পৃষ্ঠা:নামতি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঠাকুৰাণীৰ নাম

এ ঠাকুৰাণী এ আই তোমাৰ লীলা চৰণেৰে ৰতি
দুয়ো চৰণলৈ প্ৰাৰ্থণা কৰিছো ৰক্ষা কৰা ভগবতী॥
এ ঠাকুৰাণী এ আই আগতে শঙ্খ বজাই
বিমানে সহিতে নামি আহিছে নৰে মনিষৰে ঠাই॥

এ ঠাকুৰাণী এ আই ৰতিকে কৰালা দিন
এক হস্তে লৈলা কৈলাসৰ টোকাৰী আৰু হস্তে লৈলা বীণ॥
এ ঠাকুৰাণী এ তাই নিশ্বাসতে বোলা ৰাম
সহস্ৰ শিৰীয়া ৰাবনক বধিয়া লৈলা যোগেশ্বৰী নাম॥

এ ঠাকুৰাণী এ আই এনে দেখা শুনা নাই
গলে বনমালা জটীয়া পগলা দুৱ দুৱ ডম্বৰু বায়॥
এ ঠাকুৰাণী এ আই কেন্দুকে চাপৰি বায়
কুণ্ডাই ক্ষৰ জ্বলাই ৰজাই জুমি চায়
 নাচে দুৰ্গা দেবী আই॥

এ ঠাকুৰাণী এ আই আকাশে বুলিলা ৰৈ
যি ঠাইত তোমাৰ প্ৰাণ বৈৰী নাৰায়ন জন্মিছে গৈ॥
এ ঠাকুৰাণী এ তাই তুমি জগতৰ মূলা
কাষত কলসি হাততে মাৰ্জ্জনা
 মাথাই ধৰিছে কুলা॥