পৃষ্ঠা:নামতি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শীতলা নাম

———


নমামি শীতলা দেবী এ পদৰ তলে লাগো
ভকত বৎসল আই শুভ বৰ মাগো॥
নমামি শীতলা দেবী এ জণ্টাজণ্টি কেশ
মাৰ্জনি কলস লৈ দিগম্বৰী বেশ॥

ইপাৰতে বংশী মাৰে সিপাৰতে ধ্বনি
ধুপ খেলি আহি আছে শীতলা গোসানী॥
কাষে কুম্ভ মাথে চুৰপা হাতে সমাঞ্জলি
গন্ধৰ্ব্ব বাহনে আসে শীতলা গোসানী॥

অতি দিব্য কুলাখনি মস্তকতে লৈয়া।
বসন বিলাই ফুৰে লাস হৈয়া॥

শীতলা শীতলা বুলি এ পশিলো শৰণে
বিস্ফোটৰ ভয়ৰ পৰা ৰাখিয়ো চৰণে॥

শীতলা মাৱকে আমি এ কাতৰ কৰো।
অনুগ্ৰহ কৰা আইৰ চৰণতে ধৰো॥

শীতলা শীতলা বুলি এ স্মৰে একবাৰে
সহস্ৰ আপদে তাক কি কৰিব পাৰে॥