পৃষ্ঠা:নামতি.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
-নামতি-

সেউতী মালতী দুয়ো যায় আলচি
 কেলেই ফুলিলো আমি॥

পাৰই নাই কোটে  পৰুৱাই নোবোলে
 তেল নাই নজলে চাকি।
গোসাঁই নাই কোটে  মণিকুট নুশুৱাই
 নুপুৱাই কালিন্দী ৰাতি॥

তুলসী তুলিলো  চন্দন পিহিলো
 মই খলো খুড়ী ভৰাই।
আমি অভাগিনী  পিন্ধাব নাপালো
 দ্বাৰকালৈ গ'ল কৃষ্ণাই॥

তুলসী তুলসী  অ’ আই তুলসী
 তুমি গোবিন্দৰে প্ৰিয়া।
মোৰ হৰিক যাবৰে  কোন পথে দেখিলা
 তলাই সমিধান দিয়া॥

অ’ আই হৰিণী  মৃগৰে ঘৰিনী
 তুমি থাকা স্বামীৰ সঙ্গে।
বৃন্দাবনতে  হৰিক হেৰুৱাই
 মই ফুৰো বনে বনে॥