পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উপযুক্ত শিক্ষাৰে শিক্ষিত কৰাৰ কাৰণে কাশীলৈ পঠিয়াই দিয়ে।

 মাত্র কুৰি বছৰ বয়সতে পূর্ণবয়স্ক যৌৱন অৱস্থাতে ৰাণী অভয়েশ্বৰী দেৱী বিধবা হয়। তেতিয়াৰ পৰাই তেওঁ আমৰণ গেৰুৱা বসন পিন্ধি সাত্বিকভাৱে ব্রতচাৰিণী বিধবাৰ দৰে দিন কটাইছিল । অতি নিয়মত চলা ৰাণীয়ে ৰাজকার্য পৰিচালনা কৰিবৰ সময়ত মৃত স্বামীৰ পাদুকাযোৰ ৰাজ সিংহাসনত ৰাখিহে নিজে ৰাজ সভাত বহিছিল।

 ১৮৯৭ চনৰ জুন মাহৰ বাৰ তাৰিখ গােটেই অসমজুৰি এক বিধ্বংসী ভূমিকম্প হয় আৰু ইয়াৰ ফলত ৰাজধানী ডুমুৰীয়া ধ্বংস হৈ যায় । ৰাজ বিষয়াসকল ৰাজ্যৰ নতুন ৰাজধানীখন যােগীঘােপাত পাতিবলৈ পৰামর্শ দিয়ে। কিন্তু প্রজাবৎসল ৰাণীয়ে এই পৰামৰ্শত সন্মতি প্রদান নকৰিলে । কাৰণ তাত ৰাজধানী পাতিলে অনেক প্রজাৰ উচ্ছেদ কৰিবলগীয়া হ’ব। অটব্য ভাঙি বিজনী ৰাজ্যৰ নতুন ৰাজধানী পতা হ’ল। ৰাজধানীখনৰ নাম ৰাণী অভয়েশ্বৰীৰ নামেৰেই ৰখা হ’ল আৰু সেই মর্মেই বৰ্তমানৰ দেৱদাৰু নগৰী অভয়াপুৰী। ১৯০৮ চনত ৰাণীয়ে প্রতিষ্ঠা কৰিলে অভয়েশ্বৰী মেম’ৰিয়ল হাইস্কুল। য’ত বিনামূলীয়া শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল আৰু সেইখনেই পিছলৈ উন্নীত হ’ল অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ।

 ইতিমধ্যে সমগ্র বিশ্বজুৰি প্রথম সহাসমৰ আৰম্ভ হ’ল। এই মহাসমৰৰ প্ৰভাৱ ইংৰাজী উপনিবেশ ভাৰতবৰ্ষতাে পৰিল। এইসময়তে ৰাণীয়ে ইংৰাজলৈ তিনিখন বাষ্পচালিত নাও, নগদ একলাখ টকা আৰু এম্বুলেন্স এখন আগবঢ়ায়। প্রথম মহাসমৰৰ সামৰণি পৰাৰ পাছত উক্ত সহায়ৰ বাবে ইংৰাজে তেওঁলৈ ’কাইজাৰ-ই-হিন্দ’ নামৰ এটি সােণৰ পদক আগবঢ়ায়। সেই সময়ত অসমৰ শাসনকর্তা আছিল আর্চডেল চাহাব । তেওঁ পত্নীৰ সতে অভয়াপুৰীলৈ আহি এখন বিৰাট ৰাজ দৰবাৰ পাতে আৰু উক্ত দৰবাৰতে ৰাণীক সন্মানিত কৰা হয় ।

 ৰাণী অভয়েশ্বৰীয়ে সম্পূর্ণ একুৰি চৈধ্য বছৰ কাল বিজনীত ৰাজত্ব কৰিছিল। কেতিয়াবা নিজ হাতে অতি পৰিকল্পিতভাৱে গঢ়ি তােলা ৰাজ্যখনৰ ভৱিষ্যতৰ কথা ভাবি তেওঁ বিমর্ষ হৈ পৰিছিল। ৰাজসিংহাসনখন যাতে নিজৰ বংশৰ হাতৰ দি যাব পাৰে সেয়ে নিজ ভাতৃ ভৱানী প্রসাদ বৰুৱাৰ কন্যাক

দেউৰীপাৰা ভাৰি গান- (২৫)