দেউৰীপাৰা ভাৰি গান
দেউৰীপাৰা ভাৰি গান
ৰামায়ণ আৰু মহাভাৰতৰ আধাৰত গোৱালপৰীয়া স্থানীয় ভাষাত ৰচিত
ভক্তিমূলক গীতি-নৃত্য নাট।
লেখক : শ্ৰীদিলীপ কুমাৰ ৰাভা
- গাঁও- দেউৰীপাৰা, ডাকঘৰ- বান্দৰ্শী
- জিলা- গোৱলপাৰা (অসম)
- গাঁও- দেউৰীপাৰা, ডাকঘৰ- বান্দৰ্শী
প্ৰকাশক : শ্ৰীমনোমোহন ৰাভা
- চৰকপাৰা, ছোটমাটিয়া
প্ৰথম প্ৰকাশ : ইং ২০১৭ চন।
লেখকৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত।
বেটুপাতৰ পৰিকল্পনা : অংকুৰ ৰাভা, দীঘলী : দুধনৈ
মূল্য : ৫০/-টকা মাত্ৰ
ডি.টি.পি. : এ. কে. ৰাভা, দীঘলী
মুদ্ৰণ :-বড়োদা প্ৰেছ, দৈনিক বজাৰ : দুধনৈ, (RHAC): গোৱালপাৰা
- দুৰভাষ : ৭০৮৬৯৩৩৬৯০
মােৰ পিতৃদেৱ
পক্ষিন্দ্র ৰাভাৰ
পূণ্য স্মৃতিৰ লগতে অতীতৰ
অবিৰত
একনিষ্ঠাৰে লােক সংস্কৃতিৰ সাধক
সকলৰ উদ্দেশ্যে পুথিখনি
শ্ৰদ্ধাৰে
উৎসৰ্গা কৰিলোঁ
লেখক-
শ্রীদিলীপ কুঃ ৰাভা
লেখকৰ এষাৰ
দেউৰীপাৰা ভাৰি গান সম্পৰ্কত মই যি লিখিলোঁ; ই মোৰ নিজস্ব অভিজ্ঞতাৰে লিখা। লোক-সংস্কৃতি অধ্যয়ন কৰা ব্যক্তি সকলে ভাৰি গানৰ ওপৰত বহুতো চিন্তা চৰ্চা কৰি গবেষণাত অধ্যয়নৰত অৱস্থাত আছে যেন লাগে। সেয়ে ইয়াৰ উৰ্বৰতা বৃদ্ধিত সহায় হোৱাৰ মানসৰে ভুল-ত্ৰুটিৰ মাজেৰে এইখিনি লিখিলোঁ। আশাকৰোঁ মোৰ লিখনিয়ে তেখেত সকললৈ কিছু সমল যোগাব। এইখিনি লিখাত আমাৰ অস্তাদ শ্ৰীমিহিৰথ ৰাভাই যি জ্ঞান দিলে ই মোৰ, এনেকি আমাৰ দেউৰীপাৰা ভাৰি গান দলৰ চিৰ পূজ্য।
কালৰ বুকুত হেৰাই যাবৰ উপক্ৰম হোৱা এই ভক্তি মূলক গীতি-নৃত্য আজিও সমাজত সমাদৰ লাভ কৰি আছে। কিন্তু শৈক্ষিক দিশৰ চাকনৈয়াত পৰি এনে ধৰ্মীয় ভক্তি মূলক গীতবোৰ নৱ প্ৰজন্ম সমাজত সমাদৰ নোহোৱা হৈ যাবৰ উপক্ৰম হ'ব ধৰিছে। আজিৰ শৈক্ষিক দিশত ধৰ্মীয় শিক্ষা দিয়া নহয় বাবে শাস্ত্ৰীয় জ্ঞানৰ আভাষ নাপায়। ফলত সাধাৰণ লোকৰ মাজত ৰাম, লক্ষণ, সীতাৰ কাহিনী সম্পৰ্কে অজ্ঞ হৈ থাকে। তেনে ক্ষেত্ৰত ৰামায়ণৰ কাহিনী গীত শুনি হৃদঙ্গম কৰিব নোৱাৰে। সেয়ে ভাওঁৰীয়া গীত আৰু ভাওঁনা এনেবোৰহে চাবলৈ বিচাৰে আৰু আমোদ পায়। যাৰ ফলত ভাৰিগানৰ দলে দৰ্শক ৰাইজক আমোেদ যোগাবৰ বাবে ভাওঁনা প্ৰদৰ্শন কৰিয়েই সময় অতিক্ৰম কৰিব লগা হয়। গীতি-নৃত্যৰ মূল খুটিলৈ যাবই নোৱাৰী।
আশা কৰোঁ সময়ত এনেবোৰ কলা কৃষ্টিয়ে সজীৱতা লাভ কৰিব তাৰবাবে নৱ প্ৰজন্ম সমাজৰ প্ৰতি লক্ষ্য ৰাখি মোৰ সম্যক জ্ঞানৰ অভিজ্ঞতাৰে এইখিনি লিখিলোঁ। মোৰ এই লিখনিখনিৰ প্ৰতি অভিমত প্ৰকাশ কৰা বন্ধুবৰ শ্ৰীদীনেশ চন্দ্ৰ ৰয়, প্ৰকাশ কৰি উলিওৱা শ্ৰীমনোমোহন ৰাভা আৰু লগতে ছপাশালাৰ কৰ্মকৰ্ত্তাসকলে মোৰ প্ৰতি সদয় হৈ গুৰু দায়িত্ব বহন কৰাত তেওঁসকললৈ মোৰ চিৰ কৃতজ্ঞ থাকিল।
তাৰিখ : ১৯/৭/২০১৭ ইং | লেখক- শ্ৰীদিলীপ কুমাৰ ৰাভা |
প্রকাশকৰ একলম
ঐতিহাসিক বুৰঞ্জীবিদ তথা ইতিহাসত ঠাই পােৱাৰ যােগ্য “ৰাণী
অভয়েশ্বৰী” (পিতৃ নিশা ৰাম বৰুৱা, মাতৃ ক্ষীৰেশ্বৰী দেৱী)ৰ বিষয়ে আৰু
দেউৰীপাৰা গাঁৱৰ ভাৰি গান ভাওঁনা অঙ্কীয়া নাটৰ সাৰমৰ্ম খন পঢ়ি মই নথৈ
আনন্দিত। দেউৰীপাৰা গাঁৱৰ শ্ৰীদিলীপ কুমাৰ ৰাভা (অৱসৰপ্ৰাপ্ত শিক্ষক)
মহােদয়ৰ এনে যৎপৰােনাষ্টিৰে ঐতিহ্য মান্যৱন্ত লিখনিৰ সংগ্ৰহৰ প্ৰচেষ্টাত
মই প্ৰকাশৰ ভূমিকাৰ সুবিধা পাই সঁচাকৈ গৌৰবান্বিত নহৈ নােৱাৰিলোঁ।
কামৰূপ, গােৱালপাৰা জিলাৰ জান সাহিত্য সমন্বয় সমিতিৰ তৰফৰ
পৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হৃদয়ভৰা অন্তৰেৰে ৰাখিছোঁ আশা এই
পুথিখনক পঢ়ৈ সমাজে সাদৰে গ্ৰহণ কৰিব।
ধন্যবাদ-
শ্ৰীমনােমােহন ৰাভা | ||
(চৰকপাৰা) | ||
সভাপতি | ||
কামৰূপ, গােৱালপাৰা জিলা | ||
তাং-১৮/০৭/২০১৭ ইং | জান সাহিত্য সমন্বয় সমিতি (স্মৰণিকা)। |
অভিমত
“সাহিত্য সঙ্গীত কলা বিহীন সাক্ষাত পশু।” ডাঙৰ ডাঙৰ ঋষি মুনি সকলে কৈ যােৱা কথা। যিখন দেশত সাহিত্য নাই, সঙ্গীত নাই, কলা বিদ্যা নাই সেই দেশখন পশুৰ তুল্য। আমাৰ অসম ৰাজ্যৰ লগতে গােৱালপাৰা জিলাৰ মেঘালয় ৰাজ্যৰ সীমান্তৱৰ্ত্তী দেউৰীপাৰা এখন ভিতৰুৱা গাঁও। সেই গাঁৱখনত অসমীয়া কলা সংস্কৃতিৰে ভৰপুৰ। তাৰে এটি অসমীয়া সংস্কৃতি ভাৰিগান। সেইখন গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মােৰ বন্ধুবৰ শ্ৰীদিলীপ কুমাৰ ৰাভাদেৱে তেওঁলােকৰ গাঁৱৰ ইেজনমান সংস্কৃতিবান ব্যক্তিৰ প্ৰচেষ্টাত জীয়াই থকা ভাৰি গান দলটোক সংস্কৃতি প্রেমী ৰাইজৰ আগত উপস্থাপন কৰিবলৈ
প্ৰয়াস কৰিছে।
মােৰ বন্ধুবৰ শ্ৰীদিলীপ কুমাৰ ৰাভা দেৱে নিজ হাতে লিখা “ভাৰি গান” পাণ্ডুলিপিখন এবাৰ চকুফুৰাই চাই দু-আষাৰ নিলিখাকৈ থাকিব নােৱাৰিলাে। ভাৰিগান সম্পর্কে তেওঁৰ বহু অভিজ্ঞতা আছে। অসমৰ এটা কলা-সংস্কৃতি ভাৰিগান কালৰ বুকুত হেৰাই যােৱাৰ উপক্রম হােৱাত তেওঁ আক্ষেপ কৰিছে। হয়, আধুনিক সমাজত কোলাহল পূর্ণ অঞ্চলত এইবােৰ এতিয়া স্থান নাপায়। কিন্তু ভাৱিব গলে এই ভাৰি গানে জন সাধাৰণক কৌতুক অভিনয় কৰি আকর্ষিত কৰাৰ উপৰি জনমানসত বিশ্বাস, ভক্তি, আধ্যাত্মিক চিন্তা চর্চা বাহকৰূপে বৰ্ত্তি আছে।
আশা ৰাখিছোঁ, এই ভাৰি গান পাণ্ডুলিপি খনি ছপাহৈ ওলালে সদাশয় সংস্কৃতি প্রেমী ধর্মপ্রাণ ৰাইজে আকোৱালি লৱ; লগতে উঠিঅহা শিক্ষিত যুৱক-যুৱতি সকলৰ গৱেষণামূলক তথ্য হিচাবে সমল যােগাব।
শ্রীদীনেশ চন্দ্ৰ ৰায় | ||
অৱসৰপ্ৰাপ্ত শিক্ষক | ||
তাংঃ ০৯/০৭/২০১৭ ইং | গাঁও- লেলা, কদমতােলা |
দেউৰীপাৰা ভাৰি গান
বিষয় | পৃষ্ঠা | |
---|---|---|
১। দেউৰীপাৰা ভাৰি গান | ১ | |
২। ভাৰি গানৰ কিছু আলােচনা | ৪ | |
৩। সীতাপুৰী নাটৰ জন্ম কাহিনী | ১১ | |
৪। গীত কেইফাকি | ১৪ | |
৫৷ ৰাণী অভয়েশ্বৰী | ২১ |
*** *** ***
দেউৰীপাৰা ভাৰি গান
অসমৰ গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহ চক্ৰৰ বান্দৰ্শী মৌজাৰ
অন্তৰ্গত দেউৰীপাৰা নামৰ এখন সৰু গাঁও। আদিতে একেখন গাঁৱত এখনেই
চুবুৰী আছিল। কিন্তু এতিয়া এইখন গাঁৱত তিনিখন চুবুৰীক লৈ গঠিত এখন
গাঁও। গাঁৱখন আদিৰে পৰা ৰাভা আৰু বড়ো সম্প্ৰদায়ৰে বসবাস পূৰ্ণ,
জনজাতীয় হিন্দু ধৰ্ম্মালম্বী। কিন্তু এতিয়া কিছু সংখ্যক লোক খ্ৰীষ্টিয়ান ধৰ্ম
গ্ৰহণ কৰি খ্ৰীষ্টিয়ান হ’ল।
এই দেউৰীপাৰা গাঁৱখনত ভাৰি গানৰ দল আছে। ভাৰি গান ধৰ্ম্মীয়
ভুক্তিমূলক গান। সেই কাৰণে ইয়াক পূজাস্থলীত, পূজাৰ মঞ্চত প্ৰদৰ্শন
কৰোৱা হয়। বৰ্তমানৰ থিয়েটাৰৰ মঞ্চ বা যাত্ৰা-ভিনয়ৰ মঞ্চত ইয়াক প্ৰদৰ্শন
কৰালে বিপৰীত দিশত প্ৰদৰ্শন কৰোৱা হয়। বিপৰীত দিশত প্ৰদৰ্শন কৰোৱা
হয়। ইয়াকে উল্লেখ কৰিব বিচাৰিছে যে, থিয়েটাৰ মঞ্চ বা যাত্ৰা-অভিনয়ৰ মঞ্চত, মঞ্চৰ সন্মুখৰ ফালে দৰ্শক থাকে; কিন্তু ভাৰি গান বা অন্য যি কোনো দেৱতা থানত প্ৰদৰ্শন কৰোৱা গানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰোৱা মঞ্চৰ সন্মুখৰ ফালে দেৱ-দেৱীৰ থাপনাটোহে থাকে।
ভাৰি গানত ৰাতিৰ ভাগত প্ৰদৰ্শন কৰোৱা নাট সমূহত মুখা প্ৰদৰ্শন
কৰোৱা হয় আৰু নাট সমূহ ৰামায়ণৰ আধাৰত ৰচিত নাট— ১) সীতাপুৰী,
২) মেঘনাদ বধ, ৩) ৰাৱণ বধ, ৪) শক্তি শেল, ৫) পাতাল পুৰী। দিনৰ
ভাগত মহাভাৰতৰ আধাৰত ৰচিত গীতি-নৃত্য “দুধি মথন” প্ৰদৰ্শন কৰোৱা
হয়। ইয়াত মুখাৰ প্ৰয়োজন নাই। ৰাতিৰ ভাগত প্ৰদৰ্শন কৰোৱা মুখাবোৰ [ ১২ ] কাঠেৰে বনােৱা বাবে এটা মুখাৰ ওজন বহুত। এনে মুখাবােৰ কুঢ়িয়াই লৈ
যাবৰ বাবে ভাৰি দৰকাৰ হয় (ইংৰাজ আমলত ভাৰ বহন কৰা ব্যক্তিক
ভাৰি বা বেগাৰী কৈছিল)। সেই কাৰণে এনে গানক ভাৰি গান বুলি কোৱা লােকপ্রবাদ আছে।
দেউৰীপাৰা ভৰি গানত তিনিখন নাট আছে। সেইবােৰ হ’ল- দিনৰ ভাগত প্ৰদৰ্শন কৰােৱাৰ বাবে “দুধি মথন” আৰু ৰাতিৰ ভাগত প্রদর্শন কৰােৱাৰ বাবে- ১। সীতাপুৰী আৰু ২) মেঘনাদ বধ।
দেউৰীপাৰা ভাৰি গানৰ “দুধি মথন” আৰু “সীতপুৰী” নাট দুখন দুধনৈৰ পুৰণিভিটা গাঁৱৰ নাট দুখনকেই শিকা। পুৰণিভিটাৰ ভাৰি গান দলটিয়ে কৰ পৰা আনি শিকিছে সেইটো জনা নাযায়। মূল বা ওজা জনৰ নাম চাবুৰাম ৰাভা। দুধনৈ, ঠেকাশু গাঁৱৰ বিশিষ্ট সাহিত্যক, গৱেষক ৰাজেন ৰাভাদেৱে সৰু কালতে পুৰণি ভিটাৰ ভাৰি গান দ’লত লাখৰ চাৱাৰ নাচ নাচিছিল। এইটো সত্য। তেওঁ নিজ মুখেই কোৱা আৰু গাঁৱৰ তেওঁৰ সমবয়সীয়া লােকে প্রকাশ কৰা আজিও মােৰ মনত পৰে । পুৰণি ভিটাৰ এই দুধি মথন আৰু সীতা পুৰী নাট দুখনকেই লেলাৰ পুখুৰীপাৰা আৰু ডাবিলী গাঁও দুখনৰ লোক সকলে লগলাগি ভাৰি গান শিকিছিল। এই পুখুৰীপাৰা- ডাবিলী ভাৰি গানৰ দ’লত মানিকগঞ্জ নিকতৱৰ্তী খামাৰী গাঁৱৰ টেন্টন ৰাভাই বাইনত সহযােগীতা কৰিছিল। উল্লেখিত যে- সেই দুধি মথন আৰু সীতাপুৰী নাট ছােমাটিয়াৰ নিকতৱৰ্ত্তী বৰপাথাৰ গাঁৱত শিকিছিল। বৰপাথাৰ গাঁৱৰ ভাৰি গান দ’লত মূল (ওজা) আছিল চলথপ ৰাভা (কেশৱ ৰাভাৰ বাপেক)। সেই নাট দুয়ােখনকেই আজিলৈ জীয়াই ৰাখি আছে দেউৰীপাৰা ভাৰি গান দলটিয়ে।
দেউৰীপাৰা ভাৰি গান দ’ল প্রথম সংগঠনৰ মূল (ওজা) আছিল- কণাৰাম ৰাভা। সেই সংগঠন কিছু কাল চলি যােৱাৰ পিছত দ্বিতীয় সংগঠনত “দুধি মথন” নাটৰ মুল শ্রীমিহিৰত ৰাভা (জীৱিত), সীতাপুৰীৰ মূল পক্ষিন্দ্র ৰাভা। ভাওঁনা প্রদর্শনত আগভাগ লােৱা ভাওৰীয়া নথকা হেতু শ্রীমিহিৰথ ৰাভাই ভাওঁনাৰ আগভাগ লােৱাত পক্ষিন্দ্ৰ ৰাভাই “দুধি মথন” আৰু [ ১৩ ]
সীতাপুৰী” এই দুখন নাটৰ মূল (ওজা) হ'ব লগীয়া হ'ল। সেই কালচোৱাতে ছোটমাটিয়া নোৱাপাৰা গাঁৱৰ ৺ গৌৰমোহন ৰাভা আৰু পুৰণি হাতীমূৰা গাঁৱৰ ৺পচা ৰাভাক অস্তাদ ধৰি “মেঘনাদ বধ” নাটখনি শিকে আৰু প্ৰদৰ্শন কৰে। মেঘনাদ বধ ৰাতিৰ ভাগত প্ৰদৰ্শন কৰা হয়। এই নাটকৰ মূল (ওজা) ৺বীৰেশ্বৰ ৰাভা। সময়ৰ গতিত সকলো একেই নাথাকে।“মেঘনাদ বধ”ত হুনুমানৰ অভিনয় কৰোওঁতা শ্ৰীটুপেন জুৰো S.S.B. নিযুক্তি পাই চাকৰিত যোগদান কৰিবলগীয়া হোৱাত আৰু বাইন দুজন বুঢ়া হৈ অহাত তেনেই দ’লটি নিষ্কীয় হৈ পৰে।
অৱশেষত যোৱা ইং ৩১/৫/১৯৮৮ তাৰিখত পুনৰ সজীৱতা ধাৰণ কৰি তৃতীয় সংগঠন ৰূপত দেউৰীপাৰা ভাৰি গান দ’ল সজীৱতা লাভ কৰে। ইয়াত অস্তাদ হিচাবে পৰিচালনা কৰে শ্ৰীমিহিৰথ ৰাভা।
“দুধি মথন” নাটত মূল(ওজা) শ্ৰীদেবেশ্বৰ ৰাভা। অৱশেষত শ্ৰীদহন ৰাভা আৰু ৰাতি ভাগত “সীতাপুৰী” নাটত মূল (ওজা) শ্ৰীদহন ৰাভা আৰু শ্ৰীদিলীপ কুমাৰ ৰাভা। সম্প্ৰতি এই ৰূপতে চলি আছে দেউৰী পাৰা ভাৰি গানৰ দ’ল।
ভাৰি গানৰ কিছু আলােচনা
আহক ! এতিয়া “দেউৰীপাৰা ভাৰি গান” সম্পর্কত কিছু আলােচনা কৰোঁ। দেউৰীপাৰা ভাৰি গান দলে দিনৰ ভাগত আবেলি এটা বজাৰ পৰা আৰম্ভ কৰি বেলি ডুব যােৱাৰ কিছু সময়ৰ আগতে “দুধি মথন” নাটখনি শেষ কৰে। “দুধি মথন” নাট এটি কাব্যিক গীতি-নৃত্য। কাব্যিক বর্ণনা অতি মধুৰ আৰু গভীৰ । দার্শনিকতাৰ মাজেৰে ৰূপৰ বৰ্ণনা কৰিব বিচাৰিছে। শ্রীকৃষ্ণ লীলা প্রকাশ কৰাব বিচাৰিছে। সেই কাৰণে এই গীতি-নত্যৃৰ ভাৱধাৰা অতি গভীৰ। মােৰ দৰে শাস্ত্ৰৰ অনভিজ্ঞ লােকৰ বাবে ভাৱাৰ্থ আয়ত্ত্ব কৰা বৰ টান। আমি গুৰুজনে শিকাই দিয়া সুৰেৰে গীতবােৰ গাই ভালহে পাওঁ কিন্তু ভাৱাৰ্থ একো বুজিয়েই নাপাওঁ। যেনে—
ইন্দ্রকে দেখিলেন বড়ৰে,
আৰিয়োও আমি যাদু হইলাম পৰৰে ॥
এক ইন্দ্র পুজ তুমিৰে,
আৰিয়ােও দশ ইন্দ্র থাকুৰ আমিৰে ॥
এক ইন্দ্র পুজ পদৰ তলেৰে,
আৰিয়ােও দশ ইন্দ্র নখৰ জলেৰে ॥
চাইয়া দেখাে নখৰ চান্দেৰে,
আৰিয়োও কৌটি ইন্দ্ৰ পৰিয়া কান্দেৰে॥
সেই দেৱৰ কাৰণে লনিৰে,
আৰিয়াে ও সেই দেৱৰ দেৱতা আমিৰে॥
আমাকে লবনি দিবাৰে,
আৰিয়াে ও ব্রহ্মা আদি দেৱে পাবাৰে॥
ৰাণী কি চাজননাে চাজে হে ৰাণী
ও - - - ৰাণী কি চাজননাে চাজে, চাজননাে ৰল ৰাণী৷
ৰাণী ঝানাৰাে ঝুনাৰাে, ঘাগাৰো ঘুগাৰাে,
ৰতন নিফুৰাে, বাজাইছে পায় ।
ও - - - ৰতন নিফুৰো বাজাইছে পায় ॥
ৰাণী ধীৰে ছলিয়া আয়ৰে ৰাণী ।
ও - - - ধীৰে ছলিয়া আয় দুতি নয়ন পায় ॥
বন্দনা
১নং- গহুৰ আইছাে হে
তুমি নন্দেৰ শাৰ
হৃদয় মাজে হে॥
ও গহুৰ একবাৰ উদয় কৰ,
হৃদয় মাজে হে॥
*** *** ***
২নং- বল ও বনে মাজে নাচে দুন ভাই, গহুৰ;
ও বল ও বনে মাজে নাচে, দুন ভাই।
নাচে দুন ভাই, নাচে দুন ভাই,
প্রেমেৰ হাতে বচাও আলাে চন্দ্র নিতাই।
হাত হইল্য দুৰী বান্ধা,
প্রেমেৰ হাতে, প্রেমে হাতে।
ৰাজা হইল্য নিতাই নন্দ গাে,
নিতাই স্বৰণে যে কৰে আৰ গহুৰ ।
ওঁ - - - - - - -
এই গীতি-নৃত্য শেষ হলে ৰাঙ্গালাল আৰু বলৰাম (লাখৰ চাৱা) নাচ প্রদর্শন কৰাব। গীতি-নৃত্যৰ মাধ্যমৰে কাব্যিক বর্ণনা সমূহ আগবঢ়াই যাব আৰু ঘটনা সাপেক্ষে ভাওঁনাৰ আকাৰত অভিনয় কৰিব। নন্দলাল যেতিয়া কামৰ পৰা আহি ঘৰৰ চৌহদত সােমায় তেতিয়া নন্দলালৰ নন্দৰাণীৰ প্ৰতি কেনে খং, ৰাঙ্গালালে “দুধি মথন”ৰ সময়ত মাক আৰু দেউতাকক কেনেদেৰে দিক্দাৰ (আমনি) দিয়ে তাক অভিনয় আকাৰত প্ৰদৰ্শন কৰােৱা হয়। সর্ব্বশেষত গকুলবাসী ৰাইজৰ মঙ্গল কামনা কৰি গীতি-নৃত্য সামৰা হয়। [ ১৭ ]
গীতি-নৃত্য
ভাই ভাই প্রেম দান কৰে মহা সুখে।
অ - - - জয় জয় আনন্দ হইল্য গকুলেৰ ব্ৰেজে॥
সভাসদ ৰাইজে দেৱ-দেৱীৰ নাম স্মৰণ কৰি মঙ্গল ধ্বনি (হৰ ধ্বনি) দি দুধি মথন গীতি–নৃত্য নাটখনি ইমাতে সামৰিব।
ৰাতিৰ ভাগত প্রদর্শন কৰা “সীতাপুৰী” নাটখন ৰাতিৰ আহাৰ (ভাত)
খােৱাৰ পিছত ৮/৯ বজাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা বেলি পােহৰ
নেদেখালৈকে নাটখন প্রদর্শন কৰি থাকিব লাগে। ইয়াৰ কাৰণ এয়ে যে-
সীতা দেৱীক অগ্নী পৰীক্ষা কৰাৰ সময়ত সূৰ্য্য দেৱতা তাৰ সন্মুখত আহি ৰাম
চন্দ্রক সাক্ষ্য প্রমাণ দাঙি ধৰিব লাগিব। সীতা দেৱীৰ অগ্নী পৰীক্ষাত সেইবাবে
পৃথিৱীত বেলিৰ পােহৰ দেখা দিব লাগে। সীতাক ৰাম চন্দ্রই অগ্নী পৰীক্ষা
কৰিলেই “সীতাপুৰী”ৰ নাট যৱনিকা পৰে ।
যি দেৱ-দেৱীৰ মন্দিৰত নাটখন প্রদর্শন কৰােৱা হয় সেই দেৱ-দেৱীৰ নাম স্মৰণ কৰি জয়ৰ মঙ্গল ধ্বনি দি নাটৰ জুৰণ বাজি (আৰম্ভণি বাজি) দিয়া হয়। এই জুৰণ বাজিৰ লগত সংগতি ৰাখি এজনে হাতত মহতাৰ জুই লৈ নাচি নাচি মঞ্চ প্রদক্ষিণ কৰি মঞ্চ মুকুলি কৰিব। তেওঁক খউ জাৰা বুলি কয়। (ইয়াৰ বিকল্প কিবা ভাল নাম আছে নেকি নেজানো) তাৰ পিছত বন্দনাৰ গীত। বন্দনা গীত পিছত নাটৰ ঘটনা সমূহৰ গীতি-নৃত্যৰ মাধ্যমৰে আগবাঢ়ি যােৱা হয়। [ ১৮ ] ৰাৱণ লঙ্কাৰ ৰজা । ৰজা য'ত গমন কৰিব তাত সকলাে ঠিক-থাক থাকিব লাগিব । সেই কাৰণে ৰাস্তা-ঘাট ঠিক কৰিবৰ বাবে ৰাজ কৰ্মচাৰীৰ দৰকাৰ। ৰাজ কৰ্মচাৰী সেই দিনৰ ইংৰাজ আমলৰ চিপাৰী জনকেই ভাওঁনাৰ অভিনয় আকাৰত প্ৰদৰ্শন কৰােৱা হয়। চিপাহী জনে গীত গাই গাই ওলাই আহিব । পালীবােৰে চিপাহীৰ গীতবােৰ গাই যাব ।
চিপাহীৰ গীত
এসা দেখাে কম্পানী এসা বাহাদুৰ
মাৰি আইলাম আসাম মুলক ॥
আসাম বেঙ্গল মাৰিয়া কম্পানী খাজানা
হাৰে লাল লাল, হাৰে লাল লাল
হাজৰে বিজাৰে আহে পৰনা॥
- - - - - - - - - - - - -
- - - - - - - - - - - - -
চুপ্,চুপ্, চুপ্॥ (চিপাহী জনে পালিবােৰৰ গােৱা গীত বন্ধ কৰিব) চিপাহী জনে ক’ব— ৰাৱণ ৰজা আহিবৰ বাবে ৰাস্তা ঘাট যতন কৰিবলৈ গাহনীয়া ৰাইজ তৰফৰ পৰা কামকৰা ঝাৰুদাৰ দিব লাগে। গাহনীয়া ৰাইজে চিপাহী জনক ঝাৰুদাৰক মাতিব দিব । চিপাহী জনে ঝাৰুদাৰক মাতি দিয়াত ঝাৰুদাৰ দুজন ভাওৰীয়া গীত গাই গাই ওলাই আহিব। ঝাৰুদাৰ দুজনে ক’ব আৰু আমাৰ হালােৱা দাদা আছে বুলি কৈ হালােৱা দাদাক মাতিব। হালােৱা দাদাই কান্ধত নাঙললৈ ভাওৰীয়া গীত গাই গাই ওলাই আহিব। চিপাহী আৰু হালােৱা দাদাৰ মাজত অভিনয় আকাৰত কথপকথন চলিব। হালােৱা দাদা অকলে ৰাস্তা-ঘাট যতন কৰিব নােৱাৰে। গতিকে তেওঁ পাহাৰৰ ওপৰত বাস কৰা আমবেং গাৰাে নকমাক মাৰিব। গাৰাে নক্মাই পালী-পহৰী সতে আহি অভিনয় আকাৰত কথপকথন চলিব। কথপকথনত চিপাহীজনে হিন্দীত, হালােৱা দাদাই স্থানীয় ভাষাত আৰু গাৰৰ নক্মাই গাৰাে ভাষাত মাত মাতিব। শেষত ৰাস্তা ঘাট ভাল কৰাৰ সন্মতি দি কাম আৰম্ভ [ ১৯ ] কৰিব৷ তেতিয়া হালােৱা দাদাই চিপাহীক এনেদৰে ক'ব ---
টিলাৰ মাটি খালত দিলং।
খালৰ মাটি টিলাত দিলং।
ইয়াত য'ত আপা আপিৰ
হাগা-মুতা আছে,
চিপাহীৰ মাথাতে দিলং ।
চিপাহী জনে লাজ পাই কিবা-কিবি বুলকি প্রস্থান হ'ব লগতে হালােৱা দাদা আৰু গাৰাে নক্মা সকলেও প্রস্থান হ'ব । তেওঁলােক প্রস্থান হােৱাত মূল (ওজা) জনে গীত-নৃত্য মাধ্যমৰে দিশা আৰু পদ সমূহ গাব আৰু গােৱাৰ অন্তত ৰাৱণ ৰজা কেতুৱা-ভেতুৱা আৰু এজন বৰকান্দাজ (বৃটিছ আমলত খবৰ দিয়া লােক) ওলাই আহিব । তেওঁলােকে আহি পােৱাত মূল (ওজা) জনে গীতৰ দিশা আৰু পদ সমূহ গাব । গােৱাৰ শেষত ৰাৱণ ৰজাৰ সংলাপ সমূহ মূল জনে স্বৰা টানি গাব। ৰজা জনেওঁ মুখাৰ ভিতৰতে সংলাপ খিনি কব। মুখাৰ ভিতৰত কোৱা সংলাপ খিনি শুনা পালেওঁ বুজি পােৱাত টান হয়। সেই বাবে “সীতাপুৰী”নাটত মুখা প্রদর্শনেই যথেষ্ট। ৰাৱণ ৰজা আহি পােৱাৰ লগে লগে ৰজাৰ বাবে খাবলৈ অনা খাদ্য সামগ্রী যােগান ধৰা ভাৰি সকলও খাদ্য-সামগ্রী ভাৰ বান্ধি লৈ আহে। তেওঁলােক ৰাভা, কছাৰী। ভাওঁনাৰ আকাৰত বহুৰঙী গীত আৰু কছাৰী গীত গাই গাই মদৰ নিচাত উপস্থিত হয়। বৰকান্দাজে আঞ্চলিক ভাষাত; ভাৰি দুজনে ৰাভা আৰু কছাৰী ভাষাত ভাওঁনা আকাৰত কথপকথন চলে। কথপকথন শেষ হােৱাত তেওঁলােক প্রস্থান হয়। তেতিয়া কেতুৱা-ভেতুৱাই গীত গায়।
কেতুৱাৰ গীত
ওভেস্বৰি ৰাধে গাে ময়লান গাে আৰ পিৰতি কৰব না।
যখনে কৰিলাম পিৰিতি নিম গাছেৰ তলে,
নিমৰ দানি ভাঙ্গিয়া পৰে ৰাধেশ্বৰীৰ গায়ে গাে;
মায়লান আৰ পিৰিতি কৰিব না ।
সেৰি তােৰওঁ বাপে বিসাৰ জানে না অভেশ্বৰী,
ৰাধে গাে ময়লান গাে আৰ পিৰিতি কৰিব না।
যখনে কৰিলাম পিৰিতি বৰ বাঙ্গালা তলে,
বৰ বাঙ্গালা ভাঙ্গিয়া পৰে ৰাধেশ্বৰীৰ গায়ে গাে;
ময়লান গােঃ আৰু পিৰিতি কৰিব না ।
-----------------------------------------
-----------------------------------------
এই গান কেতুৱাৰ ভাই ভেতুৱৰ মৃত্যু হ’ল। প্রাণ বায়ু উৰি গ’ল। কেতুৱা নিৰুপায় । তেতিয়া গাহনীয়া ৰাইজে কেতুৱাক কবিৰাজ বিচাৰি জৰা-ফুকা কৰি জীয়াই তুলিবলৈ পৰামর্শ দিব। ভেতুৱা মৰাৰ গন্ধত কাউৰী আহিল। বাঘ আহিল । বাঘ অহা দেখি বাঘক মাৰিবলৈ বন্দুকধাৰী চিকাৰী আহিল। কেতুৱা কবিৰাজ বিচাৰি বিচাৰি বাটত এজন কবিৰাজ নবীন বৈদ্যনাথক লগ পালে। নবীন বৈদ্যনাথক মুছুলমান ৰূপত প্রদর্শন কৰােৱা হয়। ভাওঁনা আকাৰত কেতুৱা আৰু বৈদ্যনাথৰ কথপ কথন চলে। নবীন বৈদ্যনাথে মন্ত্ৰৰে জৰা-ফুকা কৰি ভেতুৱাক জীয়াই তুলিলে। এইটোৱেই সীতা পুৰীৰ ৰাৱণ ৰজাক মঞ্চত ভাওঁনা ৰূপত প্ৰদৰ্শন কৰােৱা দৃশ্য। এই দৃশ্যত ৰাৱণ ৰজাৰ ৰাজ ঘৰীয়া বিষয়া হিচাবে বন্দুক ধাৰী চিপাহীক প্রদর্শন কৰাইছে । ৰাৱণ ৰজা আহিবৰ বাবে ৰাস্তা-ঘাট চাফা কৰিবলৈ হালােৱা দাদা আৰু পাহাৰৰ আমবেং গাৰাে নক্মাক প্রদর্শন কৰােৱাইছে। ৰাৱণ ৰজাৰ লগত ইংৰাজ আমলৰ বৰকান্দাজ প্রদর্শন কৰােৱাইছে আৰু খাদ্য সামগ্ৰীৰ ভাৰ বহনকাৰী ভাৰি (বেগাৰী) হিচাবে ৰাভা, বড়াে সকলােক প্রদর্শন কৰােৱাইছে। ধর্মীয় তত্ব মতে আত্মাৰ লগত কাউৰী আৰু বাঘ নিশ্চয় কিবা নিবিৰ সম্বন্ধ আছে। সেই বাবে কাউৰী আৰু বাঘক এৰিব নােৱাৰিলে আৰু অঞ্চল বাসীলােক হিচাবে নবীন বৈদ্যক মুছুলমান ৰূপত প্ৰদৰ্শন কৰােৱাইছে । ইয়াৰ উপৰিও দর্শক ৰাইজৰ গা-এঙামৰি ভঙাবৰ বাবে মাজে মাজে ভাওঁনাৰ (নকল) মঞ্চস্থ কৰােৱা হয় । তেনে বােৰত [ ২১ ] ডুম-ডুমনিৰ বিলত মাছ মৰা আৰু বিলত মাছ মৰাৰ বাবদ খাজনা উঠোৱা চৰকাৰী বিষয় ববীয়া সকলক ভাওঁনাত প্ৰদৰ্শন কৰোৱাইছে।
ভাৰি গানত দিশা আৰু পদবোৰ গাই গাই গীত-নৃত্য আগবঢ়াই লৈ যোৱা হয়। পদবোৰত মুখা প্ৰদৰ্শন কৰাবলগীয়া হলে আৰু সংলাপবোৰ শুনাব লগীয়া হলে মূল (ওজা) জনে গানৰ স্বৰা টানি শুনায়। যেনে—
ৰাৱণ বলে শুন কেতু আমাৰ বচন।
শীঘ্ৰে কৰি সাজাই আন ৰত্ন সিংহাসন॥
এনেদৰে দিশা-পদ বোৰৰ যোগেদি আগবঢ়াই নিয়া হয়।
সীতাপুৰী নাটকৰ জন্ম কাহিনী
দেউৰী পাৰা ভাৰি গানৰ কথা কলে মোৰ বিজনী ৰাণী অভয়েশ্বৰীৰ জীৱনৰ কথা মনলৈ আহে। সীতা আৰু ৰাম চন্দ্ৰকলৈ যেনেকৈ ৰামায়ণ ৰচনা কৰিলে; এই ৰামায়ণৰ কাহিনী নাটত চিন্তাশীল শিল্পী গৰাকীয়ে ভাৰি গানৰ ভাওঁনাত ৰাণী অভয়েশ্বৰীৰ জীৱনৰ লগত মিল খোৱা গীত ৰচনা কৰিব নেপাহৰিলে। ৰাণী অভয়েশ্বৰীৰ জীৱনী উল্লেখ কৰিলে লিখনী দিঘলীয়া হ'ব বুলিয়ে ইয়াত উল্লেখ কৰিব কৰিব পৰা নগল যদিও পুথিখনৰ শেষত সন্নিবিষ্ট কৰি দিয়া হ'ল৷ ৰাণী অভয়েশ্বৰী ৰাভা সম্প্ৰদায়ৰ লোক আছিল। ৰজা কুমুদ নাৰায়ণ অভয়েশ্বৰীক বিয়া কৰোৱাকে আদি কৰি ৰজা কুমুদ নাৰায়ণৰ মৃত্যুৰ পিছত যি লুটি লাঞ্চনাত ভগি মৃত্যু বৰণ কৰিব লগীয়া হ'ল-সেই ঘটনাৰাজিয়ে সীতা দেৱীৰ লেখিয়া। ৰাণী হৈ সুখৰ সংসাৰ ভোগ কৰিব নোৱাৰীলে। কেতুৱাৰ গীতত বৰ বাঙালাৰ কথা উল্লেখ আছে। বৰ বাঙালাই প্ৰসাদকে বুজাইছে। তামোলৰ ডাব আৰু নাৰিকলৰ ডাব গছৰ [ ২২ ] পৰা সহজতে সৰি নপৰে। অমঙ্গল দেখা দিলেহে হেনো সৰি পৰে। এইষাৰ কথা আমাৰ সমাজত লোক প্ৰবাদ আছে। সেয়ে অভয়েশ্বৰীৰ নামৰ সতে সংগতি ৰাখি নাৰিকলৰ ডাব সৰি পৰাৰ কথা গীতত উল্লেখ আছে। ৰাণী অভয়েশ্বৰী ১৯১৮ চনত মৃত্যু হ’ল ৷ সেয়ে এই “সীতাপুৰী”নাটখন তেওঁৰ জীৱিত কালচোৱাত নতুবা মৃত্যুৰ পিছত ৰচনা কৰিব লাগিব। কাৰণ ৰাণী অভয়েশ্বৰীৰ জীৱন্ত কালত ৰাজকাৰ্য্য ভাৰকলৈ দুই সতিনীৰ মাজত বিচাৰ চলিছিল আৰু নজৰ বন্দিত ৰাখিছিল।
এতিয়া এই ভাৰি গানৰ সীতা পুৰী নাটখন কোনে ৰচনা কৰিছিল? ক’ত প্ৰথম মঞ্চস্থ কৰিছিল? কোন অঞ্চলত বেচি প্ৰদৰ্শন কৰোৱা হৈছিল? সেইবোৰ এতিয়া অধ্যয়ন কৰিলে ইয়াৰ আঁতি গুৰি বিচাৰি পোৱা টান যদিও সহজতে ওলাই পৰিব যেন লাগে। ভাৰি গানৰ বহুকেইখন নাট আছে; যদিও “সীতাপুৰী” আৰু “দুধি মথন”নাট দুখনকেই প্ৰথমতে ৰচনা কৰিছিল বুলি মোৰ অনুমান হয়। কাৰণ দিনৰ ভাগত প্ৰদৰ্শন কৰোৱাৰ বাবে দুধি মথন ৰচনা কৰিছিল। দুধি মথন নাটখনত কোনো অভিনয়ৰ সংলাপ নাই; আছে যদিও ভাওঁনা আকাৰত হিন্দী ভাষাত আছে। ৰাতিৰ ভাগত যি “সীতাপুৰী” নাট প্ৰদৰ্শন কৰোৱা হয়, সেই নাটখনটো কোনো অভিনয়কাৰীক অভিনয়ৰ পাঠ কৰিব নেলাগে। লাগে কেৱল গীতৰ পদবোৰৰ অনুযায়ী মুখা প্ৰদৰ্শন কৰিব। সংলাপবোৰ গীতি-নৃত্যৰ যোগেদিয়ে আগবঢ়াই নিয়া হয়। কিন্তু ৰাৱণ বধ, মেঘনাদ বধ আদি নাটবোৰত অভিনয়কাৰীয়ে অভিনয়ৰ পাঠ কব লাগে। যাত্ৰা অভিনয়ৰ ৰূপ এই বোৰ নাটত দেখিবলৈ পোৱা যায়। সেয়ে এইবোৰ নাট দুধি মথন আৰু সীতাপুৰী নাটৰ পিছত ৰচনা কৰা হ'ব লাগিব।
দুধনৈ, ঠেকাশু গাঁৱৰ বিশিষ্ট সাহিত্যিক, গৱেষক ৰাজেন ৰাভাৰ জন্ম ইং ১৯২০ চনৰ কাতি বিহুত। দুধনৈ, ঠেকাশু গাঁও আৰু পুৰণিভিটা এই দুখন গাঁৱে লগলাগি ভাৰি গানৰ দল গঠন কৰি মঞ্চস্থ কৰিছিল। এই দলত বিশিষ্ট সাহিত্যিক, গৱেষক ৰাজেন ৰাভা দেৱেই লাখৰচাৱা নাচ নাচিছিল। পুৰণিভিটা গাঁৱৰ চাবু ৰাম ৰাভা ভাৰি গানৰ মূল (ওজা) আছিল। চাবু ৰাম ৰাভাৰ পুত্ৰ ৰূপচান্দ ৰাভা। তেওঁ যাত্ৰা গান শিকাই ওস্তাদ ৰূপে নামী ব্যাক্তি [ ২৩ ] হিচাপে পৰিচিত আছিল। পিতা-পুত্র দুয়ােজনেই শিল্পী শ্ৰেণীৰ লােক আছিল৷
যাইতে যাইতে পালুং লেলা,
তাতে ডুবিল বেলা।
পাটপাৰা বুড়ুলুং,
তাতে একৰাতি ৰুলুং।
বুডুলুং গাঁৱখন ৰংজুলিৰ উত্তৰ দিশত৷ ভাওঁনাৰ গীত মাতত এই ঠাইবােৰৰ নামবােৰ দুধনৈ অঞ্চলৰে কব পাৰি। ঠিক তেনেকৈ—
লেংলেং লুংলুং খােপা বান্ধে,
মেচ পাৰীয়া ঝেৱা ।
জোক কামাৰায়া মৰিবা দৰায়,
উজান দিগিৰ ঝেৱা ।
এই ভাওঁনাৰ গান দুধনৈ অঞ্চলত মিলি যায় । কাৰণ মেচপাৰা, গােৱালপাৰা চহৰৰ ফালে আৰু উজান দিগি বুলি কলে দুধনৈৰ পূৱ দিশকে বুজায়।
ৰাৱণ ৰজাৰ বাবে যি খাদ্য-সামগ্রী কঢ়িয়াই অনা ভাৰি (বেগাৰী) সকলে গীত গায় সেইটো কছাৰী গীত আৰু বহুৰঙী গীত । সেই বহুৰঙী গীত দুধনৈৰ পূৱ দিশতেই উৎপত্তি । সেয়ে দুধনৈ, ৰংজুলি এই অঞ্চলতেই ভাৰি গান ৰচনা কৰা শিল্পী গৰাকী থাকিব লাগিব। কোন তেওঁ ?
১৮৩৭ চনত অসমত বাংলা ভাষাক চৰকাৰী ভাষা ঘােষণা কৰা হৈছিল। (Wikipadia অসম বুৰঞ্জী) তেতিয়াৰে পৰা অসমত বাংলা ভাষাৰ শিক্ষা দিয়া হৈছিল। সেয়ে নৱ প্ৰজন্মৰ শিল্পীসকলে ভাৰি গানৰ গীতি নৃত্যবােৰ বাংলা ভাষাত ৰচনা কৰিব লগা হ'ল। কাৰণ বাংলা ভাষাত জ্ঞান লাভ কৰা শিল্পী৷ [ ২৪ ]
গীত কেইফাকি
সীতা পুৰীৰ বন্দনাঃ
১নং :- হা - - - ৰাম ৰাম ধন্য ধন্য সৰ্য্য বংশ পালনং
ক্ষেত্রি বংশ ধ্বংশ কৰি দত্য ৰাম কৃত্যনং
নমঃ হৰি দয়া ময় এই ত্রিভূৱনে কয়
কে জানে তােমাৰ মহিমা
চৌদাকে প্রজাপতি শত্রু মুখে কৰ স্তুতি
তেওঁতাে প্রভু দিতে নৰি সিমা
উদ্ৰখে বালকে কয়, হস্তে পদু লৰি লয় জননি দুখ পায়
সেইটো জাননি একবাৰ মনে পৰিয়া ৰয়
নীলমতি পশু আমি, কি কৰিতে পাৰি
নিজ ৰূপে দয়াময় কৰােহে চক্র পাণি ॥
হা - - - ৷
**** **** ****
৪নং দিশা : ওঁ - - - ৰামে, স্বৰণ বন্দিব হে ৰাম, যুগল স্বৰণে
কি ওঁ ৰামে স্বৰণ বন্দিব হে ৰাম ॥
পদঃ ৰাম ৰাম প্রভু ৰাম কমলে লােচন
কৃপা কৰাে দিনবন্ধু লভি ৰাম চৰণ॥
পূর্বযে বন্দিয়া গাইব হে পূবে ভানুচৰ
দক্ষিণে যে বন্দিয়া গাইব হে যমেৰে নগৰ ॥
উত্তৰে যে বন্দিয়া গাইব হে কৈলাশী শিখৰ।
পশ্চিমে যে বন্দিয়া গাইব হে সমাপ্তী সাইগৰ ॥
মৰ্ত্ত মধ্যে বন্দিয়া গাইব ভীম একাদশি।
পুষ্প মধ্যে বন্দিয়া গাইব আদ্যৰ তুলশি ॥
শিৱ ভলানাথ বন্দং মাথে যঠাধাৰি।
শিঙ্গে বলে ৰাম ৰাম দম্বৰু বলে হৰি॥
কৃত্তিবাস পণ্ডিত যেন জন্ম হইল্য শুভ ক্ষণ।
ভক্তি কৰিতে পাৰিলাম আমি শ্ৰীৰাম স্বৰণ॥
গুণী উপৰ গুণী হইয়া জেবায় সেবা, খাওঁ।
দহায় লাগে ভৰস্ত্ৰেৰ শ্ৰীৰামৰ মাথা খাওঁ ॥
**** **** ****
৮ নং দিশাঃ ৰাৱণ সাজিলোঁ ৰে, কি লঙ্কাৰ ভূৱনে,
ৰাৱণ সাজিলোঁ ৰে ॥
পদঃ স্বর্গেছিলোঁ ৰামৰ নামৰে ভবে আনিলোঁ কে
কৌতি কৌতি প্রণাম কৰোংঁ ৰে ৰামেৰ আনিলোঁ যে ॥
যে আনিলোঁ ৰামেৰ নাম তৰিয়া গেলাে সে।
পাতকি তৰাইতে ৰামেৰ নাম, দশৰথ আনিয়াসে ॥
হৰি নাম বিনে ৰে গােবিন্দ নাম বিনে
বেফুলা মনুশ্য জন্মৰে যায় ৰে দিনে দিনে ॥
সাক্ষাতে নলবা নাম ৰে ছেছে কৰিব কি
যখন যম দূতে বান্ধিয়া নিবেৰে উত্তৰ দিবা কি॥
সাক্ষাতে নলবা নাম ৰে ছেছে কৰিব মানা
যখন যমদূতে বান্ধিয়া নিবে ৰে ছেছে কৰিব হানা ॥
ৰাম ৰাম বুলিয়া যাবে ৰে মৰিয়া যাবে কুকুৰ
বিষ্ণু দূতে উঠিয়া বলে বৈকুণ্ঠৰ থাকুৰ॥
**** **** ****
১৪ নং দিশা : পৱন চলিলোঁৰে, কি আপােনাৰ ভূৱন, আমৰা
উঠিবাৰে ৰথখান কৰহে সাজন, পৱন চলিলােৰে ॥
পদ : দাক শুনি সাৰথি কৰিলোঁ গমন।
ৰাজাৰ সাক্ষাতে জাইয়া দিলাে দৰশন ॥
সাৰথি বলে মহাৰাজ আমাৰ বচন।
আমাৰ দাকিছেন মহাৰাজ কিছেৰে কাৰণ ॥
ৰাৱণ বলে শুন সাৰথি আমাৰ বচন।
সাইক্ষাতে দেখিছাে তুমি লঙ্কা বিবাৰণ ॥
দিন দিন বিৰগন লঙ্কা কৰিলাে সংহাৰ ।
লঙ্কা পুৰি জ্বালাইয়া কৰিলোঁ চাৰখাৰ ॥
কাহাৰ ভৰসা আছে কহিব কাহাৰে ।
কে আছে বান্ধৱ দুষ্ক কহি নিবাৰণে॥
শুন শুন আহে সাৰথি আমাৰ বচন।
শিঘ্ৰেকৰি সাজাই আনাে পুষ্প ৰথখন ॥
তাহা শুনি সাৰথি কৰিলোঁ গমন।
আদি কুত পৰ্ব্বতত যাইয়া দিলোঁ দৰশন ॥
কাটিয়া কুতিয়া ৰথখান কৰিলোঁ চৌশাকা।
গগনে ধাকিয়া যেন চন্দ্র দিলাে দেখা ।
ঘোঁৰাৰা গলতে বান্ধে চাম গঙ্গা জলত।
লাহে লাহে চলাল ঘােৰা শব্দ বহুত দূৰত ॥
ঘোঁৰাৰ পায়াতে বান্ধে কৰ্ণেৰ নিফুৰ৷
অনুৰ ঝনুৰ বাজে ঘোঁৰা শব্দ বহু দূৰ ॥
ৰথ সাজাইয়া সাৰথি, আনন্দিত মন ।
ৰাজাৰ সাইক্ষাতে যাইয়া দিলোঁ দৰশন ॥
ৰথ পাইয়া মহাৰাজ আনন্দিত মন।
এই সেলে বুধিম আমি, আজি শ্ৰীৰাম লক্ষণ॥
প্রথমে তুলে শেল হিৰা বন্ধা তাঙি ৷
তাৰ পাছে তুলে শেল অস্ত্র চাঙি চাঙি॥
ত্রিফুল ত্রিফুল তুলে পাতকি মুধুকৰ ।
শত শত নাক পাশ তুলে ৰথেৰে উপৰ ॥
এহি কথা ৰাৱণ ৰাজা কহিলাে যখন।
এইটো চলিলাম আমি যুদ্ধেৰ কাৰণ॥
হেন কালে বার্তা পাইল্য ৰাণী মন্দেধৰী।
সঙ্গতে কৰিয়া লইল্য দশ হাজাৰ নাৰী ॥
*** *** ***
১৫ নং দিশাঃ আইলোঁ ৰাণী মন্দেধৰী,
সঙ্গেতে কৰিয়া লইল্য দশ হাজাৰ নাৰী,
আইলাে ৰাণী মন্দেধৰী ॥
পদঃ ৰাণী বলে শুন স্বামী আমাৰ বচন।
তাহাৰ সােহিতে প্রভু যুদ্ধেৰ কৰয়ে বিশম ৷৷
কুম্ভকর্ণ সমান বীৰ নাচিলোঁ ত্রিভূৱনে ।
হেন বীৰক বুদ্ধিলাে প্রভু ৰাম নাৰায়ণে ॥
এশ শত পুত্র ছিলাে ছােৱা শত নাতি।
একাও না ৰহিলাে আজি বংশ দিতে বাতি ॥
শুন শুন অহে স্বামী আমাৰ বচন ।
তাহাৰ সহিত প্রভু যুদ্ধ কৰয়ে বিশম ॥
ৰাৱণে বলে শুন ৰাণী আমাৰ বচন।
নিঃচিন্তে বচিয়া থাকো যাহ এতিখন ॥
সীতাক আনিয়া আমি দাশি কৰিয়া দিব৷
লঙ্কা হনে ভিবিষণকে দুৰ কৰিয়া দিব॥
ৰাৱণ বলে শুন ৰাণী যাহ অন্তপুৰে।
নিঃচিন্তে বছিয়া থাকো লঙ্কাৰ ভিতৰে ॥
শুন শুন অহে ৰাণী আমাৰ বচন।
এইটো চলিলাম আমি যুদ্ধেৰে কাৰণ ॥ *** *** ***
২৯ নং দিশাঃ ওঁ সীতা কান্দে, কান্দে সীতা ভূমিত লুতায়া,
ওঁ - - - সীতা কান্দে ॥
পদঃ সীতা বলে শুন বাছা পবনে নন্দন
কহ শুনি কথায় আমাৰ শ্ৰীৰাম লক্ষণ॥
হুনুমান বলে মাওঁ কৰি নিবেদন
কান্দে কৰি লইয়া যামৰে প্ৰভু দশৰন ॥
সীতা বলে শুন বাছা পবনে নন্দন
তােমাৰ কান্ধতে আমি নাচাৰিব কদাশন ॥
ৰঘুনাথে দিয়া আছে প্রেম আলিঙ্গন
কি মতে তুমাৰ কান্ধে হইব আৰহণ ॥
ভক্ত আৰ ভগৱান দেখাে এক সমান
কহ শুনি কথায় আছে আমাৰ শ্ৰীৰাম মক্ষণ ॥
য'ত ছিলোঁ ধন জন লঙ্কাৰ মাজেৰে
সকল ধন দিলে আৰ সুজাইতে নধৰে ॥
হুনুমানে বলে মাও কিছুল জননি।
আশীৰ্ব্বাদ দেহ মাও এহি ভাগ্য কৰি ॥
একো বৰ দেহ মাও নাভাবিব আন ৷
ৰাম তুস্ত হইবাৰে দেহ এই বৰ দান ৷
হুনুমানে বলে য'ত ৰাৱণেৰ নাৰী।
তাহাক মাৰিতে হাতে লইছোঁ লৰি ॥
তাহাৰ উচিত ফল মা কৰিব এই খানে।
আসাৰাইয়া মাৰিব প্রাণ তােমাৰ বৃদ্ধ মানে ॥
ত্রিভূৱনে ভৰিব বাপু তােমাৰ বিক্ৰম মনহে।
ত্রিবতাে কৰিয়া বাছা কুনাে প্রয়ােজন হে॥
ৰাজপুত্র হুইয়া তুমি বুধ-বৃহস্পতি ।
তােমাৰ প্ৰসাদে দেখং প্রভু ৰঘুপতি ॥
কৈও কৈও হুনুমান, তুমি প্রভু কৈও যাই ।
জনম তাপিনী সীতা আৰ কৈও নাই॥
সীতাক প্ৰাণাম কৰি কৰিলোঁ গমন
নাচিয়ে নাচিয়ে যায় প্রভু দৰশন॥
*** *** ***
এই দৰে সীতা পুৰী ৩৭ টা দিশা আৰু পদবােৰ আছে। এইবােৰৰ উপৰিও ভাওনাৰ গীত আলাদা (শুকিয়াকৈ) কৈ আছে। গােন চুৱানি (অধিবাস) গীত আলাদাকৈ আছে । পদাৱলী বা উপলক্ষ্যা গীতৰ দিশাবােৰ বেলেগ বেলেগ। পদ কিন্তু একেই।
ভাৰি গান দিনৰ ভাগত মহাভাৰতৰ আধাৰত ৰচিত দুধি মথন গীতি-নৃত্য নাট প্রদর্শন কৰােৱা হয় আৰু ৰাতিৰ ভাগত ৰামায়ণৰ আধাৰত ৰচিত নাট সমূহ প্রদর্শন কৰােৱা হয়। সেই বাবে পূজাত বলি দিয়াৰ সময়ত গােৱা গীত (বলি জীয়ানী গীত) নাই। বলি জীয়ানী গীত পদ্ম পুৰাণ গীতহে পােৱা যায়।
গােন চুৱানি (অধিবাস)ত গােৱা গান :
১নং : যমুনাৰে জলে যাইতে সঙ্গে নাইৰে কে গােপী
ও - - গােপী খলকে খলকে উঠে যমুনাৰে ঢৌ গােপী।
--------------------------------------
--------------------------------------
২ নং : এ হৰি জয়ৰে জয়, এ হৰি আনন্দে মঙ্গলাে
এ হৰি জয়ৰে জয় ॥
--------------------------------------
--------------------------------------
৩ নং : আয় ৰতি আয়ৰে, আয় ৰতি আয়ৰে
পঞ্চ ধিপ সঙ্গে গন্ত্ৰ চোৱা ৷
------------------------
---------------------
পূজাৰ আগদিনাখন সন্ধ্যা এই গোন চুৱানি গীত গোৱা হয়৷ দেৱতাক আদৰি অনা হয়৷
সীতা পুৰীৰ মুখাবোৰঃ
ৰাণী অভয়েশ্বৰী ৰজাৰ লগত বিবাহ হোৱাৰ পিছত মাক-বাপেকৰ পৰিয়ালৰ উপাধী পৰিবৰ্তন হ'ল৷
ৰাণী অভয়েশ্বৰী
(সংগ্রহঃ- অভয়াপুৰী অসমীয়া ৱিকিপিডিয়া)
জন্ম : ১৮৬১ চন
জন্মৰ ঠাই : টিলাপাৰা, উত্তৰ শালমাৰা, অসম
মৃত্যু : ১৯১৮ চন
পিতৃ : নিশাৰাম বৰুৱা
মাতৃ : ক্ষীৰেশ্বৰী দেৱী
আনুমানিক ১৮৬১ চনত উত্তৰ শালমাৰাৰ টিলাপাৰা নামৰ ঠাইখনৰ বাসিন্দা নিশাৰাম বৰুৱাৰ ঔৰষত আৰু ক্ষীৰেশ্বৰী দেৱীৰ গৰ্ভত অভয়েশ্বৰীৰ নামে এটি কন্যা সন্তানৰ জন্ম হয়। এই কন্যা সন্তানটি ডাঙৰ হৈ অহাৰ লাগে লগেই অতুলনীয় ৰূপ লাৱণ্যৰ কথা চাৰিওলে বিয়পি পৰিল। সেই সময়ত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ, যাৰ ৰাজধানী আছিল ডুমুৰীয়া । তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী। অপুত্রক হােৱাৰ কাৰণে ৰজাই ৰাজকার্যত ভালকৈ মনােনিবেশ কৰিব পৰা নাছিল আৰু প্ৰায়ে চিকাৰলৈ গুচি গৈছিল । আৰু এনেকৈয়ে এদিন চিকাৰলৈ যাওঁতে হাচডুবা নামৰ বিল [ ৩২ ] খনত জাকৈ বাই থকা অৱস্থাত অত্যন্ত ৰূপৱতী কিশােৰী গৰাকীৰ ওপৰত ৰজা কুমুদ নাৰায়ণৰ চকু পৰিল। ৰাজাই তৎক্ষণাত তাইৰ পাণিপ্রার্থী হােৱাৰ সিদ্ধান্ত ললে, আৰু এই খবৰ বৰকান্দাজৰ জৰিয়তে তাইৰ মাক-দেউতাকলৈ পঠোৱা হ’ল। কিম্বদন্তিয়ে কয় যে, সেইদিনা নিশাৰাম বৰুৱাৰ ঘৰৰ সন্মুখৰ কঁঠাল জোপাত অনেক শগুণে কঁঠাল খাইছিল আৰু গণকৰ মতে সেয়া তেওঁৰ ৰূপৱতী কন্যাৰ বিয়া ভােজকে সূচাইছিল। সেই সময়ত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ; যাৰ ৰাজধানী ডুমুৰীয়া ।
বৰ মহিষী সিদ্ধেশ্বৰী দেৱীৰ হেজাৰ বাধাক নেওচি কোনােবা এটা দিনত ৰজা কুমুদ নাৰায়ণে কিশােৰী গৰাকীক বিয়া পাতে। এই বিয়া আছিল অদ্ভুত আৰু বিতর্কিত। হিন্দু ধৰ্মৰ প্রথা অনুসৰি পৱিত্ৰ অগ্নিৰ সন্মুখত ৰাজ-পুৰােহিতৰ মন্ত্র উচ্চাৰণৰ সময়ত কিশােৰীগৰাকীৰ লগত ৰজা কুমুদ নাৰায়ণ স্বয়ং বহা নাছিল, তেওঁক প্রতিনিধিত্ব কৰিছিল প্রকাণ্ড এখন তৰােৱালে। অতি কম সময়ৰ ভিতৰত স্বাভাৱিকতেই তাই বুজি উঠিছিল ৰজা কুমুদ নাৰায়ণৰ সতে তাইৰ সম্পৰ্কৰ কথা। ৰজাকুলৰ অধিষ্ঠাত্রী অভয়াদেৱীৰ নামেৰেই সদ্য বিবাহিতা সুন্দৰী মহিষীৰ নাম ৰজাই দিলে অভয়েশ্বৰী।
আধুনিক শিক্ষাৰে শিক্ষিত, সুন্দৰী আৰু স্বভাৱতেই গর্বিতা বৰ মহিষী সিদ্ধেশ্বৰীৰ বিপৰীতে সৰু মহিষী আছিল অশিক্ষিত আৰু সৰলমনা স্বভাৱৰ । অভয়েশ্বৰীক সম্পূৰ্ণৰূপে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তােলাৰ ভাৰ ৰজাই অৰ্পণ কৰিলে বৰৰাণী সিদ্ধেশ্বৰীৰ ওপৰত। এফালে হিংসাৰ জুইত দহিত হােৱা সিদ্ধেশ্বৰীৰ জৰ্জৰিত অৱস্থা, আনফালে ৰজাৰ কঠোৰ নির্দেশ। হিংসাৰ ফলস্বৰূপে ৰাজ অন্তেষপুৰত কাজিয়াৰ সূত্রপাত হ’ল। দুই ৰাণীৰ কাজিয়াৰ ফলত ৰজা কুমুদ নাৰায়ণৰ জীৱন বিষময় হৈ পৰিল। বিয়াৰ কেইমাহমান পিছতেই ৰাণী অভয়েশ্বৰীয়ে এটা চকু হেৰুৱাব লগা হ’ল । জনশ্রুতিয়ে ৰিঙিয়াই যে পঢ়ুৱাই থাকোতেই সিদ্ধেশ্বৰীয়ে অভয়েশ্বৰীক পাখি কলমৰে আঘাত কৰাৰ ফলতে এনে হৈছিল ।
ৰজা কুমুদ নাৰায়ণে আশা কৰিছিল এটি পুত্র সন্তানৰ, কিন্তু ৰজাৰ সেই আশা পূৰণ নহ’ল। ফলত ৰজা উদাস হৈ থাকিবলৈ ললে। ইমানতে [ ৩৩ ] বৰ ৰাণী সিদ্ধেশ্বৰীয়ে চন্দ্ৰ নাৰায়ণ দত্তক পুত্ৰ হিচাপে ললে । তেওঁৰ সম্পূর্ণ নাম আছিল– চন্দ্ৰ নাৰায়ণ চুবা (চুবাদাৰ)। কিন্তু হঠাতে এদিন চন্দ্ৰ নাৰায়ণ ৰাজকাৰেঙৰ পৰা উধাও হ'ল। ৰাজবাৰীৰ পৰিবেশৰ লগত খাপ খাব নােৱাৰি তেওঁ নিজ জন্মগাঁও বৰিগাঁওলৈ উভতি গৈছিল। ইফালে দুই ৰাণীৰ মনােমালিন্যই ৰজা কুমুদ নাৰায়ণৰ জীৱনটো দুর্বিসহ কৰি তুলিলে। ৰাজকাৰ্য্যৰ প্ৰতি তেওঁ একেবাৰে উদাসীন হ’ল। বিষময় হৈ পৰা সংসাৰখনৰ পৰা আঁতৰি থাকিবলৈ ৰাজ্যৰ দেৱান জীৱনৰাম ফুকনৰ হাতত ৰাজ্যভাৰ দি কেতিয়াবা শ্বিলঙলৈ, কেতিয়াবা ধুবুৰীলৈ, কেতিয়াবা কলিকতাৰ চাউথ চার্কুলাৰ ৰােডৰ ৰংমহললৈ গুচি গৈছিল ।
এদিন কোনাে এক বিশেষ কামত ৰজাই দুই ৰাণীৰ সতে কলিকতালৈ গ’ল। লগত গ'ল দেৱান জীৱনৰাম ফুকন। জনশ্রুতি অনুসৰি এই সময়ছােৱাতেই দেৱান জীৱনৰাম ফুকনক লৈ বৰৰাণী সিদ্ধেশ্বৰীৰ চৰিত্ৰৰ প্রতি ৰজাই সন্দেহৰ আঙুলি টোৱায় আৰু এই ঘটনাটোত তীব্র অপমানবােধ কৰে। আত্মসম্মানত তীব্র আঘাত লগা যেন অনুভৱ কৰা ৰজাই ইংৰাজী ১৮৮৩ চনৰ ৯ মার্চত চোকা অস্ত্ৰৰে ডিঙি ৰেপি স্নানাগাৰতেই আত্মহননৰ পথ বাছি লয়। মতান্তৰ অনুসৰি ৰজাৰ মৃত্যু ষড়যন্ত্রৰ ফলত ক্ষৌৰকৰ্মত নিয়ােজিত নাপিতৰ দ্বাৰা হয়। এই ঘটনাটি কলিকতাতেই সংঘটিত হৈছিল।
ৰজাৰ মৃত্যুৰ পিছত দুই ৰাণী কলিকতাৰ পৰা উভতি আহি গােৱালপাৰাত আশ্রয় লয়। নিজ ৰাজ্যত প্ৰৱেশ কৰা লগে লগে ৰাজ কৰ্মচাৰী, আমােলা আৰু প্রধান প্ৰজাসকল ইচ্ছা অনুসৰি দুই দলত বিভক্ত হয় আৰু দুই ৰাণীৰ পক্ষ লয়। দেৱান জীৱনৰাম ফুকনে বৰ ৰাণী সিদ্ধেশ্বৰী পক্ষ লােৱাত সেই পক্ষ বেছিকৈ শক্তিশালী হয় আৰু সৰু ৰাণী অভয়েশ্বৰীক নজৰবন্দী কৰি ৰাজ্য চলাবলৈ আৰম্ভ কৰিলে। বৰ ৰাণীয়ে সৰুৰাণীক নজৰবন্দী কৰি ৰাখিয়েই ক্ষান্ত নাথাকিল, তেওঁ সময়ে সময়ে সৰু ৰাণীক হত্যা কৰাৰ ষড়যন্ত্রত লিপ্ত হ’ল। এই ষড়যন্ত্র তীব্রতৰ হৈ উঠাৰ উমান পাই উপায়ন্তৰ হৈ ৰাণী অভয়েশ্বৰীয়ে এদিন সকলােৰে অলক্ষিতে ৰাজগৃহ ত্যাগ কৰে আৰু দুর্গম হাবিৰ মাজেৰে উদ্দেশ্যহীনভাৱে আগুৱাই গৈ থাকে। দুপৰ নিশা ৰাণীয়ে [ ৩৪ ] গোৱালপাৰ ’লালুকান্দা’ নামৰ পাহাৰত উপস্থিত হ’ল। এই অটব্য অৰণ্যখনিত দিনতেই সূৰ্য্যৰ পোহৰ নেদেখি। তথাপি ৰাণীয়ে হতাশ নহৈ ক্ষত বিক্ষত শৰীৰেৰে অৰণ্যৰ মাজেৰে আগুৱাই গৈ কৈলাস চন্দ্ৰ সেন (কিছুমানৰ মতে কেশৱ চন্দ্ৰ সেন)ৰ পৰিয়ালত উপস্থিত হয়। তেৱেঁই অকালত বৈধব্য জীৱনত খোজ পেলোৱা পৰম ধৰ্মপৰায়ণা দেৱীস্বৰূপা ৰাণীৰ দুৰ্দশা দেখি সসম্মানে আদৰ যত্ন কৰি নিজৰ ঘৰত ৰাখিলে আৰু অনতিপলমে মহকুমাধিপতিক খবৰ দিয়ে। নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজেৰ লুইতৰ বুকুৱেদি ৰাণীক ধুবুৰীলৈ পঠিয়াই দিয়া হ’ল। ৰাণী অভয়েশ্বৰীৰ ভাতৃ ভৱনী প্ৰসাদ ৰাভাই সেই সময়ৰ মেছপাৰা (লক্ষীপুৰ) ইষ্টেটৰ অৱসৰপ্ৰাপ্ত দেৱান বৰদা নাথ হালদাৰৰ পূৰ্ণ সহযোগিতাত ১৮৮৭ চনত গোৱালপাৰাৰ ছাব জজ আদালতত গোচৰ তৰে। সৰু ৰাণীৰ হৈ ওকালতি কৰিছিল কামাখ্যা প্ৰসাদ সেনে। গোচৰ চলি থকা সময়ত ৰাজ্যত বিভিন্ন বিশৃংখলতা আৰু অৰাজকতাই দেখা দিয়ে।
দেৱানী মোকৰ্দমাৰ বিচাৰত সৰু ৰাণীৰ দাবী মঞ্জুৰ হয় আৰু দুয়ো ৰাণীয়ে যৌথভাৱে ৰাজ্যৰ দখল পোৱা সাব্যস্ত হয়। বিচাৰকৰ উক্ত বিচাৰত সন্তুষ্ট নহৈ বৰৰাণী সিদ্ধেশ্বৰীয়ে পালক নাৰায়ণক তোলনীয়া পুত্ৰ হিচাবে গ্ৰহণ কৰি দুয়ো ৰাণীৰ যৌথ দখল পোৱাৰ বিৰুদ্ধে পালক নাৰায়ণৰ দ্বাৰা আদালতৰ দাৰাস্থ হয় আৰু আবেদন জনায়। কিন্তু এই আপীলৰ শেষ বিচাৰ নৌপাওতেই ১৮৯১ চনত ৰাণী সিদ্ধেশ্বৰীৰ পৰলোকগামী হয় আৰু ৰাণী অভয়েশ্বৰী সম্পূৰ্ণভাৱে ৰাজ্যৰ অধিকাৰী হয়। ৰাণী অভয়েশ্বৰীয়ে বিজনী ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত তুলি ললে। ৰাণীৰ শিষ্টাচাৰ আৰু মৰম চেনেহত মুগ্ধহৈ সকলোৱে ৰাজ্যৰ ক্ৰমোন্নতিৰ বাবে উঠি পৰি লাগিল। ইমানতে ৰাজ্যত অৰ্থসংকট দেখা দিলে। ৰাজ কৰ্মচাৰী সকলক দৰমহা দি চলোৱা টান হৈ পৰিল। ইয়াৰ উপৰি ইষ্টেটৰ ৬ লাখ টকা ধাৰ আছিল। সেই সময়ত ৰাণীৰ গুণমুগ্ধ প্ৰজা সকল অৰ্থ খাজনা দি ঋণ পৰিশোধ কৰাৰ উপৰি ৰাজভঁৰাল টনকীয়াল কৰিছিল। ৰাজ্যৰ মঙ্গলকামী দূৰদৰ্শী ৰাণীয়ে যোগেন্দ্ৰ নাৰায়ণক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰি ৰাজ্যৰ উত্তৰাধিকাৰী পাতে আৰু তেওঁক [ ৩৫ ] উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে কাশীলৈ পঠিয়াই দিয়ে।
মাত্র কুৰি বছৰ বয়সতে পূর্ণবয়স্ক যৌৱন অৱস্থাতে ৰাণী অভয়েশ্বৰী দেৱী বিধবা হয়। তেতিয়াৰ পৰাই তেওঁ আমৰণ গেৰুৱা বসন পিন্ধি সাত্বিকভাৱে ব্রতচাৰিণী বিধবাৰ দৰে দিন কটাইছিল । অতি নিয়মত চলা ৰাণীয়ে ৰাজকার্য পৰিচালনা কৰিবৰ সময়ত মৃত স্বামীৰ পাদুকাযোৰ ৰাজ সিংহাসনত ৰাখিহে নিজে ৰাজ সভাত বহিছিল।
১৮৯৭ চনৰ জুন মাহৰ বাৰ তাৰিখ গােটেই অসমজুৰি এক বিধ্বংসী ভূমিকম্প হয় আৰু ইয়াৰ ফলত ৰাজধানী ডুমুৰীয়া ধ্বংস হৈ যায় । ৰাজ বিষয়াসকল ৰাজ্যৰ নতুন ৰাজধানীখন যােগীঘােপাত পাতিবলৈ পৰামর্শ দিয়ে। কিন্তু প্রজাবৎসল ৰাণীয়ে এই পৰামৰ্শত সন্মতি প্রদান নকৰিলে । কাৰণ তাত ৰাজধানী পাতিলে অনেক প্রজাৰ উচ্ছেদ কৰিবলগীয়া হ’ব। অটব্য ভাঙি বিজনী ৰাজ্যৰ নতুন ৰাজধানী পতা হ’ল। ৰাজধানীখনৰ নাম ৰাণী অভয়েশ্বৰীৰ নামেৰেই ৰখা হ’ল আৰু সেই মর্মেই বৰ্তমানৰ দেৱদাৰু নগৰী অভয়াপুৰী। ১৯০৮ চনত ৰাণীয়ে প্রতিষ্ঠা কৰিলে অভয়েশ্বৰী মেম’ৰিয়ল হাইস্কুল। য’ত বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল আৰু সেইখনেই পিছলৈ উন্নীত হ’ল অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ।
ইতিমধ্যে সমগ্র বিশ্বজুৰি প্রথম সহাসমৰ আৰম্ভ হ’ল। এই মহাসমৰৰ প্ৰভাৱ ইংৰাজী উপনিবেশ ভাৰতবৰ্ষতাে পৰিল। এইসময়তে ৰাণীয়ে ইংৰাজলৈ তিনিখন বাষ্পচালিত নাও, নগদ একলাখ টকা আৰু এম্বুলেন্স এখন আগবঢ়ায়। প্রথম মহাসমৰৰ সামৰণি পৰাৰ পাছত উক্ত সহায়ৰ বাবে ইংৰাজে তেওঁলৈ ’কাইজাৰ-ই-হিন্দ’ নামৰ এটি সােণৰ পদক আগবঢ়ায়। সেই সময়ত অসমৰ শাসনকর্তা আছিল আর্চডেল চাহাব । তেওঁ পত্নীৰ সতে অভয়াপুৰীলৈ আহি এখন বিৰাট ৰাজ দৰবাৰ পাতে আৰু উক্ত দৰবাৰতে ৰাণীক সন্মানিত কৰা হয় ।
ৰাণী অভয়েশ্বৰীয়ে সম্পূর্ণ একুৰি চৈধ্য বছৰ কাল বিজনীত ৰাজত্ব কৰিছিল। কেতিয়াবা নিজ হাতে অতি পৰিকল্পিতভাৱে গঢ়ি তােলা ৰাজ্যখনৰ ভৱিষ্যতৰ কথা ভাবি তেওঁ বিমর্ষ হৈ পৰিছিল। ৰাজসিংহাসনখন যাতে নিজৰ বংশৰ হাতৰ দি যাব পাৰে সেয়ে নিজ ভাতৃ ভৱানী প্রসাদ বৰুৱাৰ কন্যাক [ ৩৬ ] বিবাহ কৰিবলৈ তেওঁ তােলনীয়া পুত্র যােগেন্দ্ৰ নাৰায়ণক আদেশ দিলে৷ কিন্তু যােগেন্দ্ৰ নাৰায়ণে এই আদেশ প্রত্যাখ্যান কৰিলে। এই কথাত ৰাণীয়ে তীব্র অপমানবােধ কৰে আৰু যােগেন্দ্ৰ নাৰায়ণক পােতাশালত বন্দী কৰায়। পতাশালত থকা অৱস্থাতে যােগেন্দ্ৰ নাৰায়ণে সম্পূর্ণভাৱে মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু বলিয়া হয়। জেদী অভয়েশ্বৰীয়ে কোনােপধ্যে নিজৰ সিদ্ধান্তৰ পৰা তিলমানো আঁতৰি নাহিল।
ৰাজ্যৰ উত্তৰাধিকাৰী আৰু তােলনীয়া পােৰ চিন্তাই ৰাণীক দিনে নিশাই খুলি খুলি খাবলৈ ধৰিলে। নানা সমস্যাৰে ভাৰাকান্ত হৈ ১৯১৮ চনত এই গৰাকী ৰাণীৰ পৰলােকপ্রাপ্তি ঘটে।
সমাপ্ত