পৃষ্ঠা:নামতি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
-নামতি-

বৃশভৰ কান্ধে এ ভোলানাথ
কৰিয়োক দয়া আমি অনাথ॥
শুনিয়া হাসি চাইলা চক্ৰপানি
নোহন্ত আদিত্য বুলিলা বাণী॥ (বৃশভৰ......)
 জন্তাৰ ভিতৰে গঙ্গাৰ ধাৰা
 অৰ্দ্ধচন্দ্ৰ শিৰে শোভিছে জানা॥
 মণি ৰশ্মি হৈয়া প্ৰকাশিত
 গৃহক লাগিয়া আসে সত্ৰাজিত॥
  (জন্তাৰ ভিতৰে.....)
জন্তাৰ ভিতৰে মন্দাকিনী
কুলু কুলু কৰি উঠিছে ধ্বনি॥
অনেক মঙ্গল বাদ্য বজায়
গৃহক লাগিয়া আসে সত্ৰাজিত॥ (জন্তাৰ ভিতৰে...)
 দুদুম দুম্ , দুদুম দুম্ বাজে ডম্বৰু
 নাচে সদাশিৱ কল্পতৰু॥
 দেৱৰ গৃহে পশি প্ৰাণপাত
 নিবেদিলা মণি বিপ্ৰৰ হাতে। (দুদুম দুম্...)
বৰ বম্ বৰ বম্ বজাইয়া গান
নাচে সদাশিয় কল্পতৰু॥
মণিৰ মহিমা কি কৰিবো আৰ
সুৱৰ্ণ আদিত্য বয়ন্ত বৰ॥ (বৰ বম্ বৰ বম্.....)