পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ৰাণী অভয়েশ্বৰী

 (সংগ্রহঃ- অভয়াপুৰী অসমীয়া ৱিকিপিডিয়া)


জন্ম : ১৮৬১ চন

জন্মৰ ঠাই : টিলাপাৰা, উত্তৰ শালমাৰা, অসম

মৃত্যু : ১৯১৮ চন

পিতৃ : নিশাৰাম বৰুৱা

মাতৃ  : ক্ষীৰেশ্বৰী দেৱী

 আনুমানিক ১৮৬১ চনত উত্তৰ শালমাৰাৰ টিলাপাৰা নামৰ ঠাইখনৰ বাসিন্দা নিশাৰাম বৰুৱাৰ ঔৰষত আৰু ক্ষীৰেশ্বৰী দেৱীৰ গৰ্ভত অভয়েশ্বৰীৰ নামে এটি কন্যা সন্তানৰ জন্ম হয়। এই কন্যা সন্তানটি ডাঙৰ হৈ অহাৰ লাগে লগেই অতুলনীয় ৰূপ লাৱণ্যৰ কথা চাৰিওলে বিয়পি পৰিল। সেই সময়ত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ, যাৰ ৰাজধানী আছিল ডুমুৰীয়া । তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী। অপুত্রক হােৱাৰ কাৰণে ৰজাই ৰাজকার্যত ভালকৈ মনােনিবেশ কৰিব পৰা নাছিল আৰু প্ৰায়ে চিকাৰলৈ গুচি গৈছিল । আৰু এনেকৈয়ে এদিন চিকাৰলৈ যাওঁতে হাচডুবা নামৰ বিল

দেউৰীপাৰা ভাৰি গান- ( ২১ )