পৃষ্ঠা:নামতি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
-নামতি-

 নাটক দেখিয়া শিৱ ঠাকুৰ
 হাসেন পাৰ্ব্বতী মৃদু মধুৰ॥
 খুজিলন্ত মণি দেৱ হৰি
 নিদিল সত্ৰাজিত গ্ৰহ কৰি॥
হে বিশ্বনাথ বিশ্বেৰ সাৰ
ভৱ ভবতীৰে কৰিয়ো পাৰ॥
যেই খানে থাকে সিতো শ্যামন্তক
নাহিকে দুৰ্ভিক্ষ মাৰি মৰক॥
 হে বিশ্বনাথ ৰেৱতীৰ পতি
 তোমাৰ চৰণে কৰো প্ৰণতি॥
 নাহিক ব্যাধি, ব্যাঘ্ৰ, চোৰ ভয়
 একো উপচক্ৰ নোপজে তাৰ॥
হে সদাশিৱ হে উমাৰ পতি
অ’ শিৱ তুমি দুৰ্গাৰ পতি॥
দেৱ দিগম্বৰ ভক্তৰ ঈশ্বৰ
 অ’ সম্ভুনাথ হে।
এ সদাশিৱ হে তুমি বোলা মই ব্ৰহ্মচাৰী
তোমাৰ নিমিত্তে প্ৰভু ৰাজপথ নেদেখিলো
লোকে বোলে পগলাৰ নাৰী। (এ সদাশিৱ হে...)
এ সদাশিৱ হে তুমি কল্পতৰু
ভগবতীৰ পতি তুমি জগতৰ গুৰু॥ (এ সদাশিৱ হে...)