পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিব৷ তেতিয়া হালােৱা দাদাই চিপাহীক এনেদৰে ক'ব ---

টিলাৰ মাটি খালত দিলং।
খালৰ মাটি টিলাত দিলং।
ইয়াত য'ত আপা আপিৰ
হাগা-মুতা আছে,
চিপাহীৰ মাথাতে দিলং ।

 চিপাহী জনে লাজ পাই কিবা-কিবি বুলকি প্রস্থান হ'ব লগতে হালােৱা দাদা আৰু গাৰাে নক্‌মা সকলেও প্রস্থান হ'ব । তেওঁলােক প্রস্থান হােৱাত মূল (ওজা) জনে গীত-নৃত্য মাধ্যমৰে দিশা আৰু পদ সমূহ গাব আৰু গােৱাৰ অন্তত ৰাৱণ ৰজা কেতুৱা-ভেতুৱা আৰু এজন বৰকান্দাজ (বৃটিছ আমলত খবৰ দিয়া লােক) ওলাই আহিব । তেওঁলােকে আহি পােৱাত মূল (ওজা) জনে গীতৰ দিশা আৰু পদ সমূহ গাব । গােৱাৰ শেষত ৰাৱণ ৰজাৰ সংলাপ সমূহ মূল জনে স্বৰা টানি গাব। ৰজা জনেওঁ মুখাৰ ভিতৰতে সংলাপ খিনি কব। মুখাৰ ভিতৰত কোৱা সংলাপ খিনি শুনা পালেওঁ বুজি পােৱাত টান হয়। সেই বাবে “সীতাপুৰী”নাটত মুখা প্রদর্শনেই যথেষ্ট। ৰাৱণ ৰজা আহি পােৱাৰ লগে লগে ৰজাৰ বাবে খাবলৈ অনা খাদ্য সামগ্রী যােগান ধৰা ভাৰি সকলও খাদ্য-সামগ্রী ভাৰ বান্ধি লৈ আহে। তেওঁলােক ৰাভা, কছাৰী। ভাওঁনাৰ আকাৰত বহুৰঙী গীত আৰু কছাৰী গীত গাই গাই মদৰ নিচাত উপস্থিত হয়। বৰকান্দাজে আঞ্চলিক ভাষাত; ভাৰি দুজনে ৰাভা আৰু কছাৰী ভাষাত ভাওঁনা আকাৰত কথপকথন চলে। কথপকথন শেষ হােৱাত তেওঁলােক প্রস্থান হয়। তেতিয়া কেতুৱা-ভেতুৱাই গীত গায়।

কেতুৱাৰ গীত

ওভেস্বৰি ৰাধে গাে ময়লান গাে আৰ পিৰতি কৰব না।
যখনে কৰিলাম পিৰিতি নিম গাছেৰ তলে,
নিমৰ দানি ভাঙ্গিয়া পৰে ৰাধেশ্বৰীৰ গায়ে গাে;

দেউৰীপাৰা ভাৰি গান-( ৯ )