পৃষ্ঠা:নামতি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—নামতি—


শিৱ সিংহ বাহিনী
শিৱ শিৱৰে গৃহিনী
শিৱ অনেক দৈত্যক বধিলা হে॥

শিৱ ৰক্ত বীৰ্য্যক বধি
শিৱ অসুৰক সংহাৰি
শিৱ ৰুধিৰক পান কৰিলা হে॥

শিৱ মহিষা অসুৰে
শিৱ আহে মহাৰঙ্গে
শিৱ দেবী আইক শিৰতে লৈ হে॥

শিৱ সিংহ বাহনতে
শিৱ চলি ভগৱতী
শিৱ অসুৰক অনাইল ধৰি হে॥

বাওঁ হাতে নাগ পাশ
দক্ষিণে ত্ৰিশূল হে মা॥

ভালেতো বধিলা মাতা
মহিষা অসুৰ হে মা॥

অসুৰক বধিবাৰে
দেবী ভৈল মন হে মা॥