পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাঠেৰে বনােৱা বাবে এটা মুখাৰ ওজন বহুত। এনে মুখাবােৰ কুঢ়িয়াই লৈ যাবৰ বাবে ভাৰি দৰকাৰ হয় (ইংৰাজ আমলত ভাৰ বহন কৰা ব্যক্তিক ভাৰি বা বেগাৰী কৈছিল)। সেই কাৰণে এনে গানক ভাৰি গান বুলি কোৱা লােকপ্রবাদ আছে।
 দেউৰীপাৰা ভৰি গানত তিনিখন নাট আছে। সেইবােৰ হ’ল- দিনৰ ভাগত প্ৰদৰ্শন কৰােৱাৰ বাবে “দুধি মথন” আৰু ৰাতিৰ ভাগত প্রদর্শন কৰােৱাৰ বাবে- ১। সীতাপুৰী আৰু ২) মেঘনাদ বধ।
 দেউৰীপাৰা ভাৰি গানৰ “দুধি মথন” আৰু “সীতপুৰী” নাট দুখন দুধনৈৰ পুৰণিভিটা গাঁৱৰ নাট দুখনকেই শিকা। পুৰণিভিটাৰ ভাৰি গান দলটিয়ে কৰ পৰা আনি শিকিছে সেইটো জনা নাযায়। মূল বা ওজা জনৰ নাম চাবুৰাম ৰাভা। দুধনৈ, ঠেকাশু গাঁৱৰ বিশিষ্ট সাহিত্যক, গৱেষক ৰাজেন ৰাভাদেৱে সৰু কালতে পুৰণি ভিটাৰ ভাৰি গান দ’লত লাখৰ চাৱাৰ নাচ নাচিছিল। এইটো সত্য। তেওঁ নিজ মুখেই কোৱা আৰু গাঁৱৰ তেওঁৰ সমবয়সীয়া লােকে প্রকাশ কৰা আজিও মােৰ মনত পৰে । পুৰণি ভিটাৰ এই দুধি মথন আৰু সীতা পুৰী নাট দুখনকেই লেলাৰ পুখুৰীপাৰা আৰু ডাবিলী গাঁও দুখনৰ লোক সকলে লগলাগি ভাৰি গান শিকিছিল। এই পুখুৰীপাৰা- ডাবিলী ভাৰি গানৰ দ’লত মানিকগঞ্জ নিকতৱৰ্তী খামাৰী গাঁৱৰ টেন্‌টন ৰাভাই বাইনত সহযােগীতা কৰিছিল। উল্লেখিত যে- সেই দুধি মথন আৰু সীতাপুৰী নাট ছােমাটিয়াৰ নিকতৱৰ্ত্তী বৰপাথাৰ গাঁৱত শিকিছিল। বৰপাথাৰ গাঁৱৰ ভাৰি গান দ’লত মূল (ওজা) আছিল চলথপ ৰাভা (কেশৱ ৰাভাৰ বাপেক)। সেই নাট দুয়ােখনকেই আজিলৈ জীয়াই ৰাখি আছে দেউৰীপাৰা ভাৰি গান দলটিয়ে।

 দেউৰীপাৰা ভাৰি গান দ’ল প্রথম সংগঠনৰ মূল (ওজা) আছিল- কণাৰাম ৰাভা। সেই সংগঠন কিছু কাল চলি যােৱাৰ পিছত দ্বিতীয় সংগঠনত “দুধি মথন” নাটৰ মুল শ্রীমিহিৰত ৰাভা (জীৱিত), সীতাপুৰীৰ মূল পক্ষিন্দ্র ৰাভা। ভাওঁনা প্রদর্শনত আগভাগ লােৱা ভাওৰীয়া নথকা হেতু শ্রীমিহিৰথ ৰাভাই ভাওঁনাৰ আগভাগ লােৱাত পক্ষিন্দ্ৰ ৰাভাই “দুধি মথন” আৰু

দেউৰীপাৰা ভাৰি গান- (২)