পৃষ্ঠা:নামতি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আইৰ নাম
⸻⸻

শাৰী শাৰী হৈয়া গোপী তৃণতে বসিয়া
দুৰ্গাকে আৰাধে সবে অঞ্জলী ভৰিয়া॥
পাদ্য অৰ্ঘ আচমনি এ কুশাসন দিয়া
গন্ধে পুষ্পে ধুপে দীপে দুৰ্গাকে পূজিয়া॥
আছে আছে আচমনি এ হৰেব জননী
কিবা পূজা দিব লাগে নেজানিলো আমি॥
আইক মাতো আইক মাতো সাদৰী সাদৰী
চৰণতে পৰি কান্দো বাগৰি বাগৰি॥
আই লাগে কিবা পূজা এ অ নি অনাচাৰী
নামেই কৰিবো সেৱা গোপিনী বিচাৰি॥
আই তুমি মহামায়া এ সাগৰ সমান।
আচল পাতিয়া মাগো দিয়া জীব দান॥

আই মোৰ ভগৱতী মাতৃ
তাই মোৰ ৰঙ্গে সবাহ পাতি
আই মোৰ অনাইছে গোপিনী মাতি॥

আই মোৰ গকুলৰ গোপিনী
আই মোৰ আহিছে আপুনি
আই মোৰ পাতিছে হৰি মণ্ডলি॥