নামতি

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

নামতি

 

৺দুৰ্গানাথ বৰুৱা

 

−চপলা বুক ষ্টল−

 
[  ]

নামতি

 

৺দুৰ্গানাথ বৰুৱা

 

চ প লা বু ক ষ্ট ল
অসমৰ বৃহত্তম পুস্তক প্ৰতিষ্ঠান
শ্বিলং

[  ]

 প্ৰকাশক
শ্ৰীৰিভু ভুষণ চৌধুৰী
 সাবান, শ্বিলং

 

পৰিবশক
চপলা বুক ষ্টল
শ্বিলং

 

মুদ্ৰাকৰ-চি, এচ, হক
নেপালী প্ৰেছ শ্বিলং

সৰ্ব্বসত্ত্ব প্ৰকাশকৰ]

বেচ-৸৶ [  ]

আগ কথা

“নামতি” নামবোৰ পুৰণি কলীয়া। আধুনিক সমাজত ই আদৰ পাইনে নাপায় কব নোৱাৰো যদিও ৰাইজে পুতৌ কৰিব বুলি আশা কৰিয়েই এই সংগ্ৰহৰ কাম কৰিবলৈ ওলালোঁ। ইতি—

সৰ্ব্বাইবন্ধা,
যোৰহাট }
১−২−৩৫

শ্ৰীদুৰ্গানাথ বৰুৱা

প্ৰকাশকৰ কথা

“নামতি” সংগ্ৰহ কাৰ্য্য শেষ হোৱাৰ পাছতেই সংগ্ৰহ কৰোঁতা জনৰ অকাল মৃত্যু হোৱাত ইমান দিনে কিতাপখনি পৰি আছিল। এতিয়া সুবিধা পাই কিতাপ আকাৰে উলিয়ালোঁ। আশা কৰো সহৃদয় ৰাইজে কিতাপখনি দয়াৰ চকুৰে চাব। ইতি−

১।৬।৪৮

প্ৰকাশক

[  ]

-সূচী-

পিঠি

গোসাঁইৰ নাম ...
সদাশিৱৰ নাম ...
গোসাঁনীৰ নাম ...
ঠাকুৰাণীৰ নাম ...
আইৰ নাম ...
আসন পতা সবাহৰ নাম
শীতলাৰ নাম ...
আই সবাহৰ নাম
অপেশ্বৰী সবাহৰ নাম
গঙ্গাৰ নাম ...
জন্মাষ্টমীৰ নাম ...
দুৰ্গা পুজাৰ নাম
দুৰ্গাৰ নাম ...

 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 
 ... ... 



১৪
১৮
২০
৩৫
৩৭
৩৯
৪১
৪৩
৪৮
৪৯
৫৬


[  ]


গোসাঁইৰ নাম।

(১)

বৃন্দাবনতে অই  দামুৰি হেম্বেলাই
 বান্ধে মথুৰাতে গাই।
হাততে কড়িয়া লই  প্ৰভুদেৱ আছে ৰই
 দামুৰিও মেলোতা নাই॥

বৃন্দাবন অচলা  সসাঙ্গে ধৱলা
 মধ্যে চলে ৰাম কানু।
মুখে বংশী বাই আঙ্গুলি বুলাই
 বলে ফুৰা ধেনু চাৰি॥

কাকো নানিলা ৰাধাক আনিলা
 ৰাধা বৰ সুভাগিনী।
কণ্টক বনতে  লৰিব নোৱাৰি
 কোলে লোৱা কৃষ্ণ স্বামী॥

কোলে লব বুলি আশ্বাস কৰিয়া
 বৃন্দাবনতে ৰাধা পৰি আছে
 আউল বাউল কৰি॥

[  ]

পৰেকি আপোন  নহয় নাৰায়ণ
 পৰেকি আপোন নহয়।
বৃন্দাবনতে মোক  এৰি গুচি গলা
 নিদাৰুণ নাৰায়ণ॥
কদমৰ গছলৈ  নুঠিবা প্ৰভু মোৰ
 কদমৰ চনকা ডাল।
নেলাগে কদম ফুল  নুঠিবা প্ৰভু মোৰ
 ভাগিব লাহৰি কঙ্কাল॥
নেভাগে কঙ্কালি  মাৰিছো টঙালি
 চেলেঙৰ মাৰিছো ঘাতি।
গৰু ৰাখো বুলি  নতুৱাকে অনাই
 হাততে এচাৰি ললা।
বৃন্দাবনতে  নতুৱা অনাই
 ৰাধাকে বিচাৰি গলা॥
গোসাঁইৰে নামে ঘৰত  কৱই ফুল ফুলিছে
 গুটিয়ে ধৰিছে চাতি।
ছিমে ছিমে কৰি  অমৃত বৰষিছে
 গইলে কোন সতে এৰি॥
গোসাঁই গ’ল কালিলৈ   ঘুনুচা বাৰিলৈ
 হৰিণাই এৰিলে বালি।

[  ]

সেউতী মালতী দুয়ো যায় আলচি
 কেলেই ফুলিলো আমি॥

পাৰই নাই কোটে  পৰুৱাই নোবোলে
 তেল নাই নজলে চাকি।
গোসাঁই নাই কোটে  মণিকুট নুশুৱাই
 নুপুৱাই কালিন্দী ৰাতি॥

তুলসী তুলিলো  চন্দন পিহিলো
 মই খলো খুড়ী ভৰাই।
আমি অভাগিনী  পিন্ধাব নাপালো
 দ্বাৰকালৈ গ'ল কৃষ্ণাই॥

তুলসী তুলসী  অ’ আই তুলসী
 তুমি গোবিন্দৰে প্ৰিয়া।
মোৰ হৰিক যাবৰে  কোন পথে দেখিলা
 তলাই সমিধান দিয়া॥

অ’ আই হৰিণী  মৃগৰে ঘৰিনী
 তুমি থাকা স্বামীৰ সঙ্গে।
বৃন্দাবনতে  হৰিক হেৰুৱাই
 মই ফুৰো বনে বনে॥

[  ]

(২)

হৰি এ নাৰায়ণ-- 
লৰিলে কানাই তাঁতিৰ ঠাই।

দুৰতে দেখিয়ে তাঁতিয়ে হাসে—
কৃষ্ণ কানাই কি লাগি আসে—
বসিবাৰ আসন আগে যােগায়—
কৰ্পূৰ তাম্বুল শেষে যােগায়—
কহো মই তাঁতি তােমাৰ আগে—
ৰাধাক পিন্ধাবলৈ কাপোৰ লাগে—
কেমন পুতল কেমন বহল—
কলেহে জানো মই তাৰ বিধান—
দীঘলে সাৰেঙ্গ পুতলে বৰ—
তাৰ আগে গুণা দিবা বিস্তৰ—
শিৰতে লিখিবা বসুদেৱ পিতা—
উৰণিত লিখিৰা দৈৱকী মাতা—
বাহুতে লিখিৰ দাদা বলাই—
হৃদয়ে লিখিবা কৃষ্ণ কানাই—
খোছনিত লিখিব নেজালি ম'ৰা—
আঠুতে লিখিবা আকাশী তৰা—
ইটো দেওবাৰে জাননী দিওঁ—
সিটো দেওবাৰে কাপােৰহে নিওঁ—

(হৰি এ নাৰায়ণ।)
















[ ১০ ]

সেইযে কাপোৰ ৰাধাক পিন্ধাওঁ⸺(হৰি এ নাৰায়ণ }
ৰাধিকাই সহিতে কেলি খেলাওঁ⸺ 
সকলো ৰায়তে কান পাতি শুনা⸺ 
ইয়াক বোলয় কৃষ্ণৰ জুনা⸺ 

⸻⸻

(৩)

আমাৰ কৃষ্ণাইকে অক্ৰূৰে লৈয়া গ’ল
 আহা পাছতে যাওঁ;
কমল লোচন  বদন মোহন
 কিবা সমিধানে পাওঁ।
আমাৰ কষ্ণাইকে অক্ৰূৰে লৈয়া গ'ল
 কি লাগি জীৱনে ধৰোঁ;
আহা সখি সৱে  কৃষ্ণৰে বিৰহে
 জলে জাম্প দিয়া মৰোঁ।
যমুনা তীৰতে  গোপী নাম ললে
 মণ্ডলি আকাৰ কৰি;
যদি দয়া আছে  ওলাই দেখা দিয়া।
 গোপী প্ৰাণ-ধন হৰি।
যমুনা তীৰতে গোপিকা সকলে
 হৰিৰ গুণ কথা কয়;

[ ১১ ]

যদি দয়া আছে  ওলাই দেখা দিয়া
 গোপীৰ প্ৰাণ-বায়ু যায়।
যমুনা তীৰতে পুলিনা বলতে
 দেখিলো যাদব ৰায়;
হাত মোহন বংশী মুৰত মৈৰা পাখি
 ফুৰিছে ধেনু চৰায়।
যমুনা তীৰতে  গোপিকা সকলে
 আলচা আলচি কৰে;
যশোদাই সুধিলে  কমে কি বুলি
 কিজানি দানৱে হৰে।
এক গোপী বোলে  মই দেখি আহিছো
 গকুলে কৰিছে লোৰ;
পঞ্চ বছৰীয়া  অবোধ কানায় মোৰ
 পৰিছে লবনু চোৰ।


(৪)


গোৱৰ্দ্ধন ধৰি দুঃখ পাইলা হৰি
 পৰকে বুলিলা আই;
যশোদা সুন্দৰী  বৈষ্ণৱ সাগৰী
 গলে বান্ধি চুমা খায়।

[ ১২ ]

এক হাতে গদা  এক হাতে পদ্ম
 আউৰ হাতে মন্দাগিৰি;
এক হস্ত মেলি ডাকে ভকতকে
 ভয় নকৰিবা বুলি।
বৃন্দাবনতে  শিলা বৰষিছে
 ঘোৰ অন্ধকাৰ কৰি;
আপদৰ কালতে  হৰিয়ে ৰাখিব
 হাতে গোৱৰ্দ্ধন ধৰি।
ইন্দ্ৰৰ কোপতে  শিলা বৰষিলে
 ঘোৰ অন্ধকাৰ কৰি
গৰু গোৱালকে  যেৰূপে ৰাখিলা;
 হাতে গোৱৰ্দ্ধন ধৰি।
ইপাৰে কালিজল সিপাৰে যুমনা
 কি কই পাৰে হৰা হৰি;
কালি জল প্ৰভূ পাৰে হৈয়া গলা
 কদমে খোপনি ধৰি।

[ ১৩ ]

সদাশিৱৰ নাম।

(১)

হৰশিৱ হৰশিৱ তোমাৰেহে নাম।
ভকতে চিন্তিলে পাই ধৰ্ম্ম অৰ্থ কাম॥
হৰশিৱ হৰশিৱ বিভূতি ভূষণ।
ভকতে চিন্তিব সদায় তোমাৰে চৰণ॥

হৰশিৱ হৰশিৱ বৃষভ বাহন।
দুৱ দুৱ দম্বৰু বজাইছে পঞ্চানন॥
পগলাৰ বিহু বৃক্ষ পাগলী পৰাণ।
বিল্ব পত্ৰে তুষ্ট হোৱা প্ৰভু ভগবান॥

বিফল জনম গেল শিৱক নভজিয়া।
বিল্ব পত্ৰ নিদিলোহো চৰণে ভাবিয়া॥
তল বল কৰে শিৱ ডাঙ্গৰ-লাৰু খাই।
নাচিব লাগিছে হৰে দম্বৰু বজাই॥

এ সদা-শিৱহে হৰ উমাৰ পতি।
অ' শিৱ তুমি   দুৰ্গাৰ পতি॥
দেৱ দিগম্বৰ  ভক্তৰ ঈশ্বৰ।
অ' সম্ভুনাথ হে॥

[ ১৪ ]

 জয় কৰা মহাদেৱ আপদ কৰা দূৰ।
 বিঘ্নি বলে শান্ত কৰা পৰম ঠাকুৰ॥
 মহাদেৱ মহাত্ৰাণ মহাযােগী মহেশ্বৰ।
 মহাপাপ হৰদেৱ ভোলনাথ হৰ॥
ৰােগ হৰ শোক হস হে তাপহৰ।
অনাথৰে নাথ হৰ প্রভু বিশ্বেশ্বৰ॥
পৃথিৱীৰ ত্ৰাস দেখি দেৱ ত্রিলোচন।
কৰেন দুর্গাৰে তুতি লােটায়ে শৰীৰ॥
আগে চলে ভগবতী পাচতে শঙ্কৰ,
 হৰ বিশ্বেশ্বৰ।
হৰ বিশ্বেশ্বৰ, উন কোটি শিৱৰ মাজে বসেন শঙ্কৰ
 হৰ বিশ্বেশ্বৰ।
অ’ হৰ বিশ্বেশ্বৰ। পার্বতী সহিতে
 হৰ বিশ্বেশ্বৰ।
বিধি কি কৰিলা  মানপী জনম পাই
 শিৱক নভজিলো (বিধি কি কৰিলো)।
দিন যায় ৰে যায়   নভজিলো হৰিৰ পাৱে
 কি কৰা মনায় (দিন যায় ৰে যায়)॥
 এ সদাশিৱ হে হৰ উমাৰ পতি
 শিৱ তুমি দুর্গাৰ পতি॥
 দেৱ দিগম্বৰ ভক্তৰ ইশ্বৰ॥
 অ’ শম্ভুনাথ হে॥

[ ১৫ ]

বৃশভৰ কান্ধে এ ভোলানাথ
কৰিয়োক দয়া আমি অনাথ॥
শুনিয়া হাসি চাইলা চক্ৰপানি
নোহন্ত আদিত্য বুলিলা বাণী॥ (বৃশভৰ......)
 জন্তাৰ ভিতৰে গঙ্গাৰ ধাৰা
 অৰ্দ্ধচন্দ্ৰ শিৰে শোভিছে জানা॥
 মণি ৰশ্মি হৈয়া প্ৰকাশিত
 গৃহক লাগিয়া আসে সত্ৰাজিত॥
  (জন্তাৰ ভিতৰে.....)
জন্তাৰ ভিতৰে মন্দাকিনী
কুলু কুলু কৰন উঠিছে ধ্বনি॥
অনেক মঙ্গল বাদ্য বজায়
গৃহক লাগিয়া আসে সত্ৰাজিত॥ (জন্তাৰ ভিতৰে...)
 দুদুম দুম্ , দুদুম দুম্ বাজে ডম্বৰু
 নাচে সদাশিৱ কল্পতৰু॥
 দেৱৰ গৃহে পশি প্ৰাণপাত
 নিবেদিলা মণি বিপ্ৰৰ হাতে। (দুদুম দুম্...)
বম বম্ বম বম বজাইয়া গান
নাচে সদাশিয় কল্পতৰু॥
মণিৰ মহিমা কি কৰিবো আৰ
সুৱৰ্ণ আদিত্য বয়ন্ত বৰ॥ (বম বম্ বম বম্.....)

[ ১৬ ]

 নাটক দেখিয়া শিৱ ঠাকুৰ
 হাসেন পাৰ্ব্বতী মৃদু মধুৰ॥
 খুজিলন্ত মণি দেৱ হৰি
 নিদিলন্ত সত্ৰাজিত গ্ৰহ কৰি॥
হে বিশ্বনাথ বিশ্বেৰ সাৰ
ভৱ ভবতীৰে কৰিয়ো পাৰ॥
যেই খানে থাকে সিতো শ্যামন্তক
নাহিকে দুৰ্ভিক্ষ মাৰি মৰক॥
 হে বিশ্বনাথ ৰেৱতীৰ পতি
 তোমাৰ চৰণে কৰে প্ৰণতি॥
 নাহিক ব্যাধি, ব্যাঘ্ৰ, চোৰ ভয়
 একো উপচক্ৰ নেপজে তাৰ॥
হে সদাশিৱ হে উমাৰ পতি
অ’ শিৱ তুমি দুৰ্গাৰ পতি॥
দেৱ দিগম্বৰ ভক্তৰ ঈশ্বৰ
 অ’ সম্ভুনাথ হে।
এ সদাশিৱ হে তুমি বোলা মই ব্ৰহ্মচাৰী
তোমাৰ নিমিত্তে প্ৰভু ৰাজপথ নেদেখিলো
লোকে বোলে পগলাৰ নাৰী। (এ সদাশিৱ হে...)
এ সদাশিৱ হে তুমি কল্পতৰু
ভগবতীৰ পতি তুমি জগতৰ গুৰু॥ (এ সদাশিৱ হে...)

[ ১৭ ]

এ সদাশিৱ হে তোমাৰ দেখোন শুক্ল শুদ্ধ দেহা
ত্ৰিশূল তোমাৰ হাতে গল মুণ্ডমালা তাতে
সঙ্গে শোভা কৰে মহামায়া হে॥ (এ সদাশিৱ হে .....)

এ সদাশিৱ হে তোমাৰ দেখো ধৱলি বৰণ
হাতত ত্ৰিশূল লৈ নাচা প্ৰভু ৰং কৈ
 ভৃত্যে আমি কৰোহো প্ৰণাম। (এ সদাশিৱ হে .....)

এ সদাশিৱ হে তোমাৰ শিৰে জটা
জগতক বৰ দিয়া আপুনি নাঙ্গঠা। (এ সদাশিৱ হে .....)
এ সদাশিৱ হে তুমি ত্ৰিপুৰাৰী
জগতক বৰ দিয়া আপুনি ভিক্ষাৰী। (এ সদাশিৱ হে .....)

এ সদাশিৱ হে তোমাৰ গলে ফেণাৰ মণি জ্বলে
বায়ে ৰাজেশ্বৰী সঙ্গে সদা গৌৰী
 তল বল কৰি আছে॥

এ সদাশিৱ হে তোমাৰ দেখো সৰ্পে অলঙ্কাৰ শিৰে জটাধাৰ
দেৱতাৰো আদি দেৱ চৰাচৰে কৰে সেৱ।
 কটিত কৰ−পালা বাঘ চাল
বাঘৰ ছাল গুচাই পিন্ধা দেবাঙ্গ ভূষণ। (এ সদাশিৱ হে .....)
এ সদাশিৱ হে তোমাৰ দেখো জটাই মহাভাৰ
তোমাৰ দেখো ধৱল বৰ্ণ পাৰ্বতী গৌৰাঙ্গ বৰ্ণ
 ✹✹✹ তোমাৰ ভৱন (এ সদাশিৱ হে .....)

[ ১৮ ]

এ সদাশিৱ হে নামে গঙ্গাধৰ
শিৰে গঙ্গা লৈ আহিলা দ্বাদশ বছৰ॥ (এ সদাশিৱ হে...)

এ সদাশিৱ হে তোমাৰ দেখোন শ্মশানতে ৰতি
গাৱে লৈলা ব্যঘৰ চৰ্ম্ম সৰ্পৰ লৈলা যঞ্জ সূত্ৰ
 তুমি ফুৰা ভিক্ষা মাগি যায়॥ (এ সদাশিৱ হে... )

এ সদাশিৱ হে তোমাৰ শিৰে ফনী
পঞ্চমুখে শব্দ কৰে ভৱানী।  (এ সদাশিৱ হে... )

এ সদাশিৱ হে তুমি ফুৰা ডম্বৰু বজায়
কটিত পিঙ্গল পিন্ধি বৃষভ বাহনে চৰি
 ফুৰা প্ৰভু ভাঙ্গৰ লাৰু খাই॥ (এ সদাশিৱ হে... )

সদায় সদাশিৱ বোলে নৰে
তাঙ্ক কি কৰিব যমৰ কিঙ্কৰে
আছিলা দৰিদ্ৰ বিপ্ৰ দামোদৰ॥ সদায় সদাশিৱ.......)

তাহান ব্ৰাহ্মণী অতি পতিব্ৰতা
দুঃখে দন্দ যুগ যায়॥  সদায় সদাশিৱ.......)


[ ১৯ ]

গোঁসানীৰ নাম।

এ দুৰ্গা তাৰিণী এ দুৰ্গতি নাশিনী
দুৰ্গতিক নাশ কৰা ভৈৰৱী ভৱানী॥ (এ দুৰ্গা তাৰিণী এ...)

এ দুৰ্গা তাৰিণী এ শক্তি সনাতনী
শৰণাগতকে ৰক্ষা কৰা নাৰায়নী॥ (এ দুৰ্গা তাৰিণী এ...)

এ দুৰ্গা তাৰিণী এ চাগ পাৰ মহৰ বলী খায়
কৈলাসতে আছিলা ত্ৰিভঙ্গে নাছিলা
 মহাদেৱে ডম্বৰু বজায়॥ (এ সদাশিৱ হে...)
 দুৰ্গা তাৰিণী এ...)

এ দুৰ্গা তাৰিণী এ অসুৰ বধিতে
অৱতাৰ হৈলা মাতা দেৱতাৰ হিতে॥ (এ দুৰ্গা তাৰিণী এ...

এ দুৰ্গা তাৰিণী এ নামে দশ-ভূজা
সিদ্ধ মুনি দেৱে কৰে চৰণত পূজা॥ (এ দুৰ্গা তাৰিণী এ...)

এ দুৰ্গা তাৰিণী এ ভূৱন ভুলায়
তাপ গুচা শান্ত কৰা ভগৱতী আই॥ (এ দুৰ্গা তাৰিণী এ...)

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী
তোমাত পৰে সুন্দৰী ত্ৰিভূবনে নাই॥ (এ দুৰ্গা তাৰিণী এ...)

[ ২০ ]

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী
 মধুপক জিনি আছে গমণী॥ (দুৰ্গা তাৰিণী এ...)

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী।
নাগে পাশে বান্ধি থৈছে আপোনা-আপুনী॥ (দুৰ্গা তাঃ এ...

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী
তোমাত পৰে সিদ্ধেশ্বৰী নাই ত্ৰিভূবনে॥ (দুৰ্গা তাঃ এ...)

এ দুৰ্গা তাৰিণী এ এ তৃনয়ণী
তোমাত পৰ অন্নপূৰ্ণা নাই ত্ৰিভুবনে॥ (দুৰ্গা তাঃ এ... )

এ দুৰ্গা আহিছে হে হিমালয় ছাৰি
কিবা পুজা দিব লাগে নাজানিলো আমি॥ (দুৰ্গা তাঃ এ...)

এ দুৰ্গা আহিছে হে হিমালয় ছাৰি
তোমাকে পূজিবৰ দ্ৰব্য নেপালো বিচাৰি॥ (দুৰ্গা তাঃ এ...)

দুৰ্গাদেবী ভগবতী এ পশুপতি জায়া
চৰণ শৰণ লৈলো ৰাখা মহামায়া।
দুৰ্গতি নাশিনী দুৰ্গা দুঃখ বিনাশিনী
দুৰ্গতিক নাশ কৰা ভৈৰবী ভৱানী॥

দুৰ্গতি নাশিনী দুৰ্গা এ পদৰ তলে লাগো
ভকত বৎসল আই শুভ বৰ মাগো॥
দুৰ্গাপদে নৌকা খনি এ হৃদয়তে চৰে
আপদ কুম্ভীৰ ভয় সমুদ্ৰতে তাৰে॥

[ ২১ ]

বিষ্ণুৰূপে নাৰায়ণী গৰুণ্ড বাহিনী
শঙ্খ চক্ৰ গদা ধৰি ৰাখা ঠাকুৰাণী।
নাৰায়ণী কাত্যায়নী শক্তি সনাতনী
শৰণাগতক ৰক্ষা কৰা নাৰায়ণী॥

নাৰায়ণী কাত্যায়নী পুষ্প জুখি লোৱা
ক্ৰোধ দৃষ্টি এৰি মাতা সদয় দৃষ্টি হোৱা॥
ৰূপং দেহি জয়ং দেহি যশং দেহি আই
তোমাৰ চৰণে ৰক্ষা কৰিছা সদায়॥

বাৰে বাৰে ৰাখি আছা আই ভবেশ্বৰী
এই বাৰো ৰক্ষা কৰা কৃপা দৃষ্টি কৰি॥
ৰাখা ৰাখা মহামায়া মায়া বাঘে খায়
তুমি মাতা নেৰাখিলে ৰাখোতা যে নাই॥

ৰাখা কালী ৰাখা চণ্ডী এ ৰাখা মোৰ প্ৰাণ
জন্মেজয় সাগৰত কৰা পৰিত্ৰাণ॥
তুতি ভক্তি নেজানিলো এ নেপাও সেৱাৰ ভাও
আপোনাৰ গুণে তুষ্ট হোৱা যোগ মাও॥

ৰাখি আছা ভগবতী এ দয়াৰ কাৰণে
তোমাৰ দাসক ৰক্ষা ধৰিছো চৰণে॥
আমি অকিঞ্চন আই চৰণৰে বন্দি
তুষ্ট হোৱা হৈমৱতী দাসৰ সমন্ধি॥

[ ২২ ]

কি দিয়া পৃজিবো আই কি আছে আমাৰ (হে জয় জয়
 ভগবতী ভবানী কামাখ্যা)
কি দিয়া কৰিবো সেৱা চৰণে তোমাৰ (জয় জয় ...)
পুস্প দি পূজিলো হেতেন ভোমোৰাই চুম্বিলেহে (জয় জয় ...)
জল দি পূজিলো হেতেন মাছে বিতালিনে (জয় জয় ...)
দুগ্ধ দি পূজিলো হেতেন বাচুৰে চুম্বলে হে (জয় জয় ... )
দ্ৰব্য দি পূজিলো হেতেন নেপালো বিচাৰি হে (জয় জয় ...)
মন দি পূজিলো হেতেন মনো নহয় থিৰ হে (জয় জয় ...)
দেহ দি পূজিলে হেতেন দেহে নহয় শুচি হে (জয় জয় ...)
ধন দি পূজিলো হেতেন আপোনাৰ আছে হে (জয় জয় ... )
যেই পুষ্পে পূজিব আই সেই পুষ্পেই চুৱা হে (জয় জয় ...)
নাম ধনেই পূজিম আই গধুলি পুৱা হে (জয় জয় ...)


[ ২৩ ]
ঠাকুৰাণীৰ নাম

এ ঠাকুৰাণী এ আই তোমাৰ লীলা চৰণেৰে ৰতি
দুয়ো চৰণলৈ প্ৰাৰ্থণা কৰিছো ৰক্ষা কৰা ভগবতী॥
এ ঠাকুৰাণী এ আই আগতে শঙ্খ বজাই
বিমানে সহিতে নামি আহিছে নৰে মনিষৰে ঠাই॥

এ ঠাকুৰাণী এ আই ৰতিকে কৰালা দিন
এক হস্তে লৈলা কৈলাসৰ টোকাৰী আৰু হস্তে লৈলা বীণ॥
এ ঠাকুৰাণী এ তাই নিশ্বাসতে বোলা ৰাম
সহস্ৰ শিৰীয়া ৰাবনক বধিয়া লৈলা যোগেশ্বৰী নাম॥

এ ঠাকুৰাণী এ আই এনে দেখা শুনা নাই
গলে বনমালা জটীয়া পগলা দুৱ দুৱ ডম্বৰু বায়॥
এ ঠাকুৰাণী এ আই কেন্দুকে চাপৰি বায়
কুণ্ডাই ক্ষৰ জ্বলাই ৰজাই জুমি চায়
 নাচে দুৰ্গা দেবী আই॥

এ ঠাকুৰাণী এ আই আকাশে বুলিলা ৰৈ
যি ঠাইত তোমাৰ প্ৰাণ বৈৰী নাৰায়ন জন্মিছে গৈ॥
এ ঠাকুৰাণী এ তাই তুমি জগতৰ মূলা
কাষত কলসি হাততে মাৰ্জ্জনা
 মাথাই ধৰিছে কুলা॥

[ ২৪ ]

এ ঠাকুৰাণী এ আই তোমালৈ যমে দৰায়
অম্বিকা চণ্ডিকা ভৱাণী কালিকা
এই ৰূপে ফুৰা বেৰায়॥

এ ঠাকুৰাণী এ আই চৰণে ধৰা চপায়
তোমাৰ প্ৰসাদে দেবতা সন্তোষে
অম্ৰাবতী পুৰে আই॥

এ ঠাকুৰণী এ আইৰ মাতা
তোমাৰ চৰণে কৰো নমস্কাৰ
এই বাৰ দাসক ৰাখা॥

ভৱাণী ভৱাণী ভবাণী আই
আছিলা দৰিদ্ৰ বিপ্ৰ দামোদৰ
ভৱাণী.......
এ বৈষ্ণৱ অতি পবিত্ৰ এ
ভৱাণী.......
তোমাকে পূজিবো নামে উপায়
ভৱাণী.......

[ ২৫ ]

আইৰ নাম
⸻⸻

শাৰী শাৰী হৈয়া গোপী তৃণতে বসিয়া
দুৰ্গাকে আৰাধে সবে অঞ্জলী ভৰিয়া॥
পাদ্য অৰ্ঘ আচমনি এ কুশাসন দিয়া
গন্ধে পুষ্পে ধুপে দীপে দুৰ্গাকে পূজিয়া॥
আছে আছে আচমনি এ হৰেব জননী
কিবা পূজা দিব লাগে নেজানিলো আমি॥
আইক মাতো আইক মাতো সাদৰী সাদৰী
চৰণতে পৰি কান্দো বাগৰি বাগৰি॥
আই লাগে কিবা পূজা এ অ নি অনাচাৰী
নামেই কৰিবো সেৱা গোপিনী বিচাৰি॥
আই তুমি মহামায়া এ সাগৰ সমান।
আচল পাতিয়া মাগো দিয়া জীব দান॥

আই মোৰ ভগৱতী মাতৃ
তাই মোৰ ৰঙ্গে সবাহ পাতি
আই মোৰ অনাইছে গোপিনী মাতি॥

আই মোৰ গকুলৰ গোপিনী
আই মোৰ আহিছে আপুনি
আই মোৰ পাতিছে হৰি মণ্ডলি॥

[ ২৬ ] 


আই মোৰ আইও আহিছে
আই মোৰ জগতেওঁ জানিছে
আই মোৰ শীতলি পায়ে চলায়॥

আই মোৰ বনৰ বনে চৰায়
আই মোৰ শিশু মাথা দোঁৱায়
আই মোৰ সাগৰেও জল যোগায়॥

আই মোৰ আইও আহিছে
আই মোৰ দাসীয়েও কান্দিছে
আই মোৰ আইৰে চৰণতে ধৰি॥

আই মোৰ নেকান্দিবা দাসী
আই মোৰ তুষ্ট হৈলো আসি

আই মোৰ তুমি যাম যশস্য কৰি॥

আই মোৰ ভয় ভীত হৈয়া
আই মোৰ তোমাতে চণ্ডিকা
আই মোৰ স্মৰণ লৈলো নিশ্চয়॥

আই মোৰ ভয়ে পৰিত্ৰাণ
আই মোৰ কৰা নাৰায়ণী
আই মোৰ সমস্ত তোমাৰে দাস॥

[ ২৭ ]

আই মোৰ ভয় নকৰিবা
আই মোৰ ভয়াতুৰ নহবা
আই মোৰ আয়ে কৰি যাব দয়া॥

আই মোৰ নমো নাৰায়ণী
আই মোৰ পতিত পাৱণী
আই মোৰ কৈলাসে কৰিলা বাস॥

আই মোৰ বিস্ফোতৰ ভয়ে
আই মোৰ ৰক্ষা কৰা আয়ে
আই মোৰ সমস্ত তোমাৰে দাস॥

আই মোৰ দুখীয়াৰ ভগা ঘৰ
আই মোৰ দুৱাৰত মই থৰ
আই মোৰ আইলোক সোমাইছে ৰঙ্গে॥

আই মোৰ দুখীয়াৰ ঘৰলৈ
আই মোৰ আই লোক আহিছে
আই মোৰ দিবলৈ নাইকিয়া একো॥

আই মোৰ মুৰৰে কেশেৰ
আই মোৰ পাও মলচিমে
দেহৰ পাৰি দিমে সাকো

[ ২৮ ] 

আই মোৰ ওভোটাই আঁহতক
আই মোৰ আয়ে ৰুই গলে
আই মোৰ আইৰ মান ধৰমি নাই॥

আই মোৰ কি চৰাই নাচিছে
আই মোৰ আয়ে ফুল বাচিছে
আই মোৰ দুখীয়াৰ ঘৰে সোমায়॥

আই মোৰ মহাদেউৰ দালিমে
আই মোৰ পাতে
আই মোৰ ঠালে ভৰি ভৰি লাগে॥

আই মোৰ আচল পাতো আই
আই মোৰ জীবদান মাগো আই
আই মোৰ অনুগ্ৰহ কৰিব লাগে॥

আই মোৰ কাষৰিৰে পৰা
আই মোৰ বাগৰি পৰিছো
আই মোৰ নৈৰে এচলীয়া গৰা॥

আই মোৰ ঠাউনিৰে পেৰা।
আই মোৰ এঠাউনিত পৰিছোঁ
আই মোৰ আয়ে পাৱে মেলি ধৰা॥

[ ২৯ ]

আই মোৰ মাতিৰে পুতলা
আই মোৰ সজাই থৈ ইছিলো
আই মোৰ আয়ে পাপ ধৰা নাই

আই মোৰ আয়ে পাগ ধৰি
আই মোৰ তেলো খৰে কৰি
আই মোৰ জীৱই বৰ দুঃখ পায়॥

আই মোৰ নেজানি সোমালো
আই মোৰ আইৰে ফুল বাৰী
আই মোৰ নিচিঙ্গি চিঙ্গিলো কলি॥

আই মোৰ ইবাৰৰ দোষকে
আই মোৰ ক্ষমা ভগৱতী
আই মোৰ মাতো চৰণতে ধৰি॥

আই মোৰ কোণে সোমাই গলে
আই মোৰ আইৰে ফুলবাৰী
আই মোৰ কোনে ভাঙ্গি গলে তাতি॥

আই মোৰ হাতে জোৰে কৰি

আই মোৰ মাতো তুতি কৰি
আই মোৰ ভাগোক মহামায়াৰ ঘাটি॥

[ ৩০ ]

আই মোৰ নেজানি সোমালো
আই মোৰ আইৰে ফুলবাৰী
আই মোৰ ফুলতে লগালে ঘাটি॥

আই মোৰ ঘাট ভঙ্গাবলৈ
আই মোৰ আই মহামায়া
আই মোৰ অনাইছে গোপিনী মাতি॥

আই মোৰ তুতি কি নুতি আই
আই মোৰ পানী চামনি আই
আই মোৰ তিনিও আইৰ ভেদ নাই॥

আই মোৰ দাতে তৃণধৰি
আই মোৰ কেশ আগে কৰি
আই মোৰ আতকে মাগো জীবদান॥

আই মোৰ মাগো জীবদান
আই মোৰ মাতৃ দিয়া বৰ
আই মোৰ অজ্ঞান বালকৰে হৈ

আই মোৰ আইৰে পাৱে মচা
আই মোৰ কপাহী গামোচা
আই মোৰ আইৰে কলিকতা পীৰা॥

[ ৩১ ] 

আই মোৰ বৰ আই পাচিছে
আই মোৰ সৰু আই আহিছে
আই মোৰ ফুলবাৰী দেউৰ ঘৰৰ পৰা॥

আই মোৰ আই মহামায়া
আই মোৰ শঙ্কৰৰে জায়া আই
আই মোৰ ভূত্যক কৰি যাৰা দয়া॥

আই মোৰ থুৰি কলা পাতৰ
আই মোৰ লাহৰি বিচনি
আই মোৰ পৰিৰ নিদিয়ে মাখি॥

আই মোৰ সোণৰে ৰূপৰে
আই মোৰ এহালি চকৰী
আই মোৰ আই ললে কৰনি ভৰি

আই মোৰ হলা বিৰিশক
আই মোৰ আয়ে পোনাই গলে
আই মোৰ সোণৰে লাখুটি ধৰি॥

আই মোৰ ৰূপৰে এখনি—
আই মোৰ দলা নাৰায়নী
আই মোৰ সোণৰে এখনি দলা।

[ ৩২ ] 

আই মোৰ বৰ আই বাচিছে
আই মোৰ বকুল নিৰেমালি
আই মোৰ সৰু আই কৰণি ধৰা॥

আই মোৰ বৰ আই লাহতি
আই মোৰ সৰু আই পাহতি
আই মোৰ ফুলৰ বৰ বৰ কলি॥

আই মোৰ পচা শৰীলতে
আই মোৰ আয়ে ফুল বাচিছে
আই মোৰ এপাহী দুপাহী কৰি॥

আই মোৰ বাৰীৰে টগৰ ফুল
আই মোৰ কি দিলে হব জুৰ
আই মোৰ আয়ে জুৰ নকৰে মানে।

আই মোৰ আইৰে নাম সুমলা
আই মোৰ দিছে ফুলৰ মালা
আই মোৰ পানী যেন কৰিব গা॥

আই মোৰ আইৰ নাম মাদৈ
আই মোৰ দুখিতক দয়াকৈ
আই মোৰ দি যাবা হৃদয় জুৰাই॥

[ ৩৩ ]

আই মোৰ বৰ আই বহিবৰ
আই মোৰ মুঠা কঠে খনি—
আই মোৰ তাও কাপোৰৰে তুলি॥

আই মোৰ এশ বিচনীৰে
আই মাৰ বিচিব লাগিছে
অই মোৰ আইৰে নুমলীয়া ভনী॥

আই মোৰ থাহে তিনি বেলী
আই মোৰ যায় তিনি বেলি
আই মোৰ মাণচৰ চেতনা পাই॥

আই মোৰ হাৰ ফুটি ফুটি
আই মোৰ ওলায় জুৰি জুৰি
আই মোৰ তেওঁ ফুল চিনোতা নাই॥

তাই মোৰ আইৰে চেনেহৰে
আই মোৰ মৰা চৰাই হালি
আই মোৰ দলৰ চৌপাশে চৰে॥

আই মোৰ হস্তী গমনে
আই মোৰ আই নামি আহে
আই মোৰ চহৰ ফুৰিবৰ মনে॥

[ ৩৪ ] 

আই মোৰ দলতে উঠিয়েই
আই মোৰ মহাদেউ বহিছে
আই মোৰ বেলত পৰি আছে ছাঁয়া॥

আই মোৰ দুৰ্গা ভৱানী
আই মোৰ দুয়ো আইক পাচিছে
আই মোৰ প্ৰাণীক কৰি অহা দয়া॥

আই মোৰ বাটৰে দুবৰি
আই মোৰ মই তোলা চাপৰি
আই মোৰ আই আহিবৰে শুনি॥

আই মোৰ অলপে মটীয়া
আই মোৰ আই কুমলীয়া
আই মোৰ চোঁৱৰ আনিছে বুলি॥

আই মোৰ ঘৰো সৰিলো
আই মোৰ চোতালে সাৰিলো
আই মোৰ পদূলি মুখলৈ চাই॥

আই মোৰ আহে আহে বুলি
আই মোৰ বাট চাই আছিলো
আই মোৰ পালেহি শুকুলি আই॥

[ ৩৫ ] 

আই মোৰ গধূলি গধূলি
আই মোৰ আই ফুৰে পদূলি
আই মোৰ দুখীয়াৰ জীবনে ৰাখি॥

আই মোৰ একনৈ মুখতে
আই মোৰ ফুল ভৰা দিলে
আই মোৰ দিহিংৰ মুখলৈ চাই॥

আই মোৰ বাটত লগে পাই
আই মোৰ নাৰদে শুধিলে
আই মোৰ কি ফুল ভৰা দিছা আই॥

আই মোৰ দিছো পানী মুদি
আই মোৰ ওলাই বৰ মুগী
আই মোৰ মনিচে নেপালে চিনি॥

আই মোৰ কৈলাসৰ ওপৰে
আই মোৰ আয়ে পচি খেলে
আই মোৰ ৰিনিকি ৰিনিকি শুনো

আই মোৰ পচিৰ ঢাল এৰি
আই মোৰ আই নামি আহে
আই মোৰ জীবই দুখ পাইছে বুলি॥

[ ৩৬ ] 

আই মোৰ পদুলিত এক দায়
আই মোৰ চোতালত এক দায়
আই মোৰ মজিয়াত শতেক দায় পাবা॥

আই মোৰ শতেক দায় ক্ষেমিবা
আই মোৰ আই ভগবতী
আই মোৰ দাসৰ দয়া কৰি যাবা॥

আই মোৰ লুইতৰে বালি
আই মোৰ তিয়াব নোৱাৰি
আই মোৰ বৰুনে নিতিয়াই মানে॥

আই মোৰ মনিচৰ পোৱালী
আই মোৰ তুলিব নোৱাৰি
আই মোৰ আরে পাৱ নুফুৰাই মানে॥

আই মোৰ সোণৰে ৰূপৰে
আই মোৰ এজুৰি কলচি
আই মোৰ আগতলৈ জলে ভৰাওঁ।

আই মোৰ গধুলি আহিব
আই মোৰ আই ভগৱতী
আই মোৰ সেৱাকৈ চৰণ ধুৱাওঁ॥

[ ৩৭ ] 

আই মোৰ কৈলাসত ভৱানী
আই মোৰ পাহ ৰান্ধিছিলে
আই মোৰ তামিলে সাঁচিলে দৈ॥

আই মোৰ খুৰীতে আনিছে
আই মোৰ জতি চন্দনে
আই মোৰ সবাকো যাবে পিন্ধাই॥

আই মোৰ আইলৈ আগে কৰি
আই মোৰ শুকুলা পিঠাগুৰি
আই মোৰ গোপিণীৰ মাননি গুৱা॥

আই মোৰ মহাদেউৰ মাননি
আই মোৰ বকুল নিৰেমালি
আই মোৰ অনাইছে বিমানৰ পৰা॥

আই মোৰ উজাই আহিলে
আই মোৰ আইৰে সাতে ভনী
আই মোৰ লুইতলৈ যোৱা॥

আই মোৰ অকলো মনিছে
আই মোৰ প্ৰাৰ্থণা কৰিছে
আই মোৰ মহাদেউ গোসাইলৈ চোৱা॥

[ ৩৮ ] 

আই মোৰ উজাই আহিলে
আই মোৰ আইৰে সাতে ভনী
আই মোৰ মাৰে নাও সংযুগে পাই॥

আই মোৰ দুখীয়াৰ ঘৰতে
আই মোৰ ৰল ভগৱতী
আই মানে সতে কৰে পাই॥

আই মোৰ উজাই আহিলে
আই মোৰ আইৰে সাতে ভনী
আই মোৰ হাততে কৰনি লৈ॥

আই মোৰ হাততে কৰনি লৈ
আই মোৰ মাথাতে ওৰনি
আই মোৰ ফুৰিছে বসন বিলাই॥

আই মোৰ উজাই আহিলে
আই মোৰ আইৰে সাতে ভনী
আই মোৰ বালিতে খপিলে ৰাতি॥

আই মোৰ প্ৰাণীৰ বিকলে
আই মোৰ দেখিব নোৱাৰি
আই মোৰ আপুনি গৈ গাইছে ঘোষা॥

আই মোৰ আইৰ নাম শীতলা
আই মোৰ দুখীয়াৰ পুতলা
আই মোৰ দিযাবা হৃদয় জুৰাই॥

[ ৩৯ ] 

আই মোৰ শীতলা দেবী আই
আই মোৰ শীতল চৰণেৰে
আই মোৰ ধুলা দি অনুগ্ৰহ কৰা॥

আই মোৰ শীতল চৰণতে
আই মোৰ ভজে যিটো জনে-
আই মোৰ তাকো ৰক্ষা কৰে আয়ে॥

আই মোৰ শীতলাৰে পানী
আই মোৰ অনাইছে ভৱাণী
আই মোৰ তামৰে কলসী লৈ॥

আই মোৰ সৰু জন ব্ৰাহ্মণে
আই মোৰ চন্দি পাঠ কৰিছে
আই মোৰ ভবাণীক আগতে লৈ॥

আই মোৰ শিতলাৰে ঘাটে
আই মোৰ আয়ে স্নান কৰে—
আই মোৰ লাহৰ চুলি তাৰি মেলি॥

আই মোৰ জাউতি যুগীয়া
আই মোৰ আইৰে শৰণীয়া
আই মোৰ পৰলৈ নিদিবা এৰি

⸻⸻

[ ৪০ ]

আসন পতা সবাহৰ নাম

শাৰী শাৰী হৈঁয়া গোপী...........

আই মোৰ আসন পাতি থৈছে
আই মোৰ বহোক মহামায়া
আই মোৰ থাকক হৰি কথা শুনি॥

আই মোৰ আসনতে বহি
আই মোৰ হাহে খলে খলি
আই মোৰ গোপিনীৰ কাকুতি দেখি॥

আই মোৰ কতকে কাকুতি
আই মোৰ কৰহে গোপিনী,
আই মোৰ তুলি যাম যশস্যা কৰি॥

আই মোৰ আসনৰ আগতে
আই মোৰ গুৱা কাটি থৈছো
আই মোৰ উঠোতে বহুতে খাবা।

আই মোৰ চকত পাৱে ধোৱা।
আই মোৰ আসনত বহিলা
আই মোৰ দাসক দয়া কৰি যাবা॥

আই মোৰ আসনতে বহি
আই নোৰ ৰূপহী পাকৈ আই
আই মোৰ গধুলি আহিবে ঘুৰি॥

[ ৪১ ]


আই মোৰ বসিবক লাগি।
আই মোৰ আসন পাৰি থৈছোঁ
আই মোৰ শিৰেৰে ওপৰে তুলি॥

আই মোৰ আহতৰ গহতে
আই মোৰ আয়ে পুথি পঢ়ে
আই মোৰ গোপিনী কাকুতি কৰে॥

আই মোৰ গোপিনীৰ কাকুতিত
আই মোৰ ৰব নোৱাৰি
আই মোৰ আই আহি আসনত বহে॥

আসনত বহি আয়ে নমাই দিছে ভৰি
চৰণাঙে পৰি কান্দো বাগৰি বাগৰি॥

আসনত বহি আয়ে চতুদ্ধিকে চায়
অসুৰৰ পঞ্চ সেনা বিভঙ্গে পলায়॥

আসনত বহি আয়ে ফুলৰ ললে ৰেখা
পৃথিবীলৈ আহি আয়ে নৰক দিছে দেখা॥

আসনত বহি আয়ে আনন্দ কৰিছে
সোণৰ খৰিকালৈ নিৰ্ম্মালি বাচিছে॥

আসনৰ চৌপাশে এ চম্পা নাগেশ্বৰ
মলমলি গোন্ধাই আছে গোসানী সকল॥
দোৱাৰতে গুৱামালি ঘটত আমাৰ দালি
আসনত বহি আছে জীবৰ অধিকাৰী

[ ৪২ ]


নমামি শীতলা দেবী এ পদৰ তলে লাগো
ভকত বৎসল আই শুভ বৰ মাগো॥
নমামি শীতলা দেবী এ জণ্টাজণ্টি কেশ
মাৰ্জনি কলস লৈ দিগম্বৰী বেশ॥

ইপাৰতে বংশী মাৰে সিপাৰতে ধ্বনি
ধুপ খেলি আহি আছে শীতলা গোসানী॥
কাষে কুম্ভ মাথে চুৰপা হাতে সমাঞ্জলি
গন্ধৰ্ব্ব বাহনে আসে শীতলা গোসানী॥

অতি দিব্য কুলাখনি মস্তকতে লৈয়া।
বসন বিলাই ফুৰে লাস হৈয়া॥

শীতলা শীতলা বুলি এ পশিলো শৰণে
বিস্ফোটৰ ভয়ৰ পৰা ৰাখিয়ো চৰণে॥

শীতলা মাৱকে আমি এ কাতৰ কৰো।
অনুগ্ৰহ কৰা আইৰ চৰণতে ধৰো॥

শীতলা শীতলা বুলি এ স্মৰে একবাৰে
সহস্ৰ আপদে তাক কি কৰিব পাৰে॥

[ ৪৩ ]

শীতলা শীতলা বুলি যিটো নৰে এ
সঘনে শীতলাক স্মৰে
বিষ্ফোটক ভয়ে শীৰ্ষে ভগৱতী
তাকে পৰিত্ৰাণ কৰে॥

শীতলা গোসানী আই
শীতলা চৰণতে ৰতি
দান্তে তৃণ ধৰি কেশ আগে কৰি
আই কে মাগো জীৱদান॥

 


[ ৪৪ ]

আইৰ আগত জ্বলি আছে তামুলি হেন তৰা
- দুখীয়ালৈ পেলাই দিছে গুচি ফুলৰ মালা॥

আই আহিল নুধুপিলে গৃহতে জঞ্জাল
আমি আইক নেদেখিলে অভাগীৰ কপাল॥

গধুলিতে আই আহে পদূলিলৈ চাই
মহামায়া আই আহে সোনৰ বংশী বাই॥

গধুলিতে পদূলিতে লগাই থৈছো বাতি
নে জানো কৰুণা মই আহে কোন ৰাতি॥

চহৰ ফুৰি আই আহে হাতত কমল ফুল
আইৰ পাতৰ চাতি মাৰি হৃদয় কৰা জুৰ॥

থুপি থুপি নেমুটেঙ্গা ভৰি আছে দাল
আই আগত বটা দিছে দেখিবলৈ ভাল॥

দ’ল খহিল বালি পেলাই এ কলচি নমাই
আমাৰ গাত কিবা হব ৰাখা হে গোঁসাই॥

[ ৪৫ ]


দলৰ পৰা নামি আহে পাৰ্ব্বতী আই
দণ্ডে চত্ৰে কাঢ়ি ললে মহাদেৱে পাই॥

দ’লৰ পৰা নামি আহে পাৰ্ব্বতী আই
দুখীতক দয়া কৰা হৃদয় জুৰাই॥

মহাদেউৰ দৌল খহি বৈ আছে নৈ
প্ৰাণীৰ বিকল দেখি আই আছে বৈ॥

 
[ ৪৬ ]

অপেশ্বৰী সবাহৰ নাম

ওপৰৰ দেৱতাই ওলাই মেল কৰে
 কুমাৰী কি পূজা কৰে॥
আই অপেশ্বৰীক মাতিম কেনে কৰি
 কৰিম কোন ভাৱে সেৱা॥
ৰূপৰে জখলা সোণৰে মেখেলা
 আহে অপেশ্বৰী নামি।
দুপৰ বেলা মেল কৰে
 ছয়াঁত পৰে ভৰি
কাতৰ কৰি মাতো
 আই অপেশ্বৰী॥
ৰূপৰে এটি ধুপ সোণৰে এটি ধুপ
 আই অপেশ্বৰী প্ৰাৰ্থনা কৰিছো
 এই নামে সন্তোষ হক

জোনে বেলিয়ে লগে ভটিয়ালে
লগত যায় তামুলি তৰা;
ক্ষণেক ৰৈ যোৱা আই অপেশ্বৰী
লৈ যোৱা কুমাৰীৰ পূজা॥

[ ৪৭ ]

নামে সেৱাকৈ গোপিনী পাঠে-
তুষ্ট হোৱা ভগবতী এ॥

এ হৰো সন্তোষে হৰিও সন্তোষে
দুৰ্গা আই সন্তোষে হবা এ॥

নামত নধবিৰা দোষ পদ নধৰিবা দোষ
আমি মূঢ়মতি নেজানো ভকতি
এই নামে সন্তোষ হওক॥

 
[ ৪৮ ] 

গঙ্গাৰ নাম

গঙ্গা দৰশনে চল আগমনে
দাৰিদ্ৰ দুখুনী লোকে
উদাৰ হৈবন্ত অনাথিনী লোক
গঙ্গা ভাগীৰথীৰ পদে॥

গঙ্গা গঙ্গা ৰাণী বোলে সবে প্ৰাণী
তাৰো পাপ হৰি হৰি
উদ্ধাৰ হৈবন্ত অনাথিনী লোক
গঙ্গা ভাগীৰথীৰ পদে॥

গোমুখী গঙ্গা উত্তৰ বাহিনী
মুনীবৰ আনন্দিনী
তপস্যাৰ বলে ভগীৰথ নমালে
পাপী উদ্ধাৰ হওক বুলি।

গঙ্গাৰ মধ্যেতে পদ্ম ফুলি আছে
আৰুে পৰিষদে বেৰি,
হিমে হিমে কৰি অমৃত বৰষিছে
যাইবা কোন মতে এৰি॥

[ ৪৯ ] 


গঙ্গাৰ মহিমা কেও নেজানিলে
কিঞ্চিৎ জানন্ত হৰে
সেহিসে কাৰণে গঙ্গাক মহেশ্বৰে
লৈ আছে জন্তাৰ ভিতৰে॥

নাৰদে বোলয় জানা পাৰেবতী
তোমাত কিছু কাজ নাই
অতি হাবিয়াসে গঙ্গাক বিয়া কৰাই
লৈ আছে জন্তাৰ ভিতৰে॥

জন্তাৰ ভিতৰত আছে ভাগীৰথী
আমি দৰশনে পাওঁ॥

জন্তাতে আসনে জন্তাতে বাসনে
থাকে জন্তা পাৰি শুই
সতিণী গঙ্গাকে ভাবন চুৰি কৰিসে
জন্তাতে লগামে জুই॥

জুলি জোলোঙ্গা জুই দি পুৰিমে
ভিক্ষাৰো মাৰিমে ক’ণ
মহাদেউৰ পুখুৰীত দুফালে দুশাৰী
মাজতে লাগে বহায়॥

[ ৫০ ] 

লগলৈ বুলি সতিনী আনিলে
মতিকো করিলে চন
লৰি যাওঁতে ভয়তে দৰিলো
লুটি খাই ভাঙ্গিলে ভৰি॥

আহি দেখিলোহি গঙ্গা ভাগৰথী
সোণৰে বন্ধোয়া পাৰি
জীৱন্তে গঙ্গা মাও নিদানে গঙ্গা মাও
চৰণে নপৰে মনে॥

জন্ম জন্মান্তৰত পাপকো খণ্ডিবে
পুণ্য হওক বাৰম্বাৰ
গঙ্গা গঙ্গা বাণী বোলে সবে প্ৰাণী
তাৰো পাপ হৰি হৰ॥

আইস মাতা ভাগীৰথী
বৈস সিংহাসনে হে মা॥

সেৱা কৰি চৰণ ধোৱাও
ভূঙ্গাৰেৰ জলে হে মা॥

আইস আইস গঙ্গা মাতা
বইস সিংহাসনত হে মা॥

[ ৫১ ]

সেৱা কৰি থাকিম মাতা
দুখানি চৰণ হে মা॥

গঙ্গা গঙ্গা বুলি দাকে
গঙ্গা নাহি ঘৰ হে মা॥

পাতেকি তৰাইছে গঙ্গাই
শিৱৰ মন্দিৰ হে মা॥

ব্ৰহ্মময়ী গঙ্গাদেৱী
নয়নে দেখিলো হে মা॥

ভগীৰথে মৰে বুলি
বিস্ত দিলা পাসি হে মা॥

বিস্ত পাদোদকে গঙ্গা
ভৈলা উতপতি হে মা॥

মগধ কাহিনী গঙ্গা
অতি বেগোওৰ হে মা॥

ঐৰাৱতৰ দৰ্প মাতো
কৰিলা নিস্ফল হে মা॥

ভগীৰথে শঙ্খ বাই
ভাগীৰথী চলি যাই
জানু মণি কৰিলেন পাৰ হে মা॥

[ ৫২ ]

 ভগীৰতৰ তুৰ্তি বাণীত
 সন্তুষ্ট ভৈলন্ত মুনি
 উৰু ফালি কৰিলেন বাজ হে মা।
 পতালতে মন্দাকিনী
 স্বৰ্গত সুৰেশ্বৰী হে মা।
 পৃথিবীলৈ আহি নাম
 পালা ভাগীৰথ হে মা।
 শিৱৰ শিৰে ভাগীৰথী।
 কৰিছে ৰঞ্জিত হে মা।
 ভগীৰথে নমাই আনি
 থলে পৃথিবীতে হে মা।
এ গঙ্গা তাৰিনী এ মা ভীষ্মক জননী
দিয়া দখা কৰো সেৱা আমি অনাথিনী
গঙ্গা বয় ধীৰে গঙ্গা বয় ধীৰে
বলায়ে তুলসী ৰুলে গঙ্গাৰ তীৰে॥

বলায়ে তুলসী ৰুলে গঙ্গাৰ তীৰে
সেইসে তুলসী লৈ এ মুনী কৰে ধ্যান
সকলো যাত্ৰীয়ে আহি গঙ্গাত কৰে স্নান॥

গঙ্গা বয় ধীৰে গঙ্গা বয় ধীৰে
যাক সদাশিৱই লৈ আছে শিৰে॥

[ ৫৩ ]



জন্মাষ্টমীর নাম

ঘোৰ অন্ধকাৰ  শিলা বষিছে
 নুশুনো প্ৰজাৰে মাত
পালি প্ৰহৰায়া   সবে নিন্দ্ৰা গলে
 উপজিলে জগন্নাথ॥

গোসাই উপজিবে   জানি বসুদেবে
 সশাংএ কৰিলে স্নান
মনৰ উমানে গঙ্গাৰ তীৰত
 বামুনক দিছে দান।

ঘোৰ অন্ধকাৰ  স্বামী অকলশৰে
 কোলাতে লৈলা গোপাল
যমুনা বাঢ়িছে  ফেনে ফোতোকাৰে
 হৈবা কোন মতে পাৰ॥

বৰষে কনিকা মেঘে ওপৰত গাৰ্জে
ফেনাই ধৰিছে ছাতি সৰ্পৰাজ নাগে॥

[ ৫৪ ] 

দুৰ্গা পুজাৰ নাম

(১)

পাদ্য অৰ্ঘ আচমনি কুশাসনত দিয়া
গন্ধে পুষ্পে ধুপে দীপে দুৰ্গাকে পূজিয়া।

আছে আছে আচমনি হৰেৰ জননী
কিবা পূজা দিব লাগে নেজানিলো আমি।

পঞ্চ মুদ্ৰা দেখাইয়া কৰে আবাহন
সবিনয়ে তুতি কৰে সুৰথ ৰাজন॥

কবে ঘৰে আইল মাতা কৈতে পালা পূজা
ৰক্ত চদন বেল পত্ৰ চৰণতে পূজা॥

মোলান পৰি আছে দুৰ্গা শুকাই আছে মুখ
জনম ভিক্ষাৰী ঘৰে বহুপালা দুখ॥
 
শুকাই আছে মুখখনি কপিছে হৃদয়
সৰ্পে বেৰি খাই বুলি কৰিছেনে ভয়॥

নেখাই সৰ্পে বেৰি তোমাক নকৰিবা ভয়।
সদাশিৱৰ ভাৰ্য্যা তুমি জানিবা নিশ্চয়॥

[ ৫৫ ] 

জয়ন্তী মঙ্গলা কালী জয় যোগেশৰী
যোগেশ্বৰী মহামায়া চামুন্দা গোসানী॥
মেঘ বৰ্ণ শ্যাম তনু দিগম্বৰী বেশ
পিঠিত পৰিয়া আছে আউল জাউল কেশ॥

শিৱ দেবী আই আহিছে
শিৱ জগতেও জানিয়ে
শিৱ শীতলি পাৱ চলাই হে॥
শিৱ বনৰ বনে চৰাই
শিৱ সিও মাথা দোৱাঁই
শিৱ সাগৰেও জল যোগাই হে॥

শিৱ আইও আহিছে
শিৱ দাসীয়েও কান্দিছে
শিৱ আইৰে চৰণতে ধৰি হে॥

শিৱ নাকান্দিবা দাসী
শিৱ তুষ্ট হৈলো আসি
শিৱ আমি সাম যশস্যা কৰি হে॥

শিৱ আইৰে চেনেহৰে
শিৱ মৰা চৰাই হালি
শিৱ দলৰ চৌপাশে চৰে হে

[ ৫৬ ]

শিৱ হস্তীৰ গমনে
শিৱ আই নামি আহে
শিৱ চহৰ ফুৰিবৰে মনে হে॥
 
শিৱ দেবী আইক মজাইছে
শিৱ পেচেন্দাই গঢ়াইছে
শিৱ মণিকৰ চক্ষু জলে হে॥

শিৱ মুখৰো নাহি মাত
শিৱ মুকুতাৰ জ্বলে দাঁত
শিৱ হাসে হাসে যেন কৰে হে॥

শিৱ দেৱী আই ৰাঙ্গলী
শিৱ চম্পাৰে
শিৱ দেৱগণে পূজা এ

শিৱ যোৱা দুৰ্গা ৰঙ্গে
শিৱ তোমাৰ মাও আছে
শিৱ আমাত কিছু কাৰ্য্য নাই এ॥

শিৱ নন্দিনী ভৃঙ্গিনী
শিৱ যত দিব্য নাৰী
শিৱ দুুৰ্গাকে নিয়া আৱৰি॥

[ ৫৭ ] 

শিৱ যাও দক্ষৰ ঘৰে
শিৱ পঠাইছে শঙ্কৰে
শিৱ যজ্ঞে সভা ৰঙ্গে এ॥

শিৱ সতী যাবাৰ শুনি
শিৱ প্ৰসুতী জননী
শিৱ গন্ধে চন্দন লৈ আহে॥

শিৱ গন্ধে চন্দন লৈ
শিৱ সতী আদৰো গৈ
শিৱ প্ৰসূতি জননী মাৱে॥

শিৱ সিংহ বাহিনী
শিৱ শিৱৰে গৃহিনী
শিৱ অনেক দৈত্য বধিলা হে॥

শিৱ ৰহ ৰহ বাণী
শিৱ বোলন্ত গোসানী
শিৱ আয়ে মধু পান কৰে এ॥

শিৱ মধু পান কৰি
শিৱ ধীৰে ধীৰে চলি
শিৱ অসুৰক অনাইলা ধৰি হে॥

[ ৫৮ ]

শিৱ সিংহ বাহিনী
শিৱ শিৱৰে গৃহিনী
শিৱ অনেক দৈত্যক বধিলা হে॥

শিৱ ৰক্ত বীৰ্য্যক বধি
শিৱ অসুৰক সংহাৰি
শিৱ ৰুধিৰক পান কৰিলা হে॥

শিৱ মহিষা অসুৰে
শিৱ আহে মহাৰঙ্গে
শিৱ দেবী আইক শিৰতে লৈ হে॥

শিৱ সিংহ বাহনতে
শিৱ চলি ভগৱতী
শিৱ অসুৰক অনাইল ধৰি হে॥

বাওঁ হাতে নাগ পাশ
দক্ষিণে ত্ৰিশূল হে মা॥

ভালেতো বধিলা মাতা
মহিষা অসুৰ হে মা॥

অসুৰক বধিবাৰে
দেবী ভৈল মন হে মা॥

[ ৫৯ ] 

দক্ষিণ হস্তৰে পৰা
খসালে কঙ্কন হে মা॥
লোল জিভা ৰক্ত ধাৰা
মুখৰে দুপাশে হে মা॥

ত্ৰিনয়ন লম্বোদৰা
পৰা বাঘৰ ছাল হে মা॥
কাৰ ঘৰে আইলা মাতা
কৈতে পালা পূজা হে মা॥
ৰক্ত চন্দন বেল পত্ৰ
চৰণতে পুজা হে মা॥
মাহে চৰণত দুখানি
মাহে ভাই ভাসে ভৱানী
ঐ পদতলে কি মাহে চৰণ দুখানি॥

মাহে চৰণত দম্পে
মাহে মেদিনী কম্পে
ধৰণী তল বল কৰে কি মাহে
চৰণত দম্পে॥

মাহে তুৱা পদতলে
মাহে দুখীয়া ব্ৰাহ্মণে
কৰে লক্ষ লক্ষ সেৱা কৰি মাহে
তুৱা পদতলে॥

[ ৬০ ]

মাহে ৰাম নে প্ৰবল
মাহে পাইলে তোমাত পৰ
সাগৰত বান্ধিলো সেতু কি মাহে
ৰাম নে প্ৰবল॥

মাহে পূৰ্ব্ব জনমৰে
মাহে শীতলা গোসানী
তোমাৰ নাম আছিলে সতী কি মাহে
পূৰ্ব্ব জনমৰে॥

মাহে দক্ষৰে সভাতে
মাহে শিৱৰ ভাগ নেদেখি
সতী প্ৰাণ ত্যেজি যাই কি মাহে
দক্ষৰ সভাতে॥

মাহে পঞ্চ বছৰতে
মাহে কুমাৰী কালতে
শিৱ পূজা আৰম্ভিলা কি মাহে
পঞ্চ বছৰতে॥

মাহে নিতে এক লক্ষ্য
মাছে শিৱ পুজা কৰি
হৰেক স্বামী কৰিলা কি মাহে
নিতে এক লক্ষ্য॥

[ ৬১ ] 

দুৰ্গাৰ নাম

আকাশেদি যায় দেখো বিমান বহুত
মোতে স্বৰূপ কথা কহা চক্ৰপানী॥
উৰি উৰি যায় দেখো বিমান বহুত
আজি পিতৃ যজ্ঞ কৰে দেখিতে অদ্ভুত

যজ্ঞ কৰি আছে দক্ষ শুনা তাৰ মৰ্ম্ম
নিমন্ত্ৰণ বিনা গলে অপমান পাবা॥
সতী কন মহাপ্ৰভু নকহিবা
বাপৰ ঘৰে কন্যা যাইতে কিবা নিমন্ত্ৰণা।

নিমন্ত্ৰণ বিনা হেথা কুৰ পঞ্চানন
বাপৰ ঘৰে কন্যা যাইতে কিবা নিমন্ত্ৰণ॥
মনে যারা পিতাৰ ঘৰে মনে ৰইল ধান্দা
কাৰ্ত্তিক গনেশ দুয়ো ৰব ভোকে ৰৈল ক্ষুদা॥

দেখিছো অদ্ভুত স্বপ্ন গাও নহয় ভাল
তুমি যদি যোৱা প্ৰিয়া মিলিব জঞ্জাল॥
বহুকালে পিতৃ মই গৃহ দেখা নাই
হইও প্ৰসন্ন মোত শঙ্কৰ গোসাই॥

[ ৬২ ] 

সতেক ভগিনী মোৰ গিয়াছেন যজ্ঞে
নেদেখি মোক মাৱে পথ চাই আছে॥
যত কয় সতী শিৱক নিদিয়ে আদেশ
ক্ৰোধে সতী হৈলা কালী ভয়ঙ্কৰ বেশ।

মুক্তকেশী মহামেঘ বৰণা দন্তৰা
শবাৰুঢ়া কৰকাঞ্চী শববৰ্ণ পুৰা॥
গলিত ৰুধিৰ ধাৰা মুণ্ডমালা গলে
গলিত ৰুধিৰ কৰি মুণ্ড বাম কৰতলে॥

আৰ বাম কৰেতে কৃপান খৰশান
দুই ভুজে দক্ষিণে অভয় দান॥
লোল জিহ্বা ৰক্ত ধাৰা মুখৰ দুপাশে
ত্ৰিনয়ন অৰ্দ্ধচন্দ্ৰ ললাটে বিনাশে॥

দেখি ভয়ে মহাদেৱ ফিৰাইল মুখ
তাৰা ৰূপ ধৰি সতী হইলা সন্মুখ॥
নিলা বৰ্ণ লোল জিহ্বা কৰাল বদনা
সৰ্প বান্ধা উৰ্দ্ধ এক জটা বিভূষনা॥

অৰ্দ্ধচন্দ্ৰ পাচখানি শোভিত কপাল
ত্ৰিনয়ন লম্বোদৰ পৰা বাঘ ছাল॥
নীলাপদ্ম খণি কাটি সমুণ্ড সৰ্পৰ
চাৰি হাতে শোভে আৰোহণ শিৰোপৰ॥

[ ৬৩ ]

দেখি ভয়ে পলাবাক চান পশুপতি
ৰাজ ৰাজেশ্বৰী হৈ দেখা দিলে সতী॥
ৰক্ত বৰ্ণা ত্ৰিনয়না ভালে সুধাকৰ
চাৰিও হাতে শোভে পাশাঙ্কৰ ধেনুশৰ॥

বিধি বিষ্ণু ঈশ্বৰ মহেশ ৰুদ্ৰ পঞ্চ
পঞ্চ প্ৰেত নিমিত বসিবাৰ মঞ্চ॥

দেখি ভয়ে শঙ্কৰ মুখ ফিৰাইলা
ভুবনেশ্বৰী ৰূপে সতী দেখা দিলা॥

ৰক্ত বৰ্ণা সুভূষণা আসন অম্বুজ
পাশঙ্কুশ বৰাৰ ভয়ে শোভে চতুৰ্ভূজ॥
ত্ৰিনয়ন অৰ্দ্ধচন্দ্ৰ ললাটে উজ্বল
মণিময় নানা অলঙ্কাৰ ঝলমল॥

দেখি ভয়ে মহাদেৱ গৈল এক ভিতে
ভৈৰবী হৈয়া সতী লাগিলা হাসিতে।
ৰক্তবৰ্ণা চতুৰ্ভূজা কমল আসনা
মুণ্ডমালা গলে নানা ভূষণ ভূষণা॥

অক্ষমালা পুথি বৰাভয় চাৰিকৰ
ত্ৰিনয়ন অৰ্ধচন্দ্ৰ ললাট উপৰ॥
দেখি ভয়ে বিশ্বনাথ হইলা কম্পিত
ছিন্ন্মস্তা হৈলা সঙ্গী অতি বিপৰীত॥

[ ৬৪ ]


বিকসিত পুণ্ডৰিক কনিকাৰ মাঝে
তিনগুণে ত্ৰিকোণ মণ্ডল ভাল সাজে॥
বিপৰীত ৰতে ৰত ৰতি কামোপৰি
কোকনদ বৰণ ত্ৰিভুজা দিগম্বৰী॥

নাগ যজ্ঞোপবীত মস্তাস্থি মালা গলে
খড়্গে কাটি নিজ মুণ্ড ধৰি বাম কৰে॥
কণ্ঠৰ পৰা ৰুধীৰ উঠে তিন ধাৰ
এক ধাৰাই নিজ মুখত কৰেন আহাৰ॥

দুই দিকে দুই সখি ডাকিনী বৰ্ণিনী
দুই ধাৰা পিয়ে তাৰা শৱ আৰোহিনী॥
চন্দ্ৰ সূৰ্য্য অনল শোভিত ত্ৰিনয়ন
অৰ্দ্ধচন্দ্ৰে কপাল কানকে সুশোভন॥

দেখি ভয়ে ত্ৰিলোচন মুদিলা লোচন
ধুমাৱতী হই সতী দিলা দশন॥
অতি বৃদ্ধা বিধবা বাতাসে দোলে স্তন
কাকধ্বজ ৰথাৰূঢ়া ধুমৰ বৰণ॥

মহাভয়ে মহাদেৱ হৈলা কম্পমান
মহালক্ষ্মী ৰূপে সতী কৈলা অধিস্থান॥
সুবৰ্ণ সুবৰ্ণ বৰ্ণ আসন অম্বুুজ
দুই পদ্ম বৰ ভয়ে শোভে চাৰি ভূজ॥

[ ৬৫ ] 

চতুৰ্দন্ত চাৰি শ্বেত বৰণ হৰষে
ৰত্ন ঘটে অভিষেক অমৃত বৰষে॥
হনুমানে পঠাইলা পদ্ম আনিবাৰে
শ্ৰীৰাম কৰেন স্তব দেবী চণ্ডীকাৰে॥

দুৰ্গে দুঃখহৰা তাৰা দুৰ্গতি নাশিনী
দুৰ্গমে স্মৰণে বিন্ধাগিৰী নিবাসিনী॥
দুৰাৰাধ্য ধ্যান সধ্যা শক্তি সনাতনী
পৰাৎপৰা পৰম প্ৰকৃতি পুৰাতনী॥

নীল কণ্ঠ প্ৰিয়া নাৰায়ণী নিৰাকায়া
সাৰৎসাৰা মূলশক্তি সচ্ছিদা সাকায়া॥
মহিষ মৰ্দ্দিনী মহামায়া মহাদৰী
শিৱ নিতম্বনী শ্যামা সৰ্ব্বাণী শঙ্কৰী॥

বীৰুপাক্ষী শতাক্ষী পাৰদা শাকম্ভৰী
ভ্ৰমৰী ভৱাণী ভীতা ধুমা ক্ষেমঙ্কৰী॥
কালী কালহৰা কালাকালে কৰা পাৰ
কুল কুণ্ডলিনী কৰা কাতৰে নিস্তাৰ॥

লম্বোদৰা বাঘাম্বৰা কলুষ নাশিনী
কৃতান্ত দলনী কাল উৰু বিলাসিনী॥
ইত্যাদি অনেক স্তৱ কৰিলা শ্ৰীহৰি
তুষ্ট হৈলা হৈমৱতী পৰম ঈশ্বৰী

[ ৬৬ ] 

কিন্তু ৰৈলা অদৃশ্যতে নীল পদ্ম আশে
ৰামেৰ কমল আখি অশ্ৰুজলে ভাসে॥

এইৰূপে কিছুপৰ থাকে ভগবান
উঠা নিলোৎপল বুলি তোলে উত্তোলন॥

অষ্টোত্তৰ শত পদ্ম কৰি উত্তোলন
পবন বেগেৰে বীৰ কৰে আগমন॥

ৰামচন্দ্ৰৰ কাষে আসিয়া উত্তৰিল
গমনা কৰিয়া ৰামে নীলপদ্ম দিল॥

ৰাম আনন্দিত ভৈল পাই নীলপদ্ম
দেবী ভাৱে বিচিত্ৰ কৰিলা চিত্ৰপদ্ম॥


পুলকিত চিত  বিধান ৰচিত
 মূলমন্ত্ৰ উচচাৰণে হে॥ (অ’গ মা)
ক্ৰমে নীলোৎপল  সহস্ৰেক দল
 সপে শঙ্কৰী চৰণে হে॥ ( অ’গ মা)
কৰিলেন ছল  বুজিতে সকল
 দেবী হৰ মন হৰা হে॥ (অ’গ মা)
হৰিলেন আন  এক পদ্ম তাৰ
 মহেশ্বৰী পৰাৎপৰা হে॥ (অ’গ মা

[ ৬৭ ]

ক্ৰমে পদ্ম সব  দিলেন ৰাঘব
 ৰাম জগৎ গোসাঁই হে॥ (অ’গ মা)
শেষতে বিয়োগ  হইল অত্ৰ যোগ
 এক পদ্ম মিলে নাই॥ ( অ’গ মা)

হইয়া বিস্ময়  চিত্ত চমকিত
 সঙ্কতে ভঙ্গতে ভয় হে॥ (অ’গ মা)
হনুমান কহে  ব্ৰহ্ম সনাতনে
 শুনা পৱন তনয় হে॥ ( জ’গ মা)

সঙ্কল্প কৰিয়া  কিমান কৰিয়া
 শতাষ্ট আছে সংখ্যাই হে॥ (অ’গ মা)
সেই হে এক পদ্ম  পাওৱা নাই যায়
 ঠেকিলো মোৰ দায়ত হে॥ (অ’গ মা)

যোৱা পুণৰ্ব্বাৰ  এক পদ্ম আৰ
 আনাগৈ বাছাধন হে॥ (অ’গ মা)
হনুমানে কয়  শুনা মহাশয়
 শতাষ্ট আছে গনা হে॥ (অ’গ মা)

শুনাহে গোসাঁই  আৰু পদ্ম নাই
 দেবী দহে বনমালী হে॥ (অ'গ মা)
হেন নয় চিতে  তোমাকে চলিতে
 পঙ্কজ হৰিলা কালি হে॥ (অ’গ মা)

[ ৬৮ ] 

মোহৰ বিস্ময়  অন্যথা নহয়
 দেখিছো গণি মই ক্ৰমে হে॥ (অ’গ মা)
নিশ্চয় তাৰিণী  হৰিলে নলিনী
 নুভুলিবা প্ৰভু মনে হে॥ (অ'গ মা)
পৱন নন্দন  কহিলা তখন
 শুনিয়া বিস্ময় ৰাম হে॥ (অ’গ মা)
আখি ছল ছল  বহে অশ্ৰু জল
 কান্দেন ত্ৰিলোক ৰাম হে। (অ’গ মা)
মাহে নমস্তে সৰ্ব্বাণী
মাহে ঈশানী ইন্দ্ৰানী
ঈশ্বৰী ঈশ্বৰ জয়া কি মাহে
নমস্তে সৰ্ব্বাণী॥
মাহে অৰ্পনে অভয়া
মাহে অন্নপূৰ্ণাৰ জায়া
মহেশ্বৰী মহামায়া কি মাহে
অৰ্পনে অভয়া॥
মাহে উগ্ৰচণ্ডা উমে
মাহে আশুতোষ ভুমে
অপৰাজিতা উৰ্ব্বশী কি মাহে
উগ্ৰচণ্ডা উমে

[ ৬৯ ] 

মাহে ৰাজ ৰাজেশ্বৰী
মাহে ৰমা ৰণ কৰী
 শঙ্কৰী শিৱে ষোড়শী কি মাহে
 ৰাজ ৰাজেশ্বৰী॥

মাহে মাতঙ্গী
মাহে কল্যাণী কমলে
 ভৱাণী ভুবণেশ্বৰী কি মাহে
 মাতঙ্গী॥

মাহে সৰ্ব্ব বিশ্ব দোষ
মাহে শুভে শুভঙ্কৰী
 ক্ষতি ক্ষেত্ৰ ক্ষেমাঙ্কৰী কি মাহে
 সৰ্ব্ব বিশ্ব দোষ॥

মাহে সহস্ৰ সহস্তে
মাহে ভীমা ছিন্নমস্তে
 মাতা মহিষ মৰ্দ্দিনী কি মাহে
 সহস্ৰ সহস্তে॥

মাহে নিস্তাৰ কাৰিনী
মাহে নৰক বাৰিনী
 নিশুম্ভ শুম্ভ ঘাতিনী কি মাহে
 নিস্তাৰ কাহিনী

[ ৭০ ]

মাহে দৈত্য নিকুম্ভিনী
মাহে শিৱ সিমঞ্চিনী
 শৈল সুতা সবদনী কি মাহে
  দৈত্য নিকুম্ভিনী॥
মাহে বিৰিঞ্চি বদনী
মাহে দুষ্ট নিষ্কন্দিনী
 দিগম্বৰৰ বৰিনী কি মাহে
  বিৰিঞ্চি বদনী॥
মাহে দেবী দিগম্বৰী
মাহে দুৰ্গে দুৰ্গা অৰি
 কালীকে কৰাল বেশী কি মাহে
  দেবী দিগম্বৰী॥
মাহে শিৱ শবাৰূঢ়া
মাহে চণ্ডী চন্দ্ৰ চুৰা
 মোৰ ৰূপ কি মাহে
 শিৱে শবাৰূঢ়া॥
মাহে সৰ্ব্ব সুশোভিনী
মাহে ত্ৰৈলক্য মোহিনী
 নমস্তে কি মাহে
  সৰ্ব্ব সুশোভিনী।

[ ৭১ ]

মাহে দিক বিবসনা
মাহে সৰ্ব্বস্ব বাসনা
 বিশ্ব ৰিকট দশনা কি মাহে
  দিক বিবসনা।
মাহে শাৰদা বৰদা
মাহে শুভদা সুষদা
 অন্নদা মোক্ষদা শ্যামা কি মাহে
  শাৰগা বৰদা॥
মাহে মৃগেশ বাহিনী
মাহে মহেশ ঘৰিনী
 সুৰেশ নন্দিনী বাসা কি মাহে
  মৃগেশ বাহিনী॥
মাহে কামাখা ৰূদ্ৰানী
মাহে হৰা হৰ বাণী
 মহৰমা কাত্যায়নী কি মাহে
  কামাখ্যা ৰূদ্ৰানী॥
মাহে শমন ত্ৰাশিনী
মাহে অৰিষ্ট নাশিনী
 দয়াময়ী দাক্ষায়ণী কি মাহে
  শমন ত্ৰাশিনী॥

[ ৭২ ]

মাহে আই মা পাৰ্ব্বতী
মাহে মই দীন অতি
 আপদত পৰিছো বৰ কি মাহে
 আই মা পাৰ্ব্বতী।
মাহে সৰ্ব্বদা চঞ্চল
মাহে পদ্ম পাত্ৰ জল
 ভয়ত ভীত জৰ সৰ কি মাহে
 সৰ্ব্বদা চঞ্চল।

—অন্ত—



আমায় ইয়াত স্কুল পাঠ্য, কলেজ পাঠ, ধৰ্ম্মগ্ৰন্থ,
উপন্যাস, নাটক, গল্প, প্ৰৱন্ধ সকলো বিধৰ
কিতাপ বিক্ৰীৰ কাৰণে সদায় মজুত
থাকে। মফস্বলৰ অৰ্ডাৰ বেগাই
ভিঃ পিঃ যোগেৰে পঠোৱাই
আমাৰ বিশেষত্ব।
পৰীক্ষা প্ৰাৰ্থনীয়
চপলা বুক ষ্টল-শ্বিলং



[ ৭৩ ]
 


আমাৰ ধৰ্ম্মগ্ৰন্থ সংগ্ৰহ



কীৰ্ত্তন
শ্ৰীশ্ৰীকৃষ্ণ গীতা
বলিছলন
হৰি উপাখ্যান
সীতাৰ বনবাস
নামতি
শ্ৰীশ্ৰীআদি যামল
নাম মালিকা
কালিকা পুৰাণ
কাণ খোৱা
স্যমন্ত শৰণ
লক্ষ্মী চৰিত্ৰ
শ্ৰীশ্ৰী প্ৰভাত গধূলী গোষ্ঠ
নাম ঘোষা
কাদম্বৰী কথা
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত



চপলা বুক ষ্টল−শ্বিলং



 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )