পৃষ্ঠা:নামতি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
-নামতি-

 ভগীৰথৰ তুৰ্তি বাণীত
 সন্তুষ্ট ভৈলন্ত মুনি
 উৰু ফালি কৰিলেন বাজ হে মা।
 পতালতে মন্দাকিনী
 স্বৰ্গত সুৰেশ্বৰী হে মা॥
 পৃথিবীলৈ আহি নাম
 পালা ভাগীৰথ হে মা।
 শিৱৰ শিৰে ভাগীৰথী।
 কৰিছে ৰঞ্জিত হে মা॥
 ভগীৰথে নমাই আনি
 থলে পৃথিবীতে হে মা॥
এ গঙ্গা তাৰিনী এ মা ভীষ্মক জননী
দিয়া দখা কৰো সেৱা আমি অনাথিনী
গঙ্গা বয় ধীৰে গঙ্গা বয় ধীৰে
বলায়ে তুলসী ৰুলে গঙ্গাৰ তীৰে॥

বলায়ে তুলসী ৰুলে গঙ্গাৰ তীৰে
সেইসে তুলসী লৈ এ মুনী কৰে ধ্যান
সকলো যাত্ৰীয়ে আহি গঙ্গাত কৰে স্নান॥

গঙ্গা বয় ধীৰে গঙ্গা বয় ধীৰে
যাক সদাশিৱই লৈ আছে শিৰে॥