পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

লেখকৰ এষাৰ

 দেউৰীপাৰা ভাৰি গান সম্পৰ্কত মই যি লিখিলোঁ; ই মোৰ নিজস্ব অভিজ্ঞতাৰে লিখা। লোক-সংস্কৃতি অধ্যয়ন কৰা ব্যক্তি সকলে ভাৰি গানৰ ওপৰত বহুতো চিন্তা চৰ্চা কৰি গবেষণাত অধ্যয়নৰত অৱস্থাত আছে যেন লাগে। সেয়ে ইয়াৰ উৰ্বৰতা বৃদ্ধিত সহায় হোৱাৰ মানসৰে ভুল-ত্ৰুটিৰ মাজেৰে এইখিনি লিখিলোঁ। আশাকৰোঁ মোৰ লিখনিয়ে তেখেত সকললৈ কিছু সমল যোগাব। এইখিনি লিখাত আমাৰ অস্তাদ শ্ৰীমিহিৰথ ৰাভাই যি জ্ঞান দিলে ই মোৰ, এনেকি আমাৰ দেউৰীপাৰা ভাৰি গান দলৰ চিৰ পূজ্য।

 কালৰ বুকুত হেৰাই যাবৰ উপক্ৰম হোৱা এই ভক্তি মূলক গীতি-নৃত্য আজিও সমাজত সমাদৰ লাভ কৰি আছে। কিন্তু শৈক্ষিক দিশৰ চাকনৈয়াত পৰি এনে ধৰ্মীয় ভক্তি মূলক গীতবোৰ নৱ প্ৰজন্ম সমাজত সমাদৰ নোহোৱা হৈ যাবৰ উপক্ৰম হ'ব ধৰিছে। আজিৰ শৈক্ষিক দিশত ধৰ্মীয় শিক্ষা দিয়া নহয় বাবে শাস্ত্ৰীয় জ্ঞানৰ আভাষ নাপায়। ফলত সাধাৰণ লোকৰ মাজত ৰাম, লক্ষণ, সীতাৰ কাহিনী সম্পৰ্কে অজ্ঞ হৈ থাকে। তেনে ক্ষেত্ৰত ৰামায়ণৰ কাহিনী গীত শুনি হৃদঙ্গম কৰিব নোৱাৰে। সেয়ে ভাওঁৰীয়া গীত আৰু ভাওঁনা এনেবোৰহে চাবলৈ বিচাৰে আৰু আমোদ পায়। যাৰ ফলত ভাৰিগানৰ দলে দৰ্শক ৰাইজক আমোেদ যোগাবৰ বাবে ভাওঁনা প্ৰদৰ্শন কৰিয়েই সময় অতিক্ৰম কৰিব লগা হয়। গীতি-নৃত্যৰ মূল খুটিলৈ যাবই নোৱাৰী।

 আশা কৰোঁ সময়ত এনেবোৰ কলা কৃষ্টিয়ে সজীৱতা লাভ কৰিব তাৰবাবে নৱ প্ৰজন্ম সমাজৰ প্ৰতি লক্ষ্য ৰাখি মোৰ সম্যক জ্ঞানৰ অভিজ্ঞতাৰে এইখিনি লিখিলোঁ। মোৰ এই লিখনিখনিৰ প্ৰতি অভিমত প্ৰকাশ কৰা বন্ধুবৰ শ্ৰীদীনেশ চন্দ্ৰ ৰয়, প্ৰকাশ কৰি উলিওৱা শ্ৰীমনোমোহন ৰাভা আৰু লগতে ছপাশালাৰ কৰ্মকৰ্ত্তাসকলে মোৰ প্ৰতি সদয় হৈ গুৰু দায়িত্ব বহন কৰাত তেওঁসকললৈ মোৰ চিৰ কৃতজ্ঞ থাকিল।

তাৰিখ : ১৯/৭/২০১৭ ইং  লেখক-

 শ্ৰীদিলীপ কুমাৰ ৰাভা
 গাঁও- দেউৰীপাৰা

 

দেউৰীপাৰা ভাৰি গান- (০৪)