পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 গাই ভাল লাগে। শুনিও ভাল লাগে৷ গীতি-নৃত্যৰ অঙ্গী-ভঙ্গী চাই ভাল লাগে৷ এনেকৈয়ে পূজাৰ আবেলি সময় পাৰ কৰোৱাত সহায় কৰে৷ ইয়াৰ মাজে মাজে ভাওঁনা বা নকলওঁ প্ৰদৰ্শন কৰােৱা হয়। ভাওঁনাবােৰ এক অঙ্কীয়া নাট আকাৰ বা ভাওঁৰীয়া গীত আকাৰত প্রদর্শন কৰােৱা হয়৷ সেই বাবে হয়তাে ভাৰি গানক ভাওঁৰীয়া বা ভাওয়াইয়া গীত বুলিব বিচাৰিছে । প্রকৃততে ই তেনে নহয়। নাটখনৰ কাহিনী গীত বেলেগ আৰু ভাওঁনা বা নকলৰ গীত বেলেগ বেলেগ। নকল বা ভাওঁনাবােৰ নাটখনৰ যিকোনাে সময়তে প্রদর্শন কৰােৱা হয় । দৰ্শকৰ এঙামুৰি ভঙোৱাৰ বাবে। দেউৰী পাৰা ভাৰি গানৰ “দুধি মথন” গীতি-নৃত্য নাটখন কোনাে ঘটনা বহুল নহয়৷ নন্দলাল, নন্দৰাণী, ৰাঙ্গালাল আৰু বলৰাম এই চাৰিও জনৰ মাজতেই সীমাবদ্ধ। দৈনন্দিন ঘৰুৱা পৰিবেশৰ কাব্যিক বর্ণনা মাথােন। দুয়াে ভাই-ককাইয়েকে বনৰ মাজে মাজে কিয়? কেনে দৰে নাচি নাচি খেলিছিল? কৃষ্ণৰ লীলা কেনে দৰে ? নন্দৰাণী কেনেদৰে সাজন-কাচন কৰিছিল ? গীতি-নৃত্যত সেইবােৰ বৰ্ণনা আছে।


 ৰাণী কি চাজননাে চাজে হে ৰাণী
ও - - - ৰাণী কি চাজননাে চাজে, চাজননাে ৰল ৰাণী৷
 ৰাণী ঝানাৰাে ঝুনাৰাে, ঘাগাৰো ঘুগাৰাে,
 ৰতন নিফুৰাে, বাজাইছে পায় ।
ও - - - ৰতন নিফুৰো বাজাইছে পায় ॥
 ৰাণী ধীৰে ছলিয়া আয়ৰে ৰাণী ।
ও - - - ধীৰে ছলিয়া আয় দুতি নয়ন পায় ॥

 যিটো দেৱ-দেৱীৰ পূজাৰ থানত নাটখন প্রদর্শন কৰিব সেই দেৱ-দেৱীৰ নাম স্মৰণ কৰি জয় ধ্বনি দি জুৰণ বাজি (আৰম্ভণি বাজি) দিব। জুৰণ বাজি দিয়াৰ পিছত ভগৱান শ্রীকৃষ্ণক ( গহুৰ ) আহবান জনাব৷ তাৰ পিছত গীতি-নৃত্য কৰি যাব৷

দেউৰী পাৰা ভাৰি গান- ( ৫ )