পৃষ্ঠা:নামতি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
—নামতি—


এক হাতে গদা  এক হাতে পদ্ম
 আউৰ হাতে মন্দাগিৰি;
এক হস্ত মেলি ডাকে ভকতকে
 ভয় নকৰিবা বুলি।
বৃন্দাবনতে  শিলা বৰষিছে
 ঘোৰ অন্ধকাৰ কৰি;
আপদৰ কালতে  হৰিয়ে ৰাখিব
 হাতে গোৱৰ্দ্ধন ধৰি।
ইন্দ্ৰৰ কোপতে  শিলা বৰষিলে
 ঘোৰ অন্ধকাৰ কৰি
গৰু গোৱালকে  যেৰূপে ৰাখিলা;
 হাতে গোৱৰ্দ্ধন ধৰি।
ইপাৰে কালিজল সিপাৰে যুমনা
 কি কই পাৰে হৰা হৰি;
কালি জল প্ৰভূ পাৰে হৈয়া গলা
 কদমে খোপনি ধৰি।