পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খনত জাকৈ বাই থকা অৱস্থাত অত্যন্ত ৰূপৱতী কিশােৰী গৰাকীৰ ওপৰত ৰজা কুমুদ নাৰায়ণৰ চকু পৰিল। ৰাজাই তৎক্ষণাত তাইৰ পাণিপ্রার্থী হােৱাৰ সিদ্ধান্ত ললে, আৰু এই খবৰ বৰকান্দাজৰ জৰিয়তে তাইৰ মাক-দেউতাকলৈ পঠোৱা হ’ল। কিম্বদন্তিয়ে কয় যে, সেইদিনা নিশাৰাম বৰুৱাৰ ঘৰৰ সন্মুখৰ কঁঠাল জোপাত অনেক শগুণে কঁঠাল খাইছিল আৰু গণকৰ মতে সেয়া তেওঁৰ ৰূপৱতী কন্যাৰ বিয়া ভােজকে সূচাইছিল। সেই সময়ত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ; যাৰ ৰাজধানী ডুমুৰীয়া ।

 বৰ মহিষী সিদ্ধেশ্বৰী দেৱীৰ হেজাৰ বাধাক নেওচি কোনােবা এটা দিনত ৰজা কুমুদ নাৰায়ণে কিশােৰী গৰাকীক বিয়া পাতে। এই বিয়া আছিল অদ্ভুত আৰু বিতর্কিত। হিন্দু ধৰ্মৰ প্রথা অনুসৰি পৱিত্ৰ অগ্নিৰ সন্মুখত ৰাজ-পুৰােহিতৰ মন্ত্র উচ্চাৰণৰ সময়ত কিশােৰীগৰাকীৰ লগত ৰজা কুমুদ নাৰায়ণ স্বয়ং বহা নাছিল, তেওঁক প্রতিনিধিত্ব কৰিছিল প্রকাণ্ড এখন তৰােৱালে। অতি কম সময়ৰ ভিতৰত স্বাভাৱিকতেই তাই বুজি উঠিছিল ৰজা কুমুদ নাৰায়ণৰ সতে তাইৰ সম্পৰ্কৰ কথা। ৰজাকুলৰ অধিষ্ঠাত্রী অভয়াদেৱীৰ নামেৰেই সদ্য বিবাহিতা সুন্দৰী মহিষীৰ নাম ৰজাই দিলে অভয়েশ্বৰী।

 আধুনিক শিক্ষাৰে শিক্ষিত, সুন্দৰী আৰু স্বভাৱতেই গর্বিতা বৰ মহিষী সিদ্ধেশ্বৰীৰ বিপৰীতে সৰু মহিষী আছিল অশিক্ষিত আৰু সৰলমনা স্বভাৱৰ । অভয়েশ্বৰীক সম্পূৰ্ণৰূপে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তােলাৰ ভাৰ ৰজাই অৰ্পণ কৰিলে বৰৰাণী সিদ্ধেশ্বৰীৰ ওপৰত। এফালে হিংসাৰ জুইত দহিত হােৱা সিদ্ধেশ্বৰীৰ জৰ্জৰিত অৱস্থা, আনফালে ৰজাৰ কঠোৰ নির্দেশ। হিংসাৰ ফলস্বৰূপে ৰাজ অন্তেষপুৰত কাজিয়াৰ সূত্রপাত হ’ল। দুই ৰাণীৰ কাজিয়াৰ ফলত ৰজা কুমুদ নাৰায়ণৰ জীৱন বিষময় হৈ পৰিল। বিয়াৰ কেইমাহমান পিছতেই ৰাণী অভয়েশ্বৰীয়ে এটা চকু হেৰুৱাব লগা হ’ল । জনশ্রুতিয়ে ৰিঙিয়াই যে পঢ়ুৱাই থাকোতেই সিদ্ধেশ্বৰীয়ে অভয়েশ্বৰীক পাখি কলমৰে আঘাত কৰাৰ ফলতে এনে হৈছিল ।

 ৰজা কুমুদ নাৰায়ণে আশা কৰিছিল এটি পুত্র সন্তানৰ, কিন্তু ৰজাৰ সেই আশা পূৰণ নহ’ল। ফলত ৰজা উদাস হৈ থাকিবলৈ ললে। ইমানতে

দেউৰীপাৰা ভাৰি গান- ( ২২ )