পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মায়লান আৰ পিৰিতি কৰিব না ।
সেৰি তােৰওঁ বাপে বিসাৰ জানে না অভেশ্বৰী,
ৰাধে গাে ময়লান গাে আৰ পিৰিতি কৰিব না।
যখনে কৰিলাম পিৰিতি বৰ বাঙ্গালা তলে,
বৰ বাঙ্গালা ভাঙ্গিয়া পৰে ৰাধেশ্বৰীৰ গায়ে গাে;
ময়লান গােঃ আৰু পিৰিতি কৰিব না ।
-----------------------------------------
-----------------------------------------

 এই গান কেতুৱাৰ ভাই ভেতুৱৰ মৃত্যু হ’ল। প্রাণ বায়ু উৰি গ’ল। কেতুৱা নিৰুপায় । তেতিয়া গাহনীয়া ৰাইজে কেতুৱাক কবিৰাজ বিচাৰি জৰা-ফুকা কৰি জীয়াই তুলিবলৈ পৰামর্শ দিব। ভেতুৱা মৰাৰ গন্ধত কাউৰী আহিল। বাঘ আহিল । বাঘ অহা দেখি বাঘক মাৰিবলৈ বন্দুকধাৰী চিকাৰী আহিল। কেতুৱা কবিৰাজ বিচাৰি বিচাৰি বাটত এজন কবিৰাজ নবীন বৈদ্যনাথক লগ পালে। নবীন বৈদ্যনাথক মুছুলমান ৰূপত প্রদর্শন কৰােৱা হয়। ভাওঁনা আকাৰত কেতুৱা আৰু বৈদ্যনাথৰ কথপ কথন চলে। নবীন বৈদ্যনাথে মন্ত্ৰৰে জৰা-ফুকা কৰি ভেতুৱাক জীয়াই তুলিলে। এইটোৱেই সীতা পুৰীৰ ৰাৱণ ৰজাক মঞ্চত ভাওঁনা ৰূপত প্ৰদৰ্শন কৰােৱা দৃশ্য। এই দৃশ্যত ৰাৱণ ৰজাৰ ৰাজ ঘৰীয়া বিষয়া হিচাবে বন্দুক ধাৰী চিপাহীক প্রদর্শন কৰাইছে । ৰাৱণ ৰজা আহিবৰ বাবে ৰাস্তা-ঘাট চাফা কৰিবলৈ হালােৱা দাদা আৰু পাহাৰৰ আমবেং গাৰাে নক্‌মাক প্রদর্শন কৰােৱাইছে। ৰাৱণ ৰজাৰ লগত ইংৰাজ আমলৰ বৰকান্দাজ প্রদর্শন কৰােৱাইছে আৰু খাদ্য সামগ্ৰীৰ ভাৰ বহনকাৰী ভাৰি (বেগাৰী) হিচাবে ৰাভা, বড়াে সকলােক প্রদর্শন কৰােৱাইছে। ধর্মীয় তত্ব মতে আত্মাৰ লগত কাউৰী আৰু বাঘ নিশ্চয় কিবা নিবিৰ সম্বন্ধ আছে। সেই বাবে কাউৰী আৰু বাঘক এৰিব নােৱাৰিলে আৰু অঞ্চল বাসীলােক হিচাবে নবীন বৈদ্যক মুছুলমান ৰূপত প্ৰদৰ্শন কৰােৱাইছে । ইয়াৰ উপৰিও দর্শক ৰাইজৰ গা-এঙামৰি ভঙাবৰ বাবে মাজে মাজে ভাওঁনাৰ (নকল) মঞ্চস্থ কৰােৱা হয় । তেনে বােৰত

দেউৰীপাৰা ভাৰি গান-( ১০ )