পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা সহজতে সৰি নপৰে। অমঙ্গল দেখা দিলেহে হেনো সৰি পৰে। এইষাৰ কথা আমাৰ সমাজত লোক প্ৰবাদ আছে। সেয়ে অভয়েশ্বৰীৰ নামৰ সতে সংগতি ৰাখি নাৰিকলৰ ডাব সৰি পৰাৰ কথা গীতত উল্লেখ আছে। ৰাণী অভয়েশ্বৰী ১৯১৮ চনত মৃত্যু হ’ল ৷ সেয়ে এই “সীতাপুৰী”নাটখন তেওঁৰ জীৱিত কালচোৱাত নতুবা মৃত্যুৰ পিছত ৰচনা কৰিব লাগিব। কাৰণ ৰাণী অভয়েশ্বৰীৰ জীৱন্ত কালত ৰাজকাৰ্য্য ভাৰকলৈ দুই সতিনীৰ মাজত বিচাৰ চলিছিল আৰু নজৰ বন্দিত ৰাখিছিল।

 এতিয়া এই ভাৰি গানৰ সীতা পুৰী নাটখন কোনে ৰচনা কৰিছিল? ক’ত প্ৰথম মঞ্চস্থ কৰিছিল? কোন অঞ্চলত বেচি প্ৰদৰ্শন কৰোৱা হৈছিল? সেইবোৰ এতিয়া অধ্যয়ন কৰিলে ইয়াৰ আঁতি গুৰি বিচাৰি পোৱা টান যদিও সহজতে ওলাই পৰিব যেন লাগে। ভাৰি গানৰ বহুকেইখন নাট আছে; যদিও “সীতাপুৰী” আৰু “দুধি মথন”নাট দুখনকেই প্ৰথমতে ৰচনা কৰিছিল বুলি মোৰ অনুমান হয়। কাৰণ দিনৰ ভাগত প্ৰদৰ্শন কৰোৱাৰ বাবে দুধি মথন ৰচনা কৰিছিল। দুধি মথন নাটখনত কোনো অভিনয়ৰ সংলাপ নাই; আছে যদিও ভাওঁনা আকাৰত হিন্দী ভাষাত আছে। ৰাতিৰ ভাগত যি “সীতাপুৰী” নাট প্ৰদৰ্শন কৰোৱা হয়, সেই নাটখনটো কোনো অভিনয়কাৰীক অভিনয়ৰ পাঠ কৰিব নেলাগে। লাগে কেৱল গীতৰ পদবোৰৰ অনুযায়ী মুখা প্ৰদৰ্শন কৰিব। সংলাপবোৰ গীতি-নৃত্যৰ যোগেদিয়ে আগবঢ়াই নিয়া হয়। কিন্তু ৰাৱণ বধ, মেঘনাদ বধ আদি নাটবোৰত অভিনয়কাৰীয়ে অভিনয়ৰ পাঠ কব লাগে। যাত্ৰা অভিনয়ৰ ৰূপ এই বোৰ নাটত দেখিবলৈ পোৱা যায়। সেয়ে এইবোৰ নাট দুধি মথন আৰু সীতাপুৰী নাটৰ পিছত ৰচনা কৰা হ'ব লাগিব।

 দুধনৈ, ঠেকাশু গাঁৱৰ বিশিষ্ট সাহিত্যিক, গৱেষক ৰাজেন ৰাভাৰ জন্ম ইং ১৯২০ চনৰ কাতি বিহুত। দুধনৈ, ঠেকাশু গাঁও আৰু পুৰণিভিটা এই দুখন গাঁৱে লগলাগি ভাৰি গানৰ দল গঠন কৰি মঞ্চস্থ কৰিছিল। এই দলত বিশিষ্ট সাহিত্যিক, গৱেষক ৰাজেন ৰাভা দেৱেই লাখৰচাৱা নাচ নাচিছিল। পুৰণিভিটা গাঁৱৰ চাবু ৰাম ৰাভা ভাৰি গানৰ মূল (ওজা) আছিল। চাবু ৰাম ৰাভাৰ পুত্ৰ ৰূপচান্দ ৰাভা। তেওঁ যাত্ৰা গান শিকাই ওস্তাদ ৰূপে নামী ব্যাক্তি

দেউৰীপাৰা ভাৰি গান- ( ১২ )