পৃষ্ঠা:নামতি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
—নামতি—


দেখি ভয়ে পলাবাক চান পশুপতি
ৰাজ ৰাজেশ্বৰী হৈ দেখা দিলে সতী॥
ৰক্ত বৰ্ণা ত্ৰিনয়না ভালে সুধাকৰ
চাৰিও হাতে শোভে পাশাঙ্কৰ ধেনুশৰ॥

বিধি বিষ্ণু ঈশ্বৰ মহেশ ৰুদ্ৰ পঞ্চ
পঞ্চ প্ৰেত নিমিত বসিবাৰ মঞ্চ॥

দেখি ভয়ে শঙ্কৰ মুখ ফিৰাইলা
ভুবনেশ্বৰী ৰূপে সতী দেখা দিলা॥

ৰক্ত বৰ্ণা সুভূষণা আসন অম্বুজ
পাশঙ্কুশ বৰাৰ ভয়ে শোভে চতুৰ্ভূজ॥
ত্ৰিনয়ন অৰ্দ্ধচন্দ্ৰ ললাটে উজ্বল
মণিময় নানা অলঙ্কাৰ ঝলমল॥

দেখি ভয়ে মহাদেৱ গৈল এক ভিতে
ভৈৰবী হৈয়া সতী লাগিলা হাসিতে।
ৰক্তবৰ্ণা চতুৰ্ভূজা কমল আসনা
মুণ্ডমালা গলে নানা ভূষণ ভূষণা॥

অক্ষমালা পুথি বৰাভয় চাৰিকৰ
ত্ৰিনয়ন অৰ্ধচন্দ্ৰ ললাট উপৰ॥
দেখি ভয়ে বিশ্বনাথ হইলা কম্পিত
ছিন্ন্মস্তা হৈলা সঙ্গী অতি বিপৰীত॥