সমললৈ যাওক

পৃষ্ঠা:নামতি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



দুৰ্গা পুজাৰ নাম

(১)

পাদ্য অৰ্ঘ আচমনি কুশাসনত দিয়া
গন্ধে পুষ্পে ধুপে দীপে দুৰ্গাকে পূজিয়া।

আছে আছে আচমনি হৰেৰ জননী
কিবা পূজা দিব লাগে নেজানিলো আমি।

পঞ্চ মুদ্ৰা দেখাইয়া কৰে আবাহন
সবিনয়ে তুতি কৰে সুৰথ ৰাজন॥

কবে ঘৰে আইল মাতা কৈতে পালা পূজা
ৰক্ত চদন বেল পত্ৰ চৰণতে পূজা॥

মোলান পৰি আছে দুৰ্গা শুকাই আছে মুখ
জনম ভিক্ষাৰী ঘৰে বহুপালা দুখ॥
 
শুকাই আছে মুখখনি কপিছে হৃদয়
সৰ্পে বেৰি খাই বুলি কৰিছেনে ভয়॥

নেখাই সৰ্পে বেৰি তোমাক নকৰিবা ভয়।
সদাশিৱৰ ভাৰ্য্যা তুমি জানিবা নিশ্চয়॥