পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অভিমত

 “সাহিত্য সঙ্গীত কলা বিহীন সাক্ষাত পশু।” ডাঙৰ ডাঙৰ ঋষি মুনি সকলে কৈ যােৱা কথা। যিখন দেশত সাহিত্য নাই, সঙ্গীত নাই, কলা বিদ্যা নাই সেই দেশখন পশুৰ তুল্য। আমাৰ অসম ৰাজ্যৰ লগতে গােৱালপাৰা জিলাৰ মেঘালয় ৰাজ্যৰ সীমান্তৱৰ্ত্তী দেউৰীপাৰা এখন ভিতৰুৱা গাঁও। সেই গাঁৱখনত অসমীয়া কলা সংস্কৃতিৰে ভৰপুৰ। তাৰে এটি অসমীয়া সংস্কৃতি ভাৰিগান। সেইখন গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মােৰ বন্ধুবৰ শ্ৰীদিলীপ কুমাৰ ৰাভাদেৱে তেওঁলােকৰ গাঁৱৰ ইেজনমান সংস্কৃতিবান ব্যক্তিৰ প্ৰচেষ্টাত জীয়াই থকা ভাৰি গান দলটোক সংস্কৃতি প্রেমী ৰাইজৰ আগত উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে।

 মােৰ বন্ধুবৰ শ্ৰীদিলীপ কুমাৰ ৰাভা দেৱে নিজ হাতে লিখা “ভাৰি গান” পাণ্ডুলিপিখন এবাৰ চকুফুৰাই চাই দু-আষাৰ নিলিখাকৈ থাকিব নােৱাৰিলাে। ভাৰিগান সম্পর্কে তেওঁৰ বহু অভিজ্ঞতা আছে। অসমৰ এটা কলা-সংস্কৃতি ভাৰিগান কালৰ বুকুত হেৰাই যােৱাৰ উপক্রম হােৱাত তেওঁ আক্ষেপ কৰিছে। হয়, আধুনিক সমাজত কোলাহল পূর্ণ অঞ্চলত এইবােৰ এতিয়া স্থান নাপায়। কিন্তু ভাৱিব গলে এই ভাৰি গানে জন সাধাৰণক কৌতুক অভিনয় কৰি আকর্ষিত কৰাৰ উপৰি জনমানসত বিশ্বাস, ভক্তি, আধ্যাত্মিক চিন্তা চর্চা বাহকৰূপে বৰ্ত্তি আছে।

 আশা ৰাখিছোঁ, এই ভাৰি গান পাণ্ডুলিপি খনি ছপাহৈ ওলালে সদাশয় সংস্কৃতি প্রেমী ধর্মপ্রাণ ৰাইজে আকোৱালি লৱ; লগতে উঠিঅহা শিক্ষিত যুৱক-যুৱতি সকলৰ গৱেষণামূলক তথ্য হিচাবে সমল যােগাব।

  শ্রীদীনেশ চন্দ্ৰ ৰায়
  অৱসৰপ্ৰাপ্ত শিক্ষক
তাংঃ ০৯/০৭/২০১৭ ইং   গাঁও- লেলা, কদমতােলা

দেউৰীপাৰা ভাৰি গান- (০৬ )