পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ ৰাণী সিদ্ধেশ্বৰীয়ে চন্দ্ৰ নাৰায়ণ দত্তক পুত্ৰ হিচাপে ললে । তেওঁৰ সম্পূর্ণ নাম আছিল– চন্দ্ৰ নাৰায়ণ চুবা (চুবাদাৰ)। কিন্তু হঠাতে এদিন চন্দ্ৰ নাৰায়ণ ৰাজকাৰেঙৰ পৰা উধাও হ'ল। ৰাজবাৰীৰ পৰিবেশৰ লগত খাপ খাব নােৱাৰি তেওঁ নিজ জন্মগাঁও বৰিগাঁওলৈ উভতি গৈছিল। ইফালে দুই ৰাণীৰ মনােমালিন্যই ৰজা কুমুদ নাৰায়ণৰ জীৱনটো দুর্বিসহ কৰি তুলিলে। ৰাজকাৰ্য্যৰ প্ৰতি তেওঁ একেবাৰে উদাসীন হ’ল। বিষময় হৈ পৰা সংসাৰখনৰ পৰা আঁতৰি থাকিবলৈ ৰাজ্যৰ দেৱান জীৱনৰাম ফুকনৰ হাতত ৰাজ্যভাৰ দি কেতিয়াবা শ্বিলঙলৈ, কেতিয়াবা ধুবুৰীলৈ, কেতিয়াবা কলিকতাৰ চাউথ চার্কুলাৰ ৰােডৰ ৰংমহললৈ গুচি গৈছিল ।

 এদিন কোনাে এক বিশেষ কামত ৰজাই দুই ৰাণীৰ সতে কলিকতালৈ গ’ল। লগত গ'ল দেৱান জীৱনৰাম ফুকন। জনশ্রুতি অনুসৰি এই সময়ছােৱাতেই দেৱান জীৱনৰাম ফুকনক লৈ বৰৰাণী সিদ্ধেশ্বৰীৰ চৰিত্ৰৰ প্রতি ৰজাই সন্দেহৰ আঙুলি টোৱায় আৰু এই ঘটনাটোত তীব্র অপমানবােধ কৰে। আত্মসম্মানত তীব্র আঘাত লগা যেন অনুভৱ কৰা ৰজাই ইংৰাজী ১৮৮৩ চনৰ ৯ মার্চত চোকা অস্ত্ৰৰে ডিঙি ৰেপি স্নানাগাৰতেই আত্মহননৰ পথ বাছি লয়। মতান্তৰ অনুসৰি ৰজাৰ মৃত্যু ষড়যন্ত্রৰ ফলত ক্ষৌৰকৰ্মত নিয়ােজিত নাপিতৰ দ্বাৰা হয়। এই ঘটনাটি কলিকতাতেই সংঘটিত হৈছিল।

 ৰজাৰ মৃত্যুৰ পিছত দুই ৰাণী কলিকতাৰ পৰা উভতি আহি গােৱালপাৰাত আশ্রয় লয়। নিজ ৰাজ্যত প্ৰৱেশ কৰা লগে লগে ৰাজ কৰ্মচাৰী, আমােলা আৰু প্রধান প্ৰজাসকল ইচ্ছা অনুসৰি দুই দলত বিভক্ত হয় আৰু দুই ৰাণীৰ পক্ষ লয়। দেৱান জীৱনৰাম ফুকনে বৰ ৰাণী সিদ্ধেশ্বৰী পক্ষ লােৱাত সেই পক্ষ বেছিকৈ শক্তিশালী হয় আৰু সৰু ৰাণী অভয়েশ্বৰীক নজৰবন্দী কৰি ৰাজ্য চলাবলৈ আৰম্ভ কৰিলে। বৰ ৰাণীয়ে সৰুৰাণীক নজৰবন্দী কৰি ৰাখিয়েই ক্ষান্ত নাথাকিল, তেওঁ সময়ে সময়ে সৰু ৰাণীক হত্যা কৰাৰ ষড়যন্ত্রত লিপ্ত হ’ল। এই ষড়যন্ত্র তীব্রতৰ হৈ উঠাৰ উমান পাই উপায়ন্তৰ হৈ ৰাণী অভয়েশ্বৰীয়ে এদিন সকলােৰে অলক্ষিতে ৰাজগৃহ ত্যাগ কৰে আৰু দুর্গম হাবিৰ মাজেৰে উদ্দেশ্যহীনভাৱে আগুৱাই গৈ থাকে। দুপৰ নিশা ৰাণীয়ে

দেউৰীপাৰা ভাৰি গান- ( ২৩ )