পৃষ্ঠা:নামতি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-নামতি-

 জয় কৰা মহাদেৱ আপদ কৰা দূৰ।
 বিঘ্নি বলে শান্ত কৰা পঞ্চম ঠাকুৰ॥
 মহাদেৱ মহাত্ৰাণ মহাযােগী মহেশ্বৰ।
 মহাপাপ হৰদেৱ ভোলনাথ হৰ॥
ৰােগ হৰ শোক হস হে তাপহৰ।
অনাথৰে নাথ হৰ প্রভু বিশ্বেশ্বৰ॥
পৃথিৱীৰ ত্ৰাস দেখি দেৱ ত্রিলোচন।
কৰেন দুর্গাৰে তুতি লােটায়ে শৰীৰ॥
আগে চলে ভগবতী পাচতে শঙ্কৰ,
 হৰ বিশ্বেশ্বৰ॥
হৰ বিশ্বেশ্বৰ, উন কোটি শিৱৰ মাজে বসেন শঙ্কৰ
 হৰ বিশ্বেশ্বৰ॥
অ’ হৰ বিশ্বেশ্বৰ- পার্ব্বতী সহিতে হৰ
 হৰ বিশ্বেশ্বৰ॥
বিধি কি কৰিলো  মানপী জনম পাই
 শিৱক নভজিলো (বিধি কি কৰিলো)॥
দিন যায় ৰে যায়   নভজিলো হৰিৰ পাৱে
 কি কৰা মনায় (দিন যায় ৰে যায়)॥
 এ সদাশিৱ হে হৰ উমাৰ পতি
 অ’ শিৱ তুমি দুর্গাৰ পতি॥
 দেৱ দিগম্বৰ ভক্তৰ ইশ্বৰ॥
 অ’ শম্ভুনাথ হে॥