পৃষ্ঠা:নামতি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—নামতি—


যদি দয়া আছে  ওলাই দেখা দিয়া
 গোপীৰ প্ৰাণ-বায়ু যায়।
যমুনা তীৰতে পুলিনা বলতে
 দেখিলো যাদব ৰায়;
হাত মোহন বংশী মুৰত মৈৰা পাখি
 ফুৰিছে ধেনু চৰায়।
যমুনা তীৰতে  গোপিকা সকলে
 আলচা আলচি কৰে;
যশোদাই সুধিলে  কমে কি বুলি
 কিজানি দানৱে হৰে।
এক গোপী বোলে  মই দেখি আহিছো
 গকুলে কৰিছে লোৰ;
পঞ্চ বছৰীয়া  অবোধ কানায় মোৰ
 পৰিছে লবনু চোৰ।


(৪)


গোৱৰ্দ্ধন ধৰি দুঃখ পাইলা হৰি
 পৰকে বুলিলা আই;
যশোদা সুন্দৰী  বৈষ্ণৱ সাগৰী
 গলে বান্ধি চুমা খায়।