পৃষ্ঠা:নামতি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—নামতি—


সেইযে কাপোৰ ৰাধাক পিন্ধাওঁ⸺(হৰি এ নাৰায়ণ }
ৰাধিকাই সহিতে কেলি খেলাওঁ⸺ 
সকলো ৰায়তে কান পাতি শুনা⸺ 
ইয়াক বোলয় কৃষ্ণৰ জুনা⸺ 

⸻⸻

(৩)

আমাৰ কৃষ্ণাইকে অক্ৰূৰে লৈয়া গ’ল
 আহা পাছতে যাওঁ;
কমল লোচন  বদন মোহন
 কিবা সমিধানে পাওঁ।
আমাৰ কষ্ণাইকে অক্ৰূৰে লৈয়া গ'ল
 কি লাগি জীৱনে ধৰোঁ;
আহা সখি সৱে  কৃষ্ণৰে বিৰহে
 জলে জাম্প দিয়া মৰোঁ।
যমুনা তীৰতে  গোপী নাম ললে
 মণ্ডলি আকাৰ কৰি;
যদি দয়া আছে  ওলাই দেখা দিয়া।
 গোপী প্ৰাণ-ধন হৰি।
যমুনা তীৰতে গোপিকা সকলে
 হৰিৰ গুণ কথা কয়;