পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

গোৱালপাৰ ’লালুকান্দা’ নামৰ পাহাৰত উপস্থিত হ’ল। এই অটব্য অৰণ্যখনিত দিনতেই সূৰ্য্যৰ পোহৰ নেদেখি। তথাপি ৰাণীয়ে হতাশ নহৈ ক্ষত বিক্ষত শৰীৰেৰে অৰণ্যৰ মাজেৰে আগুৱাই গৈ কৈলাস চন্দ্ৰ সেন (কিছুমানৰ মতে কেশৱ চন্দ্ৰ সেন)ৰ পৰিয়ালত উপস্থিত হয়। তেৱেঁই অকালত বৈধব্য জীৱনত খোজ পেলোৱা পৰম ধৰ্মপৰায়ণা দেৱীস্বৰূপা ৰাণীৰ দুৰ্দশা দেখি সসম্মানে আদৰ যত্ন কৰি নিজৰ ঘৰত ৰাখিলে আৰু অনতিপলমে মহকুমাধিপতিক খবৰ দিয়ে। নিশ্ছিদ্ৰ নিৰাপত্তাৰ মাজেৰ লুইতৰ বুকুৱেদি ৰাণীক ধুবুৰীলৈ পঠিয়াই দিয়া হ’ল। ৰাণী অভয়েশ্বৰীৰ ভাতৃ ভৱনী প্ৰসাদ ৰাভাই সেই সময়ৰ মেছপাৰা (লক্ষীপুৰ) ইষ্টেটৰ অৱসৰপ্ৰাপ্ত দেৱান বৰদা নাথ হালদাৰৰ পূৰ্ণ সহযোগিতাত ১৮৮৭ চনত গোৱালপাৰাৰ ছাব জজ আদালতত গোচৰ তৰে। সৰু ৰাণীৰ হৈ ওকালতি কৰিছিল কামাখ্যা প্ৰসাদ সেনে। গোচৰ চলি থকা সময়ত ৰাজ্যত বিভিন্ন বিশৃংখলতা আৰু অৰাজকতাই দেখা দিয়ে।

 দেৱানী মোকৰ্দমাৰ বিচাৰত সৰু ৰাণীৰ দাবী মঞ্জুৰ হয় আৰু দুয়ো ৰাণীয়ে যৌথভাৱে ৰাজ্যৰ দখল পোৱা সাব্যস্ত হয়। বিচাৰকৰ উক্ত বিচাৰত সন্তুষ্ট নহৈ বৰৰাণী সিদ্ধেশ্বৰীয়ে পালক নাৰায়ণক তোলনীয়া পুত্ৰ হিচাবে গ্ৰহণ কৰি দুয়ো ৰাণীৰ যৌথ দখল পোৱাৰ বিৰুদ্ধে পালক নাৰায়ণৰ দ্বাৰা আদালতৰ দাৰাস্থ হয় আৰু আবেদন জনায়। কিন্তু এই আপীলৰ শেষ বিচাৰ নৌপাওতেই ১৮৯১ চনত ৰাণী সিদ্ধেশ্বৰীৰ পৰলোকগামী হয় আৰু ৰাণী অভয়েশ্বৰী সম্পূৰ্ণভাৱে ৰাজ্যৰ অধিকাৰী হয়। ৰাণী অভয়েশ্বৰীয়ে বিজনী ৰাজ্যৰ শাসনৰ বাঘজৰী হাতত তুলি ললে। ৰাণীৰ শিষ্টাচাৰ আৰু মৰম চেনেহত মুগ্ধহৈ সকলোৱে ৰাজ্যৰ ক্ৰমোন্নতিৰ বাবে উঠি পৰি লাগিল। ইমানতে ৰাজ্যত অৰ্থসংকট দেখা দিলে। ৰাজ কৰ্মচাৰী সকলক দৰমহা দি চলোৱা টান হৈ পৰিল। ইয়াৰ উপৰি ইষ্টেটৰ ৬ লাখ টকা ধাৰ আছিল। সেই সময়ত ৰাণীৰ গুণমুগ্ধ প্ৰজা সকল অৰ্থ খাজনা দি ঋণ পৰিশোধ কৰাৰ উপৰি ৰাজভঁৰাল টনকীয়াল কৰিছিল। ৰাজ্যৰ মঙ্গলকামী দূৰদৰ্শী ৰাণীয়ে যোগেন্দ্ৰ নাৰায়ণক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰি ৰাজ্যৰ উত্তৰাধিকাৰী পাতে আৰু তেওঁক

দেউৰীপাৰা ভাৰি গান- ( ২৪ )