দশম খণ্ড: শিশুলীলা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন
॥ দশম খণ্ড॥
॥ শিশুলীলা॥
॥ প্ৰথম কীৰ্ত্তন॥
ঘোষা॥
কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি॥ ৫৭॥
পদ॥
কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোহ্মাৰ॥
পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ।
কমললোচন চাৰু অৰুণ অধৰ॥ ৬৪২॥
সুন্দৰ নাসিকা কৰ্ণে মকৰকুণ্ডল।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জল॥
আপাদলম্বিত বনমালা জ্বলে গলে।
শোভে আতি শ্ৰীবৎস বহল বক্ষস্থলে॥ ৬৪৩॥
চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত।
কৰিকৰ সম উৰু বৰ্ত্তুল বলিত॥
চৰণ কমল যেন নৱ পদ্মকোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ॥ ৬৪৪॥
প্ৰসন্ন বদনে জ্বলে অলকা তিলক।
বসুদেৱে দেখিলন্ত অদ্ভূত বালক॥
পড়ি দুয়ো প্ৰাণী পাছে কৰিলন্ত স্তুতি।
পিতৃত কহিলা প্ৰভু সমস্তে যুগুতি॥ ৬৪৫॥
ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ।
কোলে লৈয়া বসুদেৱ লড়িল তেখন॥
ভাগিল নিহল ভৈল মেলান কপাট।
দেখি ভয়ে যমুনা আপুনি দিলা বাট॥ ৬৪৬॥
বৰিষে কণিকা মেঘে ওপৰত গাজে।
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে॥
যশোদাৰ তৈতে উপজিলা যোগমায়া।
অতি অচেতনে নিদ্ৰা গৈলা নন্দজায়া॥ ৬৪৭॥
তাহানে শয্যাত নিয়া থৈলন্ত তোহ্মাক।
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক॥
শিশুভাৱে গোকুলত ক্ৰীড়িলা অপাৰ।
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ॥ ৬৪৮॥
অচিন্ত্য মহিমা হৰি পুৰুষ পুৰাণ।
লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ॥
কংসৰ পাঞ্চনি পাই যত দৈত্য আসে।
তুমি অগনিত যেন পুৰি মৰে জাসে॥ ৬৪৯॥
আসিলেক পূতনা মোহিনী নাৰীৱেশে।
তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে॥
কোলে ধৰি তোহ্মাক দিলেক তনদান।
তনপানে পূতনাৰ শুষিলাহা প্ৰাণ॥ ৬৫০॥
শকটৰ তলে থৈলা যশোদা শুৱাই।
লাথি হানি পেহ্লাইলা শকট ওভোতাই॥
হেন দেখি যশোদা সুন্দৰী মহা দুঃখে।
আথেবেথে কোলে লৈয়া তন দিলা মুখে॥ ৬৫১॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি।
ৰামনাম বিনে নাহি কাহাৰো মুকুতি॥
হেন জানি নিৰন্তৰে এড়ি আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥ ৬৫২॥


॥ দ্বিতীয় কীৰ্ত্তন॥
ঘোষা॥
পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে॥ ৫৮॥
পদ॥
চক্ৰবাত অসুৰে কৃষ্ণক নিলা হৰি।
আকাশত মাৰিলা গলত চেপি ধৰি॥
কৃষ্ণক হিয়াত লৈয়া পড়িল ভূমিত।
জুড়াইল তোহ্মাক পায়া যশোদাৰ চিত্ত॥ ৬৫৩॥
ছলে হামি তুলি তুমি দেখাইলা মাৱত।
গৰ্ভৰ ভিতৰে আছে সমস্ত জগত॥
কম্পিল শৰীৰ যশোদাৰ হেন দেখি।
পৰম বিস্ময় হুয়া মুদিলন্ত আখি॥ ৬৫৪॥
বসুদেৱে পঠাইলা আসিল গৰ্গ ঋষি।
গোপ্য কৰি জাতকৰ্ম্ম কৰিলা হৰিষি॥
কহিলা নন্দৰ আগে যত গুণগ্ৰাম।
বিধিৱতে তোহ্মাৰ থৈলন্ত কৃষ্ণ নাম॥ ৬৫৫॥
আণ্ঠুকাঢ়ি ৰিঙ্গ পাৰি ফুৰা ব্ৰজ মাঝে।
সোণাৰ ঘাঘৰাচয় কঙ্কালত বাজে॥
বৃষৰ শুনিয়া নাদ চমকি উলটি।
আথেবেথে ধৰা গৈয়া মাৱক সাৱটি॥ ৬৫৬॥
থিয়দঙ্গা দিয়া পাছে তুমি দামোদৰ।
অনৰ্থ কৰিয়া ফুৰা গোৱালীৰ ঘৰ॥
আনন্দতে সমস্ত গোৱালীসৱ আসি।
কৃষ্ণৰ অকীৰ্ত্তি যশোদাত দেন্ত হাসি॥ ৬৫৭॥
কি ভৈল তোহ্মাৰ ইটো তনয় দুৰ্জ্জন।
কৃষ্ণৰ নিমিত্তে আউৰ নৰহে জীৱন॥
গাই নতু দোহন্তে দামুৰি মেলে গই।
গৃহ পশি চুৰি কৰি খান্ত দুগ্ধ দই॥ ৬৫৮॥
বানৰকো খুৱাৱৈ গোৱিন্দ কিনো চাণ্ড।
বানৰে নখাই যেবে কোবাই ভাঙ্গে ভাণ্ড॥
ঢুঙ্কি যেৱে নপাৱৈ মনত নাহি তুষ্টি।
সিকিয়াৰ পৰা আনে উড়লত উঠি॥ ৬৫৯॥
শৰীৰৰ ৰত্নগণে ফুৰে পসৰাই। ১০৫
আন্ধাৰতো খুজি পান্ত লুকান নযায়॥
বস্তুক নপালে খুজি মাৰন্ত ছৱালি।
গৃহত ভৰ্ছিয়া পলাই যান্ত বনমালী॥ ৬৬০॥
মাৱৰ কোলাত আছা তুমি জগন্নাথ।
সভয় নয়ন হুয়া চপৰাইলা মাথ॥
হেন দেখি যশোদা পুত্ৰক নোবোলয়।
আনন্দে ৰহিলা হাসি পুত্ৰ মুখ চায়॥ ৬৬১॥
ডৰিবাক দেখিয়া পুত্ৰক বৰনাৰী।
বুকুত সাৱটি ধৰিলন্ত চুমা পাৰি॥
মাধৱৰ শিশুলীলা শুনা সৰ্ব্বলোক।
বোলা হৰি হৰি যত পাতক ছাড়োক॥ ৬৬২॥



॥ তৃতীয় কীৰ্ত্তন॥
ঘোষা॥
কেশৱ কৃষ্ণ কৰুণাসিন্ধু।
ত্ৰাহি জগন্নাথ অনাথ বন্ধু॥ ৫৯॥
পদ॥
এহিমতে ব্ৰজে আনন্দে হৰি।
কৰন্ত ক্ৰীড়া শিশুৰূপ ধৰি॥
যত গোপশিশু বলাই আদি।
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী॥ ৬৬৩॥
যশোদাৰ আগে দিলেক খল।
খাইলেক কৃষ্ণে মাটি একদল॥
শুনিয়া যশোদা সুন্দৰী হাসি।
পুত্ৰৰ হাতত ধৰিলা আসি॥ ৬৬৪॥
কেনে মাটি খাইলি অৰে গোপাল।
কোবাই আজি তোৰ ফাড়িবো ছাল॥
শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাৱক চান্ত॥ ৬৬৫॥
ভয়তে যেন কাম্পে হাত ভৰি।
যশোদা দেখে পুত্ৰ গৈলা ডৰি॥
মুখক চাহন্তে লাগয় বেথা।
কিয় মাটি খাইলি সোধন্ত কথা॥ ৬৬৬॥
লগৰ শিশু বোলে সমুদায়।
বলায়ো বোলে তোৰ জ্যেষ্ঠ ভাই॥
মাতন্ত কৃষ্ণে যশোদাক চাই।
মিছা মাতৈ সৱে শুনিও আই॥ ৬৬৭॥
কদাচিতো মঞি নখাওঁ মাটি।
দাদা বলভদ্ৰে বোলন্ত ঘাটি॥
পতিয়ান নাই চৱা বিচাৰি।
হেনশুনি মাতে যশোদা নাৰী॥ ৬৬৮॥
বায়ো বেন্ত যেৱে মাটি নখাইলি।
শুনিয়া শিশুৰূপী বনমালী॥
চৱা মুখ বুলি মাৱক মাতি।
বাইলন্ত বেন্ত প্ৰকাশিয়া আতি॥ ৬৬৯॥
যশোদা সুন্দৰী দেখন্ত পাছে।
সমস্ত জগত গৰ্ভতে আছে॥
সাতোখন দ্বীপ সাতো সাগৰ।
গিৰি বন নদী গ্ৰাম নগৰ॥ ৬৭০॥
বায়ু সূৰ্য্য শশী দিশ আকাশ।
তাৰাগণো তৈতে কৰে প্ৰকাশ॥
সমস্ত জীৱ জ্যোতিস্তেজ জল।
সত্ব ৰজস্তম ইন্দ্ৰিয় বল॥ ৬৭১॥
মন বুদ্ধি কাল কৰ্ম্ম যতেক।
সৱাকো গৰ্ভতে দেখে প্ৰত্যেক॥
যতেক ধেনু গোপ গোপীঝাক।
যশোদা দেখে তৈতে আপুনাক॥ ৬৭২॥
পৰম শঙ্কাক পাইলন্ত সতী।
অদ্ভূত দেখিয়া বোলন্ত মাতি॥
কিবা ভ্ৰম ভৈলো মোহক পায়া।
দেখিলো স্বপ্ন কিবা দেৱমায়া॥ ৬৭৩॥
কিবা জানে মায়া মোৰ তনয়।
কৰিবে নোৱাৰো একো নিশ্চয়॥
নুহিকন্ত মোৰ পুত্ৰ মানুষ।
এহেন্তেসে বিষ্ণু আদি পুৰুষ॥ ৬৭৪॥
এহি বুলি চিত্ত দঢ়ায়া সতী।
কৰযোড়ে কৰৈ কৃষ্ণক স্তুতি॥
যিটো ব্ৰহ্ম নোহে তৰ্ক গোচৰ।
নপাৱে বচনে মনে ওচৰ॥ ৬৭৫॥
নাহি উতপতি নাহি মৰণ।
সদায়ে প্ৰণামো তান চৰণ॥
মঞি যশোদা মোৰ পুত্ৰ স্বামী।
ব্ৰজৰ সৱে অধিকাৰী আমি॥ ৬৭৬॥
হেন অহম্মম সদায়ে কৰো।
যাহাৰ মায়াত উপজো মৰো॥
হেন জগন্নাথ হুয়োক গতি।
খণ্ডিয়োক আৱে মোৰ কুমতি॥ ৬৭৭॥
গুণন্ত শুনি ত্ৰিজগত পতি।
বিষ্ণু হেন মোক জানিলা সতী॥
কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ।
গুচিল বিষ্ণুজ্ঞান যশোদাৰ॥ ৬৭৮॥
কৃষ্ণত পুত্ৰবুদ্ধি ভৈল জাত।
ধূলা জাৰি তুলি লৈলা কোলাত॥
পাড়ন্ত চুমা মুখে স্তন দিয়া।
মোৰ আয়ু লই পুতাই জীয়া॥ ৬৭৯॥
ব্ৰহ্মায়ো নজানে যাৰ মহিমা।
চাৰি বেদে কহি নাপাৱৈ সীমা।
হেন মাধৱক তনয় পাইল।
যশোদা নন্দে কিনো তপসাইল॥ ৬৮০॥
সুনন্দ আদি যত যোগীগণ।
চিন্তিয়ো নেদেখৈ যাৰ চৰণ॥
হেন পৰব্ৰহ্ম যশোদা সুত।
ভৈলন্ত কিনো আতি অদভূত॥ ৬৮১॥
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে।
শুনা শিশুলীলা সমস্ত জনে॥
যেৱে সুখে যাইবা বৈকুণ্ঠপুৰী।
সদায় ডাকিয়া ঘুষিয়ো হৰি॥ ৬৮২॥



॥ চতুৰ্থ কীৰ্ত্তন॥
ঘোষা॥
হে কৰুণাময়
ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি॥ ৬০॥
পদ॥
দিনেক যশোদা নন্দজায়া।
আপুনি মথন্ত দধি গৈয়া॥
কৃষ্ণৰ শৈশৱ লীলা স্মৰি।
কৃষ্ণগীত গাৱন্ত সুন্দৰী॥ ৬৮৩॥
ক্ষৌম বস্ত্ৰ পিন্ধি দিব্য কাছে।
কটিত মেখলা বান্ধি আছে॥
পুত্ৰ স্নেহে স্ৰৱৈ দুয়ো স্তন।
আজোড়ন্তে লড়ৈ ঘনে ঘন॥ ৬৮৪॥
ৰুণ ঝুণ কেয়ূৰ কঙ্কণ।
শ্ৰমজলে উজ্জল বদন॥
কৰ্ণত কুণ্ডল দোলে আতি।
খসি পড়ৈ খোপাৰ মালতী॥ ৬৮৫॥
এহিমতে মথন্তে প্ৰয়াসি।
মাৱক ধৰিলা কৃষ্ণে আসি॥
মথনিত ধৰিয়া নিষেধি।
মথিবাক নেদে আউৰ দধি॥ ৬৮৬॥
হাসি কোলে লৈলা নন্দজায়া।
দিলা স্তন পুত্ৰমুখ চায়া॥
দেখন্তে উথলি দুগ্ধ পড়ে।
পুত্ৰ এড়ি গৈলন্ত লৱড়ে॥ ৬৮৬॥
স্তন পিবে নপায়া কৃষ্ণৰ।
কাম্পৈ কোপে অৰুণ অধৰ॥
দশন কামুৰি আতি চাণ্ড।
শিলায়ে ভাঙ্গিলা দধিভাণ্ড॥ ৬৮৮॥
মহাকোপে কোঠা পশিলন্ত।
সিঞ্চৰাই লৱনু ভুঞ্জন্ত॥
আসিলা যশোদা নমাই ক্ষীৰ।
দেখে হাণ্ডি ভাঙ্গিলা দধিৰ॥ ৬৮৯॥
জানিলা পুত্ৰৰ কৰ্ম্ম গোপী।
হাসিয়া দেখিলা পশি খুপি॥
উড়ল ওপৰে বসি হৰি।
ভুঞ্জন্ত লৱনু চুৰি কৰি॥ ৬৯০॥
শিকিয়াৰ পৰা নমাই আনি।
বানৰকো দেন্ত দলি হানি॥
শঙ্কিত নয়নে নাহি সাৰি।
দেখিয়া যশোদা লৈলা বাড়ি॥ ৬৯১॥
মাৰিবে আসন্ত জানি ডৰে।
দিলা লৰ নামি উড়লৰে॥
পাছে পাছে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত॥ ৬৯২॥
যাক যোগী নপাৱৈ ধ্যানত।
হেন হৰি পলান্ত ভয়ত॥
পুত্ৰক খেদন্ত মহাসতী।
শ্ৰোণী ভৰে আক্ৰমিল গতি॥ ৬৯০॥
বেগত মেলান ভৈল খোপা।
খসি পৰৈ মালতীৰ থোপা।
গোৱিন্দে মাৱৰ শ্ৰম দেখি।
ৰহিল কান্দন্তে মুদি আখি॥ ৬৯৪॥
সভয় নয়নে চান্ত ডৰে।
যশোদা ধৰিলা আসি কৰে॥
ভাণ্ড ভাঙ্গি আৱে যাইবি কোথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা॥ ৬৯৫॥
সকল লৱনু কৈলি নাশ।
শুনি প্ৰভু ভৈলা মহাত্ৰাস॥
দেখি বাড়ি এড়িলন্ত সতী।
কৃষ্ণক বান্ধিবে ভৈলা মতি॥ ৬৯৬॥
নাহি আদি অন্ত পূৰ্ব্বাপৰ।
পূৰ্ণব্ৰহ্ম জগত ঈশ্বৰ॥
তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উডুখলে॥ ৬৯৭॥
বান্ধন্ত কৃষ্ণক আনি ধৰি।
নোজোড়ৈ আঙ্গুল দুই জৰী॥
আৰ জৰী আনি জোৰা দিলা।
সিয়ো দুই আঙ্গুলি নাটিলা॥ ৬৯৮॥
হেন দেখি আৰো জৰী আনি।
যশোদা বান্ধন্ত টানি টানি॥
শৰীৰৰ বল দিয়া আটে।
তথাপি আঙ্গুল দুই নাটে॥ ৬৯৯॥
গৃহত পাইলেক যত জৰী।
এহিমতে জুৰিয়া সুন্দৰী॥
উডুখলে এৰে বান্ধৈ চাপি।
নাটে দুই আঙ্গুল তথাপি॥ ৭০০॥
হেন দেখি হাসৈ গোপীগণে।
যশোদা বিস্ময় ভৈলা মনে॥
শৰীৰৰ ঘৰ্ম্ম যায় বহি।
হাসিয়া থাকিলা শ্ৰমে ৰহি॥ ৭০১॥
হেন দেখি প্ৰভু নাৰায়ণ।
স্নেহে লৈলা আপুনি বন্ধন॥
জগতৰে আপুনি ঈশ্বৰ।
তুমি বশ্য ভৈলা ভকতৰ॥ ৭০২॥
ব্ৰহ্মা লক্ষ্মীদেৱী মহাদেৱে।
নপাইলা আনন্দ হেন কেৱে॥
যশোদা প্ৰসাদ যেন পাইলা।
ইটো গোপী কিনো তপসাইলা॥ ৭০৩॥
ভকতৰ বশ্য তুমি হৰি।
সুখে পাৱে গৃহতে সুমৰি॥
ভণিলা শঙ্কৰে কৃষ্ণপদে।
হৰি হৰি বোলা সভাসদে॥ ৭০৪॥


॥ পঞ্চম কীৰ্ত্তন॥
ঘোষা।
ৰাম গোপাল হৰি।
কৃষ্ণ গোৱিন্দ হৰি ৰাম॥ ৬১॥
পদ॥
কৃষ্ণে দেখিলন্ত মাৱ গৃহকৰ্ম্মে গৈলা।
আণ্ঠুকাঢ়ি উডুখল টানিবাক লৈলা॥
অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি।
কঙ্কাল ফান্দিয়া বল দিলা বনমালী॥ ৭০৫॥
কাম্পৈ দুয়ো গোটা বৃক্ষ উডুখলে লাগি।
উভৰি পৰিল মচ মচ কৰি ভাগি॥
শাপ এড়াই দুয়ো পাছে কুবেৰ তনয়।
তোহ্মাক নমিয়া গৈলা আপুন নিলয়॥ ৭০৬॥
নিৰ্ঘাত শঙ্কিয়া খেদি আইলা গোপঝাক।
বন্দী হুয়া আছা নন্দে দেখিলা তোহ্মাক॥
হাসিলেক কোনে হেন কৰিলেক বুলি।
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি॥ ৭০৭॥
কিনো আতি নন্দ যশোদাৰ মহাভাগ।
পূৰ্ণব্ৰহ্ম তোহ্মাক গৃহতে পাইলা লাগ॥
ভকতৰ আনন্দ বঢ়ায়া সৰ্ব্বক্ষণে।
শিশুলীলা অনেক কৰিলা নাৰায়ণে॥ ৭০৮॥
কেহো বেলা গোপীগণে পাঞ্চৈ গাৱা গীত।
তাসম্বাৰ প্ৰীতি সাধি কতো কৰা নৃত্য॥
মালড়ি কৰাহা কতো গোপীৰ বচনে।
ছায়া পুতলাক যেন নচাৱৈ যতনে॥ ৭০৯॥
কেহো বেলা গোপীকাৰ শুনি আজ্ঞাবাণী।
পাদুকা পীহাক প্ৰভু ধৰি থাকা আনি॥
কোন কৰ্ম্ম নকৰিলা হৰি গোকুলত।
ভকতৰ বশ্য হেন দেখায়া লোকত॥ ৭১০॥
কোনে ফল লৈবে বুলি ডাকিলা পসাৰী।
ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি॥
তোহ্মাৰ হস্তক ভৰি দিল ফল বাছি।
সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি॥ ৭১১॥
আসিল দানৱ গোট বৎসৰূপ ধৰি।
লাঙ্গুলে সহিতে তাৰ ধৰি পাছ ভৰি॥
আলগতে ফুৰাই পাক হানিলাহা দলি।
কপিত্থত পড়ি যমপুৰে গৈল চলি॥ ৭১২॥


॥ ষষ্ঠ কীৰ্ত্তন॥
ঘোষা॥
ৰাম চৰণে ধৰো।
স্বামী আমি যেন তৰো॥ ৬২॥
পদ॥
বকাসুৰে কৃষ্ণক গিলিলা ঠোঁটে ধৰি।
দেখি গোপ শিশুগণ যেন গৈলা মৰি॥
পাছে তাৰ তালুত লাগিল যেন জুই।
ছাদিলা কৃষ্ণক বকে বিমূৰ্ছিত হুই॥ ৭১৩॥
দুনাই ঠোঁটে গিলিবাক আসৈ দেখি তাক।
লীলায়ে ছিৰিলা যেন বিৰিণা পোথাক॥
সবান্ধৱে ধেনুকাক নিলা ৰসাতল।
গোপশিশুগণক ভুঞ্জাইলা তালফল॥ ৭১৪॥
ময়ৰ তনয় ব্যোম গোপৰূপ ধৰি।
গোপশিশুগণক নিলেক চুৰি কৰি॥
গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে।
তাক মাৰি শিশুসৱ আনিলা লীলায়ে॥ ৭১৫॥
গোপ গৰুজাকক বেঢ়িলে বনজুই।
কৃষ্ণত শৰণ সৱে লৈলে ত্ৰাস হুই॥
চক্ষু মুদাই সৱাকো ক্ষণেকে যোগবলে।
গোকুলক লাগিয়া আনিলা অৱিকলে॥ ৭১৬॥
নন্দক গিলন্তে সৰ্পে ৰাখিলাহা হৰি।
তোহ্মাৰ পৰশে সৰ্পে দিব্য ৰূপ ধৰি॥
শাপ এড়াই গৈলা বিদ্যাধৰৰ নিলয়।
দেখি গোপগণ ভৈলা পৰম বিস্ময়॥ ১১৭॥
শয়ন সময়ে সৱ গোপ গোপীগণ।
যোগবলে বৈকুণ্ঠক নিলা নাৰায়ণ॥
বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই।
গোকুলক লাগি প্ৰভু আনিলা দুনাই॥ ৭১৮॥
নন্দক নিলেক বৰুণৰ দূতে ধৰি।
বৰুণৰ পৰা তাঙ্ক আনিলা উদ্ধাৰি॥
তোহ্মাৰ মহিমা১১২ নন্দে কহিলা ব্ৰজত।
শুনিয়া বিস্ময়১১৩ ভৈলা সৱাৰো মনত॥ ৭১৯॥
ইন্দ্ৰে কৰিলন্ত সাতদিন বৰিষণ।
এক হাতে উভাৰি ধৰিলা গোৱৰ্দ্ধন॥
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গোপপুৰ।
লীলায়ে কৰিলা মহেন্দ্ৰৰ দৰ্পচূৰ॥ ৭২০॥
সুৰভি সহিতে ইন্দ্ৰে আসিলা প্ৰত্যেক।
গোৰ ইন্দ্ৰ পাতিয়া কৰিলা অভিষেক॥
অনেক ভকতি কৰি দুয়ো স্বৰ্গে গৈলা।
সেহিদিনা তোহ্মাৰ গোৱিন্দ নাম থৈলা॥ ৭২১॥
গোপকুমাৰিকা সৱে বস্ত্ৰ থৈয়া তীৰে।
বিৱস্ত্ৰে নামিলা গৈয়া যমুনাৰ নীৰে॥
বস্ত্ৰ লৈয়া উঠিলাহা কদম্বৰ গাছে।
নানা উপহাস কৰি বস্ত্ৰ দিলা পাছে॥ ৭২২॥
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে।
নাহি আন ধৰ্ম্ম আউৰ কীৰ্ত্তনত পৰে॥
শুনা সৰ্ব্বজন ঐত কেদিন জীৱন।
বোলা হৰি হৰি আছে যাৱত চেতন॥ ৭২৩॥


॥ সপ্তম কীৰ্ত্তন॥
ঘোষা॥
ও কৃষ্ণ নমো ৰাম নিৰঞ্জন হৰি॥ ৬৩॥
পদ॥
দুষ্ট অঘে পাতিলেক কাপ।
বাট ভেণ্টি ভৈল ঘোৰ সাপ॥
পৰ্ব্বত সমান কলেৱৰ।
বাইল বেন্ত সম্যকে গহ্বৰ॥ ৭২৪॥
তল ওঁঠ মাটিত থাপিল।
উৰ্দ্ধ ওঁঠ মেঘত লাগিল॥
জিহ্বাখান যেন ৰাজ আলি।
বৎস লৈয়া আইলা বনমালী॥ ৭২৫॥
গোৰক্ষ দামুৰি নিৰন্তৰ।
নজানি পশিল অভ্যন্তৰ॥
দেখি তুমি ভক্তৰ স্নেহত।
পশিলাহা অঘৰ গৰ্ভত॥ ৭২৬॥
দেখি আঁটি ধৰিল দশনে।
তুলিলেক হাসি দৈত্যগণে॥
দেৱগণে কৰে হাহাকাৰ।
গল চুঙ্গি ভেণ্টি ৰৈলা তাৰ॥ ৭২৭॥
পেট ফিঙ্কি বায়ু দিলা টান।
মূৰ্দ্ধা স্ফুটি বাঝ ভৈল প্ৰাণ॥
তযু পৰশনে কৰ্ম্ম ক্ষীণ।
অসুৰ কৃষ্ণতে গৈল লীন॥ ৭২৮॥
দেখি নিশবদ দৈত্যকুল।
হৰিষে বৰিষে দেৱে ফুল॥
অমৃত নয়নে চাইলা হৰি।
জীলা সৱে গোৰক্ষ দামুৰি॥ ৭২৯॥
ৰঙ্গে বাজ ভৈলা বাংশী বাই।
ফুৰা সৱে দামুৰি চৰাই॥
ব্ৰহ্মা আসি কৰিলন্ত চুৰি।
নিলা সৱ গোৰক্ষ দামুৰি॥ ৭৩০॥
মায়া কৰি থৈলেক গহ্বৰে।
কাহাকো নেদেখি দামোদৰে॥
ব্ৰহ্মা নিলা জানিলাহা গুণি।
ভৈলা গৰু গোৰক্ষ আপুনি॥ ৭৩১॥
নিচিনিলা গোৱালী গোৱালে।
এদিনাতো কৰি প্ৰতিপালে।
ব্ৰহ্মা আসি দেখিলন্ত পাছে।
গোৰক্ষ দামুৰি সৱো আছে॥ ৭৩২॥
পৰম বিস্ময়ে আছে চায়া।
কৰিলাহা প্ৰভু পাছে মায়া॥
গোৰক্ষ দামুৰি ৰূপ এৰি।
ভৈলা সৱে চতুৰ্ভুজ হৰি॥ ৭৩৩॥
সজল জলদ যেন শ্যাম।
সৱে পীত বস্ত্ৰে অনুপাম॥
কেয়ূৰ কঙ্কণে কৰৈ কান্তি।
হৃদয়ত শ্ৰীবৎসৰ পান্তি॥ ৭৩৪॥
কম্বুকণ্ঠ কৌস্তুভে শোভিত।
বনমালা আপাদলম্বিত॥
জিলিমিলি জ্বলৈ বক্ষস্থলে।
শোভৈ কৰ্ণ মকৰ কুণ্ডলে॥ ৭৩৫॥
শঙ্খ চক্ৰ গদা পদ্ম ধৰি।
আছা সৱে চতুৰ্ভুজ হৰি॥
গাৱে গাৱে এক সৃষ্টি কৰে।
চৰাচৰ সমে সেৱা কৰে॥ ৭৩৬॥
মোহ হুয়া ব্ৰহ্মা ভৈলা চুপ।
দেখন্ত গুচিল সৱে ৰূপ॥
পূৰ্ব্বৱতে আছা মাত্ৰ হৰি।
হংসৰ নামিলা ব্ৰহ্মা ডৰি॥ ৭৩৭॥
যেন সুৱৰ্ণৰ দণ্ড প্ৰায়।
ভূমিত পেহ্লায়া নিজ কায়॥
মাধৱৰ পাদপদ্ম দুই।
চাৰি মুকুটৰ আগে ছুই॥ ৭৩৮॥
আনন্দতে নয়নৰ জলে।
সিঞ্চিলন্ত চৰণ কমলে॥
উঠি উঠি দুয়ো পাৱে ধৰি।
প্ৰণামন্ত মহিমা সুমৰি॥ ৭৩৯॥
মুকুন্দক চাই কথমপি।
মাথা দোঁৱাই কৃষ্ণ কৃষ্ণ জপি॥
প্ৰণামিয়া অনেক ভকতি।
কৰিবে লাগিলা ব্ৰহ্মা স্তুতি॥ ৭৪০॥
কৃষ্ণ কথা শুনিয়ো সমাজে।
জন্ম লভি ভাৰতৰ মাজে॥
আক বৃথা কৰা কোন কামে।
সাধিয়ো মুকুতি হৰিনামে॥ ৭৪১॥


॥ অষ্টম কীৰ্ত্তন॥
ঘোষা॥
ৰাম নিৰঞ্জন নিৰঞ্জন নিৰঞ্জন হৰি।
নমো ৰাম নিৰঞ্জন নিৰঞ্জন হৰি॥ ৬৪॥
পদ॥
নমো গোপৰূপী মেঘ সম শ্যাম তনু।
গাৱে পীত বস্ত্ৰ হাতে শিঙ্গা বেত বেণু॥
কৰ্ণত গুঞ্জাৰ থোকা মাথে মৈৰা পাখি।
বন্যপুষ্পমালা পিন্ধি ধেনু আছা ৰাখি॥ ৭৪২॥
এহি শৰীৰতে আছৈ যতেক মহিমা।
মনেও কৰিবে পাৰৈ কোনে তাৰ সীমা॥
আছোক পৰম ব্ৰহ্ম স্বৰূপ তোহ্মাৰ।
তাঙ্ক জানিবাক আছে শকতি কাহাৰ॥ ৭৪৩॥
জ্ঞানপথ এড়ি প্ৰভু তোহ্মাৰ কথাক।
কায়বাক্যমনে সেৱৈ যিটো সাধুঝাক॥
যদ্যপি অজিত তুমি তিনিও জগতে।
তথাপি তোহ্মাক জিনৈ সেহিসে ভকতে॥ ৭৪৪॥
মুকুতি ৰসকো স্ৰৱৈ তোহ্মাৰ ভকতি।
তাঙ্ক এড়ি জ্ঞানপথে যিটো কৰৈ ৰতি॥
ক্লেশ মাত্ৰ পাৱৈ সিটো নিষ্ফল প্ৰয়াসে।
বাহানে পতান যেন তণ্ডুলক আশে॥ ৭৪৫॥
যিটোজনে ভুঞ্জৈ নিজ কৰ্ম্মৰ বিপাক॥
আপেক্ষিয়া থাকৈ প্ৰভু তোহ্মাৰ কৃপাক॥
কায়বাক্যমনে নমৈ চৰণ তোহ্মাৰ।
সি সি জন মুকুতি পদৰ অধিকাৰ॥ ৭৪৬॥
মই কেনে দুৰ্ব্বোধ দেখিয়ো ভগৱন্ত।
মায়াদিৰো ঈশ তুমি অনাদি অনন্ত॥
তোহ্মাক পৰীক্ষো মঞি মায়াক প্ৰকটি।
অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙ্গতি॥ ৭৪৭॥
অন্ধ ভৈল চক্ষু হেলা কৰিলো তোহ্মাক।
মঞি ভিন্ন ঈশ্বৰ মানিলো আপুনাক॥
অজ্ঞৰ ক্ষমিয়ো দোষ জগতনিৱাস।
এহি কৃপা কৰা যেন বোলাওঁ তযু দাস॥ ৭৪৮॥
গৰ্ভত থাকন্তে উদৰত ঘালৈ পাৱে।
তাৰ অপৰাধক নধৰৈ যেন মাৱে॥
তোহ্মাৰ কুক্ষিত আমি আছো চৰাচৰ।
হেন জানি ক্ষমিয়োক দোষ দামোদৰ॥ ৭৪৯॥
ইটো ব্ৰহ্মপদ প্ৰভু আহ্মাক নলাগে।
কীট পতঙ্গত জন্ম হৌক কৰ্ম্মভাগে॥
তোহ্মাৰ ভক্তৰ মাঝে হুয়া একজন।
সেৱা কৰি থাকো প্ৰভু তোহ্মাৰ চৰণ॥ ৭৫০॥
কিনো ধন্য ধেনু গোপী ইটো গোকুলৰ।
যাৰ স্তনপানে তৃপ্ত ভৈলা দামোদৰ॥
অশ্বমেধ আদি কৰি মহাযজ্ঞ যত।
তোহ্মাক তুষিবে প্ৰভু নুহিকে শকত॥ ৭৫১॥
কিনো ভাগ্য কিনো ভাগ্য ব্ৰজৰ প্ৰজাৰ।
তুমি পূৰ্ণব্ৰহ্ম হৰি মিত্ৰ ভৈলা যাৰ॥
কিনো পুণ্য কৈলে গোকুলৰ বৃক্ষ তৃণে।
তোহ্মাৰ চৰণ ৰেণু পাৱৈ ৰাত্ৰি দিনে॥ ৭৫২॥
দেখা সৰ্ব্বলোকে কেনে অজ্ঞানী বৰ্ব্বৰ।
তুমি অন্তৰ্য্যামী তোমাকেসে বোলৈ পৰ॥
শৰীৰক মঞি বুলি বুদ্ধি ভৈল হত।
হিয়াতে হৰাইলা তুমি খোজে বাহিৰত॥ ৭৫৩॥
বৃন্দাবনে তৃণ হৈবো তেৱে মহাভাগ।
পাইবো ব্ৰজবাসীৰ চৰণৰেণু লাগ॥
আজিও বিচাৰৈ পদৰজ বেদগণ১১৫।
হেন হৰি ভৈলা ব্ৰজবাসীৰ জীৱন॥ ৭৫৪॥
মাৰিবাক দিল তন পূতনা পাপিষ্ঠী।
দিলাহা মুকুতি তাইতো পড়িল সুদৃষ্টি॥
ব্ৰজবাসী তোহ্মাতে অৰ্পিলা প্ৰাণ বিত্ত।
আক আৱে কিবা দিবো খেদ কৰে চিত্ত॥ ৭৫৫॥
তাৱে ৰাগ লোভ ক্ৰোধ পুৰুষৰ চোৰ।
তাৱে গৃহবাস বন্দীশাল মহাঘোৰ।
মোহচয় ভৰিৰ নিহল হোৱৈ তাৱে।
তোহ্মাত ভকতি নৰে নতু কৰৈ যাৱে॥ ৭৫৬॥
তোহ্মাৰ আগত কিবা বোলো বহুবাক।
যিটো বোলে জানো প্ৰভু নজানে তোহ্মাক॥
কায়বাক্যমনে মঞি কৰিলোহো সাৰ।
তযু মায়া বিভৱৰ নপাওঁ কিছু পাৰ॥ ৭৫৭॥
জানিবাহা ভৈলো প্ৰভু তোহ্মাৰ কিঙ্কৰ।
তযু চৰণত সমৰ্পিলো কলেৱৰ॥
সমস্তৰে বুদ্ধি সাক্ষী সৱে তুমি জানা।
আজি ধৰি প্ৰভু মোক দাস বুলি মানা॥ ৭৫৮॥
নমো কৃষ্ণ বৃষ্ণিকুল প্ৰকাশ নায়ক।
দেৱ দ্বিজ পৃথিৱীৰ বুদ্ধি প্ৰদায়ক॥
দুষ্ট দৈত্য দানৱ ৰাক্ষস ক্ষয়ঙ্কাৰ।
তোহ্মাৰ চৰণে প্ৰভু প্ৰণাম আহ্মাৰ॥ ৭৫৯॥
কৰিল অনেক স্তুতি আৰু সৃষ্টিকৰে।
তাক নকহিলো পদ বাহুল্যক ডৰে॥
এহি বুলি প্ৰজাপতি ভৈলা মোহহীন।
কৃষ্ণক কৰিলা তিনিবাৰ প্ৰদক্ষিণ॥ ৭৬০॥
প্ৰণাম কৰিলা চৰণত পৰি পৰি।
মেলানি মাগিয়া নিজ স্থানে গৈলা লড়ি॥
ভণিল শঙ্কৰে কৃষ্ণ চৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ৭৬১॥


॥ অনুখণ্ড॥
॥ কালিয়-দমন॥
॥ নৱম কীৰ্ত্তন॥
ঘোষা॥
গোপাল ৰাম কৃষ্ণ বনমালী।
মাৰিলা অসুৰ দমিলা কালি॥ ৬৫॥
পদ॥
গোপশিশু সঙ্গে গৈলা বঝাই।
আগত গোধন বাংশী বজাই॥
চাৰন্তে ফুৰন্তে গৰু গোৰক্ষ।
পাইলা যমুনাৰ তীৰৰ লক্ষ্য॥ ৭৬২॥
কালিৰ হদক তাক নজানি।
তৃষাত সৱে পিলা বিষপানী॥
দাৰুণ বিষৰ লাগিল জ্বাল।
মৰিল সৱে বৎস বৎসপাল॥ ৭৬৩॥
দেখিয়া কৃষ্ণে অসন্তোষ পাইলা।
অমৃত নয়নে চায়া জীয়াইলা॥
কালিক দমিবে কৰি যতন।
কটিত বান্ধিলা পীত বসন॥ ৭৬৪॥
উঠিলা উচ কদম্বৰ গাছে।
হদৰ মাঝে জাম্প দিলা পাছে॥
ঢউ উঠলিল খলকি হদ।
দশোদিশে গৈল তাৰ শবদ॥ ৭৬৫॥
জলক্ৰীড়া কৰা বাহু আস্ফালি।
ক্ৰোধে খেদি আসি দেখিল কালি॥
তনু সুকুমাৰ জলদ শ্যাম।
প্ৰকাশৈ পীত বস্ত্ৰে অনুপাম॥ ৭৬৬॥
কমললোচন মুখ প্ৰসন্ন।
মুকুতাৰ শাৰী সম দশন॥
উন্নত নাসা মুখে মন্দ হাস।
কণ্ঠত কৌস্তভ কৰৈ প্ৰকাশ॥ ৭৬৭॥
হিয়াত জিলিমিলি কৰৈ কান্তি।
মধ্যতে জ্বলৈ শ্ৰীবৎসৰ পান্তি॥
আজানুলম্বিত বাহু দুখান।
চাৰু উৰু কৰ কটি সুঠাম॥ ৭৬৮॥
জঙ্ঘা দুইক দেখি মিলৈ সন্তোষ।
দুখানি পাৱ নৱ পদ্মকোষ॥
আনন্দে জলক ফুৰা আস্ফালি।
মৰ্ম্মস্থলে আসি দংশিল কালি॥ ৭৬৯॥
নজানি তোহ্মাৰ বল প্ৰভাৱ।
লাঞ্জে মেহাইলেক সমস্ত গাৱ॥
বিষ লাগি পড়ি থাকিলা ঘুমি।
মনুষ্য চেষ্টাক দেখায়া তুমি॥ ৭৭০॥
দেখি শিশুসৱ মৰিল প্ৰায়।
ধেনুগণে আউৰ তৃণ নখায়॥
কৃষ্ণক চাহিয়া থাকিল বহি।
চক্ষুৰ লোহ ধাৰে যায় বহি॥ ৭৭১॥
আতি উতপাত দেখি গোকুলে।
গোপগোপীজাক সমস্তে বোলে॥
জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল।
কৃষ্ণৰ আজি তৈতে কিবা ভৈল॥ ৭৭২॥
নন্দ যশোদা বিয়াকুল মনে।
কৃষ্ণক চাহিবে পশিলা বনে॥
লগতে চলৈ গোপগোপীজাক।
হা কৃষ্ণ বুলি চাড়ন্তে ডাক॥ ৭৭৩॥
ধ্বজ বজ্ৰ যৱ অঙ্কুশ চাই।
কৃষ্ণৰ খোজ নিহালন্তে যায়॥
পুত্ৰ পুত্ৰ বুলি যশোদা চান্ত॥
কৃষ্ণৰ খোজত পড়ন্তে যান্ত॥ ৭৭৪॥
বেঢ়িয়া গোপগোপী নেয় ধৰি।
দেখিল পাচে পড়ি আছা হৰি॥
জলৰ মাজে মৃতকৰ বেশ।
নকৰন্ত আৰ চক্ষু নিমেষ॥ ৭৭৫॥
দেখি গোপ গোপী সম্যকে মৰিল।
প্ৰাণ অন্তৰীক্ষ চেতন হৰিল॥
কৃষ্ণ কৃষ্ণ বুলি দিলেক গেড়ি।
কান্দৈ যমুনাৰ তীৰক বেঢ়ি॥ ৭৭৬॥
যশোদা সুন্দৰী নন্দ গোৱালে।
পড়ন্ত লোটাৰি পড়ি নিঢালে॥
কি ভৈল পুত্ৰ বুলি উকি দিয়া।
দুহাতে ঝাৱলে ঢাকুৰে হিয়া॥ ৭৭৭॥
কৃষ্ণৰ সুন্দৰ বদন চাই।
যশোদা কান্দন্ত গুণ বৰ্ণাই॥
গোধুলি কোনে যাইবে বাংশী বাই।
কোনে মোক গৈয়া বুলিবে আই॥ ৭৭৮॥
ধূলাজাৰি কাক কৰাইবো স্নান।
কোনে কৰিবেক গোৰস পান॥
কাক বিছাই দিবো শীতল তুলী।
ডাকিবো কাক জাগ কৃষ্ণ বুলি॥ ৭৭৯॥
সুন্দৰ বদনে বজায়া বেণু।
প্ৰভাতে কোনে চাৰিবেক ধেনু॥
কি ভৈল আজি কৃষ্ণ মোৰ বাপ॥
মড়িও নেড়াইবো তোৰ সন্তাপ॥ ৭৮০॥
এহি বুলি কান্দৈ কৃষ্ণক চাই।
যশোদা নন্দে জাম্প দিবে যায়॥
দেখি বলভদ্ৰে বাধিলে হাসি।
এখনে আসিব কালিক নাশি॥ ৭৮১॥
কৃষ্ণক লাগিয়া এড়া ক্ৰন্দন।
হেন শুনি সৱে জুড়াইল মন॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ৭৮২॥



॥ দশম কীৰ্ত্তন॥
ঘোষা॥
প্ৰণামো ৰাম দেৱ দয়াশীল।
আৱেসে কৃষ্ণৰ কৃপা মিলিল॥ ৬৬॥
পদ॥
ভকতৰ দুখ দেখি গোপাল।
আস্ফোট কৰি দিলা উৰুফাল॥
সৰ্পৰ বন্ধ এড়াই জগন্নাথে।
ডেৱে চড়িলন্ত কালিৰ মাথে॥ ৭৮৩॥
শতেক শিৰত নাচন্ত হৰি।
বাৱৈ বিদ্যাধৰে মৃদঙ্গ ধৰি॥
গন্ধৰ্ব্বে গীত গায়া বাৱৈ তাল।
পৰম আনন্দে নাচা গোপাল॥ ৭৮৪॥
জগত আধাৰ তোহ্মাৰ ভিৰে।
নাকে মুখে সিটো ছাদে ৰুধিৰে॥
স্বামী মৰে দেখি নাগিনী লোকে।
শিশু আগ কৰি আসিল শোকে॥ ৭৮৫॥
পড়িল ভূমিত কৃষ্ণৰ আগে।
কৰিয়া তুতি স্বামীদান মাগে॥
কৰিল দোষ স্বামী ইটো চণ্ড।
বিহিলা ইহাৰ উচিত দণ্ড॥ ৭৮৬॥
দুৰ্জ্জন জনৰ চিন্তিবা মাৰ।
সেহিসে কাৰ্য্যে তযু অৱতাৰ॥
পাতকী সৰ্পজাতি দুৰাশয়।
তোহ্মাৰ দণ্ডে পাপ ভৈল ক্ষয়॥ ৭৮৭॥
কৰিলা দায়া দয়াশীল হৰি।
তোহ্মাৰ ক্ৰোধ বৰএৰে সৰি॥
পূৰ্ব্বত কিনো তপ আছে কৰি।
যাহাত তুমি তুষ্ট ভৈলা হৰি॥ ৭৮৮॥
যিহেতু হেন ভৈল ভাগ্যোদয়।
তোহ্মাৰ পাইলে পদধূলাচয়॥
যাহাক লক্ষ্মীদেৱী বাঞ্ছা কৰি।
আচৰিলা তপ ব্ৰতক ধৰি॥ ৭৮৯॥
যিটো পদৰজ ভকতে পাই।
এড়ৈ সাৰ্ব্বভৌম পদতো দায়॥
স্বৰ্গ ব্ৰহ্মপদে নকৰৈ বাঞ্ছা।
নকৰন্ত যোগ সিদ্ধিকো ইছা॥ ৭৯০॥
মোক্ষতো অভিলাষ নাহি হৰি।
তোমাৰ চৰণ ৰেণুক এড়ি॥
পৰম ক্ৰোধী হুয়া ত্ৰূৰমতি।
হে পদধূলা পাইলেক পতি॥ ৭৯১॥
নপান্ত ব্ৰহ্মা আদি দেৱে যাক।
হেন জানি নাথ ৰাখা ইহাক॥
চৰণে প্ৰণামো হুয়ো সন্তোষ।
বাৰেক আৰ মৰষিয়ো দোষ॥ ৮৯২॥
কৰিয়ো দায়া প্ৰভু এড়ৈ প্ৰাণ।
অনাথ স্ত্ৰীক দিয়ো স্বামীদান॥
কৰিলা অনেক স্তুতি ভকতি।
শুনি তুষ্ট ভৈলা জগতপতি॥ ৭৯৩॥
প্ৰাণে নমাৰিলা তাতেসে থাকি।
কালিক খেদাইলা হদৰ ডাকি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
হৰি হৰি বোলা সমস্তজনে॥ ৭৯৪॥
॥ একাদশ কীৰ্ত্তন॥
ঘোষা॥
ৰাম গোৱিন্দ মুকুন্দ মুৰাৰি॥ ৬৭॥
পদ॥
ভৈল হদ সিটো নিৰ্ম্মল জল।
দেখিয়া সৱে ভৈল কৌতূহল॥
সপুত্ৰ বান্ধৱে গুচাইলা কালি।
তীৰক পাছে গৈলা বনমালী॥ ৭৯৫॥
দেখিয়া যশোদা ধৰিলা গলে।
পুত্ৰ পুত্ৰ বুলি নেত্ৰৰ জলে॥
তিয়াইলা কৃষ্ণৰ সৱে শৰীৰ।
নন্দো ধৰি আসি ঘ্ৰাণিলা শিৰ॥ ৭৯৬॥
কৃষ্ণক আলিঙ্গি আনন্দ পাইল।
নাছিল প্ৰাণ দুনাই যেন আইল॥
বেঢ়ি গোপগোপী চাৱে নিৰেখি।
জুৰাইলা শৰীৰ কৃষ্ণক দেখি॥ ৭৯৭॥
ভাই বুলি বলো সাৱটি আসি।
প্ৰভাৱ জানিয়া তুলিলা হাসি॥
এহিমতে সৱে এড়ায়া শোক।
ৰজনী ভৈল জানি সৱে লোক॥ ৭৯৮॥
যমুনা তীৰত বঞ্চিলা ৰাতি।
ক্ষুধায়ে তৃষায়ে আতি॥
ঘুমটি গৈলা হাৰাশাস্তি হুই।
বেঢ়িয়া বনত লাগিল জুই॥ ৭৯৯॥
অগনিৰ তাপে পাইলেক গাক।
জাগিলা সৱে গোপগোপী জাক॥
বহ্নিক দেখি ভৈলা সৱে ত্ৰাস।
ত্ৰাহি কৃষ্ণ বুলি পাড়ৈ আটাস॥ ৮০০॥
বহ্নিত সৱে পুৰি মৰো আমি।
প্ৰাণদান দিয়া জগত স্বামি॥
তুমি বিনা আন নাই বান্ধৱ।
ভকতজনক ৰাখা মাধৱ॥ ৮০১॥
এহি বুলি সৱে কৰৈ কোঢ়াল।
বান্ধৱৰ দুঃখ দেখি গোপাল॥
ভয় নাই বুলি আপুন মুখে।
পিলা বনাগ্নিক পৰম সুখে॥ ৮০২॥
এড়াইলা সমস্তে দুৰ্ঘোৰ ভয়।
অনন্তৰে ভৈলা সূৰ্য্য উদয়॥
কৃষ্ণৰ কৰ্ম্ম আতি আচৰিত।
বিস্ময় দেখি সমস্তৰে চিত্ত॥ ৮০৩॥
নোহন্ত মানুষ নন্দ তনয়।
পৰম পুৰুষ জানি নিশ্চয়॥
পাছে গোপগোপী কৃষ্ণক বেঢ়ি।
গোষ্ঠক লড়িল কৰন্তে খেড়ি॥ ৮০৪॥
কৃষ্ণগীত গান্ত বজায়া বেণু।
কৰিলেক আগ যতেক ধেনু॥
গোপীসৱে কৃষ্ণ চৰিত্ৰ গাইল।
পৰম আনন্দে ব্ৰজক পাইল॥ ৮০৫॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে গায়।
কেতিক্ষণে পড়ে ক্ষণিক কায়॥
জানিয়া কৃষ্ণৰ চৰণে ধৰি।
সমস্ত সমাজে ঘুষিয়ো হৰি॥ ৮০৬॥
॥ কালিয়-দমন অনুখণ্ড সমাপ্ত॥
॥ শিশুলীলা সমাপ্ত॥ ১০॥