ভাৰি গানৰ কিছু আলােচনা
আহক ! এতিয়া “দেউৰীপাৰা ভাৰি গান” সম্পর্কত কিছু আলােচনা কৰোঁ। দেউৰীপাৰা ভাৰি গান দলে দিনৰ ভাগত আবেলি এটা বজাৰ পৰা আৰম্ভ কৰি বেলি ডুব যােৱাৰ কিছু সময়ৰ আগতে “দুধি মথন” নাটখনি শেষ কৰে। “দুধি মথন” নাট এটি কাব্যিক গীতি-নৃত্য। কাব্যিক বর্ণনা অতি মধুৰ আৰু গভীৰ । দার্শনিকতাৰ মাজেৰে ৰূপৰ বৰ্ণনা কৰিব বিচাৰিছে। শ্রীকৃষ্ণ লীলা প্রকাশ কৰাব বিচাৰিছে। সেই কাৰণে এই গীতি-নত্যৃৰ ভাৱধাৰা অতি গভীৰ। মােৰ দৰে শাস্ত্ৰৰ অনভিজ্ঞ লােকৰ বাবে ভাৱাৰ্থ আয়ত্ত্ব কৰা বৰ টান। আমি গুৰুজনে শিকাই দিয়া সুৰেৰে গীতবােৰ গাই ভালহে পাওঁ কিন্তু ভাৱাৰ্থ একো বুজিয়েই নাপাওঁ। যেনে—
ইন্দ্রকে দেখিলেন বড়ৰে,
আৰিয়োও আমি যাদু হইলাম পৰৰে ॥
এক ইন্দ্র পুজ তুমিৰে,
আৰিয়ােও দশ ইন্দ্র থাকুৰ আমিৰে ॥
এক ইন্দ্র পুজ পদৰ তলেৰে,
আৰিয়ােও দশ ইন্দ্র নখৰ জলেৰে ॥
চাইয়া দেখাে নখৰ চান্দেৰে,
আৰিয়োও কৌটি ইন্দ্ৰ পৰিয়া কান্দেৰে॥
সেই দেৱৰ কাৰণে লনিৰে,
আৰিয়াে ও সেই দেৱৰ দেৱতা আমিৰে॥
আমাকে লবনি দিবাৰে,
আৰিয়াে ও ব্রহ্মা আদি দেৱে পাবাৰে॥