পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বন্দনা

১নং- গহুৰ আইছাে হে
 তুমি নন্দেৰ শাৰ
 হৃদয় মাজে হে॥
ও গহুৰ একবাৰ উদয় কৰ,
 হৃদয় মাজে হে॥

*** *** ***

২নং- বল ও বনে মাজে নাচে দুন ভাই, গহুৰ;
 ও বল ও বনে মাজে নাচে, দুন ভাই।
নাচে দুন ভাই, নাচে দুন ভাই,
 প্রেমেৰ হাতে বচাও আলাে চন্দ্র নিতাই।
হাত হইল্য দুৰী বান্ধা,
 প্রেমেৰ হাতে, প্রেমে হাতে।
ৰাজা হইল্য নিতাই নন্দ গাে,
 নিতাই স্বৰণে যে কৰে আৰ গহুৰ ।
ওঁ - - - - - - -

 এই গীতি-নৃত্য শেষ হলে ৰাঙ্গালাল আৰু বলৰাম (লাখৰ চাৱা) নাচ প্রদর্শন কৰাব। গীতি-নৃত্যৰ মাধ্যমৰে কাব্যিক বর্ণনা সমূহ আগবঢ়াই যাব আৰু ঘটনা সাপেক্ষে ভাওঁনাৰ আকাৰত অভিনয় কৰিব। নন্দলাল যেতিয়া কামৰ পৰা আহি ঘৰৰ চৌহদত সােমায় তেতিয়া নন্দলালৰ নন্দৰাণীৰ প্ৰতি কেনে খং, ৰাঙ্গালালে “দুধি মথন”ৰ সময়ত মাক আৰু দেউতাকক কেনেদেৰে দিক্‌দাৰ (আমনি) দিয়ে তাক অভিনয় আকাৰত প্ৰদৰ্শন কৰােৱা হয়। সর্ব্বশেষত গকুলবাসী ৰাইজৰ মঙ্গল কামনা কৰি গীতি-নৃত্য সামৰা হয়।

দেউৰী পাৰা ভাৰি গান- ( ৬ )