তেজৈ সুললিত॥ ৯৭॥
বিচিত্ৰ বিৱিধ মৃগগণ চড়ৈ তাতে।
অনেক দন্তাল আছে নন্দন বনতে॥
চাৰু সৰোবৰক পঙ্কজে আছৈ ৰঞ্জি।
ৰাজহংসে ভূঞ্জৈ তাত মৃণাল উভঞ্জি॥ ৯৮॥
পৰ্ব্বত যতেক আছৈ দেখি মনোহৰ।
উচ শিখৰৰ পৰা বহৱৈ নিৰ্ঝৰ॥
তেজৈ নাদ কোকিলে ময়ূৰে কাঢ়ৈ ৰাৱ।
বৃক্ষে পথুকক যেন দেয় হাতবাৱ॥ ৯৯॥
দীৰ্ঘে দশ যোজন পথালি পাঞ্চ সীমা।
কি কহিবো সিটো মহা ক্ষেত্ৰৰ মহিমা॥
পৰম আশ্চৰ্য্যময় মনোহৰ থান।
ইন্দ্ৰদ্যুম্ন নৃপতি দেখিলা বিদ্যমান॥ ১০০॥
দুনাই মুনিগণে পাছে পুছিলা ব্ৰহ্মাত।
পূৰ্ব্বত প্ৰতিমা কিয় নাছিল তথাত॥
কৰিয়ো সংশয় ছেদ প্ৰভু প্ৰজাপতি।
বোলা হৰি হৰি পাপ যাউক অধোগতি॥ ১০১॥
॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥
ৰাম ৰাম বোলা তাৱে।
যমে নতুধৰে যাৱে॥ ৯॥
পদ॥
ব্ৰহ্মায়ে বোলন্ত শুনিয়ো কথা।
যি কাৰ্য্যে প্ৰতিমা নাছিল তথা॥
পূৰ্ব্বত মেৰুৰ শিখৰে হৰি।
বসিয়া আছন্ত আনন্দ কৰি॥ ১০২॥
প্ৰণামি জানুশিৰে লক্ষ্মী মাৱে।
কৰিলন্ত প্ৰশ্ন স্বামীৰ পাৱে॥
কোন কৰ্ম্মভূমি মনুষ্য লোকে।
সদায়ে আক নেৰৈ দুঃখে শোকে॥ ১০৩॥
কোন কৰ্ম্মে পাৱে সংসাৰ পাৰ।
কহিয়ো মোত কিবা ধৰ্ম্ম সাৰ॥
কৰুণা আছে দাসী বুলি যদি।
গুচায়ো আমাৰ সংশয় ছেদি॥ ১০৪॥
মাধৱে বোলন্ত শুনিয়ো প্ৰিয়া।
আহ্মাৰ কথাত কৰিয়ো হিয়া॥
আছে মহাক্ষেত্ৰ কৈলো তোহ্মাত।
পুৰুষোত্তম নামে প্ৰখ্যাত॥ ১০৫॥
সংসাৰক তৰৈ তাত নিৱাসে।
হোৱয় সিদ্ধি আতি অপ্ৰয়াসে॥
কীৰ্ত্তনতে যাৰ পাপ পলাই।
তিনিও লোকে তাৰ সম নাই॥ ১০৬॥
নজানৈ তাক দেৱ সিদ্ধ মুনি॥
গুপুত কৰিয়া আছো আপুনি॥
আজিসে তোহ্মাত কৰো বেকত।
শুনা সাৱধানে তাৰ মহত॥ ১০৭॥
ব্ৰহ্মাক মহাপ্ৰলয়ৰ অন্তে।
স্ৰজিলো নাভিকমলৰ হন্তে॥
উপজি মোতে পাছে সৃষ্টিকৰে।
স্ৰজিল চৰাচৰ নিৰন্তৰে॥ ১০৮॥
জগত নিৰ্ম্মিয়া কৰিলা ধ্যান।
তেখনে তান ভৈলো বিদ্যমান॥
সজল মেঘ শৰীৰৰ কান্তি।
হিয়াত প্ৰকাশৈ শ্ৰীবৎসপান্তি॥ ১০৯॥
তনুক ৰঞ্জৈ আতি পীত বস্ত্ৰ।
হাতত চক্ৰ ধৰি আছে অস্ত্ৰ॥
কমললোচন মুখ প্ৰসন্ন।
দেখি ব্ৰহ্মা উঠি দিলা আসন॥ ১১০॥
অক্ষতে অৰ্ঘ্যে পূজি প্ৰজাপতি।
কৰিলা আহ্মাক অনেক স্তুতি॥
ব্ৰহ্মাক পাছে দিলো সমিধান।
কি কাৰ্য্যে আহ্মাক কৰিলা ধ্যান॥ ১১১॥
হেন শুনি ব্ৰহ্মা মাতিলা পাছে।
কোন মুখ্য সাধ্য লোকৰ আছে॥
বিনা যজ্ঞ যোগ ব্ৰত নিয়ম।
নকৰি তপ তীৰ্থ পৰিশ্ৰম॥ ১১২॥
পাইবেক মহাসিদ্ধি অপ্ৰয়াসে।
কহিয়ো আহ্মাত জগনিৱাসে॥
কোন বা উত্তম ক্ষেত্ৰ তোহ্মাৰ।
বোলা হৰি হৰি তৰা সংসাৰ॥ ১১৩॥
॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥
গোপাল গৰুড়কেতু প্ৰণামো চৰণে।
নিয়োক নিস্তাৰি হৰি পশিলো শৰণে॥ ১০॥
পদ॥
হেন শুনি দিলো পাছে ব্ৰহ্মাক উত্তৰ।
মোহোৰক্ষেত্ৰৰ কথা শুনা সৃষ্টিকৰ॥
জগততে কৰি মঞি যিহেতু উত্তম।
সি কাৰণে নাম মোৰ পুৰুষোত্তম॥ ১১৪॥
ভৈলো সিটো ক্ষেত্ৰে মঞি আপুনি সাক্ষাত।
পুৰুষোত্তম নামে ক্ষেত্ৰ তাতেসে প্ৰখ্যাত॥
বিনা যজ্ঞ দান তপ যোগৰ যুগুতি।
চাৰিও বৰ্ণক দেয় ভুকুতি মুকুতি॥ ১১৫॥
সিটো মহাক্ষেত্ৰ দশ যোজন প্ৰকট।
দক্ষিণ সাগৰ তীৰে আছৈ সিদ্ধ বট॥
যাৰ ছায়া পৰশনে হোৱৈ মহোদয়।
দৰশন মাত্ৰে ব্ৰহ্মহত্যা হোৱৈ ক্ষয়॥ ১১৬॥
প্ৰদক্ষিণ কৰি যিটো কৰৈ নমস্কাৰ॥
মোৰ থান পাৱৈ কৰি পুৰুষ উদ্ধাৰ॥
প্ৰলয়তো নাহি সিটো বটৰ বিনাশ।
সেই থানে বটৰ উত্তৰ দিশপাশ॥ ১১৭॥
দিব্য দৌল আছে তাৰ কি কৈবো মহিমা।
বৈদুৰ্য্যৰ আছে তাত আহ্মাৰ প্ৰতিমা॥
অপ্ৰয়াসে তাকে চাই পাৱৈ মহোদয়।
পাপী নৰো চলি যায় বিষ্ণুৰ নিলয়॥ ১১৮॥
হেন দেখি১৮৩ যম ৰাজা কৰিলা গমন।
বটৰ নিকটে মোক পাইলা দৰশন॥
প্ৰণামিয়া শিৰে বুলিলন্ত স্তুতিবাণী।
নমো নমো জগন্নাথ দেৱ চক্ৰপাণি॥ ১১৯॥
নমো নমো জ্যোতিঃফল দেৱ সনাতন।
সৰ্ব্বব্যাপী পুৰুষ পৰম নিৰঞ্জন॥
বহুবিধ স্তুতি কৰি কৰন্ত প্ৰণাম।
মঞি বোলো যম কহ সাধো কোন কাম॥ ১২০॥
যম ৰাজা বোলে ইটো ক্ষেত্ৰ মাজে সাৰ।
ইন্দ্ৰনীলময় আতে প্ৰতিমা তোহ্মাৰ॥
পাপী বা অপাপী তাক অপ্ৰয়াসে চাৱে।
তোহ্মাৰ প্ৰসাদে স্থান শ্বেতদ্বীপে পাৱে॥ ১২১॥
মোৰ অধিকাৰ ভৈল সকলে লুপুত।
হেন জানি প্ৰতিমাক কৰিয়ো গুপুত॥
পাছে ময়ো যমৰায়ৰ বচনত থাকি।
পুতি থৈলো প্ৰতিমাক বালুকায়ে ঢাকি॥ ১২২॥
পাছে ইন্দ্ৰদ্যুম্নে তৈতে অশ্বমেধ যজি।
কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্ত্তি সাজি॥
দিব্য দৌল বান্ধি যেনমতে পূজিলন্ত।
লক্ষ্মীত কহিলা হৰি সকল বৃত্তান্ত॥ ১২৩॥
ব্ৰহ্মাত পুছিলা মুনিসকলে দুনাই।
ক্ষেত্ৰে গৈয়া কি কৰিলা ইন্দ্ৰদ্যুম্ন ৰায়॥
কহিয়ো হৰিষে শুনোহো পাছ কথা।
বোলা ৰাম ৰাম জন্ম নকৰিয়ো বৃথা॥ ১২৪॥
॥ পঞ্চম কীৰ্ত্তন॥
ঘোষা॥
হৰি ৰাম হৰি ৰাম ঘুষিয়ো ভাই।
পাপ সাগৰে আন গতি নাই॥ ১১॥
পদ॥
বোলন্ত ব্ৰহ্মা শুনা সমুদায়।
ক্ষেত্ৰক পাইল ইন্দ্ৰদ্যুম্ন ৰায়॥
দেখিল স্থান আতি অনুপাম।
আছন্ত তীৰ্থ মহানদী নাম॥ ১২৫॥
লোকৰ কৰিয়া পাপ উপান্ত।
দক্ষিণ সাগৰক বহি যান্ত॥
গঙ্গাৰ সমান তীৰ্থ বিশেষ।
দুয়ো কুলে আছৈ অনেক দেশ॥ ১২৬॥
হৃষ্টপুষ্ট লোক তৈত সদায়।
বসনে ভূষণে ভূষিত কায়॥
বেদবিদ বিপ্ৰ আছৈ অপাৰ।
প্ৰত্যহে অগ্নিহোত্ৰ সিজৈ তাৰ॥ ১২৭॥
সদায় নুগুচৈ শাস্ত্ৰ আলাপ।
বেদধ্বনি শুনি পলাৱৈ পাপ॥
ক্ষেত্ৰত আছয় যত নাৰীগণ।
সৱাৰো গাৱে শোভৈ আভৰণ॥ ১২৮॥
আয়ত লোচন পদ্মৰ পাসি।
নুগুচৈ মুখত ঈষত হাসি॥
ৰূপে বিদ্যাধৰী সম সাক্ষাত।
কৰন্ত লয়লাসে আয়াযাত॥ ১২৯॥
অনেক তপস্বী তপ আচৰৈ।
সন্ন্যাসীসৱে বসি ধ্যান কৰৈ॥
ব্ৰহ্মচাৰীসৱো ভ্ৰমন্ত তথা।
ক্ষেত্ৰৰ কহিবো কত ব্যৱস্থা॥ ১৩০॥
পৰম দুৰ্ল্লভ ক্ষেত্ৰক পাই।
গুণন্ত পাছে ইন্দ্ৰদ্যুম্ন ৰায়॥
ঐত আৰাধিবো বিষ্ণুক আমি।
পৰমপুৰুষ জগতস্বামী॥ ১৩১॥
তাহান পৰম ক্ষেত্ৰ প্ৰকট।
তহিতে আছে কল্পবৃক্ষ বট॥
যাক পূজি পাৱৈ জন্মৰ সীমা।
নাহিকে বিষ্ণুৰ ঐত প্ৰতিমা॥ ১৩২॥
বান্ধিবো দৌল কৰি মহাযত্ন।
একস্থান কৰি সুৱৰ্ণ ৰত্ন॥
যজিবো যজ্ঞ দিয়া মহাদান।
হোৱন্ত হৰি যেন বিদ্যমান॥ ১৩৩॥
থাপিবোহো দৌলে তাঙ্ক আপুনি।
এহিমতে ৰাজা মনত গুণি॥
আনিয়া দৈৱজ্ঞ বিপ্ৰ প্ৰধান।
নিৰ্ণয় কৰিলা দৌলৰ থান॥ ১৩৪॥
শুভ দিন শুভ যোগ বিচাৰি।
থৈলন্ত পূৰ্ণ কুম্ভ শাৰী শাৰী॥
বৱাইলা মাঙ্গল্য বাদ্য অনেক।
বেদক ঘোষন্ত বিপ্ৰ যতেক॥ ১৩৫॥
পূজিয়া পৱিত্ৰ কৰিয়া থান।
দিলন্ত ৰাজা পাছে অৰ্ঘ্য দান॥
মিলিল উৎসৱ ক্ষেত্ৰক ভৰি।
পলাওক পাপ বোলা হৰি হৰি॥ ১৩৬॥
॥ ষষ্ঠ কীৰ্ত্তন॥
ঘোষা॥
জয় গোৱিন্দ দয়াশীল জয় জগন্নাথ।
মাধৱ প্ৰণামো ভূমিত থৈয়া মাথ॥ ১২॥
পদ॥
অনন্তৰে ইন্দ্ৰদ্যুম্ন ৰাজা ৰাজেশ্বৰ।
কলিঙ্গপতিক মাতি দিলন্ত উত্তৰ॥
বিন্ধ্য পৰ্ব্বতক যাহা ৰাজাগণ লই।
ভদ্ৰতৰ শিলাক শকটে আনা বই॥ ১৩৭॥
দৌল সাজি দেৱতাক থাপিবো সম্প্ৰতি।
হেন শুনি চলি গৈল কলিঙ্গ নৃপতি॥
মন্ত্ৰীক মাতিয়া পাছে ৰাজা আদেশয়।
চাৰিও দিশক লাগি পাঞ্চা দুতচয়॥ ১৩৮॥
আনোক হাঙ্কাৰি ৰাজাগণ নিৰন্তৰ।
চতুৰঙ্গ সেনা লৈয়া আসোক সত্বৰ॥
ৰাজৰ আদেশ কহি পৰ্য্যটিল দূত।
চাৰিও দিশৰ ৰাজা আসিল বহুত॥ ১৩৯॥
হেন দেখি ইন্দ্ৰদ্যুম্ন মহা তুষ্টমন।
সৱ নৃপতিক চাহি বুলিলা বচন॥
ইটো মহাক্ষেত্ৰ ভূমি মুকুতি কাৰণ।
আতে অশ্বমেধে যজিবোহো নাৰায়ণ॥ ১৪০॥
বান্ধি দৌল দেৱ থাপিবোহো যেন বিধি।
কেনমতে মোৰ ইটো কাৰ্য্য হোৱৈ সিদ্ধি॥
তুমিসৱ হোৱা আৱে সহায় আহ্মাৰ।
হৈবো বুলি সৱেও কৰিলা অঙ্গীকাৰ॥ ১৪১॥
সুৱৰ্ণ মাণিক মণি মুকুতা অপাৰ।
গজ বাজী ৰথ যতেক সম্ভাৰ॥
ভক্ষ্য ভোজ্য যজ্ঞত লাগিবে যত যত।
দিল ৰাজাগণে ইন্দ্ৰদ্যুম্নৰ আগত॥ ১৪২॥
দেখি ৰাজা ৰত্নময় যজ্ঞৰ সম্ভাৰ।
আনিলন্ত বিপ্ৰ ঋষি তপস্বী অপাৰ॥
উপাধ্যায় আচাৰ্য্য সদস্য পাত্ৰঝাক।
দেখি পুৰোহিতক বুলিলা ৰাজা বাক॥ ১৪৩॥
বিপ্ৰ ঋষিগণ সমে চলিয়োক তুমি।
নিৰ্মিয়োক সৱে গৈয়া মহাযজ্ঞ ভূমি॥
শুনি পুৰোহিত গৈয়া অনেক যতনে।
সাজিলন্ত বেদীখণ্ড সুৱৰ্ণ ৰতনে॥ ১৪৪॥
ৰত্নময় প্ৰাসাদ সজাইলা একশত।
সুৱৰ্ণ ৰচিত স্তম্ভ লগাইল গৃহত॥
ঠাই ঠাই পোতাইলন্ত বৃহত তোৰণ।
মণি মুকুতাৰ মালা কৰি আভৰণ॥ ১৪৫॥
ব্ৰাহ্মণক লাগি গৃহ সজাইল অপাৰ।
ভক্ষ্য ভোজ্য পঞ্চামৃত মিলাইল সম্ভাৰ॥
অনেক নৃপতি ব্ৰাহ্মণৰ ধৰৈ আল।
স্বৰ্গক লন্দ্ৰিল গৈয়া বাদ্যৰ ঘঞ্চাল॥ ১৪৬॥
সুৱৰ্ণ বিনাই আন নাহিকে ভাজন।
দেখি ইন্দ্ৰদ্যুম্নৰ আনন্দ ভৈল মন॥
আৰম্ভিল যজ্ঞ যেন বিধি ব্যৱহাৰ।
হৰি হৰি বুলি তৰা দুৰ্ঘোৰ সংসাৰ॥ ১৪৭॥
॥ সপ্তম কীৰ্ত্তন॥
ঘোষা॥
হৰি গোৱিন্দ কৃষ্ণ জয় জগন্নাথ॥ ১৩॥
পদ॥
যজন্ত বেড়ি যত ব্ৰহ্মঋষি।
কৃষ্ণক অৰ্চন্ত ৰাজা হৰিষি॥
কৰিলন্ত হোম কোটি প্ৰমাণ।
ৰথ গজ বাজী দিলন্ত দান॥ ১৪৮॥
কোটি কোটি ৰথ গ্ৰাম নগৰ।
দাসী দাস ধেনু বৃষ বিস্তৰ॥
যেহি লাগে খোজে যতেক প্ৰজা।
নাহিকে নেদো নোবোলন্ত ৰাজা॥ ১৪৯॥
পুৰিল মনোৰথ সমস্তৰ।
হৃষ্টপুষ্ট ভৈল সমস্তে নৰ।
সকল ঋষিক বোলন্ত বাণী॥
প্ৰত্যেক্ষ যাৱে নোন্ত চক্ৰপাণি॥ ১৫০॥
প্ৰৱৰ্ত্তাৱা তৱে যজ্ঞ আমাৰ।
এহি বুলি দান দেন্ত অপাৰ॥
কোনে কৰিবেক দানৰ সীমা।
যজ্ঞৰ পৰম দেখি মহিমা॥ ১৫১॥
বিস্ময় ভৈল সুৰাসুৰ নাগে।
উৎসৰ্গি ঘোড়া পাছে মহাভাগে॥
পুত্ৰগণ মাতি দিলা আদেশ।
যজ্ঞৰ হয় ৰাখা দেশে দেশ॥ ১৫২॥
থানে থানে ৰচি সুৱৰ্ণ ৰত্নে।
বিষ্ণুৰ দৌলক সজাইল যত্নে॥
কৰিল কৰ্ম্ম যত ৰাজসুত।
বান্ধিল দৌল আতি অদভুত॥ ১৫৩॥
ৰাজায়ো দৌলক সুসাঙ্গ কৰি।
চিন্তন্ত সদায়ে নিদ্ৰাক এড়ি॥
কিমতে বিষ্ণুৰ দেখা সাক্ষাত।
বিষ্ণুৰ প্ৰতিমা পাইবো কোথাত॥ ১৫৪॥
কিমতে আৱে আৰাধিবো হৰি।
প্ৰতিমা থাপো দৌলে কেন কৰি॥
একোমতে তুষ্টি নাহিকে মন।
নকৰে নৃপতি স্নান ভোজন॥ ১৫৫॥
পৰম চিন্তায়ে আকুল ভৈলা।
বিষ্ণুক পাছে অৰ্চিবাক লৈলা।
পঞ্চৰাত্ৰবিধি কৰিয়া পূজা।
কৰন্ত স্তুতি ইন্দ্ৰদ্যুম্ন ৰাজা॥ ১৫৬॥
নমো বাসুদেৱ মোক্ষ কাৰণ।
সংসাৰত মোক কৰা তৰণ॥
নমো মাধৱক দৱাঁয়া মাথ।
ত্ৰাহি ত্ৰাহি বিষ্ণু জগতনাথ॥ ১৫৭॥
ত্ৰাহি নৰসিংহ দৈত্যসংহাৰী।
যিমতে আনিলা ভূমি উদ্ধাৰি॥
সেহিমতে মোক কৰা উদ্ধাৰ।
বৰাহ বিষ্ণুক নতি আহ্মাৰ॥ ১৫৮॥
বলদেৱ আদি মূৰ্ত্তি যতেক।
গৰুড় প্ৰমুখ্যে অঙ্গ অনেক॥
সৱাকো কৰো মঞি নমস্কাৰ।
হৰি হৰি বুলি হুয়ো নিস্তাৰ॥ ১৫৯॥
॥ অষ্টম কীৰ্ত্তন॥
ঘোষা॥
হৰি ত্ৰাহি কৰুণাসিন্ধু।
গোৱিন্দ জগতবন্ধু॥ ১৪॥
পদ॥
মায়াতেসে দেখয় বিৱিধ পৰিছেদ।
স্বৰূপত তোহ্মাৰ নাহিকে কিছু ভেদ॥
চৈতন্যস্বৰূপ ব্যাপি এক নিৰঞ্জন।
তোহ্মাক বুলিবে দ্বৈত কোন অজ্ঞজন॥ ১৬০॥
নিশ্চল নিৰ্ম্মল সূক্ষ্মৰূপ যিটো স্বামী।
দেৱে যাক নজানন্ত কেনে জানো আমি॥
অপৰ তোহ্মাৰ ৰূপ যাৰ ভূজ চাৰি।
পীত বস্ত্ৰে শোভে শঙ্খ চক্ৰ গদাধাৰী॥ ১৬১॥
পিন্ধি আছা ৰত্নময় কুমুতাৰ হাৰ।
হিয়াত শ্ৰীবৎস গলে বনমালা যাৰ॥
সেহিসে মূৰ্ত্তিক আৰাধন্ত দেৱগণে।
তাকেসে ভকতজনে চিন্তে সৰ্ব্বক্ষণে॥ ১৬২॥
বিষয়সাগৰে মজো কমললোচন।
ভকত অভয়দাতা কৰিয়ো মোচন॥
তুমি ব্যতিৰেকে আন নেদেখো কাৰণ।
শ্ৰীমধুসূদন প্ৰভু হুয়োক প্ৰসন্ন॥ ১৬৩॥
নানাবিধ ব্যাধি জড়া শোকে মোক পীড়ৈ।
কৰ্ম্মপাশে বদ্ধ ভৈলো লোভ মোহ নেড়ৈ॥
সংসাৰসাগৰে জল বিষয়ৰ ক্লেশ।
ইন্দ্ৰিয় আৱৰ্ত্ত গ্ৰাহ ভৈল ৰাগদ্বেষ॥ ১৬৮॥
শোকতৃষ্ণাউৰ্মিক দেখন্তে চমৎকাৰ।
অত্যন্ত চঞ্চল অণুমাত্ৰো নুহি সাৰ॥
মায়ায়ে মোহিল হেন সংসাৰত আতি।
চিৰকালে ভ্ৰমো প্ৰভু হুয়া নানা জাতি॥ ১৬৫॥
লভিলোহো জন্ম প্ৰভু অসংখ্য প্ৰমাণ।
পঢ়িলোহো বেদশাস্ত্ৰ অনেক পুৰাণ॥
অসন্তোষ সন্তোষকো লভিলো অপাৰ।
ক্ষয় বৃদ্ধি উদয়কো পাইলো বাৰম্বাৰ॥ ১৬৬॥
সংযোগ বিয়োগ শত্ৰু-মিত্ৰ বান্ধৱৰ।
দেখিলো সংসাৰে পিতৃ-মাতৃক বিস্তৰ॥
সুখ দুঃখ অনুভৱ ভৈল অসংখ্যাত।
পাইলো পুত্ৰ ভ্ৰাতৃ জ্ঞাতি অনেক ইহাত॥ ১৬৭॥
বিষ্ঠা মূত্ৰে পচিলো নাৰীৰ উদৰত।
গৰ্ভবাস দুঃখ প্ৰভু পাইলো নানামত॥
জানিলোহো দুঃখ শিশু যুৱা বৃদ্ধকালে।
মৰণপীড়াক প্ৰভু জানিলোহো ভালে॥ ১৬৮॥
যমপুৰে যেন দুঃখ পাইলো সমস্তকে।
জানিলো যাতনা যেন চৌৰাশী নকৰে॥
কৃমি কীট হস্তী ঘোৰা মৃগ বৃক্ষ পক্ষী।
গৰু উট মহিষ পশুক যত দেখি॥ ১৬৯॥
দ্বিজ শূদ্ৰ ধনী দুখী তপস্বী যতেক।
ৰাজা ৰাজভৃত্য আনো মনুষ্য অনেক॥
সৱাৰো গৃহত বাৰে বাৰে ভৈলো জাত।
অনেকৰ ভৈলো প্ৰভু ভৃত্য অসংখ্যাত॥ ১৭০॥
হওঁ কতো দৰিদ্ৰ ঈশ্বৰ অধিকাৰী।
কতো মোক মাৰৈ কতো ময়ো আছো মাৰি॥
মঞি আনি কাটো কতো মোক ধৰি কাটে।
ভণিল শঙ্কৰে ৰাম ৰাম বোলা ঝাণ্টে॥ ১৭১॥
॥ নৱম কীৰ্ত্তন॥
ঘোষা॥ ও হৰি প্ৰভু জগন্নাথ
নিস্তাৰ কৰা দাৰুণ সংসাৰে।
কৃষ্ণৰ চৰণ ছাড়ি আন গতি
নেদেখো হামাৰে॥ ১৫॥
পদ॥ পিতৃ মাতৃ ভ্ৰাতৃ ভাৰ্য্যাৰ সংযোগে
কতোহো মিলৈ সন্তোষ।
তাহাৰ বিয়োগে কতো শোকে কন্দো
পায়া কতো অসন্তোষ॥
দেৱ মনুষ্যত পশু পতঙ্গত
জগত মধ্যত স্বামী।
চৈধ্যয় ভুৱনে হেন থান নাহি।
যৈক নতু যাওঁ আমি॥ ১৭২॥
কতো নৰকত থাকো কদাচিত
স্বৰ্গক কৰোহো গতি।
মনুষ্যলোকত থাকো কতোবেলা
পশুৰো হওঁ সঙ্গতি॥
জলযন্ত্ৰ চক্ৰে জৰীবদ্ধ হুয়া
খণ্ড ঘট যেন মতে।
কতো উৰ্দ্ধগতি কতো অধ যাই
কতোহো থাকো মধ্যতে॥ ১৭৩॥
কৰ্ম্মে বদ্ধ হুয়া সংসাৰ চক্ৰত
এহিমতে ভগৱন্ত।
ভ্ৰমো চিৰকাল কদাচিতো মঞি
দুঃখৰ নেদেখো অন্ত॥
শোক মোহ তৃষ্ণা আকুল কৰয়
ভৈলো আতি অচেতন।
কিবা কৰো আৱে একোকে নজানো
তোহ্মাত লৈলো শৰণ॥ ১৭৪॥
তোহ্মাৰ ভকত হওঁ যেৱে মঞি
জগন্নাথ কৃপা কৰা।
সংসাৰসাগৰে মজিলো মাধৱ
আমাক প্ৰভু উদ্ধাৰা॥
তুমি ব্যতিৰেকে নাহি বন্ধু আন
যি মোৰ চিন্তা কৰয়।
তুমি হেন যদি নাথ পাওঁ প্ৰভু
কহিতো নাহিকে ভয়॥ ১৭৫॥
তুমি জগদ্ধাতা তোহ্মাৰ চৰণে
ভকতি নভৈল যাৰ।
তাৰ কুল শীল বিদ্যা ব্যৰ্থ সৱে
কি কৰে জীৱন ছাৰ॥
যিটো মোহ হুয়া তোহ্মাক নিন্দয়
অসুৰ স্বভাৱ পাই।
উপজি উপজি নৰকত পড়ৈ
তাহাৰ নিস্তাৰ নাই॥ ১৭৬॥
যৈতে যৈতে গৈয়া জন্ম লভো মঞি
আপুন কৰ্মৰ গতি।
তৈতে তৈতে হৰি তোহ্মাৰ চৰণে
থাকোক দৃঢ় ভকতি॥
দেৱাসুৰ নাগে তোহ্মাক আৰাধি
পাইলেক পৰম সিদ্ধি।
জানিয়া তোহ্মাক নুপূজিবে কোনে
তুলি ভকতৰ নিধি॥ ১৭৭॥
স্তুতি কৰিবাক নাৱাৰে তোহ্মাক
ব্ৰহ্মা আদি দেৱজাক।
মনুষ্য বুদ্ধিয়ে কেনমতে মঞি
কৰিবো স্তুতি তোহ্মাক॥
যিটো মূঢ়ভাৱে কৰিলোহো স্তুতি
তাকো ক্ষমিয়োক মোক।
যদি অপৰাধ কৰৈ তথাপিতো
ক্ষমা কৰৈ সাধু লোক॥ ১৭৮॥
হেন জানি প্ৰভু হুয়োক প্ৰসন্ন
তোহ্মাৰ ভকত আমি।
ভক্তিভাৱে যিটো কৰিলোহো স্তুতি
সাঙ্গ হৌক সৱে স্বামি॥
প্ৰভু বাসুদেৱ তোহ্মাৰ চৰণে
কৰো মঞি নমস্কাৰ।
আন কাম এড়ি বোলা হৰি হৰি
পুৰুষ হৌক উদ্ধাৰ॥ ১৭৯॥
॥ দশম কীৰ্ত্তন॥
ঘোষা॥
হৰি গোৱিন্দ দয়াময় মুৰাৰি ৰাম।
মুখে মোৰ নছাড়োক কৃষ্ণ বিষ্ণু নাম॥ ১৬॥
পদ॥
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ।
ভৈলন্ত গৰুড়ধ্বজ স্তোত্ৰত প্ৰসন্ন॥
দিলন্ত ৰাজাক মনবাঞ্ছিত সকল।
কাৰুণ্য স্তোত্ৰৰ আৱে শুনা যেন ফল॥ ১৮০॥
হৰিক পূজিয়া যিটো নিতে কৰৈ স্তুতি।
তাহাৰ হৈবেক জানা অৱশ্যে মুকুতি॥
ত্ৰিসন্ধ্যাত পঢ়ৈ যিটো স্তোত্ৰ শ্ৰেষ্ঠতৰ।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পাৱৈ নিৰন্তৰ॥ ১৮১॥
যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক।
পাপ ছাড়ি সিও যায় বিষ্ণুৰ স্থানক॥
যিটো দুষ্ট শঠে কৰৈ বেদক লুপুত।
তাত নকহিবা স্তোত্ৰ পৰম গুপুত॥ ১৮২॥
বিষ্ণু ভকতক আক দিবা উপদেশ।
কহিলো কাৰুণ্যস্তৱ তোহ্মাত নিঃশেষ॥
দেৱ মাধৱক ধ্যান কৰৈ যিটো নিত।
বিষ্ণুত প্ৰকাশৈ যেন অগনিত ঘৃত॥ ১৮৩॥
মহাযজ্ঞ বিদ্যাদানে কোন কাৰ্য্য কৰৈ।
মহাউগ্ৰতপ কৰি মিছাতেসে মৰৈ॥
জগতৰ গুৰু মোক্ষদাতা নাৰায়ণ।
তাহান নকৰৈ যিটো শ্ৰৱণ কীৰ্ত্তন॥ ১৮৪॥
সি সি ধন্য সি সি শুদ্ধ সেহিসে পণ্ডিত।
যজ্ঞ তপ গুণে সি সি শ্ৰেষ্ঠ অখণ্ডিত॥
সি সি সত্যবাদী দাতা জ্ঞাতা জগতত।
যাহাৰ ভকতি আছৈ কৃষ্ণ চৰণত॥ ১৮৫॥
হেন স্তুতি কৰি ইন্দ্ৰদ্যুম্ন মহাৰায়।
ভূমিত পৰিল বস্ত্ৰ কুশক বিছাই॥
মহাচিন্তাৱিষ্ট হুয়া কৰিল শয়ন।
কেনমতে হৈব মোৰ কৃষ্ণদৰশন॥ ১৮৬॥
হেন মনে চিন্তি নিদ্ৰা গৈল নৃপবৰ।
স্বপ্নত ৰাজাক দেখা দিলা দামোদৰ॥
জগত গুৰুক ৰাজা দেখিলা সাক্ষাতে।
আঠ অস্ত্ৰ ধৰি আছা আঠখান হাতে॥ ১৮৭॥
শঙ্খ চক্ৰ গদা পদ্ম চাৰু বাৰূ অসি।
সাৰেং বাণ১৮৮ ধৰি আছা গৰুড়ত বসি॥
যেন নীল বৈদুৰ্য্য শৰীৰে কৰে কান্তি।
হৃদয় মধ্যত জ্বলে শুক্ল লোম পান্তি॥ ১৮৮॥
পীত বস্ত্ৰে শোভৈ তনু কটিত মেখলা।
কণ্ঠত কৌস্তুভ শোভৈ গলে বনমালা॥
কিৰীটি কুণ্ডল হাৰ কেয়ূৰ কঙ্কণ।
সৰ্ব্বাঙ্গে প্ৰকাশৈ মহাৰত্নৰ ভূষণ॥ ১৮৯॥
নূপুৰে ৰঞ্জিয়া আছে পাদপদ্ম দুই।
যাক দেখি ধ্যানত ভকত সুখী হুই॥
প্ৰসন্ন বদনে জ্বলে কমললোচন।
যাক দৰশনে হোৱে পাতকমোচন॥ ১৯০॥
যুগান্তৰ সূৰ্য্য যেন আছন্ত প্ৰকাশি।
ৰাজাক বুলিলা হেন বাণী হৰি হাসি॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।
বোলা হৰি হৰি সৱে হৌক সদগতি॥ ১৯১॥
॥ একাদশ কীৰ্ত্তন॥
ঘোষা॥
জয় হৰি গোপাল।
জগন্নাথ কৃপাল॥ ১৭॥
পদ॥
সাধু সাধু মহাৰাজ।
সাৰ্থক তোমাৰ কাজ॥
যজ্ঞ দানে ভক্তিভাৱে।
তুষিলা আমাৰ পাৱে॥ ১৯২॥
কৰা অনুশোচ বৃথা।
জানিলো তোমাৰ কথা।
প্ৰতিমা থাপিবা ঐত।
শুনা তাক পাইবা যৈত॥ ১৯৩॥
ৰজনী প্ৰভাতে বীৰ।
যাইবা সাগৰৰ তীৰ॥
বৃক্ষক দেখিবা পাছে।
জল থল মাজে আছে॥ ১৯৪॥
ঢউ লাগি সাগৰৰ।
নকম্পন্ত তৰুবৰ॥
হাতত পৰশু লৈয়া।
একলে দেখিবা গৈয়া॥ ১৯৫॥
ছেদিবা নিঃশঙ্কমতি।
প্ৰতিমা সাজিবা তৈতি॥
নিচিন্তিবা মহাৰথ।
হৈব সিদ্ধি মনোৰথ॥ ১৯৬॥
ৰাজাক প্ৰবোধ কৰি।
অন্তৰ্দ্ধান ভৈলা হৰি॥
দেখি স্বপ্ন বিপৰীত।
ভৈল ৰজা সচকিত॥ ১৯৭॥
বিষ্ণুমন্ত্ৰ জপ কৰি।
হৰিক মনত ধৰি॥
ৰজনী কৰিয়া ক্ষয়।
উঠি পাছে মহাশয়॥ ১৯৮॥
সাগৰত কৰি ম্নান।
দিলন্ত বিৱিধ দান॥
নিত্যকৰ্ম্ম সাঙ্গ কৰি।
হাতত পৰশু ধৰি॥ ১৯৯॥
হৰিক স্মৰিয়া বীৰ।
লড়ি গৈলা ধীৰে ধীৰ॥
নাহিকে সাৰথি ৰথ।
একেশ্বৰে মহাৰথ॥ ২০০॥
পাইলা তীৰ সাগৰৰ।
দেখিলন্ত তৰুবৰ॥
নাহি তাৰ নাম জাতি।
থূলন্তৰ উচ আতি॥ ২০১॥
মঞ্জাঠিৰ বৰ্ণ সম।
দেখি আতি মনোৰম॥
পড়িয়া জলৰ কাছে।
যেন সুখে সুতি আছে॥ ২০২॥
বিষ্ণুৰ বৃক্ষক পাই।
আনন্দিত মহাৰায়।
কৃষ্ণৰ কিঙ্কৰে ভণে।
হৰি বোলা সৰ্ব্বজনে॥ ২০৩॥
॥ দ্বাদশ কীৰ্ত্তন॥
ঘোষা॥
ভাই ৰাম কহ ৰাম কহ ৰামমন্ত্ৰ সাৰ।
তপ জপ যজ্ঞ যোগে সিদ্ধি নাহি আৰ॥ ১৮॥
পদ॥
তীক্ষ্ণতৰ পৰশু উচায়া হাত উড়ি।
ছেদিলন্ত আনন্দে বৃক্ষৰ আগ গুড়ি॥
দুই ফাল কৰিবাক চাহন্তে নৃপতি।
আসিলন্ত হৰি বিশ্বকৰ্ম্মায়ে সহিতি॥ ২০৪॥
দিব্য গন্ধমালা পিন্ধি ধৰি বিপ্ৰৰূপ।
ৰাজাক বোলন্ত ঐত কি কৰাহা ভূত॥
কি কাৰ্য্যে ছেদিলা ইটো মহা তৰুবৰ।
নিৰ্জ্জন স্থানত কেনে থাকা একেশ্বৰ॥ ২০৫॥
শুনিয়া নৃপতি তাসম্বাক চাইলা পাছে।
যেন চন্দ্ৰ সূৰ্য্য দুয়ো প্ৰকাশন্তে আছে।
নমস্কাৰ কৰি ৰাজা বুলিলা বচন।
শুনিয়োক দুয়ো গুৰু মোৰ প্ৰয়োজন॥ ২০৬॥
মাধৱক আৰাধিবে মোৰ ভৈল মতি।
সাজিবোহো দাৰুময়ী প্ৰতিমা সম্প্ৰতি॥
স্বপ্নত আদেশ মোক দিলা নাৰায়ণ।
কহিলো তোমাৰ আগে স্বৰূপ বচন॥ ২০৭॥
হেন শুনি বিপ্ৰৰূপধাৰী চক্ৰপাণি।
তুষ্ট হুয়া নৃপতিক বুলিলন্ত বাণী॥
ধন্য ধন্য ৰাজা বুদ্ধি উত্তম তোহ্মাৰ।
সংসাৰ সাগৰে আত কিছু নাহি সাৰ॥ ২০৮॥
যেন জল বুদবুদ তিলে হোৱৈ ছন্ন।
বিষ্ণু আৰাধিতে তযু সম্পজিল মন॥
কিনো ভাগ্যৱতী সসাগৰা বসুমতী।
যাহাৰ পালক ভৈলা আপুনি নৃপতি॥ ২০৯॥
আসিয়োক ঐক এৰি সাগৰৰ তীৰ।
তৰুতলে আমি সৱে থাকো মহাবীৰ॥
এহেন্তে ব্ৰাহ্মণ বিশ্বকৰ্ম্মা সমগুণী।
এখনে দিবন্ত সাজি প্ৰতিমা আপুনি॥ ২১০॥
হেন শুনি এড়ি ৰাজা সাগৰৰ তট।
তৰুতলে ৰৈলা চাপি বিপ্ৰৰ নিকট॥
পাছে বিশ্বকৰ্ম্মাক বুলিলা হৰি বাণী।
সাজি তিনি প্ৰতিমা এখনে দিয়া আনি॥ ২১১॥
কৃষ্ণ বলভদ্ৰ আৰ সুভদ্ৰা ভগিনী।
যাৰ যেন লক্ষণ নিৰ্মিয়ো ভিনি ভিনি॥
শুনি বিপ্ৰৰূপী বিশ্বকৰ্ম্মা গৈলা লড়ি।
তিনিৰো প্ৰতিমা তেতিক্ষণে দিলা গঢ়ি॥ ২১২॥
প্ৰথমে নিৰ্ম্মিলা বলভদ্ৰ শুক্লকায়।
আৰকত আখি ফণা শিৰত শুহায়॥
গাৱে নীল বস্ত্ৰ কৰ্ণে এগোটা কুণ্ডল।
এক হাতে গদা আউৰ হাতত মূষল॥ ২১৩॥
কৃষ্ণক নিৰ্মিলা তনু মেঘসম জ্বলে।
পদ্মসম লোচন শ্ৰীবৎস বক্ষঃস্থলে॥
গাৱে পীত বস্ত্ৰ অস্ত্ৰ চক্ৰ আছে কৰে।
যাক দৰশনে জগতৰে পাপ হৰে॥ ২১৪॥
সাজিলা সুভদ্ৰা তনু সুৱৰ্ণ গৌৰাঙ্গ।
ৰত্নময় অলঙ্কাৰে প্ৰকাশে সৰ্ব্বাঙ্গ॥
দিব্য বস্ত্ৰে আবৃত উন্নত তন দুই।
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই॥ ২১৫॥
॥ ত্ৰয়োদশ কীৰ্ত্তন॥
ঘোষা॥
কমলাকান্ত কৰা কৃপা কৰুণাসাগৰ॥ ১৯॥
পদ॥
ক্ষণেকতে সাজিল প্ৰতিমা।
দেখি ৰাজা পৰম মহিমা॥
বুলিলাহা বিস্ময়ে বচন।
নোহো নৰ তোৰা দুয়োজন॥ ২১৬॥
কিবা তোৰা দুয়ো সূৰ্য্য শশী।
ব্ৰহ্মা ৰুদ্ৰ কিবা আছা আসি॥
নজানোহো স্বৰূপ সাক্ষাত।
কৈয়ো সত্যে শৰণ তোহ্মাত॥ ২১৭॥
শুনি বিষ্ণু বুলিলা বচন।
নোহো ব্ৰহ্মা ৰুদ্ৰ আন জন॥
মঞি হৰি জগত ঈশ্বৰ।
মোতে আছৈ যত চৰাচৰ॥ ২১৮॥
বেদান্ততো মোকেসে কহৱৈ।
মোক স্মৰি পাতক দহৱৈ॥
তুষ্ট হুয়া দেখা দিলো আগে।
লৈয়ো বৰ ৰাজা যেহি লাগে॥ ২১৯॥
স্বপ্নতো নেদেখৈ পাপী মোক।
তুমি মোৰ মহাভক্ত লোক॥
যতেক পূজিলা নাহি লেখা।
তাতেসে তোমাক দিলো দেখা॥ ২২০॥
শুনি ৰাজা তনু লোমাঞ্চিত।
কৰৈ স্তুতি পড়িয়া ভূমিত॥
লক্ষ্মীকান্ত তোহ্মাক প্ৰণাম।
তনু যাৰ জ্বলৈ মেঘশ্যাম॥ ২২১॥
কৰে শঙ্খ চক্ৰ পদ্ম গদা।
তুমি শ্ৰীৰ নিৱাস সৰ্ব্বদা॥
সুতি থাকা ভুজঙ্গ শয্যাত।
তুমি ব্ৰহ্ম ব্যাপক সাক্ষাত॥ ২২২॥
তুমি সূক্ষ্ম নিৰ্ম্মল নিৰ্গুণ।
সৃষ্টি স্থিতি লয়ত নিপুণ॥
মোক্ষপদ জগত ঈশ্বৰ।
কৰো পড়ি প্ৰণাম বিস্তৰ॥ ২২৩॥
দুনাই দুনাই কৰো নমস্কাৰ।
কৰা প্ৰভু আমাক উদ্ধাৰ॥
তুমি দিয়া ভুকুতি মুকুতি।
কৰো সেৱা এহিসে যুগুতি॥ ২২৪॥
দুনাই ৰাজা পৃথিৱীত পৰি।
বিষ্ণুক বোলন্ত কৰ যুৰি॥
ঋষিগণ দেৱাসুৰ বল।
যত যোগী সন্যাসীসকল॥ ২২৫॥
যিটো পদ সদা কৰৈ ধ্যান।
ইছা তাক তৈতে দিয়া স্থান॥
মাধৱে বোলন্ত এহি হোক।
অন্তকালে পাইবা গৈয়া মোক॥ ২২৬॥
নকৰিবা সংশয় ইহাত।
নিষ্ঠ কৰি বুলিলো তোহ্মাত।
কৃষ্ণৰ কিঙ্কৰে এভু ভণে।
হৰি হৰি বোলা সৰ্ব্বজনে॥ ২২৭॥
॥ চতুৰ্দ্দশ কীৰ্ত্তন॥
ঘোষা॥
কৃষ্ণ মুৰাৰি ৰাম কৰো পৰিয়া প্ৰণাম।
মোৰ মুখে নছাড়োক হৰি হেন নাম॥ ২০॥
পদ॥
নৱ শতাধিক দশ হাজাৰ বৎসৰ।
অখণ্ডে ভুঞ্জিয়ো ইটো ৰাজ্য নৃপবৰ॥
পাছে মোৰ পৰম পদক পাইবা তুমি।
থাকিবে তোমাৰ কীৰ্ত্তি যাৱে থাকে ভূমি॥ ২২৮॥
যাৱে চন্দ্ৰ সূৰ্য্য থাকৈ সপত সাগৰ।
ভ্ৰমিবে তোহ্মাৰ যশ ত্ৰৈলোক্য ভিতৰ॥
যজ্ঞ-অৱশেষ যত জল অনুপাম।
হুইবে তীৰ্থ ইন্দ্ৰদ্যুম্ন-সৰোবৰ নাম॥ ২২৯॥
আত স্নান কৰিয়া যাইবেক ইন্দ্ৰ থানে।
একৈশ পুৰুষ উদ্ধাৰিবে পিণ্ডদানে॥
অপেস্বৰা গন্ধৰ্ব্বে কৰিবে নৃত্যগীত।
চৈধ্য ইন্দ্ৰ পড়ে মানে থাকিবে তহিত॥ ২৩০॥
হদৰ নৈঋত কোনে আছে সিদ্ধ বট।
দিব্য মণ্ডপেক আছে তাহাৰ নিকট।
বহুবিধ পুষ্পবনে সদায় আবৃত।
পতাকা তোৰণ ধ্বজদণ্ডে অলঙ্কৃত॥ ২৩১॥
আষাঢ়ৰ শুক্লা পঞ্চমীত আমাসাক।
সেহি মণ্ডপতে ৰথ থৈয়া বেশ্যাজাক।
উৎসৱে বিঞ্চিবে চামৰক কৰে ধৰি।
যতি সিদ্ধ সন্ন্যাসী থাকিবে তুতি কৰি॥ ২৩২॥
আহ্মাক দেখিয়া যিটো প্ৰণামে তহিত।
মহাৰঙ্গে বঞ্চিবেক বিষ্ণুৰ পুৰীত॥
দিব্য দশ হাজাৰ বৎসৰ থাকি তৈত।
চতুৰ্ব্বেদী ব্ৰাহ্মণ হৈবেক আসি ঐত॥ ২৩৩॥
হৈবেক শ্ৰীমন্ত কোটি ধনৰ ঈশ্বৰ।
ৰজাক সম্বুধি এহিমতে দিয়া বৰ॥
বিশ্বকৰ্ম্মে সহিতে ভৈলন্ত অন্তৰ্হিত।
দেখি নৃপতিৰ তনু ভৈল লোমাঞ্চিত॥ ২৩৪॥
কৃতকৃত্য ভৈল দেখি হৰিৰ মহিমা।
ৰথে তুলি লৈয়া গৈলা তিনিৰো প্ৰতিমা॥
অনেক মাঙ্গল্য বাদ্যভাণ্ড বাৱৈ ছানি।
বিপ্ৰগণে আগত কৰন্ত বেদধ্বনি॥ ২৩৫॥
বিচিত্ৰ পৱিত্ৰ স্থানে প্ৰতিমা থৱাইলা।
শুভ তিথি শুভ ক্ষণে প্ৰতিষ্ঠা কৰাইলা।
দিলা দান দক্ষিণা ঋত্বিজ আচাৰ্য্যক।
ৰত্ন ধন ধান্য দিলা আনো ব্ৰাহ্মণক॥ ২৩৬॥
এহিমতে প্ৰতিষ্ঠা কৰিয়া বিধিৱত।
থাপিলা প্ৰতিমা নিয়া বিচিত্ৰ দৌলত॥
উত্তৰত কৃষ্ণ বলভদ্ৰ দক্ষিণত।
সুভদ্ৰাক থৈলা নিয়া দুহানো মধ্যত॥ ২৩৭॥
পূজিলন্ত গন্ধে ধূপে নানা উপহাৰে।
সুৱৰ্ণ মুকুতা মণিবস্ত্ৰ অলঙ্কাৰে॥
দিলন্ত আসন গ্ৰাম নগৰ অশেষ।
দাসী দাস উৎসৰ্গিয়া দিলন্ত বিশেষ॥ ২৩৮॥
জগন্নাথ থাপি ৰাজা পূৰি মনোৰথ।
ভুঞ্জিলন্ত অকণ্টক ৰাজ্য মহাৰথ॥
অন্তকালে এড়ি ইটো উত্তম সম্পদ।
সুখে পাইলা বিষ্ণুৰ পৰম যিটো পদ॥ ২৩৯॥
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ।
কহিলো ক্ষেত্ৰৰ ইটো যতেক লক্ষণ॥
বুলিয়োক আন কিবা শুনিবাক বাঞ্ছা।
বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইছা॥ ২৪০॥
॥ পঞ্চদশ কীৰ্ত্তন॥
ঘোষা॥ ও ভাই ভাবিয়ো ৰাম চিন্তিয়ো ৰাম
ৰামনাম জোনো ছাড়া।
ৰামকৃষ্ণ নাম অস্ত্ৰক ধৰিয়া
পাপ বিপক্ষক তাড়া॥ ২১॥
পদ॥ দুনাই মুনিগণে ব্ৰহ্মাত পুছন্ত
কহিয়ো ক্ষেত্ৰৰ বিধি।
কোন সময়ত ক্ষেত্ৰত যাত্ৰাক
কৰিলে হৈবেক সিদ্ধি।
কৃষ্ণ দৰশনে কোন ফল হোৱৈ
তাকো কহিবাক লাগে।
হেন শুনি ব্ৰহ্মা কহিবে লাগিলা
ঋষি-সমূহৰ আগে॥ ২৪১॥
কুৰুক্ষেত্ৰে গৈয়া নিৰাহাৰ হুয়া
পৰম তপে যুগুত।
ইন্দ্ৰিয়ক দমি একপদে থাকে
বৰিষ শত অযুত॥
যিটো জ্যৈষ্ঠ মাস শুক্লা দ্বাদশীত
কৃষ্ণৰ মুখকমল।
দেখে উপৱাসে সিটো নৰে পাৱে
তাহাতো অধিক ফল॥ ২৪২॥
পঞ্চ তীৰ্থ কৰি যিটো দ্বাদশীত
কৃষ্ণমুখ দেখে যাই।
অপ্ৰয়াসে সিটো বিষ্ণুপুৰী পাৱে
দুনাই পতন নাই॥
হেন জানি যত্নে জ্যৈষ্ঠত যাত্ৰাক
কৰিবা সমস্ত নৰে।
পঞ্চ তীৰ্থ কৰি বিষ্ণুক দেখিবা
ধৰ্ম্ম নাহি আত পৰে॥ ২৪৩॥
বিদূৰতে থাকি যিটো প্ৰতিদিনে
কৃষ্ণৰ কীৰ্ত্তন কৰে।
আতি অপ্ৰয়াসে বিষ্ণুপুৰী পাৱে
শুদ্ধ হুয়া সিও নৰে॥
কৃষ্ণৰ যাত্ৰাক কৰে যিটো নৰে
পৰম ভকতিভাৱে।
সমস্ত পাতক দূৰ কৰি সিও
বিষ্ণুৰ পুৰীক পাৱে॥ ২৪৪॥
মাধৱৰ ধ্বজ- দণ্ডক যি নৰে
দেখয় দৌল উপৰে।
ভূমিত পৰিয়া প্ৰণাম কৰিয়া
পাপ সাগৰক তৰে॥
আত পৰে শুনা পঞ্চ তীৰ্থ বিধি
যেন ফল স্নান দানে।
ভণিল শঙ্কৰে শুনা সৱে নৰে
হৰি বোলা সাৱধানে॥ ২৪৫॥
॥ ষোড়শ কীৰ্ত্তন॥
ঘোষা॥ হৰি ৰাম হৰি ৰাম ৰঘুনাথ হে।
ৰাম ৰাম নছাড়োক মুখে না হে॥ ২২॥
পদ॥ মাৰ্কণ্ডেয় হদে গৈয়া উত্তৰক মুখ দিয়া
হেন মন্ত্ৰ কৰিবে উচাৰ।
শুদ্ধ হুয়া ক্ৰোধ জিনি বুৰ দিয়া বাৰ তিনি
শুনিয়োক যেন মন্ত্ৰ তাৰ॥
সংসাৰ সাগৰে মগ্ন পাপগ্ৰস্ত অচেতন
মোত পৰে নাই দুৰাচাৰ।
প্ৰভু ভগনেত্ৰহাৰী ত্ৰাহি ত্ৰাহি ত্ৰিপুৰাৰি
তোহ্মাৰ চৰণে নমস্কাৰ॥ ২৪৬॥
নমো শিৱ মহা শান্ত সমস্ত পাপৰ অন্ত
স্নান কৰো মাৰ্কণ্ডেয় হদে।
মোৰ যত পাপচয় নিৰন্তৰে হোক ক্ষয়
প্ৰণাম কৰোহো তযু পদে॥
নাভি মাত্ৰ জলে নামি বিধিৱতে দেৱ ঋষি
তিলোদকে কৰিব তৰ্পণ।
স্নান অৱসানে পাছে শিৱৰ দৌলেক আছে
তাক লাগি কৰিব গমন॥ ২৪৭॥
তিনি প্ৰদক্ষিণ কৰি পূজি মূল মন্ত্ৰ পঢ়ি
শিৱৰ লিঙ্গক একমতি।
পৰিয়া প্ৰণাম কৰি উঠি পুটাঞ্জলি ধৰি
কৰিব হৰক হেন তুতি॥
নমো নমো ত্ৰিনয়ন শিৰে শশী বিভূষণ
প্ৰভু বিৰূপাক্ষ মহাদেৱ।
তুমি বিনা নাহি আন কৰা মোক পৰিত্ৰাণ
তোমাৰ চৰণে কৰো সেৱ॥ ২৪৮॥
কহিলো তহিৰ কথা হেন মন্ত্ৰ পঢ়ি তথা
দশ অশ্বমেধ ফল পাইব।
শিৱলোকে ভোগ ভুঞ্জি পাছে শিৱযোগ যজি
শিৱৰ শৰীৰে লীন যাইব॥
অনন্তৰে কল্পবৃক্ষ বটৰ মূলক গৈয়া
প্ৰদক্ষিণ কৰি তিনিবাৰ।
পৰম ভকতিভাৱে পূজিব বটৰ পাৱে
হেন মন্ত্ৰ কৰিব উচাৰ॥ ২৪৯॥
॥ সপ্তদশ কীৰ্ত্তন॥
ঘোষা॥
প্ৰণামো পৰম পুৰুষ ৰাম।
নুগুচোক মুখে মাধৱ নাম॥ ২৩॥
পদ॥
নমো ব্ৰহ্মৰূপী প্ৰলয়গামী।
আছা মহেন্দ্ৰৰ উপৰে তুমি॥
প্ৰণাম কৰো বট তৰুবৰ।
প্ৰলয় কালতো তুমি অমৰ॥ ২৫০॥
তুমিসি হৰিৰ মুখ্য আশ্ৰয়।
প্ৰণামো বট পাপ কৰা ক্ষয়॥
প্ৰণামিয়া হেন মন্ত্ৰ উচৰি।
বটক নৰে প্ৰদক্ষিণ কৰি॥ ২৫১॥
তেতিক্ষণে ছাড়ৈ সমস্তে পাপ।
যিমতে জীৰ্ণ চোঞ্চা এড়ৈ সাপ॥
বটৰ সিটো ছায়া পৰশনে।
ব্ৰহ্ম হত্যা নষ্ট হোৱৈ তেখনে॥ ২৫২॥
আন পাতকৰ কি কৈবো কথা।
স্বৰূপ বচন নাহি অন্যথা॥
ৰাজসূয় অশ্বমেধৰ ফল।
বট দৰশনে পাৱে সকল॥ ২৫৩॥
উদ্ধৰি বংশ ব্ৰহ্মলোকে যাই।
এক কল্প মানে পতন নাই॥
গৰুড় আছন্ত কৃষ্ণ সম্মুখে।
তাঙ্ক নমস্কাৰ কৰিব সুখে॥ ২৫৪॥
সমস্ত পাপক কৰিয়া দূৰ।
অপ্ৰয়াসে পাৱৈ বিষ্ণুৰ পুৰ॥
দেখিয়া বট গৰুড়ৰ আগে।
দৌলত পাছে প্ৰৱেশিৱে লাগে॥ ২৫৫॥
ৰামক তিনি প্ৰদক্ষিণ কৰি।
প্ৰণামিব হেন মন্ত্ৰ উচৰি॥
নমো হলধৰ ৰেৱতীপতি।
ভকত বৎসল কৰো প্ৰণতি॥ ২৫৬॥
নমো হলধৰ বলীত শ্ৰেষ্ঠ।
প্ৰলম্ব বৈৰী নমো কৃষ্ণ জ্যেষ্ঠ॥
বলোক এহিমতে তুতি কৰি।
বিষ্ণুপুৰী পাৱে পাতক তৰি॥ ২৫৭॥
কল্পেক মহাভোগ ভুঞ্জি তৈত।
বেদবিদ হুয়া উপজৈ ঐত॥
মহাসুখে জানি জ্ঞান যুগুতি।
পৰম দুৰ্ল্লভ পাৱৈ মুকুতি॥ ২৫৮॥
কৃষ্ণক পূজিব পাছে সাদৰি।
দ্বাদশ অক্ষৰ মন্ত্ৰ উচৰি॥
সিটো মন্ত্ৰে পাৱৈ যিমত গতি।
নপাৱয় যোগী জ্ঞানী সম্প্ৰতি॥ ২৫৯॥
জানিয়া হেন মন্ত্ৰ উচৰিয়া।
গন্ধপুষ্প ধূপ নৈৱেদ্য দিয়া॥
কৃষ্ণক অৰ্চিয়া কৰিবে তুতি।
বোলা হৰি হৰি হৌক মুকুতি॥ ২৬০॥
॥ অষ্টাদশ কীৰ্ত্তন॥
ঘোষা॥ এ ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন।
ৰাম নিৰঞ্জন হৰি॥ ২৪॥
পদ॥ জয় কৃষ্ণ জয় জয় জগন্নাথ
সৰ্ব্ব পাপবিনাশন।
জয়তি চাণূৰ কেশীৰ অন্তক
জয় কংসনিসূদন॥
জয় পদ্মপত্ৰ- সদৃশ লোচন
ধৰি আছা চক্ৰ গদা।
জয় নীল মেঘ- সম শ্যাম জয়
সৰ্ব্ব সুখদাতা সদা॥ ২৬১॥
জয় জগতৰ পূজ্য জয় ভৱ
নাশন সন্তৰ গতি।
জয় ভকতৰ বাঞ্ছা ফলদাতা
জয় নাথ লোকপতি॥
দুৰ্ঘোৰ সংসাৰ আত নাহি সাৰ
অপাৰ সাগৰ যেন।
কামক্ৰোধগ্ৰাহে সদায় আকুল
দুঃখচয় ভৈল ফেন॥ ২৬২॥
বিষয় উদকে পলম্পি আছয়
মহামোহে আত পাক।
ৰোগে ভৈল ঢউ ইহাতে মজিলো
উদ্ধাৰা প্ৰভু আহ্মাক॥
এহিমতে তুতি কৰিয়া কৃষ্ণক
দেৱৰ ঈশ্বৰ হৰি।
মহাবাহু মহা বক্ষঃস্থলে আছা
শঙ্খ চক্ৰ গদা ধৰি॥ ২৬৩॥
ভূষণে ভূষিত গলে বনমালা
পদ্মপত্ৰ সম আখি।
দণ্ডৱতে পড়ি প্ৰণাম কৰিবে
হেনয় কৃষ্ণক দেখি॥
এহিমতে পড়ি কৃষ্ণক প্ৰণাম
কৰৈ যিটো ভক্তিভাৱে।
অশ্বমেধ যজ্ঞ সহস্ৰৰ ফল
তাৱক্ষণে সিটো পাৱে॥ ২৬৪॥
সমস্তে তীৰ্থত যজ্ঞত দানত
ব্ৰতত যি ফল পাৱৈ।
ব্ৰহ্মচাৰী গৃহী বানস্থ সন্ন্যাসী
চাৰিও সি ফল পাৱৈ॥
কৃষ্ণ দৰশনে সেহি ফল পাৱৈ
কি কৈবো আউৰ বিস্তৰ।
কৃষ্ণক দেখিয়া প্ৰণাম কৰিলে
হৈবেক মোক্ষ লোকৰ॥ ২৬৫॥
কোটি কল্পে যত পাপ আছে কৰি
সিও তেতিক্ষণে এড়ৈ।
একৈশ পুৰুষ উদ্ধাৰি বিমানে
বিষ্ণুৰ পুৰীক লড়ৈ॥
তিনি শত কল্প ভোগ্য ভুঞ্জে তৈত
যেন চতুৰ্ভুজ হৰি।
দুনাই শ্ৰেষ্ঠ দ্বিজ কুলত উপজৈ
গুণে নাহি তাক সৰি॥ ২৬৬॥
সৰ্ব্বভূত হিত- ৰত শান্ত দাতা
সত্যবাদী সৰ্ব্বজান।
অন্তকালে সিও মুকুতিক পাৱৈ
লভিয়া বৈষ্ণৱী জ্ঞান॥
তাত পাছে মন্ত্ৰে সুভদ্ৰাক পূজি
প্ৰণামি কৰিব তুতি।
নমো ব্ৰহ্মগামী দেৱীক প্ৰণামো
দিয়োক মোক মুকুতি॥ ২৬৭॥
কমললোচনী নমো কাত্যায়নী
কৰা মোক পৰিত্ৰাণ।
বলোৰ ভগিনী সুভদ্ৰাক নমি
পাৱৈ বিষ্ণুলোকে স্থান॥
এক কল্প মানে দেৱে যেন ক্ৰীড়ৈ
পাছে বিপ্ৰ হোৱৈ আসি।
অন্তকালে সিও মুকুতিক পাৱৈ
বৈষ্ণৱ যোগ১৯১ অভ্যাসি॥ ২৬৮॥
॥ ঊনৱিংশ কীৰ্ত্তন॥
ঘোষা॥
ৰাম গোপাল ত্ৰাহি প্ৰভু পশিলো শৰণে।
কত নিৱেদিবো দুখ তোহ্মাৰ চৰণে॥ ২৫॥
পদ॥
বলো কৃষ্ণ সুভদ্ৰাক নমি ভক্তিভাৱে।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ সমস্তকে পাৱে॥
কৃতকৃত্য হুয়া পাছে দৌলৰ বজাইব।
বিষ্ণুৰ থানক নমি আউৰ স্থানে যাইব॥ ২৬৯॥
যৈতে আছে ইন্দ্ৰনীলময় বনমালী।
গুপুত কৰিয়া তাঙ্ক ঢাকি আছে বালি॥
সেহি ঠাইতো গৈয়া তাঙ্ক নমস্কাৰ কৰি।
বিষ্ণুপুৰী পাৱৈ নৰে পুৰুষ উদ্ধাৰি॥ ২৭০॥
তহিতে আছন্ত নৰসিংহ-ৰূপ হৰি।
মহা ভক্তিভাৱে তাঙ্ক নমস্কাৰ কৰি॥
নাহিকে সংশয় এড়াই পাতকসকল।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ পাৱৈ চাৰি ফল॥ ২৭১॥
অনন্তক নমে গৈয়া মহাভক্তিভাৱে।
পাপ ছাড়ি পৰম পদক সিও পাৱে॥
মঞি ইন্দ্ৰে পূজিলোহোঁ ৰামে বিভীষণে।
হেন অনন্তক আৰ নুপূজিবে কোনে॥ ২৭২॥
শ্বেত গঙ্গাজলে বিধিৱতে স্নান কৰে।
পাছে শ্বেত মাধৱক দেখৈ যিটো নৰে॥
মৎস্য মাধৱক গৈয়া হোৱৈ দৰশন।
অন্তকালে কৰৈ শ্বেতদ্বীপক গমন॥ ২৭৩॥
পাছে চলি যাইব যৈত আছে স্বৰ্গদ্বাৰ।
আলিঙ্গিয়া কাষ্ঠক কৰিব নমস্কাৰ॥
দেখি উগ্ৰসেন গৈয়া সাগৰৰ তীৰ।
বিষ্ণুক চিন্তিব তৈত চিত্ত কৰি থিৰ॥ ২৭৪॥
জলত নামিয়া পাছে অঙ্গন্যাস কৰি।
পঢ়িব কৱচ মনে নাৰায়ণ স্মৰি॥
মঞি নাৰায়ণ শঙ্খ চক্ৰ গদাপাণি।
হেন চিন্তি উচাৰিব ইটো মন্ত্ৰ বাণী॥ ২৭৫॥
তুমি অগ্নি সমস্ত ভূততে শ্ৰেষ্ঠ তুমি।
জীৱৰো ঈশ্বৰ অমৃতৰো জন্মভূমি॥
নাথ তীৰ্থৰাজ কৰো তোহ্মাক প্ৰণাম।
হৰিয়ো পাতক দিয়া অভিমত কাম॥ ২৭৬॥
হেন উচাৰিয়া বিধিৱতে স্নান কৰে।
তেৱেসে স্নানৰ সৱে ফল পাৱৈ নৰে॥
অন্তৰ্জলে নামি কৰি অঘ মৰিষণ।
তীৰত উঠিয়া পাচে পিন্ধিব বসন॥ ২৭৭॥
সন্ধ্যা আচৰিব কৰি সূৰ্য্যক বন্দন।
তিলে জলে বিধিৱতে কৰিব তৰ্পণ॥
শৰীৰত থৈয়া তিল পিতৃক তৰ্পয়।
ৰুধিৰ মাংসক সৱে পিতৃক অৰ্পয়॥ ২৭৮॥
জলে থাকি জলাঞ্জলি নিদিব ভূমিত।
থলে থাকি জলত নেদিব কদাচিত॥
জলত থাকিয়া কৰৈ থলত তৰ্পণ।
ব্যৰ্থ হুই তাৰ নপাৱন্ত পিতৃগণ॥ ২৭৯॥
দিব জলাঞ্জলি পৃথিৱীত পাড়ি কুশ।
মহা তুষ্ট হোন্ত তেৱে যতেক পুৰুষ॥
ক্ষেত্ৰৰ মহিমা কহে কৃষ্ণৰ কিঙ্কৰে।
বোলা হৰি ভষ্ম হোক পাপ নিৰন্তৰে॥ ২৮০॥
॥ ৱিংশ কীৰ্ত্তন॥
ঘোষা॥
ৰঙ্গে ফাঙ্কু খেলে চৈতন্য বনমালী।
দুয়োহাতে ফাল্গু-গুড়া সিঞ্চন্ত মুৰাৰি॥ ২৬॥
পদ॥
আছে যত নদী নদ তীৰ্থ পৃথিৱীত।
জ্যৈষ্ঠ মাসে আসে শুক্লা দশমী তিথিত॥
প্ৰত্যেকে থাকন্ত তৈত আসি দিন সাত।
স্নান দান কৰিলে অক্ষয় হোৱৈ তাত॥ ২৮১॥
দশ পাপ হৰৈ পদে দশহাৰা নাম।
তাত দেখৈ যিজনে সুভদ্ৰা কৃষ্ণ ৰাম॥
সমস্ত পাতক তাৰ হৱৈ মষিমূৰ।
অন্তকালে মহাসুখে পাৱৈ বিষ্ণুপুৰ॥ ২৮২॥
উত্তৰাৰ্ক দক্ষিণাৰ্ক দিনা যিটো নৰে।
ৰাম কৃষ্ণ সুভদ্ৰাক দেখন্ত সাদৰে॥
প্ৰণাম কৰন্ত পড়ি হুয়া শুদ্ধমতি।
সিও বিষ্ণুলোকক আনন্দে কৰৈ গতি॥ ২৮৩॥
ফাল্পুনীত গোৱিন্দক তুলিয়া দৌলত।
দৌলযাত্ৰা কৰৈ মহোৎসৱে সিবেলাত॥
তাত গোৱিন্দক যত্নে দেখৈ যিটোজনে।
গোৱিন্দৰ পুৰে সিও বঞ্চৈ ৰঙ্গমনে॥ ২৮৪॥
বিষুদিনা বিধিৱতে পঞ্চ তীৰ্থ কৰি।
শুদ্ধমনে দেখয় সুভদ্ৰা ৰাম হৰি॥
সিওজনে সমস্ত যজ্ঞৰ ফল পাইব।
পাতক নিস্তৰি বিষ্ণুভুৱনক যাইব॥ ২৮৫॥
বৈশাগ মাসৰ শুক্লা তৃতীয়া তিথিত।
কৰাৱৈ চন্দনযাত্ৰা আতি বিপৰীত॥
চন্দনে ভূষিত কৰি কৃষ্ণৰ শৰীৰ।
তাঙ্ক দেখি যাইব নৰ বিষ্ণুৰ মন্দিৰ॥ ২৮৬॥
মিলৈ জ্যৈষ্ঠ মাসে জ্যেষ্ঠা ৰাশি ঋক্ষযোগে।
ক্ষেত্ৰক যাইবেক নৰ পৰম উদ্যোগে॥
উদ্ধাৰি একৈশ কুল তাসম্বে সহিতে।
মহাৰঙ্গে বঞ্চৈ সিটো বিষ্ণুৰ পুৰীতে॥ ২৮৭॥
যেৱে মহা জ্যেষ্ঠা মিলে নক্ষত্ৰ সংযোগ।
ক্ষেত্ৰক যাইবেক নৰে পৰম উদ্যোগ॥
ৰাম কৃষ্ণ সুভদ্ৰাক দেখিব যতনে।
দ্বাদশ যাত্ৰাৰ ফল লভিব তেখনে॥ ২৮৮॥
প্ৰয়াগ প্ৰমুখ্যে তীৰ্থ আছে যত মানে।
যেন ফল পাৱৈ তাসম্বাত স্নান দানে॥
সূৰ্য্য গ্ৰহণৰো যত পুণ্য নিৰন্তৰে।
পাৱৈ মহাজ্যৈষ্ঠীত কৃষ্ণক দেখি নৰে॥ ২৮৯॥
মহাসুখে এক শত কুলক উদ্ধাৰি।
বিষ্ণুলোকে ভুঞ্জৈ ভোগ্য কল্প সংখ্যা কৰি॥
দুনাই দ্বিজ হুয়া কৰে বিষ্ণুত ভকতি।
বিষ্ণু-যোগ লভি সাধে পৰম মুকুতি॥ ২৯০॥
ব্ৰহ্মায়ে বোলন্ত শুনিয়োক মুনিগণ।
কহিলো তোমাত সৱে ক্ষেত্ৰৰ লক্ষণ॥
বুলিয়োক আৰ কিবা শুনিবাক বাঞ্ছা।
বোলা হৰি হৰি যাৰ বৈকুণ্ঠক ইছা॥ ২৯১॥
॥ একৱিংশ কীৰ্ত্তন॥
ঘোষা॥
জয় জগন্নাথ জগন্নাথ জগন্নাথ হৰি।
নমো ৰাম জগন্নাথ জগন্নাথ হৰি॥ ২৭॥
পদ॥
ব্ৰহ্মায়ে বোলন্ত ইন্দ্ৰদ্যুম্ন নৃপতিক।
জানিবা উৰেষা সৰ্ব্ব তীৰ্থতে অধিক॥
ক্ষেত্ৰৰ মহিমা মানে কহিলো সকল।
শুনা জগন্নাথ নামকীৰ্ত্তনৰ ফল॥ ২৯২॥
জগন্নাথ নাম ইটো পৰম ৰহস্য।
তাক সদা লৱৈ যিটো কৰি মন বশ্য॥
সিটোজনে অপ্ৰয়াসে ছিণ্ডৈ কৰ্ম্মবন্ধ।
হাততে মুকুতি তাৰ নলাগৈ প্ৰবন্ধ॥ ২৯৩॥
শিৱত সাক্ষাতে কহি আছন্ত শ্ৰীহৰি।
নাহি আন ধৰ্ম্ম জগন্নাথ নাম সৰি॥
জগন্নাথ নাম যিটো সুমৰে সতত।
ক্ষমিব তাহাৰ নিতে অপৰাধ শত॥ ২৯৪॥
জগন্নাথ নামৰ মহিমা কৈবো কত।
মহাপ্ৰসাদৰ আৱে শুনিয়ো মহত॥
যত ফল পাৱৈ যজ্ঞ হোম তপ দানে।
যেন ফল পাৱৈ তুলাপুৰুষ প্ৰদানে॥ ২৯৬॥
যেন ফল লভৈ ভুঞ্জাই ব্ৰাহ্মণ কোটিক।
পাৱৈ মহাপ্ৰসাদ ভক্ষণে ততোধিক॥
পিতৃশ্ৰাদ্ধ দিনা আনি বিষ্ণুৰ অন্নক।
ভক্তিভাৱে দেয় যিটো পিতৃক দেৱক॥ ২৯৭॥
অন্ন পিণ্ড দেয় যিটো তিল মিশলাই।
কোটি কল্প মানে তৃপ্তি হোন্ত পিতৃ খাই॥
মহাপ্ৰসাদত যত্নে এড়িবা বিচাৰ।
নাহি কিঞ্চিতেকে যেন ব্ৰহ্মত বিকাৰ॥ ২৯৮॥
বিষ্ণুৰ নৈৱেদ্য যত অন্ন পিঠাপনা।
ভক্ষ্যাভক্ষ্য তাহাৰ বিচাৰে যিটোজনা॥
হোৱৈ মন্দৰোগী তাক ভাৰ্য্যা পুত্ৰে এৰৈ।
নাহিকে নিস্তাৰ ঘোৰ নৰকত পড়ৈ॥ ২৯৯॥
অন্ত্যবৰ্ণে হীনবৰ্ণে যিটো অন্ন ছোৱৈ।
তাক ভুঞ্জি সমস্ত পাতকে মুক্ত হোৱৈ॥
ছোৱা-গঞ্জা বুলি যিটো অন্ন নখায় মোৰ।
বিপদে পাৱয় তাক কৰো দণ্ড ঘোৰ॥ ৩০০॥
নাহি কাল নিয়ম ব্ৰতত দোষ নাই।
পাইলে মাত্ৰে খাইবে অন্ন তেৱে মোক্ষ পাই॥
হৃদয়ত ৰূপ হৰিনাম যাৰ মুখে।
বিষ্ণুৰ নৈৱেদ্য উদৰত ভৰে সুখে॥ ৩০১॥
পাদোদক নিৰ্ম্মাল্য মস্তকে থাকে যাৰ।
বোলা হৰি হৰি সেই বিষ্ণু অৱতাৰ॥
ভণিক শঙ্কৰে কৃষ্ণচৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ৩০২॥
॥ উৰেষা-বৰ্ণন সমাপ্ত॥ ২॥