দ্বিতীয় খণ্ড: নাম-অপৰাধ

ৱিকিউৎসৰ পৰা

দ্বিতীয় খণ্ড

নাম-অপৰাধ

প্ৰথম কীৰ্ত্তন


!!ঘোষা॥

কৰিও হৰিৰ চৰণে ৰতি।

কলিত হৰিৰ নামেসে গতি॥ ৫॥

পদ॥

পদ্মপুৰানৰ স্ৱৰ্গ খণ্ডত।

নিৰূপি আছে কলি ধৰ্ম্ম যত॥

তাক শুনা আৱে একান্ত চিত্তে॥

যাৰ ইচ্ছা আছে ভৱ তৰিতে॥ ৩৪॥

আছে চাৰিসিদ্ধ জ্ঞানী পৰম।

ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম॥

তাসম্বাক পায়া নাৰদ ঋষি।

পুছিলা সংসয় কথা হৰিষি॥ ৩৫॥

ইশ্ৱৰ ভগৱন্ত কৃপাময়।

কৰিছা যিতু মহাপাপচয়॥

কেন মতে হোৱে বিনাশ তাৰ।

কলিত কোন পুণ্যে পাই পাৰ॥ ৩৬॥

কহিয়া ছেদিয়ো সংশয় যত।

চাৰিও তোৰা মহাভাগৱত॥

শুনিয়া সনত কুমাৰ মুনি।

দিলন্ত ঊত্তৰ মনত গুণি॥ ৩৭॥

গোবিন্দৰ প্ৰিয় নাৰদ শুনা।

ভাগৱত ধৰ্ম্ম আপুনি জানা॥

হৌক মোক্ষ বুলি সৱে লোকৰ।

কৰিলা প্ৰশ্ন সংসাৰত সাৰ॥ ৩৮॥

যেন মতে পাৱে সংসাৰ পাৰ।

শুনা সাৱধানে উত্তৰ তাৰ॥

সদায়ে এড়িল আচাৰ ধৰ্ম্ম।

নভৈল যাৰ কিছু জাতকৰ্ম্ম॥ ৩৯॥

শঠবুদ্ধি যিটো জগত বঞ্চৈ।

দম্ভ অহঙ্কাৰ সদা নুগুচৈ॥

সুৰাপায়ী চাতুকাৰ চাণ্ডাল।

নিষ্ঠুৰ বাক্য বোলৈ সৰ্ব্বকাল॥ ৪০॥

পুত্ৰ দাৰা ধন আতেসে ৰতি।

সবাতো অধম যি পাপমতি॥

সিসবো পাপত হোৱৈ তৰণ।

যদি হৰি পদে লৱৈ শৰণ॥ ৪১॥

দেৱতো উত্তম কৰুণাকৰ।

মুকুতি পাৱৈ যাত চৰাচৰ॥

যিতো থাকৈ তান দ্ৰোহ আছৰি।

ভজিলে তাকো নিস্তাৰন্ত হৰি॥ ৪২॥

যিতো মন্দমতি অধম নৰে।

হৰিৰ মহা অপৰাধ কৰে॥

নামত শৰণ লোৱে বাৰেক।

নামে হৰে তাৰ সবে পাতেক॥ ৪৩॥

সুহৃদ হৰি নাম সমস্তৰে।

তাৰ অপৰাধ যি নৰে কৰে॥

তাহাৰ ৰক্ষাৰ নাহি উপায়।

অৱশ্যে সিটো অধোগতি যায়॥ ৪৪॥

হৰিয়ো ৰাখিবে নৱাৰে তাক।

শুনিয়া নাৰদে বোলিলা বাক॥

নামৰ কোন অপৰাধগণ।

লোকৰ যিতো পুণ্য কৰে ছন॥ ৪৫॥

পাপক সাঞ্চি যায় অধোগতি।

কহিয়ো নামৰ দ্ৰোহ সম্প্ৰতি॥

শুনি মুনি বাক্য বুলিলা তথা।

পুছিলা পৰম ৰহস্য কথা॥ ৪৬॥

পুৰ্ব্বত কহিলা মোত শঙ্কৰে।

প্ৰকাশিবো আক তোহ্মাৰ তৰে॥

শুনা যেন যেন দ্ৰোহ নামৰ।

হৰি হৰি বোলা সমস্ত নৰ॥ ৪৭॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

ঘুষিয়ো হৰি হৃদি ৰূপ ধৰি।

নাহি আন পুন্য নামক সৰি॥ ৬॥

পদ॥

ভকতক নিন্দা কৰৈ অধম।

জানিবা নামৰ দ্ৰোহী পৰম॥

যাত হন্তে ভৈলা নামৰ খ্যাতি।

তাৰ কি নিন্দা নামে সহে আতি॥ ৪৮॥

গুণনাম যত বিষ্ণু শিৱৰ।

তাক ভিন্ন বুদ্ধি কৰৈ যিটো নৰ॥

নামৰ সিয়ো মহা অপৰাধী।

নৰকত পৰৈ দৈৱে নৱাধি॥ ৪৯॥

যিতো পাপী কৰে গুৰুক হেলা।

বেদকো নিন্দৈ যদি কোনো বেলা॥

নামৰ ইয়ো দুয়ো অপৰাধ।

ভুঞ্জিবে যাতনা নাহিকে বাধ॥ ৫০॥

হৰিৰ নামে কৰৈ অৰ্থবাদ।

নামৰ মহিমা কৰৈ উচ্ছাদ॥

সিজনো নামৰ দ্ৰোহী পৰম।

নৰকে পচৈ নাহি তাৰ জন্ম॥ ৫১॥

নামত বলে কৰৈ পাপ বুদ্ধি।

অষ্টাঙ্গযোগে তাৰ নাহি সিদ্ধি॥

নাম অপৰাধী সিও পৰ্ম।

ভুঞ্জিবে যাতনা অনেক জন্ম॥ ৫২॥

ধৰ্ম্ম হোম ব্ৰত তীৰ্থত স্নান।

যতেক আছে মহাযজ্ঞ দান॥

আকে এৰে কৰে নামক সৰি।

কতনো যাতনা ভুঞ্জিবে মৰি॥ ৫৩॥

নামক কীৰ্ত্তন কৰন্তে আনে।

আন মন কৰি নুশুনে কানে॥

অধক যাই সিয়ো হোৱৈ কলা।

বাইবেক কাণত তপত শলা॥ ৫৪॥

নাহিকে শ্ৰদ্ধা নপাতয় কাণ।

তাক যিটো দেয় নামক দান॥

নামৰ দ্ৰোহী নাহি তাত পৰে।

ভুঞ্জাইবে যাতনা যম কিঙ্কৰে॥ ৫৫॥

শুনিয়া নামৰ মহিমা নীতি।

তথাপি নামত নকৰৈ প্ৰীতি॥

নামৰ দ্ৰোহী সিও অহঙ্কাৰী।

ভুঞ্জিবেক কাকে জিহ্বা উভাৰি॥ ৫৬॥

এহি দশ অপৰাধী নামৰ।

আহ্মাত কৃপায়ে কহিলা হৰ॥

পুৰ্ব্বত সমস্ত মুনিৰ আগে।

তোহ্মাত আৱে কৈলো অনুৰাগে॥ ৫৭॥

নামৰ দ্ৰোহ নেৰে যিটো জানি।

পাপত পচৈ সিয়ো মন্দ প্ৰাণী॥

মাতৃক ক্ৰোধে তেজৈ যেন অৰ্ন্ন।

দুঃখ মাত্ৰ পাৱৈ বালকগন॥ ৫৮॥

এৰিয়া অপৰাধ দেৱ ঋষি।

নামত যতন কৰা হৰিষি॥

নামেসে কৰিবে পৰম সিদ্ধি।

হৰিৰ নাম জগতৰে নিধি॥ ৫৯॥

পুছিলা নাৰদ মুনি দুনাই।

যাহাৰ বিজ্ঞান বৈৰাগ্য নাই॥

সদায়ে মজি আছৈ বিষয়তে।

এৰাইবে নামৰ দ্ৰোহ কিমতে॥ ৬০॥

সনত কুমাৰে দিলে উতৰ।

নামৰ দ্ৰোহী যিতো পাপী নৰ॥

সততে ফুৰৈ হৰি নাম গাই।

তেৱেসে নামৰ দ্ৰোহ এডাই॥ ৬১॥

সুৰূপ শুনা ঋষি উদাসীন।

যিজন নাম অপৰাধহীন॥

হৰিৰ তেবে একে নামে তৰৈ।

শুনৈ বা ভণৈ বা মনত স্মৰৈ॥ ৬২॥

কহিলা ৰহস্য মোত শঙ্কৰে।

আক যিটো নৰে কীৰ্ত্তন কৰে॥

মুকুতি পাৱৈ এৰাই অপৰাধ।

কহিলো নাৰদ নাহিকে বাধ॥ ৬৩॥

পৰম বান্ধৱ হৰিৰ নাম।

যিজনে আক লৱৈ অবিশ্ৰাম॥

তাৰ সাত কাৰ্য্য সাধিবে দেখা।

প্ৰতি প্ৰতি লোৱা সাতৰো লেখা॥ ৬৪॥

প্ৰথমে দহিব পাতকচয়।

কৰিবে মহাপুন্য অদ্ভ্যুদয়॥

কৰাইবে বিষয়ত বিৰকতি।

কৃষ্ণত পৱাইবে প্ৰেম ভকতি॥ ৬৫॥

উপজাইবে অতি বৈষ্ণৱ জ্ঞান।

মায়াকো দহিয়া কৰৈ নিৰ্য্যান॥

চৈতন্য মুৰ্ত্তি পূৰ্ণানন্দ হৰি।

থৈবন্ত তেন্তে এৰে একে কৰি॥ ৬৬॥

তেৱেসে নাম হৈবে উপশান্ত।

কহিলো পৰম তত্ত্ব একান্ত॥

নাম বিনে নাহি কলিত গতি।

কলিৰ লোক হুইবে পাপমতি॥ ৬৭॥

অন্যত্ৰ ধৰ্ম্ম নাহি অধিকাৰ।

জানিবা কলিত নামেসে সাৰ॥

কলিত সদা নুসুমৰৈ হৰি।

হেলাত মৰৈ আত্মঘাত কৰি॥ ৬৮॥

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।

মনুষ্য জন্মক নপায় সেন্থৰে॥

আকো বৃথা কৰা কিনো অভাগী।

মাণিক্যক বিকা কাঞ্চক লাগি।। ৬৯॥

কেতিক্ষনে কিবা মিলৈ বিঘাত।

তথাপী চেতন নাহিকে গাত॥

আজি কালি কিবা মিলৈ মৰণ।

হৰিৰ নামত লৈয়ো শৰণ॥ ৭০॥

নকৰিবা নিন্দা মোক মহন্তে।

আসিল সাস্ত্ৰ বাৰাণসী হন্তে॥

তাহাঙ্ক চাই নিবন্ধিলো পদ।

হৰি হৰি বোলি তৰা আপদ॥ ৭১॥

॥ নাম-অপৰাধ সমাপ্ত॥ ২॥