পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুষ্প মধ্যে বন্দিয়া গাইব আদ্যৰ তুলশি ॥
শিৱ ভলানাথ বন্দং মাথে যঠাধাৰি।
শিঙ্গে বলে ৰাম ৰাম দম্বৰু বলে হৰি॥
কৃত্তিবাস পণ্ডিত যেন জন্ম হইল্য শুভ ক্ষণ।
ভক্তি কৰিতে পাৰিলাম আমি শ্ৰীৰাম স্বৰণ॥
গুণী উপৰ গুণী হইয়া জেবায় সেবা, খাওঁ।
দহায় লাগে ভৰস্ত্ৰেৰ শ্ৰীৰামৰ মাথা খাওঁ ॥

**** **** ****

৮ নং দিশাঃ ৰাৱণ সাজিলোঁ ৰে, কি লঙ্কাৰ ভূৱনে,
 ৰাৱণ সাজিলোঁ ৰে ॥
পদঃ  স্বর্গেছিলোঁ ৰামৰ নামৰে ভবে আনিলোঁ কে
 কৌতি কৌতি প্রণাম কৰোংঁ ৰে ৰামেৰ আনিলোঁ যে ॥
 যে আনিলোঁ ৰামেৰ নাম তৰিয়া গেলাে সে।
 পাতকি তৰাইতে ৰামেৰ নাম, দশৰথ আনিয়াসে ॥
 হৰি নাম বিনে ৰে গােবিন্দ নাম বিনে
 বেফুলা মনুশ্য জন্মৰে যায় ৰে দিনে দিনে ॥
 সাক্ষাতে নলবা নাম ৰে ছেছে কৰিব কি
 যখন যম দূতে বান্ধিয়া নিবেৰে উত্তৰ দিবা কি॥
 সাক্ষাতে নলবা নাম ৰে ছেছে কৰিব মানা
 যখন যমদূতে বান্ধিয়া নিবে ৰে ছেছে কৰিব হানা ॥
 ৰাম ৰাম বুলিয়া যাবে ৰে মৰিয়া যাবে কুকুৰ
 বিষ্ণু দূতে উঠিয়া বলে বৈকুণ্ঠৰ থাকুৰ॥

**** **** ****

দেউৰীপাৰা ভাৰি গান- ( ১৫ )