দ্বাদশ খণ্ড: কংসবধ

ৱিকিউৎসৰ পৰা
কীৰ্তন ঘোষা
  1. প্ৰথম খণ্ড: চতুৰ্ব্বিংশতি অৱতাৰ
  2. দ্বিতীয় খণ্ড: নাম-অপৰাধ
  3. তৃতীয় খণ্ড: পাষণ্ড মৰ্দ্দন
  4. চতুৰ্থ খণ্ড: ধ্যান বৰ্ণন
  5. পঞ্চম খণ্ড: অজামিল উপাখ্যান
  6. ষষ্ঠ খণ্ড: প্ৰহ্লাদ চৰিত
  7. সপ্তম খণ্ড: গজেন্দ্ৰ উপাখ্যান
  8. অষ্টম খণ্ড: হৰমোহন
  9. নৱম খণ্ড: বলিছলন
  10. দশম খণ্ড: শিশুলীলা
  11. একাদশ খণ্ড: ৰাস-ক্ৰীড়া
  12. দ্বাদশ খণ্ড: কংসবধ
  13. ত্ৰয়োদশ খণ্ড : গোপী-উদ্ধৱ সংবাদ
  14. চতুৰ্দ্দশ খণ্ড : কুঁজীৰ বাঞ্ছা পূৰণ
  15. পঞ্চদশ খণ্ড : অক্ৰুৰৰ বাঞ্ছাপূৰণ
  16. ষোড়শ খণ্ড : জৰাসন্ধৰ যুদ্ধ
  17. সপ্তদশ খণ্ড : কালযৱন বধ
  18. অষ্টাদশ খণ্ড : মুচুকুন্দ স্তুতি
  19. ঊনৱিংশ খণ্ড : দ্বাৰকা লীলা (স্যমন্তক হৰণ)
  20. বিংশ খণ্ড : নাৰদৰ কৃষ্ণদৰ্শন
  21. একৱিংশ খণ্ড : বিপ্ৰপুত্ৰ আনয়ন
  22. দ্বাৱিংশ খণ্ড : দামোদৰ-বিপ্ৰাখ্যান
  23. ত্ৰয়োৱিংশ খণ্ড : দৈৱকীৰ পুত্ৰ-আনয়ন
  24. চতুৰ্বিংশতি খণ্ড : বেদস্তুতি
  25. পঞ্চৱিংশ খণ্ড : লীলামালা
  26. ষষ্ঠৱিংশ খণ্ড : শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
  27. সপ্তৱিংশ খণ্ড : ভাগৱত-তাৎপৰ্য্য
  28. পৰিশিষ্ট-১ : সহস্ৰনাম-বৃত্তান্ত
  29. পৰিশিষ্ট-২ : উৰেষা-বৰ্ণন
  30. পৰিশিষ্ট-৩ : ধ্যান-বৰ্ণন

॥ দ্বাদশ খণ্ড॥

॥ কংসবধ॥

॥ প্ৰথম কীৰ্ত্তন॥

ঘোষা॥

হৰিসে আতমা হৰিসে বন্ধু।

তৰি হৰিনামে সংসাৰ সিন্ধু॥ ৮৬॥

পদ॥

কেশীক বধিয়া আছন্ত হৰি।

বৰিষৈ পুষ্প দেৱে স্তুতি কৰি॥

সেহিবেলা আসি নাৰদ ঋষি।

কৃষ্ণক বুলিলা মহা হৰিষি॥ ১০২৫॥

হে কৃষ্ণ কৃষ্ণ প্ৰণামো আমি।

সমস্ত ভূতৰ আতমা স্বামী॥

পুৰাণ পুৰুষ ঈশ্বৰ সাক্ষী।

সমস্তে সৃষ্টিক আছাহা ৰাখি॥ ১০২৬॥

ভকতজনৰ ৰক্ষাৰ হেতু।

দুষ্টক নাশিবা গৰুড়কেতু॥

কেশীবধ শুনি মিলিল ৰঙ্গ।

হেষণি শুনি দেৱে দেয় ভঙ্গ॥ ১০২৭॥

স্বৰ্গত থাকিবে নোৱাৰৈ কেৱ।

কেশীক বধিয়া তাৰিলা দেৱ॥

প্ৰভাতে কালি মথুৰাক যাইবা।

ধোবাক মাৰিয়া ধনু ভাঙ্গিবা॥ ১০২৮॥

চাণূৰ মুষ্টিক প্ৰমুখ্যে মাল।

কুৱলয়াপীড় হস্তী বিশাল॥

কংসক বধিবা জগত স্বামী।

পৰশুই দিনা দেখিবো আমি॥ ১০২৯॥

কালযৱনক নৰকাসুৰ।

মাৰিবাহা পঞ্চজন অসুৰ॥

কৰিবা বিহা কন্যা ভগৱন্ত।

নৃগৰ শাপক কৰিবা অন্ত॥ ১০৩০॥

সত্যভামা সমে স্যমন্তমণি।

পাইবাহা প্ৰভু জাম্বৱন্ত জিনি॥

মৃতক পুত্ৰক দিয়া বিপ্ৰক।

লীলায়ে বধিবা নৃপ পৌক॥ ১০৩১॥

কেশীক বধি কৰি বুন্দামাল।

মাৰিবা দন্তবক্ৰ শিশুপাল॥

পাণ্ডৱৰ হাতে সমৰ জিনি।

মৰাইবা অষ্টাদশ অক্ষৌহিণী॥ ১০৩২॥

কৰিবা কৰ্ম্ম যত দ্বাৰকাত।

দেখিবো আনন্দে থাকি তথাত।

কেৱল জ্ঞানমূৰ্ত্তি তুমি স্বামি।

তোহ্মাত শৰণ পশিলো আমি। ১০৩৩॥

পৰম পুৰুষ সন্তৰ গতি।

যদুশ্ৰেষ্ঠ হেৰা কৰো প্ৰণতি॥

আনন্দে নাৰদে এতেক কই।

গৈলন্ত কৃষ্ণত মেলানি লই॥ ১০৩৪॥

গোৱিন্দো কেশী অসুৰক মাৰি।

ব্ৰজৰ আনন্দ বঢ়ায়া হৰি॥

থাকিল কৃষ্ণে নানা লীলা কৰি।

সমস্ত সমাজে বুলিয়ো হৰি॥ ১০৩৫॥

॥ দ্বিতীয় কীৰ্ত্তন॥

ঘোষা॥

ৰাম বনমালী গোপাল বনমালী॥ ৮৭॥

পদ॥

গৈলন্ত নাৰদ ঋষি কংসৰ সমাজ।

নিচিন্তি আছস কেনে এভু ভোজৰাজ॥

তোক মাৰিবাক লাগি দেৱৰ যতন।

দৈৱকীৰ গৰ্ভে উপজিলা নাৰায়ণ॥ ১০৩৬॥

বসুদেৱে গোকুলত থৈলা চুৰি কৰি।

নন্দঘৰে বাঢ়ন্ত তোহ্মাৰ প্ৰাণবৈৰী॥

কৃত্যা কৰি আনি দিল নন্দৰ কন্যাক।

কহিলো সম্ভেদ কথা দঢ়াই আপোনাক॥ ১০৩৭॥

শুনি কংসে খাণ্ডা তুলি উঠি গৈল ৰাগি।

বসুদেৱ মহন্তক কাটিবাক লাগি॥

উঠি দেৱঋষি তাঙ্ক আনিলা নিবাৰি।

আঙ্ক নকাটিবি তই কৃষ্ণক নমাৰি॥ ১০৩৮॥

পিতৃ হত শুনি লাগ নেদিব তোহ্মাকে।

উলটি বসিল কংস নাৰদৰ হাকে॥

বসুদেৱ দেৱকীক বান্ধিয়া নিহলে।

কৰিলেক বন্দী উগ্ৰসেনক নিষ্খলে॥ ১০৩৯॥

পাছে দেৱঋষি গোকুলক গৈলা বহি।

বুলিলা কৃষ্ণক তুতি আকাশত ৰহি॥

ভাৰ সংহাৰন্তা আউৰ নাহি তুমি বিনা।

কংসক বধিবা প্ৰভু পৰশুই দিনা॥ ১০৪০॥

দিবা উগ্ৰসেনক কংসৰ ৰাজ্যভাৰ।

বসুদেৱ দেৱকীৰ খণ্ডিবা নিকাৰ॥

তোহ্মাৰ মনুষ্য লীলা দেখিবো হৰিষি।

এহি বুলি স্বৰ্গক গৈলেক দেৱঋষি॥ ১০৪১॥

অত্ৰূৰক পাঞ্চিলা ভোজৰ নিজ নাহা।

কৃষ্ণক আনিবে তুমি গোকুলক যাহা॥

শিশু ধৰি তোহ্মাৰে আহ্মাৰে মিত্ৰৱতি।

ইটো কাৰ্য্য সাধি মোক দিয়ো দানপতি॥ ১০৪২॥

শুনি দানপতিৰ আনন্দ ভৈল আতি।

প্ৰভাতে লড়িলা মথুৰাত বঞ্চি ৰাতি॥

কৃষ্ণক দেখিবো আজি কিনো সুপ্ৰভাত।

জানিলো প্ৰসন্ন ভৈলা বিধাতা আহ্মাত॥ ১০৪৩॥

নয়নে দেখিবো মই চৰণ কমল।

আজিসে জন্মৰ মোৰ হৈৱেক সাম্ফল॥

দণ্ডৱতে পৰিবোহো কৃষ্ণৰ চৰণে।

কৃষ্ণে মোক আশ্বাসিব মধুৰ বচনে॥ ১০৪৪॥

খুড়া বুলি কৃষ্ণে মোক কৰিবে আহ্লাদ।

ব্ৰহ্মাৰ দুৰ্ল্লভ তেৱে লভিবো প্ৰসাদ।

হেন মনে গুণি ৰথে লড়িলা অত্ৰূৰ।

গোধুলিকা বেলাত পশিলা গোপপুৰ॥ ১০৪৫॥

মাধৱৰ খোজচয় দেখিলা ভূমিত।

ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশোভিত॥

ৰথৰ নামিয়া বেগে কৃষ্ণ কৃষ্ণ বুলি।

শিৰে আনি ঘষিলা খোজৰ যত ধূলি॥ ১০৪৬॥

পাছে গৈয়া কৃষ্ণক দেখিল আনন্দতে।

কৃষ্ণ কৃষ্ণ বুলিয়া পৰিল দণ্ডৱতে॥

কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালি তুলি।

সতকাৰ কৰিলা অত্ৰূৰ খুড়া বুলি॥ ১০৪৭॥

অত্ৰূৰে ভকতি পথে যতেক বাঞ্ছিলা।

কৃষ্ণো তান সৱে মনোৰথক পূৰিলা॥

কহিলন্ত অত্ৰূৰে কংসৰ বিচেষ্টাক।

মথুৰাক যাইবাক সাজিল গোপজাক॥ ১০৪৮॥

শকটে উঠিয়া লড়ি নন্দ গোপৰাজ।

ৰজনী প্ৰভাতে ৰাম কৃষ্ণ ভৈলা বাজ॥

কৃষ্ণক যাইবাৰ শুনি গোপী নিৰন্তৰ।

মিলিল বিষাদ সৱে বজাইল গৃহৰ॥ ১০৪৯॥

সলোতক নয়ন মনত মহাদুঃখে।

জুমাজুমি কৃষ্ণক চাহয় উৰ্দ্ধমুখে॥

কৃষ্ণৰ বিজয় কথা শুনা সাৱধানে।

বোলা হৰি হৰি যাৱে প্ৰাণ থাকে মানে॥ ১০৫০॥

॥ তৃতীয় কীৰ্ত্তন॥

ঘোষা॥

এ জয় হৰি জয় ৰাম॥ ৮৭॥

পদ॥

গোপৰূপে নন্দৰ তনয়।

শুভক্ষণে কৰিলা বিজয়॥

বাজৈ শিঙ্গা বাংশীৰ নিস্বান।

কংস বধে কৰিলা পয়াণ॥ ১০৫১॥

ৰথে চড়ি লড়িলা মুৰাৰি।

পড়ি পড়ি কান্দে গোপনাৰী॥

হৰিৰ বিৰহে তনু তাৱে।

যেন ভৈল বাতুল স্বভাৱে॥ ১০৫২॥

কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়।

আমাৰ প্ৰাণক কোনে নেয়॥

ত্ৰূৰ অত্ৰূৰ ভৈল বৈৰী।

জীৱ কাঢ়ি নেয় কেন কৰি॥ ১০৫৩॥

কিনো হৰি নিদাৰুণ ভৈলা।

গোকুল অনাথ কৰি গৈলা॥

কৃষ্ণ বিনে কি কৰৈ জীৱনে।

আউৰ কোনে যাইব বৃন্দাবনে॥ ১০৫৪॥

প্ৰভাতে ৰাখিবে কোনে ধেনু।

কোনে বাইবে সুললিত বেণু॥

কোনে চাইবে কটাক্ষে নিৰেখি।

জুড়াইবো হৃদয় কাক দেখি॥ ১০৫৫॥

কোনে দিবে বাংশীৰ নিস্বান।

কি দেখি ৰাখিবো আৱে প্ৰাণ॥

আহ্মাৰ জীৱনে নাই সুখ।

আউৰ নেদেখিবো কৃষ্ণমুখ॥ ১০৫৬॥

নীল আকুঞ্চিত যাৰ কেশ।

শিৰে ৰত্ন কিৰীটি সুৱেশ॥

ভ্ৰূৱযুগ মদনৰ চাপ।

দৰশনে হৰৈ হৃদি তাপ॥ ১০৫৭॥

ৰুচিকৰ কমল লোচন।

সুধা সম মধুৰ বচন॥

সুষম ললাট গণ্ডস্থল।

চাৰু কৰ্ণে মকৰ কুণ্ডল॥ ১০৫৮॥

নাসা তিল কুসুম সুন্দৰ।

শোভৈ আতি অৰুণ অধৰ॥

দশন দাড়িম্ব বীজ পান্তি।

হাস্যে নিন্দৈ চন্দ্ৰমাৰ কান্তি॥ ১০৫৯॥

কম্বু কণ্ঠে কৌস্তুভ প্ৰকাশে।

সূৰ্য্য যেন উদিত আকাশে॥

সিংহবন্ধ স্কন্ধ সুপ্ৰসন্ন।

ভুজযুগ ৰত্নৰ মোলান॥ ১০৬০॥

কেয়ূৰ কঙ্কণ তাতে জ্বলে।

ৰত্নৰ গুলিয়া শৌভৈ গলে॥

হিয়াত শ্ৰীবৎস কৰৈ কান্তি।

যেন মেঘে বলাকাৰ পান্তি॥ ১০৬১॥

পীতবস্ত্ৰে শোভৈ তনু কালা।

আপাদলম্বিত বনমালা॥

তাতে পড়ি অনেক ভ্ৰমৰে।

মধুলোভে বেঢ়িয়া গুঞ্জৰে॥ ১০৬২॥

বক্ষস্থলে মুকুতাৰ হাৰ।

আকাশী গঙ্গাৰ যেন ধাৰ॥

ৰত্নৰ মেখলা কটি মাজে।

সোণাৰ কিঙ্কিণী তাত বাজে॥ ১০৬৩॥

কৰীকৰ উৰু নিৰুপম।

চৰণ পঙ্কজ মনোৰম॥

ধ্বজ বজ্ৰ অঙ্কুশে অঙ্কিত।

ৰত্নময় নূপুৰে ৰঞ্জিত॥ ১০৬৪॥

ভকতৰ হৃদয় ৰঞ্জন।

নেদেখিবো সিহেন চৰণ॥

কন্দৰ্প কোটিকো ৰূপে জিনি।

গোকুলে প্ৰকাশৈ যদুমণি॥ ১০৬৫॥

কহে কৃষ্ণ কিঙ্কৰে শঙ্কৰে।

নাহি গতি কীৰ্ত্তনত পৰে॥

জানিয়া কৰিয়ো একচিত্ত।

হৰি হৰি ঘোষা প্ৰতি নিত॥ ১০৬৬॥

॥ চতুৰ্থ কীৰ্ত্তন॥

ঘোষা॥

এ প্ৰাণ হৰি গৈলা এড়ি॥ ৮৯॥

পদ॥

হেন হৰি ভৈলোহো বঞ্চিত।

কিমতে ধৰিবো আৱে চিত্ত॥

সুপ্ৰভাতে মথুৰা পুৰীৰ।

মুখপদ্ম দেখিবে স্বামীৰ॥ ১০৬৭॥

জীৱৰ জীৱন প্ৰাণপতি।

আজি পাইবে কোন ভাগ্যৱতী॥

কিনো সুপ্ৰসন্ন ভৈলা বিধি।

হাতে পাইলে গোকুলৰ নিধি॥ ১০৬৮॥

মুখপদ্ম চন্দ্ৰ নোহে সৰি।

আনন্দে দেখিবে নেত্ৰভৰি॥

পাইব গৈয়া নাগৰী সুন্দৰী।

আউৰ দুনাই নাসিবন্ত হৰি॥ ১০৬৯॥

সৌহৃদ্য ভাঙ্গিল ক্ষণেকতে।

উপাসন্ত লক্ষ্মী কেনমতে॥

কিনো নিদাৰুণ নাৰায়ণ।

নুবুলিলা প্ৰবোধ বচন॥ ১০৭০॥

পতি পুত্ৰ এড়ি ভৈলো চেড়ী।

কোন সতে প্ৰভু গৈলা এড়ি॥

কিনো বজ্ৰে বান্ধিলেক হিয়া।

ভকতক গৈলা দুঃখ দিয়া॥ ১০৭১॥

আমি মৰো তোহ্মাৰ বিৰহে।

জানি কেনমতে হৃদি সহে॥

এহি বুলি কান্দে গোপনাৰী।

ৰাম কৃষ্ণ বুলি গেড়ি পাৰি॥ ১০৭২॥

নেত্ৰৰ লোতক পড়ৈ ধাৰে।

ঘনে ঘনে নিশ্বাস ফোঁকাৰে॥

হৰি বিনে নভাষে বচনে।

নপাসৰে সচিতে সপোনে॥ ১০৭৩॥

ৰাত্ৰিদিনে গাৱৈ হৰিগীত।

কৃষ্ণতে অৰ্পিল প্ৰাণ চিত্ত॥

কায়স্থ শঙ্কৰে এভু ভণে।

হৰিকথা শুনা সৰ্ব্বজনে॥ ১০৭৪॥

হৰিৰ কীৰ্ত্তন মুখে কৰা।

মাধৱৰ ৰূপ হিয়ে ধৰা॥

অল্প পুণ্যে নপাই আক জানি।

সদা নছাৰিবা ৰাম বাণী॥ ১০৭৫॥

পাপীজনে হৰি নুসুমৰে।

পাতকে মুখত চেপি ধৰে॥

আনে সুমৰন্তে শুনি মৰৈ।

পাপে চিত্ত উচপিচ কৰৈ॥ ১০৭৬॥

হৰিধ্বনি শুনি কাণ ফাটে।

নিন্দা কৰি ফুৰৈ হাটে বাটে॥

হেন জানি পাতক সংহৰি।

সদায়ে ঘোষিয়ো হৰি হৰি॥ ১০৭৭॥

॥ পঞ্চম কীৰ্ত্তন॥

ঘোষা॥

হৰি বোল হৰি বোল মাধৱ ৰাম॥ ৯০॥

পদ॥

ৰথে তুলি ৰাম কৃষ্ণ দোভাই।

অত্ৰূৰে লৈ যান্ত ঘোড়া ডকাই॥

বায়ুৰ বেগে নোহে তাক তুল।

পাইল গৈয়া পাছে যমুনাকূল॥ ১০৭৮॥

মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি।

ৰাখিলা ৰথ পাছে দানপতি॥

দোভাইক ৰথে থৈয়া তৰুতলে।

নামিলা গৈয়া যমুনাৰ জলে॥ ১০৭৯॥

বুড়দিয়া মন্ত্ৰ জপিলা পাছে।

দেখন্ত ৰামকৃষ্ণ ঐত আছে॥

ৰথত নাহিকে বুলি উঠিলা।

দোভাইক ৰথতে দুনাই দেখিলা॥ ১০৮০॥

পূৰ্ব্বৱতে বসি আছন্ত দুই।

দুনাই বুড় দিলা বিস্ময় হুই॥

জলৰ মাজত দেখন্ত পাছে।

সহস্ৰেক ফণে অনন্ত আছে॥ ১০৮১॥

মৃণাল ধৱল যেন শৰীৰ।

নীল বস্ত্ৰে দেখি আতি ৰুচিৰ॥

ফণাৰ মণি কৰে তিৰিমিৰি।

শৃঙ্গে সমে যেন কৈলাস গিৰি॥ ১০৮২॥

চৌপাশে সৰ্পগণে বেঢ়ি আছে।

তাহান কোলাত দেখন্ত পাছে॥

পৰম পুৰুষ আছন্ত বসি।

প্ৰকাশৈ মুখ যেন পূৰ্ণ শশী॥ ১০৮৩॥

মেঘ সম শ্যাম বসন পীত।

ৰত্নৰ কিৰীটি শিৰে শোভিত॥

কৰ্ণত মকৰ দোলে কুণ্ডল।

ধনু সম শোভৈ ভ্ৰূৱ যুগল॥ ১০৮৪॥

অৰুণ নেত্ৰ কমলৰ পাসি।

নুগুচৈ মুখে সদা অল্প হাসি॥

নাসা তিল ফুল সম সুন্দৰ।

বৰ্ত্তুল ৰাতুল চাৰু অধৰ॥ ১০৮৫॥

প্ৰৱাল ৰত্নে যেন আছৈ গঢ়ি।

প্ৰকাশে দন্ত যেন কুন্দ কঁড়ি॥

কম্বুকণ্ঠে শোভৈ কৌস্তুভ মণি।

প্ৰকাশৈ প্ৰভাতৰ সূৰ্য্য জিনি॥ ১০৮৬॥

আজানুলম্বী স্থল ভুজ চাৰি।

শঙ্খ চক্ৰ গদা পঙ্কজধাৰী।

কৰয় কেয়ূৰ কঙ্কণে কান্তি।

বক্ষস্থলে শোভৈ শ্ৰীবৎস পান্তি॥ ১০৮৭॥

আপাদলম্বী বনমালা গলে।

মুকুতাৰ হাৰ হিয়াত জ্বলে॥

ৰত্নৰ মেখলা কটিৰ মাজে।

তাতে সুৱৰ্ণৰ কিঙ্কিনী বাজে॥ ১০৮৮॥

চাৰু উৰু জানু জন্দ্ৰা যুগল।

দুখানি চৰণ যেন কমল॥

আঙ্গুলি পান্তি তাৰ ভৈল পাসি।

আৰকত নখে আছে প্ৰকাশি॥ ১০৮৯॥

ৰত্নৰ নূপুৰে আতি ৰঞ্জিত।

যাত ভকতৰ সদায় চিত্ত॥

সুনন্দ নন্দ আদি কৰি পাছে।

চৌপাশে পাৰিষদে বেঢ়ি আছে॥ ১০৯০॥

শঙ্কৰ ব্ৰহ্মা যত প্ৰজাপতি।

কৰযোৰে সৱে কৰয় স্তুতি॥

আপুনি লক্ষ্মী আৰাধন্ত পাৱ।

অত্ৰূৰে দেখি শিহৰাইলা গাৱ॥ ১০৯১॥

আনন্দতে পৰৈ নেত্ৰৰ পানী।

কণ্ঠৰো নোহ্লায় গদগদ বাণী॥

পৰম ভক্তি কৰি মহাভাগে।

কৃতাঞ্জলি কৰি পৰিল আগে॥ ১০৯২॥

॥ ষষ্ঠ কীৰ্ত্তন॥

ঘোষা॥

মাধৱ ৰাম মুকুন্দ মুৰাৰি॥ ৯১॥

পদ॥

শিৰে প্ৰণামি পাছে দানপতি।

কৰিবে লাগিলা কৃষ্ণক স্তুতি॥

নমো নাৰায়ণ কৰোহো সেৱ।

স্ৰষ্টাৰো স্ৰষ্টা তুমি আদি দেৱ॥ ১০৯৩॥

তোহ্মাৰ নাভিত ভৈলন্ত বিধি।

যাত হন্তে ভৈল কাৰ্য্যৰ সিদ্ধি।

যত পঞ্চভূত ইন্দ্ৰিয় দেৱ।

তোহ্মাৰ ৰূপক নজানে কেৱ॥ ১০৯৪॥

নজানি লোকে আনদেৱ পূজৈ।

সিয়ো বিধিহীনে তোহ্মাক যজৈ।

যেহেন নদ নদী সমুদায়।

অনেক পথে সাগৰক যায়॥ ১০৯৫॥

মায়ায়ে মোহিত সৱাৰো মন।

তোহ্মাৰ নিচিন্তৈ কেৱে চৰণ॥

যাৰ নষ্ট হুইবে সংসাৰ বন্ধ।

তোহ্মাৰ ভক্তিত তাৰ প্ৰৱন্ধ॥ ১০৯৬॥

ৰূপ দেখাই কিনো কৰিলা দায়া।

জানিলো এড়াইল সংসাৰ মায়া॥

নমো হৃষীকেশ জগতপতি।

তুমি বিনে নাই আহ্মাৰ গতি॥ ১০৯৭॥

কৰিলা অনেক স্তুতি বিনয়ে।

নকৈলো পদ বিস্তৰক ভয়ে॥

জলত পাছে দেখা দিয়া হৰি।

ভৈলা অন্তৰ্দ্ধান ৰূপ সংহৰি॥ ১০৯৮॥

বিষ্ণুক নেদেখি পাছে অত্ৰূৰে।

জলৰ উঠিল আতি সত্বৰে॥

মধ্যাহ্ন সন্ধ্যা কৰি মহাশয়।

গৈলন্ত ৰথক হুয়া বিস্ময়॥ ১০৯৯॥

অত্ৰূৰত হৰি সোধন্ত হাসি।

বিস্ময় ভৈলা কেনে তুমি আসি॥

দেখিলা কিবা কৈত অদভূত।

সত্বৰে কহিয়ো গান্দিনীসুত॥ ১১০০॥

অত্ৰূৰে কৃষ্ণক মাতিলা পাছে।

সৱে অদভূত তোহ্মাত আছে।

যিজনে নজানে তত্ত্ব তোহ্মাৰ।

সমস্ত জগত অদ্ভূত তাৰ॥ ১১০১॥

এহি বুলি বীৰে ৰথ ডকাইল।

দিনান্তে গৈয়া মথুৰাক পাইল॥

পথত যাহন্তে পথিকে দেখি।

আনন্দে কৃষ্ণক চাহে নিৰেখি॥ ১১০২॥

পাছে মথুৰাৰ সমীপ পাই।

নামিল ৰাম কৃষ্ণ দুই ভাই॥

অত্ৰূৰৰ হাতে ধৰিলা হৰি।

বুলিলা হেন বাণী হাস্য কৰি॥ ১১০৩॥

ৰথ লৈয়া আগে চলিয়ো ঘৰ।

পাছেসে পশিবো আমি নগৰ॥

ইঠাইতে জিৰাওঁ আমি গোপজাক।

শুনিয়া আত্ৰূৰে বুলিলা বাক॥ ১১০৪॥

তোমৰা দোভাইক এড়িয়া স্বামী।

নযাইবো নযাইবো গৃহক আমি॥

নকৰা প্ৰভু ভকতক ত্যাগ।

কোটি পুৰুষৰ মিলোক ভাগ॥ ১১০৫॥

গৃহক মোৰ চলা সমুদায়।

পৱিত্ৰ কৰিও পদ ধূলাই॥

শিৰত ধৰি তযু পাদোদক।

লভিলা বলি মহা ঐশ্বৰ্য্যক॥ ১১০৬॥

পাইলেক পৰম জ্ঞানীৰ গতি।

ভকতক দয়া কৰা সম্প্ৰতি॥

আমাক বিমুখ নকৰা স্বামি।

তোহ্মাক এড়িবে নৱাৰো আমি॥ ১১০৭॥

মাধৱে বোলন্ত শুনা অত্ৰূৰ।

তুমি আগে যায়ো মথুৰাপুৰ॥

জগতৰে বৈৰী মাৰি কংসক।

অৱশ্যে তোহ্মাৰ যাইবো গৃহক॥ ১১০৮॥

হেন শুনি পাছে অত্ৰূৰ বীৰে।

বিতুষ্ট মনে গৈল ধীৰে ধীৰে।

কৃষ্ণ আসিবাৰ কংসত কৈলা।

মেলানি মাগিয়া গৃহক গৈলা॥ ১১০৯॥

একমনে শুনা কৃষ্ণৰ কথা।

মনুষ্য জন্মক নকৰা বৃথা॥

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।

বোলা হৰি হৰি সমস্ত জনে॥ ১১১০॥

॥ সপ্তম কীৰ্ত্তন॥

ঘোষা॥

গোৱিন্দ যদুদেৱ দীন দয়াশীল।

তুমিসে বান্ধৱ কৃষ্ণ আৱেসে জানিল॥ ৯২॥

পদ॥

অত্ৰূৰক পঠায়া গৃহক আগ কৰি।

লৈয়া গোপগণ সঙ্গে ৰঙ্গে ৰাম হৰি॥

পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত।

সিটো বিতোপন পুৰি দেখিলা সাক্ষাত॥ ১১১১॥

স্ফটিকে গঠিত পুৰ দ্বাৰ নুহি খাট।

লগাই আছৈ সুৱৰ্ণৰ বৃহত কপাট॥

হেমময় তোৰণ চিড়লে অলঙ্কৃত।

চতুৰ্ভিতি গঢ়খাই দেখি ভয়ভীত॥ ১১১২॥

বহুবিধ উদ্যান শোভিত কাছে কাছে।

শাৰী শাৰী গৃহসৱ প্ৰকাশন্তে আছে॥

হীৰা মৰকত ৰত্নে ৰঞ্জৈ ঠাৱে ঠাৱে।

শোভা কৰৈ পাৰাৱত ময়ূৰৰ ৰাৱে॥ ১১১৩॥

ৰাজপথ চৌপন্থাক সাঞ্জি মাঞ্জি আতি।

পদূলি পদূলি দীপঘট আছে পাতি॥

হেন নগৰত পশি গোপগণ সঙ্গে।

ৰাজপথে চলি যান্ত ৰাম কৃষ্ণ ৰঙ্গে॥ ১১১৪॥

মিলিল উৎসৱ১৪২ শুনি নাৰীগণ যত।

চাহিবাক লাগি সৱে চড়িলা গৃহত॥

কৃষ্ণক দেখিবে কাৰো উত্ৰাৱল চিত্ত।

পিন্ধে বস্ত্ৰ অলঙ্কাৰ কৰি বিপৰীত॥ ১১১৫॥

এক কৰ্ণে কুণ্ডল কঙ্কণ এক কৰে।

বিমোহিত হুয়া আসৈ বস্ত্ৰো নসম্বৰে॥

অঞ্জনে ৰঞ্জিল মাত্ৰ এগোটা লোচন।

কতো কতো নাৰীগণে এড়িল ভোজন॥ ১১১৬॥

পিয়ন্তে আছিল তন শিশুক এড়িল।

কৃষ্ণক দেখিবে মনে গৃহত চড়িল॥

ৰাজপথে চলি যান্ত লীলায়ে মাধৱ।

তাসম্বাৰ নয়নৰ বঢ়ায়া উৎসৱ॥ ১১৭৭॥

কমললোচন হাসি কটাক্ষে চাহন্তে।

সমস্ত নাৰীৰ মন হৰিল একান্তে॥

যাৰ গুণ কথাক শ্ৰৱণে আছো শুনি।

নেত্ৰ ভৰি দেখো হেন কৃষ্ণক আপুনি॥ ১১১৮॥

কৃষ্ণৰ কটাক্ষ হাস্যে বৰিষে অমৃত।

পূৰি মনোৰথ সৱে ভৈল কৃতকৃত্য॥

নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ।

আনন্দ মূৰ্ত্তিক আলিঙ্গয় নিৰন্তৰ॥ ১১১৯॥

মনৰ এড়াইল পীড়া আনন্দে ভৰিল।

তনু লোমাঞ্চিত নেত্ৰে লোতক ঝৰিল॥

প্ৰীতি প্ৰফুল্লিত মুখপদ্ম যত নাৰী।

গৃহৰ উপৰে চৰি হুয়া দুই শাৰী॥ ১১২০॥

ৰাম মাধৱৰ শিৰে পুষ্প বৰিষন্ত।

মুখ কমলক যেন নয়নে পিয়ন্ত॥

দধি দূৰ্ব্বাক্ষত উপায়ন পুষ্পগন্ধে।

পদূলি পদূলি দ্বিজে পূজিলা প্ৰবন্ধে॥ ১১২১॥

অন্যোঅন্যে নাৰীগণে সম্বোধি কহয়।

কিনো তপ কৰিলে ব্ৰজৰ গোপীচয়॥

দেখিয়ো আনন্দে যেন আছৈ মূৰ্ত্তি ধৰি।

হেন ৰাম মাধৱক দেখ নেত্ৰ ভৰি॥ ১১২২॥

গোপীসম ভাগ্যৱতী আউৰ কেহো নাই।

কহে সৱে নাৰীগণে অন্যোঅন্যে চাই॥

কৃষ্ণৰ কিঙ্কৰে কহে শুনা সৰ্ব্বজন।

বোলা হৰি হৰি আছে যাৱত চেতন॥ ১১২৩॥

॥ অষ্টম কীৰ্ত্তন॥

ঘোষা॥

প্ৰাণ বান্ধৱ মাধৱ ৰাম।

দেহু দেখা হৰি কৰো প্ৰণাম॥ ৯৩॥

পদ॥

পথত ৰাম কৃষ্ণ মহাভাগ।

যাহন্তে ধোবাক পাইলন্ত লাগ॥

খুজিলন্ত বস্ত্ৰ মাতি ধোবাক।

দিয়ো ভাল বাছি বস্ত্ৰ আহ্মাক॥ ১১২৪॥

আজি যেৱে বস্ত্ৰ কৰস দান।

হৈবেক পৰম তোৰ কল্যাণ॥

এহি বুলি বস্ত্ৰ খোজন্ত হৰি।

দুৰ্ম্মুখ ধোৱা মাতে ক্ৰোধ কৰি॥ ১১২৫॥

কিনো মহামূঢ় তোৰা গোৱাল।

পৰ্ব্বত বনত খপস কাল॥

মৰিবাক লাগি নাহিকে ত্ৰাস।

ৰাজাৰ বস্ত্ৰক পিন্ধিবে চাস॥ ১১২৬॥

প্ৰাণ লৈয়া পলা ঐৰ অন্তৰি।

ৰাজদূতে পাইলে দণ্ডিবে ধৰি॥

দৈৱকীসুতে শুনি হেন বাণী।

মাৰিলা ধোবাক চৱৰ টানি॥ ১১২৭॥

ছিণ্ডিল মুণ্ড চৱৰতে তাৰ।

যতেক ধোবা লগৰীয়া আৰ॥

বস্ত্ৰ পেলাই সৱে দিলে লৱড়।

দেখিয়া কৃষ্ণে ৰঙ্গ ভৈলা বড়॥ ১১২৮॥

ভাল বাছি বস্ত্ৰ লৈলা দোভাই।

গোৱালসৱক দিলা পেহ্লাই॥

বেশকাৰে আসি পিন্ধাই বস্ত্ৰক।

কছাইল ৰঙ্গে ৰাম মাধৱক॥ ১১২৯॥

তাত তুষ্ট ভৈলা কৃষ্ণ অধিক।

দিলন্ত পৰম ঐশ্বৰ্য্য শ্ৰীক॥

সাৰূপ্য মুকুতিকো দিলা তাক।

বুলিলা অনেক আশ্বাস বাক॥ ১১৩০॥

সুদামা নামে মালাকাৰ আছে।

তাহাৰ বাড়ীত পশিলা পাছে॥

দূৰতে দেখে আসে কৃষ্ণ ৰাম।

কৰিলা সুদামা পৰি প্ৰণাম॥ ১১৩১॥

আসন আনি দিল আথেবেথে।

বসিলা তাত ৰঙ্গে জগন্নাথে॥

পাদ্য অৰ্ঘে গন্ধধূপ লগাই।

কৰিলা পূজা লৈলা দুয়ো ভাই॥ ১১৩২॥

ভূমিত পৰি বোলে মালাকাৰ।

পিতৃ দেৱ ঋষি তুষ্ট আহ্মাৰ॥

আজিসে জন্ম সাফলিলো আমি।

কুলকো পৱিত্ৰ কৰিলা স্বামি॥ ১১৩৩॥

জগতৰে মুখ্য কাৰণ হুই।

ভৈলা অৱতাৰ তোমৰা দুই॥

ভকতজনৰ ৰক্ষাৰ হেতু।

দুষ্টক নাশাহা গৰুড়কেতু॥ ১১৩৪॥

জগতৰে আত্মা ঈশ্বৰ দেৱ।

তোহ্মাৰ শত্ৰু মিত্ৰ নাহি কেৱ॥

সমস্ত ভূততে আছা বিয়াপি।

ভজন্তাক প্ৰভু ভজা তথাপি॥ ১১৩৫॥

কৰিয়ো আজ্ঞা আমি তযু ভৃত্য।

তোমৰা দুইৰো কৰো কিবা কৃত্য॥

যাক পাঞ্চা তুমি কাৰ্য্যক লাগি।

প্ৰসাদ পাইলে সেহি মহাভাগী॥ ১১৩৬॥

এহি বুলি বুজি কৃষ্ণ ইঙ্গিত।

আনিয়া সৌৰভী১৪৩ পুষ্পে ৰচিত॥

পিন্ধাইল দুইকো অঙ্গে মুঞ্জমালা।

পুষ্পে ভূষিলেক যত গোৱালা॥ ১১৩৭॥

ভকতি দেখি তাৰ কৃষ্ণ ৰাম।

বোলন্ত লৈয়োক বৰ সুদাম॥

শুনিয়া মালী বোলৈ যোড়ি হাত।

থাকোক অচলা ভক্তি তোহ্মাত॥ ১১৩৮॥

বিষ্ণু ভকতেসে হৈবে বান্ধৱ।

ভূত দায়া যোনো চাড়ে মাধৱ॥

এহি বুলি মৌন ভৈলা সুদাম।

দিলন্ত বৰ সৱে কৃষ্ণ ৰাম॥ ১১৩৯॥

বুলিলা আৰো তাৰ ভক্তি দেখি।

নেৰোক তোহ্মাক অচলা লক্ষ্মী॥

বল আয়ু যশ দিলো সমৃদ্ধি।

সৰ্ব্বকালে হৌক বংশৰ বৃদ্ধি॥ ১১৪০॥

সুদামাক দিয়া এতেক বৰ।

বজাইলা তৈৰ ৰাম দামোদৰ॥

আনন্দে বেঢ়ি যায় গোপগণে।

হৰি হৰি বোলা সমস্ত জনে॥ ১১৪১॥

॥ নৱম কীৰ্ত্তন॥

ঘোষা॥ সেৱক বুলিয়া পালিয়ো ৰাম

চৰণে শৰণ লৈলো।

তোহ্মাত ভকতি নকৰি কৃপাল

জনম বিফল কৈলো॥ ৯৪॥

পদ॥ সুদামাক বৰ দিয়া দামোদৰ

ৰাজপথে চলি যান্ত।

চন্দনৰ পাত্ৰ সহিতে যুৱতী

কুবুজাক দেখিলন্ত॥

ওচৰ চাপিয়া পুছন্ত হাসিয়া

সৰ্ব্ব সুখদাতা হৰি।

কোন তুমি কাৰ চন্দন লৈ যাহা

কৈয়ো কথা শীঘ্ৰ কৰি॥ ১১৪২॥

দোভাইক চন্দন দিয়ো আজি তোৰ

হৈবেক কল্যাণ আসি।

সৈৰিন্ধী বোলয় শুনিয়ো সুন্দৰ

মই কংসৰায়ৰ দাসী॥

ভোজ নৃপতিৰ আতি প্ৰীতিকৰ

মোহোৰ চন্দন মাত্ৰ।

তোৰা দুই বিনে ইটো চন্দনৰ

আছৈ আন কোন পাত্ৰ॥ ১১৪৩॥

সুকুমাৰ ৰূপ দেখি মোহ ভৈল

কৃষ্ণৰ সুৰস মাতে।

দোভাইৰ শৰীৰ চন্দনে ৰঞ্জিল

যুৱতী আপুন হাতে॥

এতেকে প্ৰসন্ন ভৈলা ভগৱন্ত

যিটো ভকতৰ গতি।

কৰিলন্ত মতি সিটো কুবুজাক

ঋজু কৰিবাক প্ৰতি॥ ১১৪৪॥

তাইৰ দুই ভৰি দুপাৱে জান্তিয়া

চিবুকত ধৰি হাতে।

উপৰক তুলি চম্বু কৰিলন্ত

তিনিও লোকৰ নাথে॥

কৃষ্ণ পৰশনে তেতিক্ষণে তাই

ভৈ গৈল দিব্য সুন্দৰী।

কামাতুৰা হুয়া হাসিয়া মাতয়

কৃষ্ণৰ বস্ত্ৰত ধৰি॥ ১১৪৫॥

তুমি চিত্ত মোৰ মথিলা মাধৱ

এড়িবে নৱাৰো আমি।

আসা গৃহে যাওঁ হুয়োক প্ৰসন্ন

তিনিও লোকৰ স্বামী॥

ৰামৰ আগত কৃষ্ণৰ বস্ত্ৰত

ধৰিয়া প্ৰাৰ্থন্তে আছে।

সমস্ত গোপৰ মুখ চায়া হৰি

হাসি মাতিলন্ত পাছে॥ ১১৪৬॥

আমি পথিকৰ তুমিসে আশ্ৰয়

যায়োক আজি গৃহক।

তোহ্মাৰ থানক অৱশ্যে আসিবো

বধিয়া দুষ্ট কংসক॥

এহি বুলি তাইক মধুৰ বচনে

আশ্বাসি পঠাইলা হৰি।

বাণিজাৰুগণে দোভাইক পূজিল

অনেক দ্ৰব্যে সাদৰি॥ ১১৪৭॥

কৃষ্ণ দৰশনে কামে বিমোহিত

সমস্তে পুৰ যুৱতী।

বসন বলয়া সুুলকিল খোপা

তাতো নাহি কাৰো মতি॥

চিত্ৰৰ পুতলী আছে যেন ৰহি

কৃষ্ণত অৰ্পিয়া মন।

আনকাম এড়ি বোলা হৰি হৰি

সমজ্যাৰ যত জন॥ ১১৪৮॥

॥ দশম কীৰ্ত্তন॥

ঘোষা॥

জগন্নাথ অনাথক থাপিয়ো চৰণে।

তোহ্মাক বান্ধৱ মানি পশিলো শৰণে॥ ৯৫॥

পদ॥

এহি মতে ৰাম কৃষ্ণ ভ্ৰমন্তে পথত।

ধনুৰ্যাগশালা পাইলা পুছিয়া লোকত॥

দেখিলা কংসৰ দিব্য ধনু কৃষ্ণে পাছে।

যেন ইন্দ্ৰধনুখণ্ড প্ৰকাশন্তে আছে॥ ১১৪৯॥

আনন্দে গোৱিন্দে ধৰিবাক যান্ত তাক।

দেখিয়া ৰখীয়া সেনাগণে দেয় হাক॥

তথাপি লীলায়ে বাম হাতে তুলি ধৰি।

নিমিষেকে ধনুত লগাইলা গুণ হৰি॥ ১১৫০॥

অপ্ৰয়াসে টানিয়া ভাঙ্গিলা ধনুখণ্ড।

যেন মত্ত মাতঙ্গে ভাঙ্গিলে ইক্ষুদণ্ড॥

তাৰ ঘোৰ শবদে পূৰিল দিশপাশ।

শুনি কংসৰায়ৰ অদ্ভূত ভৈল ত্ৰাস॥ ১১৫১॥

দেখিয়া ৰখীয়াসৱ কটক কিটাইল।

অস্ত্ৰ শস্ত্ৰ ধৰি ক্ৰোধে মাধৱক ধাইল॥

বেঢ়িলেক চতুৰ্ভিতি ধৰ মাৰ বুলি।

খঙ্গে ভাঙ্গা ধনু ৰাম কৃষ্ণে লৈলা তুলি॥ ১১৫২॥

সমস্তে সেনাক মানে বধিলা দোভাই।

কংসে পঠাইলেক যিবা মাৰিলা কোবাই।

ধনুৰ শালাৰ হন্তে বাজ হুয়া দুই।

নগৰ চাহিয়া ফুৰে মহা হৃষ্ট হুই॥ ১১৫৩॥

প্ৰভাৱে প্ৰগল্‌ভ ৰূপ দেখি নিৰুপম।

সৱে বোলৈ ইটো দুই দেৱতো উত্তম॥

অনন্তৰে সূৰ্য্যে পাইলা অস্তগিৰি গই।

নিৱৰ্ত্তিলা ৰাম কৃষ্ণ গোপগণ লই॥ ১১৫৪॥

নগৰৰ বাজত ৰহিলা বাসা কৰি।

ৰঙ্গে ৰাম কৃষ্ণ দুই পখালিলা ভৰি॥

গোপগণ সঙ্গে লৈয়া ভুঞ্জি দধি ভাত।

বঞ্চিলা ৰজনী সুখে শুতিয়া শয্যাত॥ ১১৫৫॥

ধনুৰ্ভঙ্গ ৰখীয়া সেনাৰ শুনি বধ।

নাসৈ নিদ্ৰা কংস ভৈল ভয়তে তবধ॥

দেখৈ নানা বিমঙ্গল চিত্ত নোহে স্থিৰ।

ছায়াত নেদেখৈ সিটো আপুনাৰ শিৰ॥ ১১৫৬॥

ধূলি কৰ্দ্দমতো নিজ খোজক নাকলে।

আকাশত দেখে কতো দুই চন্দ্ৰ জ্বলে॥

স্বপ্নত মৃতকে আসি কৰৈ আলিঙ্গন।

গৰ্দ্দভত চড়ি কৰৈ বিষক ভোজন॥ ১১৫৭॥

ওৰ ফুলমালা পিন্ধি হুয়া দিগম্বৰ।

তৈল ঘসি দক্ষিণক যায় একেশ্বৰ॥

আনো নানা বিধ বিমঙ্গল দেখৈ আতি।

ভয়তে নপাইলে নিদ্ৰা কংসে সিটো ৰাতি॥ ১১৫৮॥

অনন্তৰে কংসৰায় উঠি প্ৰভাতত।

কৰাইলন্ত মল্লক্ৰীড়া মহোৎসৱ যত॥

সজাইলেক উচ মঞ্চ ৰঙ্গশালা বেঢ়ি।

বাৱৈ ঢাক ঢোল ভেৰী কৰৈ নানা খেড়ি॥ ১১৫৯॥

মঞ্চে চড়ি বসিলা যতেক পুৰবাসী।

থান লৈয়া বসিলা নৃপতিগণো আসি॥

মন্ত্ৰীগণ সমে কংস চড়িল মঞ্চত।

নুগুচয় ভয় তাৰ ক্ষণেকো মনত॥ ১১৬০॥

মল্লবাদ্য শুনি কাছিপাৰি যত মাল।

মালগুৰু সমে প্ৰৱেশিলা ৰঙ্গশাল॥

চাণূৰ মুষ্টিক কূট তোশল অপৰ।

শল্ল নামে আইল আৰো মল্ল ভয়ঙ্কৰ॥ ১১৬১॥

কৰ দিয়া নন্দো গোপগণ সমন্বিতি।

মঞ্চে চড়ি বসিলন্ত হুয়া একভিতি॥

কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।

বোলা হৰি হৰি সৱে হৌক সদগতি॥ ১১৬২॥

॥ একাদশ কীৰ্ত্তন॥

ঘোষা॥

গোপাল কৃপাল কৰুণাময়।

হৰিয়ো হৰিভকতৰ ভয়॥ ৯৬॥

পদ॥

কহন্ত নৃপতিত শুকমুনি।

ৰাম কৃষ্ণে মল্লদুন্দুভি শুনি॥

কৰিয়া শৌচ ভৈলা কাছপাৰ।

শুনিয়ো আৱে কেনে অৰ্থ তাৰ॥ ১১৬৩॥

ধনু ভাঙ্গি সেনা মাৰিলো তাৰ।

দেখাইলো নিজ বীৰ্য্য আপুনাৰ॥

তথাপি পিতৃৰ নোছোড়ৈ বন্ধ।

আহ্মাকো মাৰিবে কৰৈ প্ৰবন্ধ॥ ১১৬৪॥

মমাৰ বধে আউৰ দোষ নাই।

এহি বুলি লড়ি গৈলা দোভাই॥

ৰঙ্গৰ দ্বাৰ পাইলা গৈয়া পাছে।

কুৱলয়াপীড় বাটতে আছে॥ ১১৬৫॥

অম্বষ্ঠ হাতীয়াৰো আছৈ খুম্পি।

ৰহি আছৈ সিটো কৃষ্ণক চুম্পি॥

দেখি কৃষ্ণে তাৰ বুজি ইঙ্গিত।

মেহাইলন্ত পীত বস্ত্ৰ কটিত॥ ১১৬৬॥

কুটিল অলকা বান্ধিল তুলি।

মাতিলা শুনৰে অম্বষ্ঠ বুলি॥

যাইবো ৰঙ্গশালা সত্বৰ কৰি।

পথ ছাড়ি দেস ঐৰ অন্তৰি॥ ১১৬৭॥

বাট নেদ যেৱে শুন দ্বন্দুৰ।

কুঞ্জৰ সমে নিবো যমপুৰ॥

হেন শুনি পাছে অম্বষ্ঠ ৰাগি।

খুম্পিল হাতীক কৃষ্ণক লাগি॥ ১১৬৮॥

ধায়া গৈল হস্তী কালান্ত প্ৰায়।

ধৰিল কৃষ্ণক শুণ্ডে মেহাই॥

এৰাইল আস্ফোট কৰিয়া উঠি।

মাতঙ্গক কৃষ্ণে মাৰিলা মুঠি॥ ১১৬৯॥

ভৰিৰ মাঝতে লুকাইলা তাৰ।

ক্ৰোধিল কুঞ্জৰে পায়া প্ৰহাৰ॥

নেদেখি সিটো ফোফাই যেন নাগ।

শুঙ্গি শুঙ্গি পাইল কৃষ্ণক লাগ॥ ১১৭০॥

ধৰিল কৃষ্ণক শুণ্ডে মেহাই।

বাজ ভৈলা কৃষ্ণ বলে এড়াই॥

লাঞ্জত তাৰ ধৰি চক্ৰপাণি।

একশত হাত নিলন্ত টানি॥ ১১৭১॥

সৰ্পক আঝোৰৈ যেন গৰুড়ে।

কৃষ্ণক ধৰিবে চাহয় শুড়ে॥

ইকাতি সিকাতি হোৱন্তে যাই।

টানি নেন্ত কৃষ্ণে শ্ৰমে এড়াই॥ ১১৭২॥

নপাৰে ধৰিবে সিটো কৃষ্ণক।

যেন দামুৰিক টানে বালক॥

অনন্তৰে তাৰ লাঞ্জৰ এড়ি।

ভৈলন্ত সন্মুখ হস্তীক হৰি॥ ১১৭৩॥

চাপৰ মাৰিয়া যান্ত লৱড়ে।

খেদি নেয় হস্তী গোড়ত গোড়ে॥

লীলায়ে পড়িয়া উঠিলা হৰি।

পড়িল বুলি হস্তী ক্ৰোধ কৰি॥ ১১৭৪॥

পৃথিৱীত সিটো ভিৰিল দান্তে।

গাৱৰ সৱ বল দিয়া ঝাণ্টে॥

নাহিকে কৃষ্ণ দেখি হস্তী কোপে।

ধাইলেক কৃষ্ণক দুনাই আটোপে॥ ১১৭৫॥

উপৰে হাতীয়াৰে খুম্পি যায়।

ধৰিলা শুণ্ডত মাধৱে পাই॥

প্ৰমত্ত সিংহে যেন লীলা কৰি।

পাড়িলা ভূমিত হস্তীক হৰি॥ ১১৭৬॥

পাৱে ভিৰি তাক কৰি আক্ৰান্ত।

লৈলন্ত উভাৰি হস্তীৰ দান্ত॥

হস্তী হস্তীয়াৰ দুইকো জপাই।

মাৰিলন্ত গজ দান্তে কোবাই॥ ১১৭৭॥

মৰা কুৱলয়াপীড়ক এড়ি।

পশিলা ৰঙ্গশালা ৰাম হৰি॥

চৌপাশে গোপগণে বেঢ়ি যান্ত।

দোভাইৰ কান্ধত হস্তীৰ দান্ত॥ ১১৭৮॥

প্ৰকাশে কৃষ্ণৰ মুখ কমল।

দেখিয় তাতে ঘৰ্ম্ম বিন্দুজল॥

ৰুধিৰ ছিটা তাৰ মাজে মাজে।

পদপঙ্কজত নূপুৰ বাজে॥ ১১৭৯॥

শ্যামল তনু তাতে পীত বাস।

কমল লোচনে নুগুচে হাস॥

ভুলিল সমাজে কৃষ্ণক চাই।

বোলা হৰি হৰি হৰি সদায়॥ ১১৮০॥

॥ দ্বাদশ কীৰ্ত্তন॥

ঘোষা॥

হে কৃষ্ণ কৰা কৃপা পৰমানন্দ।

নজানো ভকতি মঞি মলমতি মন্দ॥ ৯৭॥

পদ॥

কৰিলা প্ৰকাশ ৰামে সমে সমজ্যাত।

দেখৈ দশপ্ৰকাৰে কৃষ্ণক সিবেলাত॥

মালে বোলে কিনো বজ্ৰময় কলেৱৰ।

অন্যজনে বোলৈ এহেন্তেসে নৰবৰ॥ ১১৮১॥

নাৰীগণে বোলে মূৰ্ত্তি ধৰিছা মদনে।

আমাৰেসে বন্ধু বুলি মানে গোপগণে॥

আমাৰেসে শাস্তা বোলে দুষ্ট ৰাজাচয়।

বসুদেৱ দৈৱকীয়ে বোলয় তনয়॥ ১১৮২॥

কংসে বোলে এহি কৃষ্ণ অন্তক আহ্মাৰ।

অজ্ঞানীসকলে বোলে নন্দৰ কুমাৰ॥

যোগীগণে বোলে এহেন্তেসে ব্ৰহ্মতত্ত্ব।

বৃষ্ণিবংশে বোলে এন্তে কুলৰ দৈৱত॥ ১১৮৩॥

ধৰি মল্লবেশ পিন্ধি ৰত্ন আভৰণ।

ৰঙ্গ মধ্যে প্ৰকাশন্ত ৰাম নাৰায়ণ॥

কাছিয়া আছন্ত যেন নট দুই প্ৰায়।

নভৈল তৃপিতি লোক দুইৰো ৰূপ চাই॥ ১১৮৪॥

নয়নে পিৱয় যেন চেলেকে জিহ্বায়।

বাহুৱে আলিঙ্গে যেন শুঙ্গে নাসিকায়॥

অন্যোঅন্যে বোলে যেন কথা আছো শুনি।

সেহিটো কৃষ্ণক দেখো নয়নে আপুনি॥ ১১৮৫॥

নাৰায়ণ অংশ দুয়ো জানিবা সাক্ষাত।

বসুদেৱ গৃহে দৈৱকীত ভৈলা জাত॥

গোকুলত থৈলন্ত বাঢ়িলা নন্দ ঘৰে।

পুতনাক বধিলা এহেন্তে দামোদৰে॥ ১১৮৬॥

চক্ৰবাত দৈত্যক মাৰিলা চিপি গল।

ভাঙ্গিলা অৰ্জ্জুন মাজে টানি উডুখল॥

অঘ বক ধেনুক কেশীৰ লৈলা প্ৰাণ।

গোপ গৰু বনাগ্নিত কৰিলাহা ত্ৰাণ॥ ১১৮৭॥

কালিক দমিলা গৰ্ব্ব গুচাইলা ইন্দ্ৰৰ।

সাতদিন একে হাতে তুলিয়া মন্দৰ॥

ৰাখিলা গোকুল মহা বাত বৃষ্টি হন্তে।

বঢ়াইবে যাদৱ বংশ এন্তে ভগৱন্তে॥ ১১৮৮॥

এহিতো হসিত মুখ দেখি অনুক্ষণে।

এড়াইলা বিৰহ তাপ সুখে গোপীগণে॥

আনে শ্ৰেষ্ঠ এন্তে ৰাম কমললোচন।

প্ৰলম্ব প্ৰমুখ্যে মাৰিলন্ত দৈত্যগণ॥ ১১৮৯॥

এহিমতে লোকে যেৱে কৰৈ গলাৰৱ।

বাৱন্তে আছন্ত বাদ্য বঢ়ায়া উৎসৱ॥

শুনি নসহিল তাক চাণূৰ বিবুদ্ধি।

বুলিবে লাগিল ৰাম কৃষ্ণক সম্বোধি॥ ১১৯০॥

শুনি বাহু যুদ্ধত কুশল দুই ভাই।

দেখিবাক লাগি ৰাজা আনিলা মতাই॥

মহা হৰষিত মনে সৱে গোপগণে।

মল্লযুদ্ধ কৰি গৰু চাৰি ফুৰা বনে॥ ১১৯১॥

হেনজানি তুমি আমি আসা বন্ধ ধৰো।

নৃপতিৰ প্ৰীতি সাধি মল্লযুদ্ধ কৰো॥

সৰ্ব্বভূতময় ৰাজা শাস্ত্ৰত কহয়।

ৰাজাতুষ্ট ভৈলে সৰ্ব্বজন তুষ্ট হয়॥ ১১৯২॥

শুনি কৃষ্ণে দিলা তাক উচিত উত্তৰ।

ভোজ নৃপতিৰ আমি প্ৰজা বনচৰ॥

তুল্যবল সহিতে ক্ৰীড়িবো যথোচিত।

সাধিবো ৰাজাৰ যেন প্ৰীতি মনোনীত॥ ১১৯৩॥

কৰিবোহো বাহুযুদ্ধ সমুচিত কৰ্ম্মে।

তেৱেসে নপাইব সভাসদক অধৰ্ম্মে॥

কৃষ্ণৰ কিঙ্কৰে কহে ছাড়া আন কাম।

পলাওক পাতক ডাকি বোলা ৰাম ৰাম॥ ১১৯৪॥

॥ ত্ৰয়োদশ কীৰ্ত্তন॥

ঘোষা॥

ৰাম পাৱে কৰা ৰতি।

ভাই ৰামৰ চৰণে গতি॥ ৯৮॥

পদ॥

শুনিয়া চাণূৰে বোলে কৃষ্ণক।

নুহিকা গোপাল তুমি বালক॥

গজ সহস্ৰৰ বলে অধিক।

মাৰিলা লীলায়ে হেন হস্তীক॥ ১১৯৫॥

এহেন্তে ৰাম মহা বলিয়াৰ।

মঞি সমে তুমি কৰা প্ৰহাৰ॥

মুষ্টিক সহিতে যুজোক বল।

অন্যায় নুহি দুয়ো মহামল্ল॥ ১১৯৬॥

শুনি কৃষ্ণে কৰি নিশ্চিত মতি।

সমুখ ভৈলা চাণূৰক প্ৰতি॥

মুষ্টিককো ধাইলা ৰোহিণীসুত।

মিলিল মল্লযুদ্ধ অদভূত॥ ১১৯৭॥

হাতক হাতে মালবন্ধে বান্ধি।

দুই পাৱে দুই পাৱক ছান্দি॥

আজোৰে অন্যোঅন্যে বলে ধৰি।

মুষ্টিতে মুষ্টি মাৰে দৃঢ় কৰি॥ ১১৯৮॥

শ্ৰমে দুয়ো দুই জানুত হানে।

মুণ্ডত মুণ্ডে ঠেকা মাৰৈ টানে॥

হিয়াত হিয়া মাৰৈ ঠাট কৰি।

আজুৰি নেয় কতো হাতে ধৰি॥ ১১৯৯॥

মাৰৈ গলদঙ্গা হুঁহ্‌হ্‌ বুলি।

বাহুৱে আটিয়া আছাৰৈ তুলি॥

ছান্দিয়া হাতে পাৱে পৰি দুই।

বাগৰ পাৰৈ একপিণ্ড হুই॥ ১২০০॥

বান্ধৰ চোটে ভাঙ্গে কলেৱৰ।

এড়ায়া কতোহো হোৱে অন্তৰ॥

ক্ৰোধে চক্ষু পকাই সঘনে চান্ত।

তৰ্জ্জন্ত গৰ্জ্জন্ত কামুৰি দান্ত॥ ১২০১॥

বলী নিৰ্ব্বলীৰ যুদ্ধ দেখিয়া।

পুৰবাসী স্ত্ৰীৰ নসহৈ হিয়া॥

অন্যোঅন্যে বোলৈ ইটো অকৰ্ম্মে।

ৰাজসমাজক পাৱৈ অধৰ্ম্মে॥ ১২০২॥

ৰাজায়ো কৰাৱৈ অন্যায় যুদ্ধ।

তাকো চাই আছৈ সৱে অবোধ॥

ইটো দুই মাল বজ্ৰৰ সাৰ।

মাধৱ ৰাম আতি সুকুমাৰ॥ ১২০৩॥

নতু প্ৰৱেশন্ত যৌৱন কাল।

আসম্বাক যুজে দুৰ্জ্জয় মাল॥

সভাৰো ধিক্কাৰ থাকোক আতি।

কহয় কথা অন্যোঅন্যে মাতি॥ ১২০৪॥

দেখিয়ো কৃষ্ণৰ বদন ইন্দু।

ব্যাপিয়া আছে ঘৰ্ম্মজল বিন্দু॥

জলে সমে যেন পঙ্কজ কোষ।

যুজন্ত শত্ৰুক কৰি আক্ৰোশ॥ ১২০৫॥

কেহোজনী বোলৈ কিনো আসুখ।

কিয়নো নচাৱা ৰামৰ মুখ॥

অৰুণ নেত্ৰ পঙ্কজৰ জৌতি।

কৰিছা ক্ৰোধ মুষ্টিকৰ প্ৰতি॥ ১২০৬॥

কেহো বোলৈ সখি দেখিয়ো তুমি।

ধন্য ধন্য যিটো ব্ৰজৰ ভূমি॥

পুৰাণ পুৰুষ এহেন্তে হৰি।

ফুৰন্ত যৈত নানা ক্ৰীড়া কৰি॥ ১২০৭॥

অৱতৰি বিষ্ণু আছা মহীত।

ইহাঙ্কো যুজাৱৈ মালে সহিত॥

ইটো সমাজক আছৈ ধিক্কাৰ।

বোলা হৰি হৰি তৰা সংসাৰ॥ ১২০৮॥

॥ চতুৰ্দ্দশ কীৰ্ত্তন॥

ঘোষা॥

ৰামেসে গতি ভজ মোৰ মতি।

ৰামেসে গতি ৰামেসে গতি॥ ৯৯॥

পদ॥

অভাগী কিনো আমি সৱে সখী।

যুদ্ধ সময়ত কৃষ্ণক দেখি॥

কি পুণ্য কৰিলে ব্ৰজৰ নাৰী।

অনুক্ষণে দেখৈ হেন মুৰাৰি॥ ১২০৯॥

যাহাৰ ৰূপৰ নাহি সমান।

অনুদিনে কৰৈ নয়নে পান॥

মথন্তে দধিক দোহন্তে গাই।

কৰন্তে গৃহৰ কৃত্য সদায়॥ ১২১০॥

কৃষ্ণৰ গাৱৈ গুণ নাম গীত।

সততে কৃষ্ণত অৰ্পিয়া চিত্ত॥

পৰৈ প্ৰেমভাৱে লোতক ঝড়ি।

ধন্য ধন্য কিনো ব্ৰজ সুন্দৰী॥ ১২১১॥

প্ৰভাতে যাহন্তে ব্ৰজৰ হন্তে।

গৰু সমে সন্ধ্যা বেলা আসন্তে॥

কৃষ্ণৰ বাংশীৰ শুনন্তে ৰাৱ।

বজায় গোপীসৱ আকুল ভাৱ॥ ১২১২॥

কৃষ্ণক দেখি মিলৈ মহা সুখ।

চাহয় ঈষত হসিত মুখ॥

সদয় দৃষ্টি চান্ত বনমালী।

কতনো কৰিলে পুণ্য গোৱালী॥ ১২১৩॥

শুনিয়া সৱে পুৰস্ত্ৰীৰ বাণী।

দৈৱকী বসুদেৱ দুয়ো প্ৰাণী॥

নজানি দুয়ো তনয়ৰ বল।

ভৈলা পুত্ৰ শোকে দুয়ো বিহ্বল॥ ১২১৪॥

ঝৰিয়া পৰৈ নয়নৰ নীৰ।

যমক দেখৈ চিত্ত নোহে স্থিৰ॥

পুত্ৰক চাই কৰৈ হাহাকাৰ।

দেখৈ দুয়ো দশোদিশে আন্ধাৰ॥ ১২১৫॥

দেখিয়া ভকতৰ ভয়হাৰী।

শত্ৰু বধিবাক মনে মুৰাৰি॥

কৰিলা নিষ্ঠুৰ প্ৰহাৰ ধাই।

মূৰ্ছিত চাণূৰ চেতন নাই॥ ১২২৬॥

সন্ধুকি যেন শেন গোটে উঠি।

মাৰিলে কৃষ্ণক ঝাৱলে১৪৭ মুঠি॥

নটলিলা হৰি পায়া প্ৰহাৰ।

ধৰিলন্ত দুই বাহুত তাৰ॥ ১২১৭॥

তুলি উপৰক ফুৰাইলা পাক।

আস্ফালিলা বলে মাটিত তাক॥

মুকুত কেশ হাড় বিহৰিল।

ইন্দ্ৰধ্বজ যেন চাণূৰ পড়িল॥ ১২১৮॥

মুষ্টিককো ৰামে দিলা চাপৰ।

ৰুধিৰ ছাদি পীড়া পাইল বৰ॥

ভূমিত পড়িল প্ৰাণক ছাড়ি।

পড়ৈ বৃক্ষযেন বায়ু উভাৰি॥ ১২১৯॥

আসিল খেদি আউৰ কূট নামে।

বাম মুষ্টি হানি মাৰিলা ৰামে॥

তোষল শল্ল ধাইল ক্ৰোধ কৰি।

লাথি হানি দুইকো বধিলা হৰি॥ ১২২০॥

চাণূৰ মুষ্টিক কূট তোষল।

মাৰিলা শল্লকো দেখি বিহ্বল॥

আউৰ মল্ল ভয় হুয়া বৰ।

প্ৰাণ ৰাখি সৱে দিলা লৱড়॥ ১২২১॥

দেখিয়া পাছে ৰাম কৃষ্ণ ৰঙ্গে।

আনিয়া গোপগণ লৈয়া সঙ্গে॥

দেখায়া মল্লক্ৰীড়া বিপৰীত।

নাচন্ত লোকৰ ৰঞ্জিয়া চিত্ত॥ ১২২২॥

ৰুণ ঝুণ কৰি নূপুৰ পাৱে।

উৎসৱ কৰি মল্লবাদ্য বাৱে॥

অঙ্গিভঙ্গি কৰি তাহাৰ চেৱে।

কৰন্ত নৃত্য আতি আদিদেৱে॥ ১২২৩॥

দেখিয়া সমাজে তুলিল হাসি।

কৰে সাধুবাদ দান্ত প্ৰকাশি॥

সৱে ৰঙ্গ ভৈল কংসত বাজে।

হৰি চৰিত্ৰক শুনা সমাজে॥ ১২২৪॥

কেতিক্ষণ পৰা ধৰিল কালে।

মনুষ্য জন্ম নেনা আলজালে॥

শঙ্কৰে কহে এৰা আনকাম।

ঘুষিয়ো ঘনে ঘনে ৰাম ৰাম॥ ১২২৫॥

॥ পঞ্চদশ কীৰ্ত্তন॥

ঘোষা॥

এ হৰি ৰাম নিৰঞ্জন যদুপতি।

তুমিসে মাধৱ মোৰ অগতিৰ গতি॥ ১০০॥

পদ॥

মাৰিলন্ত কৃষ্ণে যেৱে বৰ বৰ মাল।

মল্ল বাদ্য বাইবে নিষেধিল কংস কাল॥

বল্কিবে লাগিল মহাক্ৰোধে অন্ধ হুই।

কিনো অসজ্জন বসুদেৱ সুত দুই॥ ১২২৬॥

নগৰৰ বাজ কৰি খেদায়ো আহ্মাৰ।

দুষ্ট বসুদেৱক সত্বৰ কৰি মাৰ॥

গোৱালৰ ধনক আগ্ৰহি সৱে লৈয়ো।

দুৰ্ম্মতি নন্দক লোহা লগাই বান্ধি থৈয়ো॥ ১২২৭॥

পিতৃ উগ্ৰসেনক সত্বৰে মাৰ নিয়া।

নাৰাখিবি যত আৰ আছে লগৰীয়া॥

শুনি কদৰ্থনা বাণী কৃষ্ণ কৃপাময়।

জ্বলি গৈলা ক্ৰোধে আতি নসহে হৃদয়॥ ১২২৮॥

লঘিমা গুণক আশ্ৰয়িয়া কৃষ্ণদেৱে।

কংসৰ উছিত চাঙে উঠিলন্ত ডেৱে॥

দেখি কংস আসনৰ উঠি অৱক্ষণে।

ধৰিলেক খাণ্ডা বাৰূ যুজিবাক মনে॥ ১২২৯॥

বাৰূক ঝঙ্কাৰে লুম্ফি ফিঙ্কাৰে খাণ্ডাক।

যেন শেন গোটে আকাশত ফুৰৈ পাক॥

অচিন্ত্য মহিমা হৰি লীলায়ে হাসিয়া।

আলগতে কংসক ধৰিলা চাম্প দিয়া॥ ১২৩০॥

গুচিল প্ৰভাৱ তাৰ হত ভৈল দৰ্প।

গৰুড়ৰ হাতে যেন বন্দী ভৈল সৰ্প॥

কিৰীটি সহিতে তাৰ ধৰিয়া চুলত।

ভূমিত পাড়িয়া উঠিলাহা উপৰত॥ ১২৩১॥

জগতৰ ভৰত মৰিল কংসৰায়।

চুলে ধৰি সমাজত ফুৰাইলা ঘসাই॥

হস্তীক আজোৰে যেন মত্ত সিংহৰাজে।

দেখি হাহাকাৰ কৰৈ সকল সমাজে॥ ১২৩২॥

পিয়ন্তে বোলন্তে সিটো পথত ভ্ৰমন্তে।

নিশ্বাস কাঢ়ন্তে নিশা শয়ন কৰন্তে॥

ভয়তে আগতে দেখৈ কৃষ্ণক সদায়।

সিহেতু কৃষ্ণৰ ৰূপ পাইলে কংসৰায়॥ ১২৩৩॥

কঙ্ক আদি কৰিয়া কংসৰ আঠ ভাই।

ভাইৰ মান সাধো বুলি ক্ৰোধে গৈলা ধাই॥

পৰিঘে মাৰিলা কোবাই ৰঙ্গে হলধৰে।

পূৰ্ব্বত পশুক যেন মাৰিলা শঙ্কৰে॥ ১২৩৪॥

আকাশক ছানি বাৱৈ দেৱৰ দুন্দুভি।

ব্ৰহ্মা আদি দেৱে পুষ্প বৰিষে সুৰভি॥

বুলিলা প্ৰশংসা বাণী আকাশৰ পৰা।

উৎসৱে নাচিল কাছি মুখ্য অপেস্বৰা॥ ১২৩৫॥

ৰাজনাৰী নিৰন্তৰে বজাইল কান্দন্তে।

হা স্বামী বুলি আতি হিয়া ধাকুৰন্তে॥

স্বকী স্বকী স্বামীক আলিঙ্গি কান্দৈ ধৰি।

নয়নৰ লোতক ধাৰায়ে পড়ৈ ঝৰি॥ ১২৩৬॥

তাসম্বাক কৃষ্ণে আশ্বাসিয়া পঠাই ঘৰে।

কৰাইলা কংসৰ প্ৰেতকাৰ্য্য নিৰন্তৰে॥

অনন্তৰে ভগৱন্ত ভকতৰ গতি।

পাতিলন্ত নিয়া উগ্ৰসেনক নৃপতি॥ ১২৩৭॥

ছোড়িলা বন্ধন হৰি পিতৃৰ মাতৃৰ।

কৰিলা বন্দন দুইকো পাৱে ছুইয়া শিৰ॥

ভকত বৎসল হেন লোকত দেখাই।

বোলা হৰি হৰি তৰা পাতক খেদাই॥ ১২৩৮॥

॥ কংসবধ সমাপ্ত॥ ১২॥