পৃষ্ঠা:নামতি.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
-নামতি-


বিকসিত পুণ্ডৰিক কনিকাৰ মাঝে
তিনগুণে ত্ৰিকোণ মণ্ডল ভাল সাজে॥
বিপৰীত ৰতে ৰত ৰতি কামোপৰি
কোকনদ বৰণ ত্ৰিভুজা দিগম্বৰী॥

নাগ যজ্ঞোপবীত মস্তাস্থি মালা গলে
খড়্গে কাটি নিজ মুণ্ড ধৰি বাম কৰে॥
কণ্ঠৰ পৰা ৰুধীৰ উঠে তিন ধাৰ
এক ধাৰাই নিজ মুখত কৰেন আহাৰ॥

দুই দিকে দুই সখি ডাকিনী বৰ্ণিনী
দুই ধাৰা পিয়ে তাৰা শৱ আৰোহিনী॥
চন্দ্ৰ সূৰ্য্য অনল শোভিত ত্ৰিনয়ন
অৰ্দ্ধচন্দ্ৰে কপাল কানকে সুশোভন॥

দেখি ভয়ে ত্ৰিলোচন মুদিলা লোচন
ধুমাৱতী হই সতী দিলা দশন॥
অতি বৃদ্ধা বিধবা বাতাসে দোলে স্তন
কাকধ্বজ ৰথাৰূঢ়া ধুমৰ বৰণ॥

মহাভয়ে মহাদেৱ হৈলা কম্পমান
মহালক্ষ্মী ৰূপে সতী কৈলা অধিস্থান॥
সুবৰ্ণ সুবৰ্ণ বৰ্ণ আসন অম্বুুজ
দুই পদ্ম বৰ ভয়ে শোভে চাৰি ভূজ॥