পৃষ্ঠা:দেউৰী পাৰা ভাৰি গান.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেউৰীপাৰা ভাৰি গান

 

 অসমৰ গোৱালপাৰা জিলাৰ দুধনৈ ৰাজহ চক্ৰৰ বান্দৰ্শী মৌজাৰ অন্তৰ্গত দেউৰীপাৰা নামৰ এখন সৰু গাঁও। আদিতে একেখন গাঁৱত এখনেই চুবুৰী আছিল। কিন্তু এতিয়া এইখন গাঁৱত তিনিখন চুবুৰীক লৈ গঠিত এখন গাঁও। গাঁৱখন আদিৰে পৰা ৰাভা আৰু বড়ো সম্প্ৰদায়ৰে বসবাস পূৰ্ণ, জনজাতীয় হিন্দু ধৰ্ম্মালম্বী। কিন্তু এতিয়া কিছু সংখ্যক লোক খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰি খ্ৰীষ্টিয়ান হ’ল।

 এই দেউৰীপাৰা গাঁৱখনত ভাৰি গানৰ দল আছে। ভাৰি গান ধৰ্ম্মীয় ভুক্তিমূলক গান। সেই কাৰণে ইয়াক পূজাস্থলীত, পূজাৰ মঞ্চত প্ৰদৰ্শন কৰোৱা হয়। বৰ্তমানৰ থিয়েটাৰৰ মঞ্চ বা যাত্ৰা-ভিনয়ৰ মঞ্চত ইয়াক প্ৰদৰ্শন কৰালে বিপৰীত দিশত প্ৰদৰ্শন কৰোৱা হয়। বিপৰীত দিশত প্ৰদৰ্শন কৰোৱা হয়। ইয়াকে উল্লেখ কৰিব বিচাৰিছে যে, থিয়েটাৰ মঞ্চ বা যাত্ৰা-অভিনয়ৰ মঞ্চত, মঞ্চৰ সন্মুখৰ ফালে দৰ্শক থাকে; কিন্তু ভাৰি গান বা অন্য যি কোনো দেৱতা থানত প্ৰদৰ্শন কৰোৱা গানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰোৱা মঞ্চৰ সন্মুখৰ ফালে দেৱ-দেৱীৰ থাপনাটোহে থাকে।

 ভাৰি গানত ৰাতিৰ ভাগত প্ৰদৰ্শন কৰোৱা নাট সমূহত মুখা প্ৰদৰ্শন কৰোৱা হয় আৰু নাট সমূহ ৰামায়ণৰ আধাৰত ৰচিত নাট— ১) সীতাপুৰী, ২) মেঘনাদ বধ, ৩) ৰাৱণ বধ, ৪) শক্তি শেল, ৫) পাতাল পুৰী। দিনৰ ভাগত মহাভাৰতৰ আধাৰত ৰচিত গীতি-নৃত্য “দুধি মথন” প্ৰদৰ্শন কৰোৱা হয়। ইয়াত মুখাৰ প্ৰয়োজন নাই। ৰাতিৰ ভাগত প্ৰদৰ্শন কৰোৱা মুখাবোৰ