পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 জনম তাপিনী সীতা আৰ কৈও নাই॥
 সীতাক প্ৰাণাম কৰি কৰিলোঁ গমন
 নাচিয়ে নাচিয়ে যায় প্রভু দৰশন॥

*** *** ***

 এই দৰে সীতা পুৰী ৩৭ টা দিশা আৰু পদবােৰ আছে। এইবােৰৰ উপৰিও ভাওনাৰ গীত আলাদা (শুকিয়াকৈ) কৈ আছে। গােন চুৱানি (অধিবাস) গীত আলাদাকৈ আছে । পদাৱলী বা উপলক্ষ্যা গীতৰ দিশাবােৰ বেলেগ বেলেগ। পদ কিন্তু একেই।

 ভাৰি গান দিনৰ ভাগত মহাভাৰতৰ আধাৰত ৰচিত দুধি মথন গীতি-নৃত্য নাট প্রদর্শন কৰােৱা হয় আৰু ৰাতিৰ ভাগত ৰামায়ণৰ আধাৰত ৰচিত নাট সমূহ প্রদর্শন কৰােৱা হয়। সেই বাবে পূজাত বলি দিয়াৰ সময়ত গােৱা গীত (বলি জীয়ানী গীত) নাই। বলি জীয়ানী গীত পদ্ম পুৰাণ গীতহে পােৱা যায়।

গােন চুৱানি (অধিবাস)ত গােৱা গান :

১নং :  যমুনাৰে জলে যাইতে সঙ্গে নাইৰে কে গােপী
 ও - - গােপী খলকে খলকে উঠে যমুনাৰে ঢৌ গােপী।
 --------------------------------------
 --------------------------------------
২ নং :  এ হৰি জয়ৰে জয়, এ হৰি আনন্দে মঙ্গলাে
 এ হৰি জয়ৰে জয় ॥
 --------------------------------------
 --------------------------------------

দেউৰী পাৰা ভাৰি গান- ( ১৯ )