হিচাপে পৰিচিত আছিল। পিতা-পুত্র দুয়ােজনেই শিল্পী শ্ৰেণীৰ লােক আছিল৷
যাইতে যাইতে পালুং লেলা,
তাতে ডুবিল বেলা।
পাটপাৰা বুড়ুলুং,
তাতে একৰাতি ৰুলুং।
বুডুলুং গাঁৱখন ৰংজুলিৰ উত্তৰ দিশত৷ ভাওঁনাৰ গীত মাতত এই ঠাইবােৰৰ নামবােৰ দুধনৈ অঞ্চলৰে কব পাৰি। ঠিক তেনেকৈ—
লেংলেং লুংলুং খােপা বান্ধে,
মেচ পাৰীয়া ঝেৱা ।
জোক কামাৰায়া মৰিবা দৰায়,
উজান দিগিৰ ঝেৱা ।
এই ভাওঁনাৰ গান দুধনৈ অঞ্চলত মিলি যায় । কাৰণ মেচপাৰা, গােৱালপাৰা চহৰৰ ফালে আৰু উজান দিগি বুলি কলে দুধনৈৰ পূৱ দিশকে বুজায়।
ৰাৱণ ৰজাৰ বাবে যি খাদ্য-সামগ্রী কঢ়িয়াই অনা ভাৰি (বেগাৰী) সকলে গীত গায় সেইটো কছাৰী গীত আৰু বহুৰঙী গীত । সেই বহুৰঙী গীত দুধনৈৰ পূৱ দিশতেই উৎপত্তি । সেয়ে দুধনৈ, ৰংজুলি এই অঞ্চলতেই ভাৰি গান ৰচনা কৰা শিল্পী গৰাকী থাকিব লাগিব। কোন তেওঁ ?
১৮৩৭ চনত অসমত বাংলা ভাষাক চৰকাৰী ভাষা ঘােষণা কৰা হৈছিল। (Wikipadia অসম বুৰঞ্জী) তেতিয়াৰে পৰা অসমত বাংলা ভাষাৰ শিক্ষা দিয়া হৈছিল। সেয়ে নৱ প্ৰজন্মৰ শিল্পীসকলে ভাৰি গানৰ গীতি নৃত্যবােৰ বাংলা ভাষাত ৰচনা কৰিব লগা হ'ল। কাৰণ বাংলা ভাষাত জ্ঞান লাভ কৰা শিল্পী৷