পৃষ্ঠা:নামতি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সদাশিৱৰ নাম।

(১)

হৰশিৱ হৰশিৱ তোমাৰেহে নাম।
ভকতে চিন্তিলে পাই ধৰ্ম্ম অৰ্থ কাম॥
হৰশিৱ হৰশিৱ বিভূতি ভূষণ।
ভকতে চিন্তিব সদায় তোমাৰে চৰণ॥

হৰশিৱ হৰশিৱ বৃষভ বাহন।
দুৱ দুৱ দম্বৰু বজাইছে পঞ্চানন॥
পগলাৰ বিহু বৃক্ষ পাগলী পৰাণ।
বিল্ব পত্ৰে তুষ্ট হোৱা প্ৰভু ভগবান॥

বিফল জনম গেল শিৱক নভজিয়া।
বিল্ব পত্ৰ নিদিলোহো চৰণে ভাবিয়া॥
তল বল কৰে শিৱ ডাঙ্গৰ-লাৰু খাই।
নাচিব লাগিছে হৰে দম্বৰু বজাই॥

এ সদা-শিৱহে হৰ উমাৰ পতি।
অ' শিৱ তুমি   দুৰ্গাৰ পতি॥
দেৱ দিগম্বৰ  ভক্তৰ ঈশ্বৰ।
অ' সম্ভুনাথ হে॥