পৃষ্ঠা:নামতি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
−নামতি−

এ সদাশিৱ হে নামে গঙ্গাধৰ
শিৰে গঙ্গা লৈ আহিলা দ্বাদশ বছৰ॥ (এ সদাশিৱ হে...)

এ সদাশিৱ হে তোমাৰ দেখোন শ্মশানতে ৰতি
গাৱে লৈলা ব্যঘৰ চৰ্ম্ম সৰ্পৰ লৈলা যঞ্জ সূত্ৰ
 তুমি ফুৰা ভিক্ষা মাগি যায়॥ (এ সদাশিৱ হে... )

এ সদাশিৱ হে তোমাৰ শিৰে ফনী
পঞ্চমুখে শব্দ কৰে ভৱানী।  (এ সদাশিৱ হে... )

এ সদাশিৱ হে তুমি ফুৰা ডম্বৰু বজায়
কটিত পিঙ্গল পিন্ধি বৃষভ বাহনে চৰি
 ফুৰা প্ৰভু ভাঙ্গৰ লাৰু খাই॥ (এ সদাশিৱ হে... )

সদায় সদাশিৱ বোলে নৰে
তাঙ্ক কি কৰিব যমৰ কিঙ্কৰে
আছিলা দৰিদ্ৰ বিপ্ৰ দামোদৰ॥ সদায় সদাশিৱ.......)

তাহান ব্ৰাহ্মণী অতি পতিব্ৰতা
দুঃখে দন্দ যুগ যায়॥  সদায় সদাশিৱ.......)