পৃষ্ঠা:নামতি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
—নামতি—



আই মোৰ পদুলিত এক দায়
আই মোৰ চোতালত এক দায়
আই মোৰ মজিয়াত শতেক দায় পাবা॥

আই মোৰ শতেক দায় ক্ষেমিবা
আই মোৰ আই ভগবতী
আই মোৰ দাসৰ দয়া কৰি যাবা॥

আই মোৰ লুইতৰে বালি
আই মোৰ তিয়াব নোৱাৰি
আই মোৰ বৰুনে নিতিয়াই মানে॥

আই মোৰ মনিচৰ পোৱালী
আই মোৰ তুলিব নোৱাৰি
আই মোৰ আরে পাৱ নুফুৰাই মানে॥

আই মোৰ সোণৰে ৰূপৰে
আই মোৰ এজুৰি কলচি
আই মোৰ আগতলৈ জলে ভৰাওঁ।

আই মোৰ গধুলি আহিব
আই মোৰ আই ভগৱতী
আই মোৰ সেৱাকৈ চৰণ ধুৱাওঁ॥