পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্রকাশকৰ একলম

 

 ঐতিহাসিক বুৰঞ্জীবিদ তথা ইতিহাসত ঠাই পােৱাৰ যােগ্য “ৰাণী অভয়েশ্বৰী” (পিতৃ নিশা ৰাম বৰুৱা, মাতৃ ক্ষীৰেশ্বৰী দেৱী)ৰ বিষয়ে আৰু দেউৰীপাৰা গাঁৱৰ ভাৰি গান ভাওঁনা অঙ্কীয়া নাটৰ সাৰমৰ্ম খন পঢ়ি মই নথৈ আনন্দিত। দেউৰীপাৰা গাঁৱৰ শ্ৰীদিলীপ কুমাৰ ৰাভা (অৱসৰপ্ৰাপ্ত শিক্ষক) মহােদয়ৰ এনে যৎপৰােনাষ্টিৰে ঐতিহ্য মান্যৱন্ত লিখনিৰ সংগ্ৰহৰ প্ৰচেষ্টাত মই প্ৰকাশৰ ভূমিকাৰ সুবিধা পাই সঁচাকৈ গৌৰবান্বিত নহৈ নােৱাৰিলোঁ।

 কামৰূপ, গােৱালপাৰা জিলাৰ জান সাহিত্য সমন্বয় সমিতিৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হৃদয়ভৰা অন্তৰেৰে ৰাখিছোঁ আশা এই পুথিখনক পঢ়ৈ সমাজে সাদৰে গ্ৰহণ কৰিব।

 ধন্যবাদ-

 
 

শ্ৰীমনােমােহন ৰাভা

 

(চৰকপাৰা)

 

সভাপতি

 

কামৰূপ, গােৱালপাৰা জিলা

তাং-১৮/০৭/২০১৭ ইং  

জান সাহিত্য সমন্বয় সমিতি (স্মৰণিকা)।

দেউৰীপাৰা ভাৰি গান- (০৫)